ফটাঢোল

মৌ-কথা! – জ্যোতিৰূপম দত্ত

মোৰ সংসাৰখন মৌ-মাখি সাম্ৰাজ্যৰ দৰেই৷ সাক্ষাৎ মৌমাখি মানে আমাৰ এওঁৰ কথাকেই কৈছোঁ! বিয়াৰ আগতে ৰসে চৌ চৌ! মৌ-বৰষা মাত৷ মুখত, কথাত, আচাৰ-ব্যৱহাৰ সকলোতে মিঠা, মিঠা মৌ! পিচে সংসাৰৰ পকনীয়াত পৰাৰ পিছতহে গম পালোঁ যে মৌখিনিৰ দৰেই গোঁ-গোঁৱনিও মৌ-মাখিৰ জীৱনৰ এটা অপৰিহাৰ্য্য অংশ৷ সবাতোকৈ ডাঙৰ কথা যে দেখাত নিৰীহ হ’লেও মৌ-মাখিয়ে এক অব্যৰ্থ তথা শক্তিশালী শেল অনবৰতে কঢ়িয়াই লৈ ফুৰে আৰু প্ৰয়োজন হলেই সেইপাট অস্ত্ৰ অব্যৰ্থভাৱেই ব্যৱহাৰ কৰে! পিচে এটা কথা নকলে নহ’ব, ইমানদিনে উদয়াস্ত অহৰ্নিশে নিখুঁতভাৱে সংসাৰৰ কামবোৰ নিয়াৰিকৈ সমাধা কৰা মোৰ অৰ্ধাংগিনীও এগৰাকী অক্লান্ত আচল মৌ-মাখিৰ দৰেই৷ প্ৰতিটো চান্দ্ৰমাহতে মৌবাহটো বঢ়া-টুটা হৈ থকাৰ দৰেই আমাৰো সংসাৰখনৰ সমস্যাবোৰ ইংৰাজী কেলেণ্ডাৰৰ মতে বঢ়া-টুটা হৈ থাকে৷ মাহৰ প্ৰথম সপ্তাহত ৰসে চৌ-চৌ, পিচে মাহৰ শেষলৈ শুকান জেওৰা চেপি ৰস উলিয়াব লগা অৱস্থা হয়৷

পিচে সিদিনা নিশাৰ ভাগত ঘটা ঘটনা এটাই মোৰ সংসাৰ-জ্ঞানৰ এটা অধ্যায় আকৌ নতুনকৈ বুজাত সহায় কৰিলে৷ ঘটনাটো ক্ষুদ্ৰ, কিন্তু পৰিসৰ বৃহৎ৷

নিশা ভাত-পানী খাই ড্ৰয়িংৰুমৰ ছোফাখনতেই হেলান দিছোঁ৷ শয়নকক্ষত মাক-জীয়েকৰ সমৰ-সজ্জা চলিছে! মানে শুবলৈ যোৱাৰ আগে কৰা ৰূপসজ্জা! শুবলৈ যোৱাৰ আগে আগে মূৰ ফণিয়াই, দেহত তেল-টেঙা মানে হেৰি কি বোলেনে ক্ৰীম আদি দ্ৰব্য সনাত দুয়ো ভীষণ ব্যস্ত৷ মাজে মাজে দুয়োজনীয়ে মিলি মোৰো ‘দোষানুকীৰ্তন’ কৰি আছে!

নিশা শেতেলীত পৰি কেনেবাকৈ ধুনীয়া ধুনীয়া লোকেশ্যনত ফুৰিবলৈ যোৱাৰ সপোন দেখে বুলিয়েই শোৱাৰ আগে আগে সাজসজ্জা কৰে চাগৈ৷ মই তেনেকৈয়ে বুজোঁ৷ বিয়াৰ আগতে প্ৰেম কৰি থকা সময়ত ময়ো ‘দিলৱালে দুলহনীয়া লে জায়েংগে’ চিনেমাখনৰ বিখ্যাত সৰিয়হডৰাকেই সপোনত দেখিছিলোঁ৷ এতিয়া অৱশ্যে প্ৰায়েই সৰিয়হ ফুলহে দেখা পাওঁ!

এনেতে অৰ্ধাংগীনিয়ে এপাকত শোৱাকোঠাৰ পৰা ওলাই আহি ছোফাখনত আৰামেৰে শুই থকা মোক দেখি পোন্দোৱাকৈ চাই ক’লে, “একেবাৰে বিষ্ণুৰ দৰে শয়ন দিছা যে? কথাটো কি? চোফাৰ কুচন যদি বেয়া হয়……..”৷ বাকীখিনি কথা মুখৰ ভিতৰতে গুমগুমাই থলেও মই পিচে ঠিকেই বুজিলোঁ!

মই মিহিকৈ মাত দিলোঁ, “কথাটো হয় অৱশ্যে৷ ঘৰত যদি সাক্ষাৎ লক্ষীদেৱী বিৰাজমান, তেন্তে বিষ্ণুৰ দৰে শয়ন নকৰিম কিয়?”

তেল, তেল!! এইবোৰেই সংসাৰৰ চকাটো শব্দ নোহোৱাকৈ চলাই নিয়াৰ বাবে ব্যৱহাৰ কৰা তেল!! আজিও সযতনে ব্যৱহাৰ কৰা তেলখিনি কামত আহিল৷ ওঁঠত মিচিকীয়া হাঁহি এটা ওলোমাই বিনাবাক্যব্যয়ে লক্ষীদেৱীয়ে পুনৰ অন্তেষপুৰলৈ প্ৰস্থান কৰিলে আৰু মোৰো অনন্ত ‘চোফা’ত মধুৰ শয়ন চলি থাকিল৷

এনেতে গোঁ-গোঁৱাই হেলিকপ্টাৰৰ শব্দ এটা শুনা যেন লাগিল৷ এইসময়ত না বানপানী, না নিৰ্বাচন, গতিকেই হেলিকপ্টাৰৰ মাতটো কিবা অখজা যেন লাগিল৷ ওপৰলৈ চালোঁ৷ লাইটটোৰ কাষতে এটা মৌমাখি! বোধকৰো লাইটৰ পোহৰত দিশ হেৰুৱাই আহি একো উৱাদিহ নাপাই এতিয়া লাইটটোকেই কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰি আছে৷

সেই সময়তে চকুৰ পচাৰতে এটা ঘটনা ঘটি গ’ল৷ এক অদ্ভুত কক্ষপথেৰে তীব্ৰ গতিৰে লাইটটোক কেন্দ্ৰ কৰি ঘূৰি থকা মৌমাখিটোৱে ঘপহকৈ মোৰ ভৰি পথানত আহি পৰিল৷ এনেতে সোঁভৰিৰ তলুৱাখনত তীব্ৰ বিষ অনুভৱ কৰিলোঁ!

মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত কৃষ্ণই গছৰ তলত শুই থাকোঁতে ব্যাধে হৰিণ বুলি ভ্ৰম কৰি কৃষ্ণৰ ভৰিৰ তলুৱালৈ শৰ নিক্ষেপ কৰা আখ্যানটোলৈ মনত পৰিল! একেজাপে উঠি ভৰিখনলৈ লক্ষ্য কৰিলোঁ৷ মৌমাখিটোৱে ইতিমধ্যে মোক আঘাত হানিছেই! তাৰ শুংডাল মোৰ ভৰিৰ তলুৱাত বিদ্ধ, সিও পাখি মাৰি গুচি যাবলৈ নোৱাৰি তাতেই আবদ্ধ!

অৱশ্যে কৃষ্ণই ব্যাধক ক্ষমাদান কৰি তাৰ পৰা নিৰাপদে গুচি যাবলৈ কৈছিল৷ বিষ্ণুৰ কৃষ্ণ অৱতাৰৰ সেয়াই আছিল শেষ সময়৷ পিচে বিষ্ণুৰ দৰে শয়ন কৰি থাকোঁতে কৃষ্ণৰ দৰে ভৰিত আঘাত পোৱা মই ইমানো দয়ালু নহয় দেই! বিষত কাতৰ হ’লেও মই কোনোমতে ‘বাটা’ কোম্পানীৰ নীলা ওলাই যোৱা পাদুকা এপাটেৰেই মৌ-মাখিটোৰ ইহলীলা সমাপ্ত কৰিলোঁ৷ ইফালে শুং-ডাল ভৰিৰ তলুৱাত লাগিয়েই আছিল৷ দংশনৰ যন্ত্ৰণাত মোৰ মুখনিসৃত আৰ্তনাদ শুনি শয়নকক্ষৰ পৰা এখন গালত আধাঘঁহা ক্ৰীমেৰেই সহধৰ্মিনী ওলাই আহিল৷

মোৰ কথাটো গম পাই বিশেষ হায়ৈ বিয়ৈ নকৰি মোৰ ভৰিৰ পৰা শুংডাল সাৱধানে উলিয়াই দিলে৷ মই অলপ কেঁকাই গেথাই আকৌ ‘চোফা শয্যাত’ আৰামেৰে শয়নত ব্যস্ত হ’লোঁ৷ এনেতে মনলৈ কেইটামান চিন্তা আহিল৷ মই ‘চোফা-শয্যা’ত হেলান দি এইবোৰ ভাবিগুণিয়েই কলমটিয়াবলৈ আৰম্ভ কৰিলোঁ৷

আজকালি আনৰ দুখত মোৰ দুখ উথলি নাহে, বৰঞ্চ এক অদ্ভুত সুখানুভুতিহে অনুভৱ হয়৷ লাইটৰ তীব্ৰ পোহৰত দিশহীন হোৱা সামান্য মৌমাখিটোৰ দুৰৱস্থাৰ সময়কণ মই বাৰুকৈয়ে উপভোগ কৰিছিলোঁ৷ আনৰ অসুবিধাৰ কথা জানিও সেই সময়ত নিৰুদ্বেগভাৱে থকাটো আজিকালি মোৰ বাবে তেনেই সাধাৰণ কথা৷ ইচ্ছা কৰিলেই মই কোঠাৰ লাইটটো নুমুৱাই দি, খিৰিকী বা ভেণ্টিলেটৰৰ কপাট খুলি দি মৌমাখিটোৰ সেই দুৰৱস্থাৰ পৰা অনায়াসে মুক্ত কৰিব পাৰিলোহেঁতেন৷ পিচে আৰামেৰে চোফাত শুই থকাৰ পৰা উঠিবলৈ এলাহ লাগিল৷ অৱশ্যে ৰাইজ বা কেমেৰাৰ সমুখত মোৰ আচৰণ বেলেগ হ’লহেঁতেন৷ সেই সময়ত ৰাইজৰ আগত সামান্য মৌমাখিটোৰ দুখত ম্ৰিয়মান হোৱাৰ অভিনয়কণো মই অত্যন্ত সাৱলীলভাৱেই কৰিলোহেঁতেন৷

সমুখত আনৰ বিপদ দেখিও মোৰ নিৰুদ্বেগ ভাৱৰ প্ৰতিক্ৰিয়া হিচাপেই হয়তো মৌমাখিটোৱে মোকেই আক্ৰমণৰ লক্ষ্য কৰি ল’লে৷ পিচে সেই দুৰ্ভগীয়া মৌমাখিটোৱে দংশন কৰাৰ পাছত বিষত কাতৰ হৈ ধীৰে-সুস্থিৰে, শান্তভাৱে সমস্যাটোৰ ইতিবৃত্ত জানিবলৈ বা সমাধানৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ কোনো পথ মোৰ মনলৈ নাহিল৷ বৰঞ্চ এটা পথভ্ৰষ্ট মৌমাখিৰ কাণ্ডৰ বাবেই পৃথিৱীৰ এক অতি গুৰুত্বপূৰ্ণ জীৱকূল মানে সমগ্ৰ মৌমাখিসমূহৰ ওপৰতে মোৰ প্ৰতিশোধৰ ভাৱ আহি পৰিল৷ আনকি সেই মৌমাখিটোক হত্যা কৰিয়েই ক্ষান্ত নাথাকিলোঁ, লাহে লাহে সমগ্ৰ মৌমাখিবোৰৰ প্ৰতিয়েই ঘৃণাৰ ভাৱ আহি পাৰিল৷

চেঃ! কি যে হ’ব! কিবা ভাবি কিবাহে পালোঁগৈ৷ মনৰ পৰা এইবোৰ চিন্তা জাৰি-জোকাৰি পেলালোঁ৷

এই পৃথিৱীখন আমাৰ সকলোৰে বাবে৷ দেখাত সামান্য হ’লেও এই মৌমাখিবোৰৰ বাবেই উদ্ভিদৰ পৰাগযোগ ঘটি মানৱজাতিৰ বাবে দৰকাৰী শস্য, ফুল, ফল আদিৰ উৎপাদন হয়৷ এই সুন্দৰ পৃথিৱীখনৰ সমগ্ৰ জীৱ-শৃংখলৰ প্ৰতিটো ক্ষুদ্ৰ তথা বৃহৎ জীৱৰেই নিজা দায়িত্ব আছে, নিজা অধিকাৰ আছে, নিজা গুৰুত্ব আছে৷ সকলোৱে মিলি-জুলি থাকিয়েই সমস্যাবোৰ সমাধান কৰিব লাগিব৷ পিচে এইবোৰ কথা ভাবিবলৈহে ভাল, আৰম্ভ কোনে কৰিব বাৰু?

মনলৈ নতুন উদ্যম অহা যেন অনুভৱ হ’ল৷ নীৰৱে-নিশব্দে-অকলশৰেও কিছুমান কাম কৰিব পাৰি৷ নতুন বছৰটোতেই সুস্থ-চিন্তাৰে সজ-কামবোৰ আৰম্ভ হ’লে সকলোৰে ভাল হ’বই৷ অদৰকাৰী চিন্তাবোৰ জাৰি-জোকাৰি দেহ-মনৰ এলাহ আঁতৰাই মই থিয় হ’লোঁ৷ প্ৰথমে নিজৰ পৰাই আৰম্ভ কৰাটো ভাল৷

সুস্থ-চিন্তা, সজ-কাম৷

☆ ★ ☆ ★ ☆

6 Comments

  • বঢ়িয়া

    Reply
  • সংসাৰৰমৌ পান কৰি থাকা। ‘সৰিয়হ ডৰা’ সদায়েই ফুলি থাকক মনৰ মাজত।

    বঢ়িয়া লাগিল।

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল জ্যোতি৷ মনাইৰ সম্পাদকীয়টোৰ লগত চিন্তাৰ কিছু মিল দেখিলোঁ৷ পৰিবৰ্তন আনিবলৈ প্ৰথমে নিজে পৰিবৰ্তন হৈ লোৱাটোহে মেইন৷

    Reply
  • Mitali Saharia

    বৰ ধুনীয়া লাগিল।

    Reply
  • সৌৰভ শৰ্মা

    মগজুৰ ঘি-মৌক লৰাই দিলে , বঢ়ায় লাগিল দাদা।

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.