ফটাঢোল

মোৰ আনকমন বিয়া খন -পঞ্চী প্ৰিয়া দাস

মোৰ জীৱনত পাহৰিব নোৱাৰা অন্যতম এটা লটিঘটি, যিটো মোৰ জীৱনত সদায় স্মৰণীয় হৈ থাকিব। সকলো ছোৱালীয়ে নিজৰ বিয়াৰ সপোন দেখে। শুকুলা ঘোঁৰাত উঠি ৰাজকুমাৰ আহিব বিয়া কৰাবলৈ। ফুল লগা বাগিত (আজিকালি অত্যাধুনিক মডেলৰ গাড়ীত উঠে দেই, মই পিছে আইটেন(i10)ত ঘৰলৈকে আকৌ ঘূৰি আহিছিলোঁ দৰাৰ লগতে আকৌ) উঠি দৰাৰ হাতত ধৰি দৰাঘৰলৈ যাব। মইও ভাবিছিলোঁ দৰাৰ লগত গাড়ীত নাযাওঁ। এওঁৰ মোক ফুৰাবলৈকে কিনা স্কুটি খনতে জাষ্ট মেৰিদ বুলি ফুললগা দিল এটা লগাই ফুৰি মেলি ঘৰলৈ আহিম।

কিন্তু বিধিৰ বিপাক! যিহেতু এওঁৰ ঘৰত ঘোৰ বিৰোধ আছিল আমাৰ বিয়াত। আৰু ৪ বছৰ ধৰি এওঁ মহুৰত চাই আছিলে দেউতাৰ লগত কথা পাতিবলৈ। ৪ বছৰত ৬ বাৰ ছুটী লৈছিলে কিন্তু সাহস এবাৰো নহ’ল তেওঁৰ যে ফেছ তো ফেছ কথা পাতিব। কিন্তু মায়ে সকলো জানিছিলে। অলপ চাপৰ্টো কৰিছিলে, কিন্ত দেউতালৈ ভয় খাই ঘতং খাব বুলি। এনেকৈ কৰি থাকিলে নহব বুলি ময়েই উকীলৰ লগত কথা পাতি মেৰিজ ৰেজিষ্টাৰ অফিচ গলোঁ। কিন্তু তাত বহুত দিন লাগিব বুলি কলে আৰু এওঁ বাৰে বাৰে ছুটি নাপায়। গতিকে সিদ্ধান্ত কৰিলোঁ যে আমি এপ্লাই কৰি থম উকীলৰ দ্বাৰা। আৰু ৩৫ দিনৰ পিছৰ তিনিমাহত কোনোবা এটা দিনত ফাইনেল চহী কৰিব যাব লাগিব বুলি জনাই দিলে। তেনেকৈয়ে মই দেৰি নকৰি এপ্লাই কৰিলোঁ যোৱা বছৰ ছেপ্টেম্বৰ মাহত। আৰু তাৰিখ ললোঁ (জানুৱাৰী ৪ -২০১৮)। ডিচেম্বৰ শেষত এওঁ আহিলে ছুটি। আৰু ৪ তাৰিখে আমি কৰ্ট যাবলৈ সাজু হ’লো।

কিন্তু ক’ৰপৰা কেনেকৈ যে দেউতাই শুনিলে নাজানো, ২ তাৰিখৰ দিনা ঘৰত ঘমাছান কাজিয়া। এওঁক পঠিয়াই দিছে ডুমডুমাৰ পেহীয়েকৰ ঘৰলৈ। ৩ তাৰিখ লৈকে আমি কনফাৰ্ম নহয় যে বিয়া হ’বই। তথাপি মই কলোঁ যে যোৱা তুমি পেহীৰ ঘৰলৈ। কাৰণ উকীলজনে ফোন কৰি জনালে যে আমি ৩ বজাত অফিচ পাবগৈ লাগিব। এওঁক মই ৮.৩০ মানত পঠিয়াই দিলোঁ আৰু ক’লো ৩ বজাত আহি কৰ্ট পাব লাগিব। সেইদিনাৰ ২ দিন পিছত চহী কৰাৰ সময়সীমা শেষ। গতিকে বুকু কঁপি থকাটো জায়েজ কথা। তেওঁ গ’ল, যোৱাৰ আগতে মোক লগ কৰি যাবলৈ কলোঁ। যোৱাৰ আগতে মোক লগ কৰি হাতত ধৰি কৈ থৈ গল “আজি যদি লগ দিব নোৱাৰোঁ তোমাক, তেন্তে মই ফৌজী নহয়।”

“হব যোৱা, টাইমত কৰ্ট পাই যাবা বছ, মই ৰৈ থাকিম”।

এওঁ গ’ল। বুকু কঁপি আছে। ইফালে ডুমডুমাত এওঁৰ সম্বন্ধীয় আজু- আইতাক এগৰাকী ঢুকালে। দেউতাই কিন্তু পুৰা ছাল খেলিছে যে পুতেক আহি নাপাওক। দেউতাই বুদ্ধি কৰি এওঁক তালৈও যাগৈ বুলি ক’লে। কিন্তু মইও চি. আই.দি চাই চাই কম মগজ বনাইছোঁ নেকি !!

যিমান যি হ’লেও আৰ্মিৰেই গাৰ্ল ফ্ৰেইণ্ড। বুঢ়াই পুৰণা ছাল খেলিলে। মইও নতুন যুগৰ মগজ লগালোঁ। এওঁক ডুমডুমাৰ পৰা ১ বজাত যেনেতেনে ওলাবলৈ ক’লোঁ। এওঁ মাকুম পাই মোলৈ ফোন কৰিছে যে ৰেডি হোৱা,

:মাকুম পালোঁ মই।

মইও ইফালে মামাক কৈ অটো এখন ভাড়া কৰি মামী আৰু মই ৰেডি হলোঁ । যিহেতু সাক্ষী মামা, মামী আৰু মামাৰ লগৰ এজন আছিল। মামা আৰু মামাৰ লগৰ জন বাইকত ওলালে টাউন ফালৰ পৰা। এওঁ ঘৰ পাইয়ে মাটি জুখিব আহিম বুলি কোৱা মণ্ডল জনলৈ ফোন লগোৱা এক্টিং কৰিলে। ইফালে লাইনত ময়েই

:অ, ছাৰ !! আপুনি আহিছে নেকি ?? মই এইমাত্ৰ ঘৰ সোমাইছোঁ… অ ঠিক আছে তেন্তে… মই গাটো ধুই ওলাইছোঁ ৰ’ব.. ওলাই ফোন কৰিম… ৩.১৫ ত পাই যাম মই।

মোৰ তেতিয়াহে উশাহ আহিল। আমি কৰ্টৰ গেট পাইছোঁগৈ। এওঁ তাতেই আহি স্কুটিৰ ব্ৰেক মাৰিছে। নামি আহি মিচিকিয়া হাঁহি এটা মাৰিছে। কৈছে,
:চোৱা আহি গলো মই।

মই চকু পকাই কলো,
:ব’লা জইণ্ট ফটো মাৰিব লাগিব।

জিন্স পিন্ধি গৈছোঁ তাতে। পটাপট ফটো মাৰি উকীলক দিলোঁ। আধা ঘন্টা ভিতৰত চহী কৰি কাম শেষ কৰি এ.দি.চি. ছাৰক লগ কৰিলোঁগৈ। চাৰে বোলে,
:কি বিয়া পাতিলা টাইটেলতো দেখোন একেই থাকিলে।

উকিলজনে বোলে,
:ছাৰ টাইটেল হে একেই, কাষ্ট বেলেগ ।

এ.দি.চি ছাৰে কলে,
:হ’ব ভালকৈ থাকিবা, ল’ৰাৰ চাকৰি আছে যেতিয়া তুমি ভয় নাখাবা।

এওঁ লাহেকৈ মিঠাই পেকেটতো উলিয়াই ছাৰজনক দিলে আৰু আমি তেওঁৰ কেবিনৰ পৰা হাঁহি হাঁহি হাতত ধৰি ওলাই আহিলোঁ। ওলাই অহাৰ পিছত মামীয়ে সকলোকে মিঠাই দিলে (মই নজনাকৈ অানিছিলে মামাই মিঠাই )।
মামীয়ে ওচৰলৈ আহি চিকুট মাৰি দি কলে ,
:মৰতী জনী, নিজেই নিজৰ বিয়া পাতিলে দেই। এনেকৈয়ে আমি কোৰ্ট মেৰিজটো যেনে-তেনে কৰিলোঁ।

ইয়াৰ পিছত কাহিনী আৰু সাংঘাতিক। এপ্ৰিলৰ শেষত ছুটি আছিল এওঁৰ, সেয়ে সিদ্ধান্ত ল’লে যে যি হ’লেও এইবাৰ বিয়াখন পাতিব লাগিবই। বিয়াৰ দুদিনমান আগৰ পৰাই এওঁৰ ঘৰত হুলস্থুল, আমাৰ বিয়াক লৈয়ে। তথাপি মিতিৰ হ’বই লাগিব যেতিয়া আমাৰ ঘৰৰ পৰা এওঁক মাতি কলে-
:তোমাৰ দেউতাক, তামুল-পান দি আমি মাতি থৈ আহিম।

কিন্তু এওঁ দেউতাৰ স্বভাৱ জানে গতিকে এওঁ মামাক কলে –
:নালাগে এতিয়া আপুনি কিবা ক’ব। কাৰণ ঘপকৈ আকৌ কাজিয়া পেছাল হলে, মিছামিচি ইমানখিনি যোগাৰ অথলে যাব। মই নিজেই কম কবলগা খিনি।

এওঁ এনেকৈ কোৱাত আমাৰ ঘৰত কথাটো তল পৰিলে। এনেও প্ৰথমখন বিয়া, সবতকৈ ডাঙৰ নাতিনি, ভাগিন মইয়ে। মুখত প্ৰকাশ নাপালেও সকলোৰে মনত ফুৰ্তি।গতিকে আগদিনা ওচৰৰ মানুহ খিনি মাতি মামাহঁতে মোৰ মেহেন্দিকে পাতিলে। কাৰণ মোক মূৰত তেল দিলে এওঁকো নিয়ম কৰিব লাগিব। গতিকে মেহেন্দি লগাই মেলি ভন্টি, খুৰাৰ ছোৱালীহঁত, মামা-মামী, মাহী-মহা, ওচৰৰ আন্টিহঁত লগলাগি খানা বনালে। সবৰে মেহেন্দি লগাই হোৱাৰ পিছত ফটো শ্বট এটাও হ’ল। তাৰপিছত খাই বৈ আমি কথা পাতি পাতি শুলো।

ৰাতিপুৱা সোনকালে উঠি ডাঙৰ(মা, মাহী, মামীহঁতে ) কেইজনিয়ে গা-পা ধুই সাজু হল। মোকো গাটো এনেই নিয়মত ধুৱাই দিলে। তাৰপিছত মোক সাজু কৰিবলৈ ধৰিলে। ইণ্টাৰেষ্টিং কাহিনী আৰম্ভ হ’ব এইখিনিৰ পৰাই। ক্লাইমেক্স আৰম্ভ। জীৱনত আইলাইনাৰ লগাই নোপোৱা মোক দিলে নহয় আইলাইনাৰ লগাই। হওঁতে জেঠাইৰ ছোৱালী মানে মোৰ বা জনী বিউটিছিয়ান হয়।

কিন্তু অঁকৰা মৈত উঠিলে যেনেকৈ নানামে, মইও কৈছোঁ,
:এইসোপা মোহাৰি দিয়কচোন পিংকি বা, মোৰ চকু খজুৱাইছে। আৰু এইবোৰ গালত গুলপীয়া বিলাক নলগাব। একদম চিম্পল কে থব দেই।

তথাপিও নলগাওঁ বুলি ঠগি ঠগি মোক কিবাকিবি এসোপা সানিলে। কিবা স্মকি আইজ নে কি কৰিলে চকু কেইটা। ওলাই আহি দৰ্জাৰ আইনাত চাই মই চিনিয়ে পোৱা নাই নিজক। তথাপি সৰু-মাহীয়ে(বৈদ্য ভয় লাগে মাহীলৈ, এতিয়াও ভয় খাওঁ মানে মাহীক) গালি পাৰিব বুলি মুখেৰে একো নমতাকে ড্ৰয়িং ৰুমত বহিলোঁগৈ।

তাৰ পিছত এওঁলৈ ফোন লগাইছে মাহীয়ে,
:অ, অমিত… সাজু হলানে তুমি ?? আমি ওলাই যাওঁ তেন্তে… কিমান টাইমৰ ভিতৰত পাবাগৈ… (মন্দিৰ ওচৰতে, মানে শিৱধামৰ ওচৰৰ ৰাধাকৃষ্ণ মন্দিৰত বিয়া)

এওঁ আধা-ঘণ্টা বুলি ক’লে। গতিকে লাহেকৈ আমি ওলাই গ’লো। এফালে এওঁৰ মাকে মোলৈ ফোন কৰি যত যি যি গালি জানে সব দিছে এফালৰ পৰা। বাৰে বাৰে ফোন কৰিয়ে আছে। ইফালে মোৰ কইনাধৰা হোৱা লগৰ জনীয়েও ভয় খাইছে, মোৰ মুখ শুকাই যোৱা দেখি। আমি আধা ৰাস্তা পোৱাত এওঁলৈ ফোন লগাইছো, এবাৰ..দুবাৰ…তিনিবাৰ… প্ৰায় আঠ বাৰমান ফোন কৰিলোঁ এওঁ নুঠালে। মাহীয়ে কৰিলে নুতুলিলে। মোৰ লাগিছে চিন্তা একদম চাউথ ইণ্ডিয়ান চিনেমা নিচিনা মানে, দৰা পলাই গ’ল নেকি। কোনো কাৰো মুখলৈ চোৱা নাই। কাৰণ মাহী-মহা দুইজনৰেই যে খং উঠিছে মই জানো। মায়ে গালি দিছে,

: কৈছিলোঁৱে মই এইবোৰ কৰিব নালাগে, এতিয়া মৰ। গ’ল পৈয়েৰ গ’ল। বাপেকে পঠিয়ালে তাক কৰবাত।

মাহীৰ আগত মই এতিয়া একো ক’বও পৰা নাই। তেনেকৈয়ে মন্দিৰ পালোঁগৈ। গপ-গপাই গোটেইসোপা নামিলে, মোকো নমালে। মোৰ এতিয়া ভয়তে মোৰ ঘূৰাই গৈছেগৈ। কি কৰোঁ। পানী খাইছোঁ। মুখ খন ধুব মন গৈছে, কিন্তু মেক-আপ বেয়া হোৱাৰ ভয়ত মই কাকো একো নাইকোৱা।

মই এওঁলৈ আকৌ ফোন লগালোঁ। তিনিবাৰমান কৰা পিছত উঠালে ফোনটো। অকল ক’লে,
:মই ওলাই আহিলোঁ, পামগৈয়ে।

কৈয়ে কাটি দিলে। কিন্তু চিন্তা তেতিয়া বেছি হ’ব ধৰিলে যেতিয়া আধাঘণ্টা পিছতো তেওঁ আহি নাপালে। আকৌ চবেই ফোন কৰিব ধৰিলে। মন্দিৰৰ চিৰিতে বহি গাড়ীবোৰ চাই আছোঁ মই, পাইছেহি নেকি বুলি। কিন্তু নাই। অলপ সময় পিছত ওলালহি এওঁ। দাড়ি-মোচ কটাই নাই তেনেকৈয়ে, তাকো জিন্সত। হাতত আমাৰ ঘৰপৰা আগদিনাই দিয়া দৰাৰ ড্ৰেচ খিনিৰ বেগটো। পাৰ্চ পইচা একো নাই লগত। তথাপি মানুহটো যে আহি পালে তেতিয়াহে ৰক্ষা পাইছে চবেই। মোৰো তেতিয়াহে মুখত পানী আহিলে। ইফালে লগৰজনীৰ মাক হার্ট পেছেন্ট। তাইক মই কলো,
:আন্টি নাহিল ভালেই হ’ল মমি, ইমান দেৰিত নহ’লে মোতকৈ আগত তেওঁৰেই হার্ট এটাক আহিলে হয়।

তাই মোক সান্ত্বনা দি লগতে বহি আছে। ভন্টি, ভাইটি হঁতৰ গাত হুঁচ আহিলে তেতিয়া, ফটো প’জ দিয়াত লাগিলে তাহাঁতে। মই তেওঁক টেলেকা টেলেকাকৈ চাই আছোঁ। মুখেৰেতো একো মাতিব নোৱাৰোঁ, মাহীয়ে তাতেই বজাব মোক।

এওঁ জানিছে মইযে টেলেকা কৈ চাইছোঁ। মোৰ মুখলৈ নোচোৱাকৈ আহি ওচৰতে বহিলে। পণ্ডিতৰ লগত কথা পাতি হৈ যোৱাৰ পিছত আমাক মন্দিৰৰ ভিতৰলৈ মাতিলে। গ’লো, বহিলোঁ, তাৰ পিছত মন্ত্ৰোচ্চাৰণ কৰি কৰি কন্যাদান কৰিলে মাহী-মহাই। আমাক ফেৰে লবলৈ দিলে, ৭ পাক ঘূৰিব লাগে। অইন মানুহৰ দৰে মোৰো সেইদিনা সদায় লগপোৱা মানুহটোৰ হাতত ধৰি কঁপনি উঠিছিলে। এওঁ কিন্তু মোৰ খংতো কমক বুলি হাতখন আলফুলকৈ ধৰিছিলে। কিন্তু মোৰ যে ভয় লাগিছে সেইটো গম নাপাওঁক বুলি এওঁক একদম হাতখন বাকুটি আনিম নিচিনাকৈ টানকৈ ধৰিলোঁ। তেওঁৰো খং উঠিলে কিজানি এওঁ টানি টানি কেতিয়া সাত পাক ঘূৰালে গমেই নাপালোঁ । ভাইটিয়ে এওঁৰ ঘৰৰ পৰা দিগদাৰ দিব বুলি একদম প্ৰতিটো Angle ৰ ফটো তুলিলে, মালা পিন্ধোৱাৰ পৰা সেন্দুৰ দিয়া। ফেৰে লোৱাটো ভিডিওকে বনাই পেলালে। নিয়ম কৰি মন্দিৰত সেৱা কৰি ওলাই সবৰে সেৱা ললোঁ, তাৰ পিছত গ্ৰুপ ফটো তুলিলোঁ। তাৰপাছত ঘৰ যাবলৈ হোৱাত মাহীয়ে এওঁ আকৌ গায়ব হব বুলি আমাৰ গাড়ীতে লগত যাবলৈ ক’লে। এওঁ আহি আছো বুলি কৈ পিছফালৰ লগৰ কেইজনৰ লগত অহা গাড়ী খনৰ ওচৰত গৈ বহি ল’লে। মই ঘূৰি চাবও নাইপৰা কি কৰিছে বুলি। অলপ পিছত আহিলে যেনিবা, বহিলে ওচৰতে। চকু ৰঙা, মুখ শেঁতা পৰা, মই ভাবিলোঁ দুখ লাগিছে হ’বলা।

কিন্তু ই কি , ইয়াৰ মুখত শক্তিপানীৰ গোন্ধ। আকৌ হাতখনত ভালকৈ চিকুটি দিলোঁ। এওঁ ভয়তে মুখলৈ নাইছোৱা, মইও মাহীৰ ভয়ত একো ক’বও নাই পৰা। এনেকৈয়ে উখনা -উখনি কৰি ঘৰ পালোঁহি। ঘৰৰ গেটত ভন্টি হতে জোঁৱাই আদৰিলে। পইচা খুজিলে। মোৰ ইফালে লাগিছে ভোক।

মইয়ে তত নেপাই ভণ্টিক কলো,
:ঐ হ’ল আৰু, যাব দে না। ভিতৰত বহিব দে মোক। ভোক লাগিছে।

ভন্টীয়ে চকু পকাই,
:চুপ, ভিতৰত গোটেই আলহী, গৈ চেহেৰা ঠিক কৰি আগফালে চফগুটি বঁটা লৈ বহি থাক। পিছত দি আছোঁ খাবলৈ।

মই আচৰিত, কি শুনিছোঁ এইবোৰ। পিছফালে বেঙেনা, ৰঙালাও ফ্ৰাই কৰি থকা গোন্ধ, মাংসৰ জোলৰ গোন্ধ, পোলাও।

মই কতে মৰোঁ! ইফালে মানুহখনে সদায় দেখি থকা ছোৱালীজনীকে জোঁৱাইৰ বিষয়ে সুধিছে। মই ভোকত তত নাইপোৱা। বাথৰূম যাওঁ বুলি উঠি গৈ পাকঘৰত মামীক কলো,
:দিয়ক না কিবা এটা মৰিম এতিয়া মই ভোকত।

তাৰপিছত যেনিবা দুইটাকে কিবা খোৱাহি বুলি মাতিলে ভিতৰলৈ। কিন্তু দিছে কি শুনক,
:ৰসগোল্লা এটাকৈ, নিমকি এখন, কালাকান্দ এটাকৈ, দৈ আৰু চিৰা ।

মই মিঠাই কেইটা খাই পানী অলপ খাই আকৌ পাকঘৰলৈ গলোঁ। মামীক কলো,
:কি মিঠাই দিছে , দিয়কনা ৰঙালাও ফ্ৰাই আৰু মাংসৰ জোলৰ লগত ভাত অলপ ।

মামীয়ে মামাক লগাই দিলে যি ধমকি দিলে নহয়,
:কি ফালটু,আজি বিয়া তোৰ। এতিয়া মাংস খাওঁ খাওঁ কৰি নাথাক। যা বহগৈ আগফালে।

একো নকয় বাহিৰত ওলাই আহি দেখিছোঁ এওঁ নাই। কি কৰো নকৰোঁকে লগৰজনীক সুধিলোঁ,
:ই গ’ল কত আকৌ ??

তাই বোলে,
:তলকিবই নোৱাৰিলোঁ কেতিয়া উঠি গল।

তেনেকৈয়ে আলহী গৈছে, আহিছে। খাইছে মোৰ লগত কথা পাতিছে। কেনেকৈ গধূলি হ’ল গমেই নাপালোঁ। তাৰ মাজতে শহুৰ দেউতাই আহি কাজিয়াও লাগি থৈ গ’ল। গধূলি 5 তাত সবৰে আমালৈ মনত পৰিলে যে আমি ভোকত আছোঁ। আমাকো মাতিলে খাবলৈ। ভোক লাগিও ইতিমধ্যে শেষো হৈছিল। গতিকে এনেই অলপ অলপ খাই ললোঁ দুইটাই।

মানুহ লাহেকৈ পাতল হোৱাত আমি অলপ সময় অকলে পালোঁ বহিবলৈ। তেতিয়াই এওঁ বহুত কান্দিলে। কান্দিবলৈ লোৱা দেখি মোৰো বেয়া লাগিলে। এওঁ কান্দি কান্দিয়ে কলে,
:মই জীৱনত মোৰ ঘৰখনৰ কাৰণে বহুত কিবা কিবি কৰিলোঁ, কিন্তু তাহাতে মোৰ মনৰ কথা নুবুজিলে। আজি কোনো নাই লগত অকলেই তোমাৰ হাতত ধৰিলোঁ। নিব লাগিছিল মোৰ ঘৰলৈ কিন্তু নোৱাৰিলোঁ। মোক মাফ কৰিবা আৰু কেতিয়াও মোক অকলে নেৰিবা প্লিজ ।

মোৰো বেয়া লাগিছিল। তথাপি নিজক চম্ভালি তেওঁৰ হাতত ধৰি কথা দিলোঁ কেতিয়াও দুখ নিদিওঁ বুলি।

সব বাদ দি এতিয়া কিন্তু মোক কোৱাৰ্টাৰলৈ আনি পস্তাই আছে বোলে কাৰণ মোৰ আজিকালি বজাৰ গ’লেই কানফুলি, কাপোৰ, পাকঘৰৰ বস্তু, মুঠতে যি দেখোঁ তাকেই কিনাৰ ভূত লাগিছে। মুঠতে লাগে বুলিলে লাগেই। এতিয়া সেইকাৰণে বেলেগত পোষ্টিং লৈ মোক ঘৰতে থৈ আহিম বুলি কৈছে। কিন্তু মই বাৰে বাৰে দোহাৰি দিবলৈ নাপাহৰোঁ বিয়াৰ দিনা কথা দিয়াটো,
:কেতিয়াও নেৰোঁ অকলে, লাগিলে যিয়ে হওক। বজাৰলৈ নিব্বই লাগিব, খৰছ কৰামেই। বস্তু লাগিবই, কিনি দিব্বই লাগিব।

☆★☆★☆

9 Comments

  • somkanta Saikia

    চিনেমাত দেখা কাহিনী ,অভিনন্দন !!

    Reply
  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল দেই

    Reply
  • Anonymous

    এনেকুৱাও যে হয় , মানে চিনেমাৰ দৰে, আজিহে গম পালোঁ।

    Reply
  • অনুৰূপ মহন্ত

    একেবাৰে চিনেমাৰ কাহিনীৰ দৰে কাহিনী এইটো। বৰ সুন্দৰ বৰ্ণনা। ভাল লাগিল।

    Reply
  • সদানন্দ ভূঞা

    বঢ়িয়া কাহিনী । আজীৱন সুখী হোৱা ।

    Reply
  • খুব ভাল লাগিল । জাষ্ট লাভ ইট ।

    Reply
  • জাষ্ট লাভ ইট । খুব ভাল লাগিল ।

    Reply
  • সৌৰভ শৰ্মা

    পঞ্চি বৰ আৰ্কশনিয় ঘটনা। পঢ়ি বধ্য মজা লাগিল। (পিছে বজাৰ কৰি অবাৱত খৰচ নকৰি অলপ সঞ্চয় কৰা😀😀😀😀🤣🤣🤣🤣👍🏾👍🏾👍🏾)

    Reply
  • ছায়াস্মিতা

    আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওক। ইমান সংঘর্ষৰ মুৰকত এক হোৱা আপোনালোক সদায় সুখী হৈ ৰওক।

    Reply

Leave a Reply

Your email address will not be published.