ফটাঢোল

মোৰ জীৱনৰ প্ৰথমটো ফটা প্ৰেম – ডলী তালুকদাৰ

প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। এই অনুভবটি যিয়ে এবাৰ লাভ কৰিছে সিহে জানে তাৰ মাদকতা। তাতে যদি প্ৰেমৰ দেৱ বা দেৱী গৰাকী নিজৰ প্ৰিয় অভিনেতা বা অভিনেত্ৰীৰ দৰে হয় তেনেহ’লেতো কথাই নাই।

মোৰ জীৱনলৈও আহিছিল তেনে এক মাদকতা। হাইস্কুলৰ শেষৰটো বছৰ পাইছো। মেট্ৰিক পৰীক্ষা দিম। স্কুলত নিয়মীয়া ক্লাচ কৰোঁ, ঘৰতো পঢ়িছোঁ। টিউচনো লৈছো অংক আৰু ইংৰাজী বিষয়ত । দেউতাৰে শিক্ষক বন্ধু এজনৰ ওচৰত। তেওঁ বহুত কাঢ়া শিক্ষক আছিল। কিন্তু তেওঁৰ ছাত্ৰ ছাত্ৰী সকলে সদায় ভাল ৰিজাল্ট কৰিছিল। বহুত কাঢ়া বাবে মোৰ মন নাই তেওঁৰ ওচৰত পঢ়িব।

পিচদিনাৰ পৰা মোৰ টিউচন অাৰম্ভ। মাৰ চিধা কথা যাব লাগিব। গ’লো তাত গৈ দেখোঁ মোৰ দৰে আৰু কেইজনীমান নিমাখিত প্ৰাণী বহি অাছে। চবৰে মুখ শুকাই আছে। তাত তিনিজনী মোৰ ঘনিষ্ঠ বান্ধৱীও আছে। যদিও বেলেগ স্কুলত পঢ়োঁ আমি চাৰিওজনী নলে গলে লগা বান্ধৱী। সিহঁতক দেখি মোৰ অলপ সকাহ আহিল। আমি চকুৰে ইচাৰা দিলোঁ যে অ আই তয়ো বাই ময়ো। বলি কা বক্ৰী মই অকলে নহয়। আমি ক্লাচ কৰিব ধৰিলোঁ অংক, ইংৰাজী দুয়োটা। তেওঁ ভালকৈ পঢ়াই যিমান গালি পাৰে দুগুণ। ইমানে শুনাই যে চকুপানী ওলাই যায়। কান্দিলে কয় নিৰুপা ৰয় হৈ নেদেখুৱাবি। মই মায়ে বাপেৰক ভয় নকৰোঁ। কি কৰিম উপায় নাই।

যেনেকৈ বৰষুণ দিয়াৰ পিচত ৰ’দ দিলে ভাল লাগে, শীতৰ পিচত বসন্ত আহিলে ভাল লাগে তেনেকে আমাৰ জীৱনলৈও বসন্তৰ আগমন ঘটিল। এদিন দেখিলোঁ টিউচনত নতুন ল’ৰা দুটা। তাৰে এটা সাইলাখ আমীৰ খান। হাইলা মোৰ সপোন কোৱঁৰ। সেইসময়ত মই আমীৰ খান বুলি ক’লে মৰি যাব পাৰোঁ। প্ৰথম দেখাৰ লগে লগে মোৰ লগতে লগৰকেইজনীও ঘায়ল। আগতে বেয়া লগা ছাৰৰ ক্লাচ কৰি ভাল লগা হ’ল। টিউচন কৰি ভাল লগা হ’ল। সদায় টিউচন অহা হ’লোঁ। আমীৰ খান কিন্তু অংকত বহুত চোকা। টপাটপ কৰি দিয়ে অংক বোৰ। ছাৰে কয়, দেখিছ এনেকুৱা হে হ’ব লাগে।

মইও প্ৰতিজ্ঞা কৰিলো যে মইও এতিয়াৰ পৰা কেৱল অংকই পঢ়িম। লাহে লাহে দেখিলোঁ আমি গোটেই কেইজনীয়ে আমীৰৰ প্ৰেমত পৰিলোঁ। গোটেই কেইজনীয়ে সাজি কাচি যোৱা হ’লো ক্লাচত। আৰু আমি ইমানেই আমীৰ খান ওৰফে দিনেশৰ প্ৰেমত পৰিলোঁ যে আমি ইজনীয়ে সিজনীক সতিনী জ্ঞান কৰা হ’লো। নামাতাই হ’লো ইটোৱে সিটোক। কিন্তু আমাৰ এই প্ৰেম কাহিনী আমীৰ খানে গমেই নাপায়। সি মূৰ তুলিয়ে নাচায় আমাক। তাৰ খবৰেই নাই যে তাক লৈ আমি চাৰিওজনীৰ মাজত এখন সৰু সুৰা মহাভাৰত হৈছে।

যিয়েই নহওঁক আমাৰ চাৰিওজনীৰ মাজত এজনী লেডি বিদুৰ আছিল। তাই আমাতকৈ অলপ জ্ঞানী। তাই এদিন ক’লে, চা আমি সৰুৰে পৰাই একেলগে ডাঙৰ হৈছোঁ। আমি চাৰিওজনী ভাল বান্ধৱী গতিকে আমি এজন ল’ৰাৰ কাৰণে নমতাকৈ থকাটো ভাল নহয়। আৰু সিটো নাজানেই একো। গতিকে আমি এটা কাম কৰোঁ আমীৰে যাকে পচন্দ কৰিব আমাৰ মাজত সেইজনীৰে সি হ’ব। কিয়নো আমি যিহেতু মডাৰ্ণ যুগৰ সি এজনীকহে বিয়া পাতিব পাৰিব। যদি আগৰ দিনৰ দৰে সি ৰজা হ’লহেঁঁতেন সি আমাৰ চাৰিওজনীকে বিয়া কৰাব পাৰিলে হয়। গতিকে সি যাক চাব বা মাতিব সেইজনীয়ে পটাব পাৰিব। আৰু বাকীকেইজনীয়ে জ্বলিব নোৱাৰিব।

বচ আৰম্ভ হৈ গ’ল পিচদিনাৰ পৰা আমাৰ আমীৰ ওৰফে দিনেশক পটোৱা। নাই সি নাচায়েই। এদিন দেখিলোঁ হঠাৎ আমীৰে মোৰ ফালে চাই আছে। পিচদিনাও দেখোঁ মোকে চাইছে। তাৰ পিচদিনাও। আৰু চতুৰ্থ দিনা আমীৰে মোক মাতিলে। মানে মোক কলম এটা খুজিলে। পিচদিনা পানী খাবলৈ পানীৰ বটলটো খুজিলে। দুদিন পিচত সি আহি মোৰ কাষত বহিলে। আৰু চকলেটো দিলে মোক মেংগো বাইট দুটা। তাৰ পিচৰ পৰা সদায় সি মোৰ কাষত বহে অাৰু দুটাকৈ চকলেট দিয়ে। লগৰ কিজনীয়ে কৰুণ ভাবেৰে মোক চায়। লেডি বিদুৰে মোক কয় বা তোৰ কপাল ভাল দে আচল আমীৰ খানক নাপালেও আমীৰৰ দৰে দেখাটোকে পাবি। আমাক নাপাহৰিবি। কিন্তু আচৰিত কথা সি কথা নকয় অলপো। দেখাৰ লগে লগে সদায় আহিলা, বহা এই শব্দ কেইটা হে কয়। মইও লাজতে কথাই নকওঁ। মোৰ কাষত যে বহে সেইয়াই সৌভাগ্য।

এসপ্তাহ পাৰ হ’ল। মই সপোন দেখিব আৰম্ভ কৰিছোঁ। আমি দুয়ো কলেজত পঢ়িম। সি বাইক কিনিব মই বাইকৰ পিচত মোৰ চুৰ্ণী উৰুৱাই বহি যাম। কলেজৰ কেন্টিনত একেলগে বহি চাহ খাম। কিন্তু এইবোৰ ভাৱিলে নহব অকল মই পঢ়াত জোৰ দিব লাগিব। কিয়নো সিতো চোকা ল’ৰা গতিকে মই যদি ভালকৈ পাচ নকৰোঁ সি বহুত লাজ পাব ন। নানাৰঙী সপোনৰ মাজেৰে মই পঢ়াতো জোৰ দিলোঁ। এদিন দেখিলোঁ আমীৰে দেখোন আমাৰ পিছে পিছে আহি আছে টিউচন শেষ হোৱাৰ পিছত। কিন্তু তাৰ ঘৰটো বেলেগ দিশতহে। লগৰ কিজনীয়ে ক’লে সি তোৰ পিছত আহিছে নেকি? লেডি বিদুৰে ক’লে তাৰ বেলেগ কামো থাকিব পাৰে। তাই মানে তেতিয়ালৈ আশ্বস্ত হোৱা নাই। সি আমাৰ ফালে চাই হাঁহি মাৰি গুছি হ’ল। পিচদিনাও একে কাৰবাৰ। কিন্তু তৃতীয় দিনা মোৰ বহীৰ মাজত কাগজ এখিলা পালো। তাত লিখা আছিল, অহাকালি টিউচন শেষ হোৱাৰ পিচত লগ কৰিম। এটা বহুত ডাঙৰ কথা আছে ।

ইতি দিনেশ।

মোৰ বুকুখন ঢপ ঢপ মাৰিব ধৰিলে। ভয়ো লাগিছে, ভালো লাগিছে, লাজো লাগিছে। লেডি বিদুৰক দেখুৱালোঁ। মুখ খন ক’লা পৰিছিল যদিও হাঁহি মাৰি ক’লে ভালহে তোক সি ক’ব মনৰ কথাটো। মই ক’লো হ’ব দে। সেইদিনা লাজতে মই তাৰ মুখৰ ফালে চাবই নোৱাৰিলোঁ।

টিউচন শেষ হ’ল। আন দুজনী বান্ধৱীক লেডি বিদুৰে ক’লে তহঁত দুইজনী গৈ থাক আমি বহী কিনিম দেৰি হ’ব। বিদুৰ যে তাই বুদ্ধি আছে। সিহঁত যোৱাৰ দহ মিনিট পিছত আহিলো। চাৰিওফালে চাই দেখোঁ সি নাই। আমি ভাবিলোঁ সি চাগৈ গ’ল আমাৰ দেৰি হোৱা কাৰণে। মোৰ চকু চলচলীয়া হৈ গ’ল। লেডি বিদুৰক গালি দিলোঁ তোৰ বেছি ওস্তাদিতে সি গুছি গ’ল। তাই সেমেনা সেমেনি কৰি মোৰ লগত আহি থাকিল।

হঠাৎ কোনোবাই পিছফালৰ পৰা চিঞৰা যেন লাগিল এইবুলি টুনা ..টুনা। আমি ঘূৰি চালোঁ পিচফালে চাওঁ যে আমীৰ। হে হৰি ক’ত আছিল ই সোমায়। সি আকৌ ক’লে টুনা টুনা ৰ’বাচোন। বিদুৰনীয়ে ক’লে, “বাহ তোক মৰমৰ নাম দিলেই। তোক সি টুনা বুলিয়ে মাতিব চাগৈ।”

মোৰ যে কি ভাল লাগিছিল। আয়ৈ টুনা কি মিঠা নাম।
সি আহি আমাৰ কাষ পালে। বিদুৰনীয়ে ক’লে, “মই অলপ দূৰত যাওঁ দে, তহঁতে যি কথা পাত পাতি ল।”

যাওঁতে মোক কাণৰ কাষত কৈ গ’ল, “তোৰ যদি কথা পাতি ভাল নালাগে মোৰ কথা ক’বি তাক (ও তাই বেটিয়ে আজিও আশা এৰা নাই )।” মই পাত্তা নিদিলোঁ সিমান। ইহ কোনোমতে আমীৰ খানৰ হমচকল পাইছোঁ এৰিম নেকি কিবা ??

আমীৰে মেংগো বাইট দুটা মোক দিলে। মই লাজ লাজকৈ ল’লো। মোক চকলেট দুটা দি ক’ব ধৰিলে,” মই তোমাক কিয় লগ ধৰিছোঁ জানা নে?” মোৰ ইফালে বুকু দুৰু দুৰু কপিব ধৰিছে। মই কোনোমতে নাজানোঁ বুলি ক’লো। সি ক’ব ধৰিলে মোক তাৰ মনৰ কথা। কিন্তু ই কি? মই তাৰ কথা বোৰ বুজি পোৱা নাই নে সি কিবা বেলেগ ভাষা কৈছে। মোৰ মুৰটো কিয় ঘূৰাইছে? মই আৰু অলপো পলম নকৰি ভিৰাই লৰ মাৰিলোঁ। আনকি লগৰজনীকো লগ নধৰিলো। বুকু খন থান বান হৈ গ’ল।

ৰ’ব আপোনালোকে ভাবিছে ন কি হ’ল হঠাতে ডলীৰ? কিয় ভিৰাই লৰ মাৰিলে আমীৰ খানক এৰি? তেনেহ’লে কওঁ শুনক তাৰ ভাষাৰে “আচলতে টুনা নহয় শুনা হে। আমীৰে ক’লে, “তুনাচোন কথা এটি কওঁ। তুমি বোলে স্কুলৰ তংগীতৰ চেক্ৰেটৰী। মই তুনিছো তোমাৰ ফ্ৰেন্দ কেইজনীৰ পৰা। মোক আমাৰ স্কুলৰ বিদায় মিটিঙত এইবাৰ দান এটা দাব কৈছে। তুমি তিকাই দিবা। চবে কৈছে মোক দান এটা তিকা …তিকা। এতিয়াৰ পৰা তিকি ললে ভাল হ’ব। তুমি যদি তিকোৱা মই তিকিম ।”

মই বহুত সময়ৰ পিচত বুজিলো যে ই মোক মৰমতে “টুনা” কোৱা নাই। আচলতে “শুনা “হে কৈছে। আৰু” তংগীত “মানে সংগীত। তিকা মানে শিকা। দান মানে গান। ও তাৰমানে ইয়াৰ “স” কেইটা আৰু” গ” টোত খেলিমেলি আছে। ও সেইকাৰনে ই বেছি কথা নকয়। আৰু ই মোৰ প্ৰেমতো পৰা নাই দান তিকিব কাৰনেহে পটাই আছিল মেংগো বাইট চকলেট দি। হৰি হৰি খালি খালি ডলী তই কি ভাবিছিলি।

সেইসময়তে মোৰ মনত এটা কথা আহি গ’ল। যদি আমাৰ মাজত ভালপোৱা হৈ যায় তেনেহ’লে ই যদি মোৰ ৰূপৰ প্ৰশংসা কৰে আৱেগত মোক দেখোন সুন্দৰীৰ ঠাইত “তুন্দৰী” ক’ব। নাই নাই মই সামৰণি মাৰাই ভাল ।এইবুলি ভিৰাই লৰ দিলো॥

এইয়াই মোৰ প্ৰথম ফটা প্ৰেম।

☆★☆★☆

20 Comments

Leave a Reply

Your email address will not be published.