ফটাঢোল

মোৰ ফটা প্ৰেম – পঞ্চী প্ৰিয়া দাস

ছোৱালী কালত মই বহুত আকৰি আছিলোঁ, কিছুমান ক্ষেত্ৰত, সবতে নহয় আৰু৷

তেতিয়া মই নতুনকৈ ষষ্ঠ শ্ৰেণী পাইছোঁ, মুঠেই বাৰ বছৰ হৈছে মোৰ৷ চৰকাৰী স্কুল ওচৰতে, আৰু তাতে মাহঁতেও তাতেই পঢ়া কাৰণে মোকো তাতেই নাম লগাই দিলে৷ আৰু চৰকাৰী স্কুল কাৰণে তাত একেটা ক্লাছ তে দুই-তিনি বছৰ বহা ছোৱালীও লগ পালোঁ, তালৈকে ঠিকে আছিল৷ কিন্তু প্ৰেমৰ “প“ টোও বুজি নোপোৱা মই জনীৰ কি বিলৈ হৈছিল তাকেই আজি লিখিব লৈছোঁ৷
তেতিয়া মই অলপ সৰুফুটীয়া আছিলোঁ আৰু চুলিখিনিও ল’ৰাৰ দৰে আছিল৷ তাতে বাকী ছোৱালী বোৰ মোতকৈ ডাঙৰ কাৰণে মোৰ ফ্ৰী হবলৈ অলপ সময় লাগিছিল৷ তথাপি সবৰে লগত চিনাকি হ’লো, অন্তৰংগতা বাঢ়িল, ডাঙৰ বুলি কথা কবলৈ যি সংকোচ আছিল সেয়াও নোহোৱা হল৷ লাহে লাহে দেখিব ধৰিলোঁ, তাহাঁতে ল’ৰা -ছোৱালী দুটা লগত বহা দেখিলেই জোকাবলৈ ধৰে৷ মই বুৰ্বকে সেইবোৰ একোকে নাজানো৷ এদিন দিপালী বোলা জনীক সুধিলোঁ

মই – “ঐ দিপালী, তহঁতে সেইদিনা ৰাতুল আৰু পূজাক কিয় জোকাইছিলি?“

দিপালী- “তই নাজান নেকি তাহাঁতে দুটাই ভাল পায়!“

মই- “কি ভালপাই ও? ৰাতুল পঢ়াত চোকা কাৰণে পূজাই পঢ়া কথা সুধি ভালপাই নেকি?“

দিপালী -“ হেই এইজনী, একো নাজানেই তাই, সেইটো বেলেগ ভালপোৱা, তই নুবুজা!”

তেনেকুৱাতে টিফিনৰ বেল দিলত আমি সেইটো কথা তাতেই সামৰিলোঁ৷

দুদিনমান পিছত মই আকৌ দিপালী ৰ বহিত বস্তু এটা দেখা পালোঁ, বস্তু মানে, ❤ (দিল) এটা বনাই তাৰ মাজত (D+M) লিখা আছে, মইতো একো বুজি নাইপোৱা, আকৌ সুধিলোঁ তাইক৷

মই- “ঐ এইটো আকৌ কি লিখি থৈছা?”
দিপালী- “D মানে দিপালী, M মানে মনোজ “, তাইৰ চিধা উত্তৰ৷
মই – “ভালকৈ বুজাই ক’ এনেকৈ লিখিলে কি হয়?”
দিপালী -“ ইয়াৰ মানে হ’ল– যাক তোৰ ভাল লাগে, যিয়ে তোৰ লগত টিফিন খাই লগতে, তোক পৰীক্ষাত বহিৰ পৰা দেখুৱাই, তাক সদায় লগত ৰখা বুজাই৷“

মই আৰু একো নুসুধিলোঁ তাইক, মই ভাবিলোঁ, মোৰেই দেখোন লগৰ আছে, তাই কোৱা দৰে একে বন্ধু এজন৷ময়ো লিখিব পাৰোঁ তেন্তে 😛😛 তেনেকুৱা লগৰ ল’ৰাৰ নাম৷ মোৰ এটা সকলোতকৈ বেছি ভাল লগা ল’ৰা বন্ধু আছিল Sunny (হিৰক- জ্যোতি) সি মোৰ চিনাকি ঘৰুৱা, মানে তাৰ মা আৰু মোৰ মা লগতে পঢ়া৷ গতিকে তাক বেছিকে লগ পাই থাকোঁ যেতিয়া, ময়ো বোলো মই কিয় পিছপৰি থাকিম, সেয়ে দুদিনমান আগতে মামাই আনি দিয়া ইংৰাজী বহিৰ পিছফালে ময়ো বাপ্পেকে “দিল“ বনাই ( P+S) দিলোঁ নহয় লিখি৷ এনেকৈ দুদিন মান গ’ল৷ স্কুল বন্ধ দিন এটাত মাহীয়ে পঢ়াবলৈ লৈ ক’লে ইংলিছ উলিয়াই ল৷ ময়ো বহি উলিয়াই মাহীক দি দিলোঁ৷ বহি চাই চাই মাহী ঘপকে ৰৈ গ’ল আৰু মই কিবা তলকিব পোৱাৰ আগতে মাহীয়ে খেলটো বুজি পাই, সৰিয়হ ফুল দেখা কৈ থাপৰ এটা দি সুধিলে,
মাহী- “এইবোৰ কি ?“ “কি হয় (P+S) মানে কি ?
মই – “তপকৈ কলো, P মানে Pankhi, S মানে Sunny ৷”
তাৰ পিছত কেইটা চৰ পালোঁ, মনত নাই৷
মাহীয়েও বুজিলে ভুল যে নাই মোৰ, লগতে বুজাইছেও মোক, “সৰু হৈ আছ’, এইবোৰ বদমাচি নকৰিবি৷” দিন যোৱাৰ লগে লগে ময়ো পাহৰিলোঁ কথাটো, কিন্তু কেতিয়াবা মনত পৰিলে সেই লাতৰি দিপালী লৈ মনত পৰিলে খুব খং উঠে, একো বুজি নোপোৱাকৈ মাৰ খালোঁ বুলি৷ এইয়াই মোৰ প্ৰেমৰ “প“ তো নুবুজাকে মাৰ খোৱা “ ফটা-প্ৰেম“ ৰ কাহিনী৷

বিঃ দ্ৰঃ – sunny ক এতিয়াও লগ পাওঁ, কিন্তু লাজ পাম বুলি এই কথাটো আজি লৈকে কোৱা নাই তাক 😂😂😂😂 ৷

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *