ফটাঢোল

মোৰ ‘ফাৰ্ষ্ট ৰিয়েল ছিক্স ষ্ট্ৰিং – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘ৱাজ দা ছামাৰ অৱ নাইনটি নাইন’- হয়, নিৰানব্বৈৰ গৰমকালিৰ এদিন সন্ধিয়া ফাঁচী বজাৰৰ পৰা ছেকেণ্ড হেন্দ গীটাৰ এখন কিনি কান্ধত পেলাই সোমাইছিলোঁ হোষ্টেল। গাঁৱৰ দাদালৈ মনত পৰিছিল। সিও প্ৰতি ৰাতিপুৱা কান্ধত নাঙলখন লৈ এনেদৰেই পথাৰলৈ যায়। হোষ্টেলত সোমাওঁতে ৰান্ধনীকায়ে দেখি সুধিলে চিঞৰি -‘হাউ, যুদ্ধত যাবি না কি এ? কান্ধত ইমান ডাঙাৰ ৰাইফল লৈ ঘূৰি ফুইৰচা!’

গীটাৰ এখনৰ প্ৰতি মোৰ হাবিয়াস কোনো দিনেই নাছিল। কিছুমান আশা-হেঁপাহ হঠাতেই জন্মে, সৃষ্টি হয়। যেনেদৰে আমাতকৈ এবছৰৰ জুনিয়’ৰ অদিতিৰ প্ৰতিও আকৰ্ষণ হঠাতেই হৈছিল।
: ‘অদিতিৰ হ’বী গান শুনা। দেখা নাই, কলেজ বাছত যাওঁতেও কাণত ‘ৱাকমেন’। অসমীয়া, ইংলিছ নে হিন্দী ভাল পায় নাজানোঁ কিন্তু গান যে ভাল পায় বুজোঁ’ -ৰুমমেট তীৰ্থইও দুদিনমান আগতে হঠাতেই আহি কৈছিল মোক।
মই সপোন দেখিবলৈ আৰম্ভ কৰোঁ – হাতত গীটাৰখন লৈ ৰোমান্টিক গান গাইছোঁ। সন্মুখৰ প্ৰথম শাৰীত সলাজ চাৱনিৰে বহি আছে অদিতি।
: তীৰ্থ, গীটাৰ এখন কিনোৱেই বুলি ভাবিছোঁ’
: কি ক ভাই?! গান গাবি, গীটাৰ বজাই? শিকিবি?
: মই সৰুতে স্কুলত গাইছিলোঁ এবাৰ
: কি গাইছিলি?
: ‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে’…স্কুল সপ্তাহত গাইছিলোঁ।
: প্ৰাইজ-চাইজ পাইছিলি?
: নাই ও, ‘চুমা’ বুলি কওঁতে কিবা ঘামি গ’লোঁ নহয়! লাজ লাগি গ’ল। সন্মুখতে আমাক অসমীয়া পঢ়োৱা মোহিনী বাইদেউ। নোৱৰিলোঁ লাজতে, ঘামি গ’লোঁ।
: এতিয়া আকৌ গাবি? পাৰিবি?
: নোৱাৰা কাম একো নাই মন থাকিলে। জীৱনৰ সমীকৰণ জড়িত হৈ পৰিছে ইয়াৰ লগত। অহাবছৰৰ ফ্ৰেছাৰ্চ ছ’চিয়েল’ৰ ফাংচনলৈ নিজকে প্ৰস্তুত কৰিম। এইবাৰ তাতেই গান গাম, প্ৰথম আৰু শেষবাৰৰ বাবে। অদিতিৰ কাৰণে। তাই গান শুনি ভাল পালে, পাছদিনাই মনৰ কথা…’।

গীটাৰখন অহাৰ পাছত জীৱনৰ গতিও অলপ সলনি হ’ল। সন্ধিয়া ওচৰতে কলিতা হোটেললৈ যোৱাটো বন্ধ হ’ল। তাতকৈ ৰুমতে চিৰা তিয়াই থৈ পানী-চেনীৰে খোৱা কৰিলোঁ। কলিতা দাই কেতিয়াবা ‘আগৰ বাকী’ খুজিবলৈ আহিলে কি কি ‘বাহানা’ ক’ম, আগতেই ভাবি থৈছোঁ, সমস্যা নাই। মালিগাঁও অথবা পাণবজাৰলৈ যোৱাটো কমি আহিল। ৰেৱতীৰ চাওমিন অথবা মোমোঘৰৰ মোমো নাখালেনো কোনোবা জীয়াই নাথাকে নে, যুক্তিবোৰ মন-মগজুত সোমাই থলোঁ। চিনেমা চোৱা মানে সময়ৰ অপব্যৱহাৰ, দেউতাৰ কথাষাৰ তেতিয়াহে অনুভৱ কৰিলোঁ। কেতিয়াবা গ’লেও ‘বেলক’নীত বহি নাচাও হা, উচ্চতালৈ ভয় লগা হৈছে আজিকালি’ বুলি লগৰকেইজনক তলৰ সন্মুখত টিকেট কাটিবলৈ বাধ্য কৰোঁ। আক্ষৰিক অৰ্থত হীৰু দা’ৰ ‘ভোগালি’টো মনলৈ আহি থকা হ’ল- ‘এটাই মাথোঁ কামিজ, তাৰো চিগো চিগো চিলাই’। ৰুমমেট তীৰ্থও কেতিয়াবা কনফিউজড্ হৈ যায় -মই পিন্ধা ছাৰ্টটো আচলতে তাৰ নে মোৰ! গীটাৰ কিনোতে আঠজনে গাইপতি পাঁচশকৈ দিয়া ধাৰবোৰৰ চিন্তাই কম হিচাপ-নিকাচ কৰিবলৈ শিকালে নে!
হোষ্টেলত চাংমা দাই ভাল গান গায়। গীটাৰো বজাব জানে। কিন্তু অকল ইংৰাজী গান হে জানে। তেওঁৰ মুখতে শুনিছিলোঁ ব্ৰায়ন আদামচ’ৰ ‘ছামাৰ অৱ ছিক্সটি নাইন’! গীটাৰখনত যে ছয়ডাল ষ্ট্ৰিং থাকে, তেতিয়াহে গম পাইছিলোঁ।
চাংমা দাই খবৰ এটা দিলে। হোষ্টেলৰ অলপ ওচৰতে গানৰ শিক্ষক এজনৰ ঘৰ। মই তেওঁৰ ঘৰলৈ গান শিকিবলৈ যোৱা কৰিলোঁ। তেওঁ ‘বেচিক’ৰ পৰা আৰম্ভ কৰিলে। কেতিয়াবা মই ‘সাৰেগামা’ গালে ওচৰতে শালিকা কেইটামানে ঘূৰা-ঘূৰি আৰম্ভ কৰে। ‘বুঢ়া নে ডেকা হে এইকেইটা?’ বুলি ছাৰে মোক সোঁধে। মই নামাতোঁ। ঠাট্টা-মস্কৰা আদি সহিবলৈ নিজৰ গাৰ ছালখন গঁড়ৰ দৰে কৰি লৈছিলোঁৱেই ইতিমধ্যে! প্ৰায় আঠমাহৰ মূৰত এদিন ছাৰে মোক মোৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে-‘ভৱিষ্যতে কোনোবাই ক’ত গান শিকিছিলা বুলি সুধিলে মোৰ নামটো নক’বা দেই। তোমাৰ ফীজটো নালাগে বাৰু’।

এবছৰ পাৰ হ’ল। ‘ফ্ৰেছমেন ছ’চিয়েল’ৰ দিনটো আহিল। ৰাতিলৈ ফাংচন। সেইসময়ত মোৰ এটি গানেই প্ৰিয় আছিল, জুবিনৰ-‘নহ’লে পৰিচয় হিয়াৰে’! বহুত ‘হাই-স্কেল’ত গাব লাগে বাবে সেইটো নাকচ কৰা হ’ল। সমৰ হাজৰিকা মোৰ প্ৰিয় গায়ক নাছিল, কিন্তু ‘প্ৰথম মৰমে যদি সঁহাৰি নাপায়’ গানটো হঠাতে মোৰ প্ৰিয় হৈ গ’ল। সকলোৱে ক’লে-‘এইটোকে গা। হয় ইপাৰ, নহ’লে সিপাৰ..সঁহাৰি নাপালে ভালপোৱাতো মৰহি যাবই’!
গাৰ্লছ হোষ্টেলৰ জেং বিহু শেষ হ’বলৈ বেছি সময় নাই। কালছাৰেল ছেক্ৰেটাৰী ৰূপম আমাৰ হোষ্টেলৰে। তাৰ ব্যস্ততাৰ সীমা নাই।
এপাকত আহি সি মোক কৈ গ’ল-‘বিহুৰ পাছতে তই উঠিবি’।
মোৰ হাত-ভৰিবোৰ কঁপিবলৈ ধৰিছে। মুখৰ মাত যেন নোহোৱা হৈ গৈছে, এনে লাগিল। ‘সা ৰে গা মা…’ – নাই আছে, মাতটো আছে এতিয়ালৈকে- কম্পিত স্বৰেৰে মুখৰ ভিতৰতে সাৰেগামা গাই ল’লোঁ এবাৰ। গীটাৰখন খামুচি ধৰিলোঁ জোৰেৰে। মোৰ সুখ-দুখৰ সংগী এই গীটাৰখন!
এনেতে তীৰ্থ আহিল দৌৰা-দৌৰিকৈ। তাক কৈ থোৱা আছিল অদিতি ক’ত বহিছে ভালকৈ চাই আহিবলৈ। সেইফালেই চাই মই গান গাম।
: দোস্ত, তাই ক’ত? সন্মুখৰ শাৰীত নে পিছফালে?’
: নাই ও, তাই এতিয়া আমাৰ বংকুৰ ছেন্ট্ৰ’ৰ পিছৰ ছীটত। এইমাত্ৰ দেখি আহিলোঁ’। বংকু আমাৰ ছেমিষ্টাৰৰে। সদায় কলেজলৈ গাড়ী লৈ আহে। ডাঙৰ ঘৰৰ ল’ৰা।
: কি? তাইয়েই হয় জানো?’
: এহ, আবেলিৰ পৰা দেখিছোঁ তাইক বংকুৰ লগত। বেছি চোৱা নহ’ল, আন্ধাৰত দেখিছোঁ। বংকুৰ পিঠিত ৰাজহাড়ডালৰ ওপৰে ওপৰে বৰ ধুনীয়া ট্যাটু অঁকা আছে ও, এডাল দীঘল সাপ। সাপৰ ওপৰে ওপৰে তাইৰ আঙুলিবোৰে নাঁচিছে..’

oooo
মোৰ গীটাৰখন কিনিবলৈ হোষ্টেলৰে দুজনমান আহিছিল। বিক্ৰী কৰিবলৈ মন নগ’ল। বহুত যেন স্মৃতি জড়িত হৈ আছে।
‘তই গান নোগোৱা কাৰণে কিন্তু ইজ্জতটো থাকি গ’ল তোৰ’- সেয়া তীৰ্থই পিঁয়াজ কাটিছে। আজিকালি প্ৰায়ে আমি ৰুমতে হিটাৰত কিবাকিবি ‘স্পেচিয়েল’ ৰান্ধি খাওঁ। আগতে পিয়াঁজ আদি পঢ়া মেজৰ ওপৰত থৈ কাটিছিলোঁ। পাছত গীটাৰখনৰ ওলোটা ফালটো সেইটো কামত ব্যৱহাৰ কৰোঁ। ওপৰত ‘চুৰি’য়ে কটা দাগ পৰিছে। মোৰ হিয়াত বা কিমান এনেকুৱা দাগ আছে! কোনোবাটো গাঢ়-দীঘল, কোনোবাটো পাতল-চুটি। ষ্ট্ৰিং কেইডাল পৰ্দা টনা কামত লগালোঁ। জোৰেৰে বতাহ বলিলে সেই কেইডাল কঁপি থাকে। কঁপি কঁপি বতাহতে যেন সুৰৰ সৃষ্টি কৰে-‘প্ৰথম মৰমে যদি….’।

☆★☆★☆

8 Comments

  • বজোৱাৰ বাদেও গীটাৰৰ যে বহুত কাম থাকিব পাৰে এইটো পঢ়ি গম পালোঁ। মজ্জা।

    Reply
  • কমলা দাস

    গীতাৰৰ কথা পঢ়ি মজা লাগিল

    Reply
  • গীটাৰৰ ভিন্ন ব্যৱহাৰ প্ৰেমে শিকালে৷ভাল লাগিল৷

    Reply
  • MITALI Saharia

    ভাল লাগিল।

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল ৷

    Reply
  • কমল তালুকদাৰ

    প্ৰথম মৰমে সহাৰি নাপালেও , গিটাৰ খনে কিবা এটা সহাৰি পালে •••• পিয়াজ কটাকৈ ।

    মজা লাগিল গল্পটি পঢ়ি ।

    Reply
  • মানসী বৰা

    “ভৱিষ্যতে কোনোবাই ক’ত গান শিকিছিলা বুলি সুধিলে মোৰ নামটো নক’বা দেই। “তোমাৰ ফীজটো নালাগে বাৰু’।বাক্যটোৱে বৰ হঁহোৱালে দেই ।পঢ়ি বৰ ভাল লাগিল দাদা ।

    Reply
  • সৌৰভ শৰ্মা

    অনবদ্য সৃষ্টি।👌🏾👌🏾👌🏾👌🏾

    Reply

Leave a Reply

Your email address will not be published.