ফটাঢোল

মোবাইল ফোনৰ সৎ-ব্যৱহাৰ – চবিনা ইয়াছমিন

ৰাতিপুৱাই আজি ঘটনা ঘটিল৷ বোলো ৰাইজক সাউতকৈ কৈ থৈ যাওঁ৷ যাতে ভৱিষ্যতে সাৱধান হ’ব পাৰে৷

ৰাতিপুৱা ৬.৩০ মানত ল’ৰা স্কুললৈ ওলাই গৈছে৷ তলৰ গ্ৰীল আৰু শ্বাতাৰখন সেয়ে খুলাই আছিল৷ ল’ৰা যোৱাৰ পিছত দৌৰা দৌৰি বাকীবোৰ কাম কৰিছোঁ৷ এওঁ বিচনাতেই আছে৷ একদম উশাহ নসলোৱাকৈ কোনোবাই বাহিৰৰ পৰা বাইদেউ বাইদেউ বুলি চিঞৰিছে৷ লগতে কলিং বেলো বজাইছে৷ সমানে দুৱাৰখনত ঢকিয়াইছে৷ মই বোলো ৰাতিপুৱাই কোন আহিল৷ তাকো ইমান উৎপাত কৰি চিঞৰিছে৷ ততাতৈয়াকৈ গৈ দুৱাৰ খুলিলোঁ৷ দেখিছোঁ কেবাৰীৱালাটো৷ সি আকৌ মোৰ চিনাকি৷ প্ৰায়ে বটল, কাগজ কিবা গোট খালে নিজেই লৈ যায়হি৷ দুদিনমান আগত নিছেহি হে৷ মই বোলো,

: কি হ’ল? ইমানকৈ টেটুফালি চিঞৰিছ যে?

সি বোলে,

: বাইদেউ টকাটো একেবাৰে দিয়েই যাওঁ বুলি ওপৰলৈ উঠি আহিলোঁ৷ পানী এগিলাচ দিয়ক৷ ইমান ওপৰলৈ উঠি আহিছোঁ৷ উশাহ বন্ধ হ’ব মোৰ এতিয়া৷

দৌৰা দৌৰি তাক পানী এগিলাচ দি মই বোলো,

: কিহৰ টকা অ’? মই পাবলৈ আছিলোঁ নেকি তোৰ পৰা?

: নহয় বাইদেউ এয়া আজিৰ কাগজখিনিৰ টকা আকৌ৷

: আজিৰ কাগজৰ টকা? কোনে দিলে আজি কাগজ?

: কিয় বাইদেউ? এই অলপ আগতে দাদাই ফোন কৰি যে কাগজখিনি লৈ যাবলৈ ক’লে, সেইখিনি কাগজৰ টকা আকৌ৷

মই কোবাকুবিকৈ ভিতৰলৈ আহিলোঁ৷ খঙতে ভোৰভোৰাই আহিছোঁ এওঁক৷ বোলো মোক নোকোৱাকৈ কাগজ বেচিছে আৰু কেবাৰীৱালাটোৱে ইমান চিঞৰোঁতেও উঠি যোৱা নাই৷ এওঁক আহি ক’লোঁ,

: শুনিছা আজি কি কাগজ দিছা কেবাৰীক? আৰু সি আহি চিঞৰি আছে তুমি উঠি যোৱা নাই কিয়?

এওঁ টোপনিতে আছিল৷ সাৰ পাই ক’লে,

: ক’ৰ কেবাৰী অ’? মই একো দিয়া নাই৷

আকৌ কেবাৰীটোৰ ওচৰলৈ গৈ ক’লোঁ,

: হেৰৌ আজি দাদাই একো দিয়া নাই বোলে৷ তই কি কাগজৰ কথা কৈছ?

: বাইদেউ দাদাই মোক অলপ আগতে ফোন কৰিছে৷ এয়া চাওক৷

সি মোবাইল ফোনটো দেখুৱালে৷ হয় মোৰ ফোন নম্বৰটো জিলিকি আছে প্ৰথম ৰিচিভ কলৰ লিষ্টত৷

আকৌ দৌৰি এওঁৰ কাষ পালোহি৷ বোলো,

: শুনিছা উঠাচোন৷ কেবাৰীটোলৈ তুমি ফোন কৰাটো হয়৷ মোৰ নম্বৰটো তাৰ ৰিচিভ কলত আছে৷

এওঁ মোক বকি বকি উঠি আহি কেবাৰীটোৰ কাষ পালেহি৷ আহিয়েই ক’লে,

: কি হ’ল? তোক কেতিয়া কি কাগজ দিলোঁ মই ঐ?

: কিয় দাদা অলপ আগতে ফোন ৰি কোৱা নাছিল জানো আপুনি যে তলত স্কুতাৰৰ গেৰেজটোত চাৰিটা কিতাপৰ কাৰ্টুন আছে লৈ যাবিহি সোনকালে বুলি?

এওঁ চকুদুটা পাৰে মানে বহলকৈ মেলি ক’লে,

: কি? ক’লৈ নিলি সেইকেইটা?

: দাদা ঠেলাত তুলি থৈছোঁ৷ ওজন কৰিব নোৱাৰি৷ বৰ গধুৰ৷ ধুনীয়াকৈ বান্ধি থোৱা আছে৷ লাম-চাম কিবা এটা দিওঁ৷ কওক কিমান ল’ব?

: হেৰৌ সৰ্বনাশ কৰিবলৈ লৈছ৷ সেয়া ডেৰ লাখ টকাৰ কিতাপ৷ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এনুৱেল ৰিপৰ্ট৷ সেইবোৰ নিনিবি৷ বনাই আনি থৈছোঁহে৷ ভুলতে ক’লোঁ চাগৈ তোক৷ নমাই জেগাত থৈ দে গৈ৷

: কি যে দাদা আপুনি৷ ৰাতিপুৱাই বজাৰ বেয়া কৰিলে৷

কেবাৰীটো ভোৰভোৰাই গ’লগৈ৷ বেচেৰাই কিতাপৰ কাৰ্টুনকেইটা পুনৰ ঠেলাৰ পৰা নমাই সজাই থৈ গৈছে স্কুতাৰখনৰ কাষত৷ মই মোৰ ফোনটো বিচনাৰ পৰা লৈ চালোঁ৷ হয় এওঁ তালৈ ফোন কৰিছে৷ মই বোলো,

: শুনিছা এয়াচোন তুমি তালৈ ফোন কৰিছা৷ কিয় কৰিছিলা?

কেবাৰীটোৰ নাম ইনামূল৷ ইনামূল কেবাৰী বুলি চেভ কৰি থৈছোঁ৷ এওঁ বোলে,

: চাওঁ ক’তা?

মই দেখুৱালোঁ৷ এওঁ বোলে,

: অ’ সেইটো কেবাৰীটোৰ নম্বৰহে নেকি? মই আকৌ আমাৰ প্ৰেছৰ ইনামূল বুলিহে৷ আজি কিতাপখিনি এগ্ৰিকালচাৰত দিবগৈ লাগে৷ সেয়ে তাক পুৱাই ফোন কৰি দি থৈ আহিবলৈ কৈছিলোঁ৷

মই বোলো,

: কিয় ইয়াতচোন ইনামূল কেবাৰী বুলি লিখাই আছে?

এওঁৰ ফোনটোত চাৰ্জ নাই বাবে মোৰ ফোনৰ পৰা আমাৰ প্ৰেচৰ ল’ৰা ইনামূলৈ ফোন কৰোঁঁ বুলি ভাবিলে৷ সি মষ্ট কিৰ্পিণ৷ এওঁ ভাবিলে বোলে মই তাৰ নামটো ইনামূল কেবাৰী বুলি চেভ কৰি থৈছোঁ৷ ইফালে কেবাৰীটো মোৰ চিনাকি৷ সি কেতিয়াবা বস্তু নি টকা নাথাকিলে পিছত টকা দি যায়৷ আজি যদি তেনেকুৱা কৰিলেহেঁতেন এওঁৰ কি অৱস্থা হ’লহেঁতেন! কথাটো ভাবিয়েই এওঁৰ মুখ শুকাই গ’ল৷ মই ফোনত নাম চেভ কৰোঁতে লগতে ডেজিগনেচন লিখি থোৱা অভ্যাসটো ভাল নে বেয়া এওঁ অলপ পৰ চিন্তা কৰি থাকিলে৷ মোৰ ফোনৰ কণ্টেক্ট লিষ্টখন আকৌ এবাৰ চাই ল’লে এওঁ৷ চাই লৈ দেখিছে নৰেণ মুচি, ৰুবুল পাচলি, মতি ধুবি, ৰাজু পেপাৰ, জুমি কে’ক ইত্যাদি বহুত নাম৷ এওঁ বোলে,

: তোমাৰ ফোনৰ পৰা আজিয়েই শেষ ফোন কৰিলোঁ৷

গতিকে ৰাইজ ফোনত নাম চেভ কৰোঁতে মোৰ বিলৈখন দেখিলে নহয়৷ কথমপি ডেৰ লাখ টকা বাচিল৷ আপোনালোকে এইবোৰ কাম নকৰিব দেই৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.