ফটাঢোল

মোৰ প্ৰথম ফটাপ্ৰেম – গিতাশ্ৰী ফুকন

ক্লাছ ছিক্সত থাকোঁতে আমাৰ ক্লাছলৈ নতুন ল’ৰা এটা আহিল। বৰ ধুনীয়া। আমাৰ এটা গেং আছিল, গুণ্ডা গেং, ঠিকেই ধৰিছে, মই সেইটো গেংৰ সভাপতি। ক্লাছৰ পৰা শিক্ষক ওলাবলৈ পায়হে, আৰম্ভ হৈ যায় আমাৰ উৎপাত। বহুত বেছি উৎপাত কৰিছিলোঁ। গোটেই বেট্‌চটো একেই। কিন্তু গোটেইবোৰ মানে বেছি উৎপতীয়াকেইটা পঢ়াত ভাল আছিলোঁ বাবে অলপমান ৰেহাই পাইছিলোঁ শাস্তিৰ পৰা, তথাপিও কেতিয়াবা ভাল দৰে ধুলাই পৰিছিল।

এই যিটো নতুন মক্কেল আহিল, একদম ঠাণ্ডা। মানে আমাৰ গেং জইন নকৰিলে আৰু ৰোল নাম্বাৰো এক কৰি দিলে নহয়। মোৰ আসনখন আঁজুৰি লোৱাত প্ৰথমে তামাম খং উঠিছিল আৰু ঘৰত গালিটোতো আছেই। তাৰমাজতে কিয় জানো সেই গাধটোক ভাল লাগিবলৈ আৰম্ভ কৰিলে। তেনেকুৱাতে জোকোৱা জোকোৱিবিলাক আৰম্ভ হ’ল, চেভেন মানত থাকোঁতে। তাৰ নামটো লৈ মোক জোকাই, মই দেখুৱাই সবকে গালি দিওঁ কিন্তু মনে মনে তামাম খুচ। তাৰ মাজতে মন কৰিলোঁ সি মনে মনে মোক চাই থাকে, ময়ো চাই থাকোঁ অৱশ্যে সি নেদেখাকে। কিন্তু কথাটো ক্লাচত লুকাই নাথাকিল, মই ধৰা নপৰিলোঁ, কাৰণ অকণমান টেঙৰামি খটুৱাই চাইছিলোঁ যে, সি যেই ধৰা পৰিল, জোকোৱা জোকোৱি আৰু তুংগত উঠিল। তেনেকৈয়ে পিৰিকা পিৰিকিৰ মাজত ক্লাছ এইট পালোঁগৈ। মাত-বোল নাই আমাৰ মাজত, মানে লাজ চৰমহীন হ’লেও কিয় জানো তাক মাতিবলৈ লাজ লাগে আৰু সিও নামাতে। গতিকে পিৰিকা পিৰিকৰ মাজতে চলি আছিল আৰু।

ক্লাছ এইটৰ পৰা আমাৰ তাত এটা কচিং চেণ্টাৰ খুলিলে, তাকো সেই মক্কেলৰ খুৰাকে। চাৰে আমাক গণিত পঢ়ুৱাইছিল। এদিন চাৰেও ধৰা পেলালে যে আমি ইটোৱে সিটোক নামাতোঁ। প্ৰথম চাৰে ভালকৈ দুয়োটাকে ক’লে, মাত বুলি। মই ভাবিছোঁ, সি মাতিলে মাতিম। পিচে নাই সেইডালে নামাতে মোক। গতিকে তাক আগত মতাতকৈ পিটন খুৱাটোৱেই উচিত বুলি হাতখনকে আগবঢ়াই দিলোঁ দেই। এনেকৈয়ে নাইন নে টেনত থাকোঁতে জানো, এদিন লগৰ এটাই ক’লে, সিও তোক ভালপায়, কিন্তু ক’বলৈ লাজ কৰে। তই এটা কাম কৰ, কাগজ এখনত লিখ, মই তাক দি দিম। মই বেচেৰীয়ে কিনো লিখিম বুলি ভাবি গান এটাকে দুশাৰী লিখি দিলোঁ “তুজ্যে দেখা তো য়ে জানা চনম, প্যাৰ হোটাহে দিৱানা চনম” বচ। লগৰটোৱেও নি দিলেগৈ। মক্কেলটোৱে নি দিলেগৈ নহয়, আমাৰ হেড বাইদেউৰ হাতত। অলপ পাছতে মোক মাতি নিলে, লগত লগৰ পিয়নটোকো। কৈছোঁ নহয়, এনেকুৱা পিটন খালোঁ, প্ৰেম বাহিৰ হৈ গ’ল মুখেৰে।

এনেকৈয়ে শেষ নহ’ল এইটো চেপতাৰ, আপোনালোকে ভৱাৰ দৰে। সি মক্কেলে মোক propose কৰিছে হায়াৰ চেকেণ্ডাৰীত গৈ। ময়ো জানো ক’ম, দাইৰেক্ট প্ৰশ্ন সেইদিনা মোক মাৰ কিয় খুৱালা। তাৰ হেনো লাজ লাগিল, সবেই জোকোৱা বাবে। এতিয়া আপোনালোকেই কওকচোন, মোৰ নিচিনা বেচৰম, গুণ্ডা গেংৰ সভাপতিজনীৰ এনে বয়ফ্ৰেণ্ড থাকিলে শুৱাই নে বাৰু। গতিকে সেই চেপতাৰৰ সমাপ্তি ইয়াতহে পৰিল দেই। বেচেৰাই কিন্তু বৰ ভাল পাইছিল মোক, হায়াৰ চেকেণ্ডাৰী বহুত ভালকৈ পাছ কৰাৰ পাছতো একো নপঢ়ি নেভিত গ’ল হেনো মোক পাবলৈকে। মোৰহে মনৰ পৰা সেই মিঠা মিঠা অনুভৱবোৰ উৰা মাৰিলে।

☆★☆★☆

3 Comments

  • বেচেৰা—- ভাল লাগিল।

    Reply
  • Anonymous

    ওৱ’ও ! কিয় বাৰু অধ্যায়টোৰ সামৰণি মাৰিলে ? সিজনে কিজানি এতিয়াও বাট চাই আছে ।

    Reply
  • কুকী কল্পিতা মহন্ত

    আইঐ দেহী বেয়াই লাগে পাই। পিছে মাৰ খুৱাইয়ে তেওঁ গণ্ডগোল টু লগাই দিলে

    Reply

Leave a Reply

Your email address will not be published.