ফটাঢোল

মোৰ কথাৰে — কঙ্কণা মহন্ত

(১) চমচম কি জয়

য়ে উন দিনোঁ কি বাত হেই, যেতিয়া ল’ৰা ছোৱালীৰ এৰেঞ্জড মেৰেজ হৈছিল। মোলৈ হঠাৎ এটা বৰ ভাল চাকৰি কৰা, অসমৰ বাহিৰত থকা, একে কাষ্টৰ (তেতিয়া সেইটো আটাইতকৈ দৰকাৰী পইণ্ট আছিল) ল’ৰা এটাৰ ৰিস্তা আহিল। ৰিস্তা আহিলো আৰু মই গম নোপোৱাকৈ মোক ঘৰতে চাই পচন্দো কৰি থৈ গ’ল। দৰা অহা নাছিল বাৰু। মোৰ বিয়া হ’বলৈ একেবাৰে মন নাই অথচ কেঞ্চেল কৰাৰ একো কাৰণো পোৱা নাই। আনৰ দৰে মই সাঁজি কাছি চাহৰ ট্ৰে লৈও ওলোৱা নাই যে সেইটো কাৰণতে নহওঁ বুলি ক’ম। চিন্তাত মোৰ টোপনি নাই, কেনেকৈ বিয়া ভাঙো। মাহঁত দৰাৰ প্ৰশংসাত পঞ্চমুখ। এনেতে খবৰ আহিল ল’ৰা আহিব, ছোৱালী চোৱাতকৈ নিজকে দেখুৱাব। মই ইফালে লাগি আছোঁ মাৰ লগত, বিয়া নহওঁ, বিয়া নহওঁ বুলি। ইফালে ল’ৰা অহাৰ দিন পালেহি। মই মাক ক’লো, যদি ল’ৰাটোৱে ভাল মিঠাই নানে মই বিয়া নহওঁ। কইনাৰ ঘৰলৈ মিঠাই লৈ আহেই যে, সেইকাৰণে তাকেই ক’লো। মায়ে বোলে হ’ব। মই খুছ। মই ভাবিছোঁ ক’ৰবাৰ নাগশংকৰ নামৰ ঠাই, চমচমেই আনিব আৰু মই চমচম খুব বেয়া পাওঁ।ল’ৰা আহিল, চিনাকি হ’ল আৰু মোৰ অলপো ভাল নালাগিল। এতিয়া মোৰ শেষ আশা পাকঘৰত থকা তেওঁলোকে অনা মিঠাই পেকেটটো। ভগৱানৰ নাম লৈ পেকেটটো খুলিছোঁ, দেখিছোঁ ভিতৰত মলাই চমচম আৰু মলাই চমচম মোৰ আটাইতকৈ ভাললগা মিঠাই। মই কপাল চপৰিয়াই বহি ল’লো। মায়ে লগে লগে ক’লে, “এতিয়া বিয়া খাটাং কিন্তু, তোৰ কথামতেই চব হৈছে।’’ বুকুত বল্ডাৰ এটা লৈ বিয়া হ’লো আৰু।সিদিনা কিবা এটা কথাত খং উঠি ‘কি দেখি জানোঁ এইডালৰ লগত বিয়া হৈছিলোঁ’ বুলি কওঁতে মিচিকিয়াই হাঁহি ক’লে “মলাই চমচম দেখি”।

(২) বিশ্বাসে মিলয় হৰি

অলপদিনৰপৰা মোৰ দিনকাল বৰ বেয়া চলিছে। ভবামতে একোৱেই নহয়চোন। কি কৰোঁ, কি নকৰোঁ বুলি ভাবি থাকোঁতে এদিন মোৰ মামা এজন আহিল। মামাই বোলে চিনাকি জ্যোতিষী এজন আছে ওলা। জ্যোতিষীয়ে শনি বেয়া বুলি শনি পূজা এভাগ পাতিবলৈ ক’লে। মই আকৌ জীৱনত একো পূজাই কৰি পোৱা নাই, আমাৰ অকল নাম কীৰ্ত্তন হে কৰে। ক’ত কৰাব লাগিব বুলি সোধোতে নৱগ্ৰহতে পাৰিব বুলি ক’লে। এতিয়া মই নৱগ্ৰহলৈকো গৈ পোৱা নাই। কোনোমতে বিচাৰি পাহাৰ বগাই নৱগ্ৰহ পালোঁগৈ। সুধিলোঁ শনিপূজা কৰিব লাগিছিল কি কি লাগিব। পূজাৰী এজনে ৰঙা ধূতি এখন মেৰিয়াই আহি ক’লে, “অঁ চাৰে ছয়হাজাৰ টকা দিব, হোমৰপৰা ভোগলৈকে চব হৈ যাব”। টকাৰ পৰিমাণ শুনি মোৰ ভকতি অলপ কমি গ’ল। পেটে পেটে ভাবিছোঁ, ইমান টকা এনেকৈ খৰচ কৰিব পৰা হ’লে জ্যোতিষীক দেখুৱালোহেঁতেননো কিয়! মই ‘অ’কে, অহা সপ্তাহত আহি আছোঁ’ বুলি ওলাই আহি গণেশ মন্দিৰৰ ওচৰৰ শনি মন্দিৰ পালোহি। তাত যেনিবা ৰেট কম। ২৫০০ টকা। ৫০০ টকা এডভাঞ্চ দিব লাগিব। আকৌ ‘অ’কে ,অহা সপ্তাহত আহি আছোঁ’ বুলি ওডালবাক্ৰা শনিমন্দিৰ পালোহি। তাৰ পূজাৰীয়ে যেনিবা আনিবলগীয়া বস্তুৰ লিষ্ট এখন দিলে য’ত কেৱল ভোগৰ বস্তুখিনিহে আছিল। পইচা নিজ খুচীমতে, বস্তুও নিজৰ সাধ্যমতে।য়েছ! তাকেইটো বিচাৰি আছিলোঁ ইমান সময়ে। ভগবানক জানো পইচাৰে পায়? মনৰ বিশ্বাসেহে ভগবানৰ কাষ চপায়। তাতে মোৰ নিচিনা কৃপণৰ কাৰণে বিশ্বাসেই মেইন, পূজাৰ ৰেটে বিশ্বাস কমাই দিয়ে। শনি আহুকলীয়া বুলি শুনিছিলোঁহে, এতিয়া হাতে হাতে প্ৰমাণো পালোঁ।

☆★☆★☆

8 Comments

  • সৌৰভ শৰ্মা

    দুয়োটা পঢ়ি মজ্জা লাগিল। পিছে মলাই চমচম পঢ়ি অফিচত হাঁহি থকা দেখি সকলোৱে চাই আছে। 😁😁😁😜😜😜

    Reply
  • ৰিণ্টু

    বা, আপুনি এনেই লিখিব নাজানো বুলি কৈ থাকে। ইমান ধুনীয়াকৈ লিখিছে।

    ভাল লাগিল পঢ়ি

    Reply
  • ভাল লাগিল বাইদেউ

    Reply
  • কাবেৰী মহন্ত

    হাঁহিলো দেই ৷ দুয়োটা ঘটনাই বাস্তবিক আৰু জমনি ৷ শনিপূজাৰ বাৰগেইনিং ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল কঙ্কনা!

    Reply
  • মানসী বৰা

    ইমানযে ৰসালকৈ লিখিছে !বৰ আমোদ পালো দেই বাইদেউ..

    Reply
  • Anonymous

    ভাল লাগিল। প্ৰথম টোত ৰস অধিক পালো।Chandan kr neog

    Reply
  • Sankar Jyoti Bora

    মলাই ছমছম কি জয়৷পূজাৰ ৰেটে বিশ্বাস কমাই দিয়ে৷একদম সছা কথা৷

    Reply

Leave a Reply

Your email address will not be published.