ফটাঢোল

মেনেজাৰ চাহাব – কাজল প্ৰিয়া

ডিগ্ৰীটো শেষ হ’ল কি নহ’ল সম্পৰ্কীয় পেহী এজনীয়ে মালৈ জোঁৱাই বিচাৰি হাইৰাণ বোলে,

: বৌদৌ ছোৱালী মানুহ সোনকালে বিয়া দি আজৰি হ’ব লাগে৷

যেন মই তেওঁৰ মূৰত উঠি সত্ৰীয়া নৃত্য কৰি আছোঁ আজৰি নহ’বলৈ৷

: ল’ৰা আনিম তাইক দেখুৱাবলৈ তাইক ভালকৈ সজাই মেলি থ’ব।

ভণ্টিয়ে বোলে,

: পেহী চিন্তাই নকৰিব হৰেণৰ ঘৰৰ হাতীটোৰ গাত চক পেঞ্চিলেৰে আঁকি আঁকি সজোৱাৰ নিচিনাকৈ মই এইৰ গাত নক্সা বনাই বনাই সজাম।

মোলৈ চাই সকীয়াই থৈ গ’ল,

: ঐ তোৰ দাংকাটি স্বভাৱবোৰ এৰিবি অলপ লক্ষ্মী ছোৱালীৰ দৰে থাকিবি৷

আটচা মই আকৌ এতিয়া লক্ষ্মী কুলক্ষণীজনীহে।

তেজখোৱা, হতচিৰিহোৱা, চুৱাছেলেকা ঐ মৰিবলৈ নেদেখা এইবুলি কথা ভাগৱত আৰম্ভ কৰি মাছকেইটা কাটোপ কাটোপ কৈ খাই শেষ কৰা মেকুৰীটো খেদি যাওঁতেই দেখিলোঁ জপনা মুখত পেহী, পিছফালে আলহী এজন। তৎক্ষণাত হাতত লৈ থকা টাঙোনডাল পেলাই মুখত ফেলেক হাঁহি এটা আনি ক’লোঁ,

: আহক আহক ভিতৰলৈ৷

আলহীয়ে মোৰ কুকিলকণ্ঠ শুনি সেইফালেই ঢেলপুঙা দিছিলেই, কিবাকৈ ভিতৰলৈ আহিল। মায়ে বোলে,

: চাহ বনাগৈ যা৷

উহ এনে একেবাৰে মোৰ হাতত দাৰ্জিলিংখন আছে, মই বনালে কি চাহখিনি চাহ নহৈ অমৃত হ’ব নেকি, নবনাও যাহ। ছোৱালী চাবলৈ অহাৰ খংটো আছেই, দৰকাৰ পৰিছে চাহ খুৱাবলৈ। মাৰ চকু টেলেকা হৈ আহিছিলেই কিবাকৈ মেনেজ কৰি,

: অঁ হ’ব দিয়া ময়েই বনাম, মোক বান্দী কৰিবলৈ হে জন্ম দিলা৷

বুলি ফকৰবাজ কথা এটা কৈ পাকঘৰ পালোহি। তামাম চাহ বনাই দিলোঁ একাপ চাহত মুঠেই এপোৱা চাহপাত দি। ভিতৰলৈ আহি মায়ে ক’লে,

: ঐ আলহীক কি খোৱাম, মাছকেইটা মেকুৰীৰ পেটত, কুকুৰা এটাকে ঠিক কৰ নহ’লে৷

বাহ মজ্জা মজ্জা আলহীৰ জহতে আমিও মাৰ মৰমৰ কুকুৰাকেইটাৰ হাড় চুবাব পাৰিম, ভাৱি প্ৰথমবাৰ আলহীলৈ ভাল ভাৱ জাগিল। গড়ালৰ পৰা ডাঙৰতকৈ ডাঙৰটো চাই চাই বাছি মেলি আনি কাম তামাম কৰি পেলালোঁ। মেচিদাখনেৰে কলপাত এখিলা খেছেককৈ কাটোতে দেখিলোঁ পৰ্দাৰ আঁৰেৰে আলহীৰ ডিঙি দীঘল হৈ গৈছে। পাখি চাখি গুচাই মেলি কতং কতং মাংস কাটি আছোঁ পিছফালৰ পৰা আলহীৰ মাত,

: তোমালোকৰ ঘৰত কিমান প্ৰকাৰৰ দা আছে?

হাতত তেতিয়া খামটি দাখন। মাংসত ঘাপ দিয়েই ক’লোঁঁ,

: বহুত দা আছে, পাত কাটিবলৈ লোৱাখন মেচিদা, গাত খান্দিবলৈ মিতদা, মাংস কাটিবলৈ এইখন খামটিদা আৰু মানুহ কাটিবলৈ মোৰ নেপালী খুকুৰী এখনো আছে।

কাটাং, কুকুৰাৰ ডিঙিটো চিঙিলোঁ ঘপিয়াই। আলহীৰ সাৰ হিকটি নাই, চকুটিপ নমৰাকৈ দাখন চাই আছে। মাংসৰ জোলখন ময়েই ৰান্ধিলোঁ। জ্বলাৰ কোব লাগি আলহীৰ নাকৰ পানী যোগ হৈ তেওঁৰ বাতিত জোল বাঢ়িল। পিছদিনা পেহী আকৌ আহিল,

: ঐ তোক লক্ষ্মী নহয় নাৰায়নো নহয় তালুটে বন্ধা খোপাটো আৰু হাতৰ দাখনৰ সৈতে তাণ্ডৱ কৰা শিৱ বাবা যেন দেখিলে বন্ধন গোটৰ মেনেজাৰে। ভাবিছিলোঁ এসাঁজ খোৱাই ভাৰ ভেটি নিদিয়াকৈ লোন এটা লওঁ, হেৰৌ ক’ত লোন দিব তোৰ দাকেইখন দেখি পইছা ল’বলৈ আহিলে কাটিবি বুলি ভাবিলে৷

পেহীয়ে হুকহুকাই কান্দিলে। মই অলপ সময় পেহীৰ মুখলৈ হেবাং লাগি চালোঁ,

: উৱ!! সেইটো বন্ধন গোটৰ মেনেজাৰ আছিল নেকি! মই আকৌ…..

হিঃ হিঃ হাঃ হাঃ হাঃ খেক খেক খিক্ খিক্ খিৰিক খুৰুক ফুৰুক খেতেক ….. ধ’মমম “আহ পৰিলোঁ।”

☆★☆★☆

2 Comments

  • কুকী কল্পিতা মহন্ত

    😂😂😂বঢ়িয়া লাগিল পঢ়ি। মেনেজাৰ বাবুৰ অৱস্থা বেয়া হৈ গ’ল একেবাৰে।

    Reply
  • Anurup Mahanta

    কাজল, এইটো তামাম👌

    Reply

Leave a Reply

Your email address will not be published.