ফটাঢোল

যাত্ৰা – সুকুমাৰ গোস্বামী

অৱশেষত সিদ্ধান্ত লোৱা হ’ল যে স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিম অসমৰ বাহিৰৰ এখন উন্নত বিশ্ববিদ্যালয়ত। এই সিদ্ধান্তৰ প্ৰধান কাৰণ আছিল সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লেহেমীয়া পৰীক্ষা ব্যৱস্থা, যাৰ ফলস্বৰূপে ২ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰোঁতে প্ৰায় ৩.৫ বছৰ লাগিছিল। শৈক্ষিক পৰিবেশ তথা পৰীক্ষা পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা নামৰ ক্ষেত্ৰত সহমতলৈ আহিছিলো আৰু সেইটো হ’ল পুনা বিশ্ববিদ্যালয়। সেই সময়ত অসমৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সেই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল।
বন্ধু আবুল কালাম আছিল এই ক্ষেত্রত সবাতোকৈ আগৰণুৱা। প্ৰৱেশ পৰীক্ষাৰ পদ্ধতি, প্ৰথম গৈ সন্মুখীন হ’ব লগা সমস্যা যেনে থকা খোৱাৰ ব্যৱস্থা আদিৰ বিষয়ে আবুলে সংগ্ৰহ কৰা তথ্যই আমাক যথেষ্ট সহায় কৰিছিল। পুনাফেৰৎ প্ৰাক্তন ছাত্ৰ কিছুমানক সাক্ষাত কৰি তেওঁলোকৰ অভিজ্ঞতাৰ বৰ্ণনা আবুলে তাৰ স্বভাৱলব্ধ ৰসিকতাৰে আমাৰ আগত বৰ্ণনা কৰি আমাৰ ইচ্ছাক আৰু প্ৰৱল কৰি তুলিছিল।
এইবাৰ ঘৰৰপৰা কোনো বাধা নাহিল কিয়নো পঢ়া শুনাৰ ক্ষেত্ৰত মা পিতাই কেতিয়াও কোনো হকা বাধা কৰা নাছিল। কিন্তু প্ৰথম হকা বাধা আহিল অভিভাৱক অবিহনে গুৱাহাটীৰপৰা পুনালৈ ভ্ৰমণৰ ক্ষেত্ৰতহে। আমি পৰিকল্পনা কৰিছিলো যে অভিভাৱক অবিহনে আমাৰ তিনিদিনীয়া ৰেলযাত্ৰা আৰু তাৰ পৰৱৰ্তী কামবোৰ অকলে কৰিম আৰু ঘৰৰ সকলোৰে আগত প্ৰকাৰন্তৰে ঘোষণা কৰিম যে আমি ভৱিষ্যত জীৱনৰ সিদ্ধান্ত ল’ব পৰাকৈ পৈণত হৈছোঁ। অকলে যোৱাৰ পৰিকল্পনা মোৰেই আছিল কিন্তু বিধিৰ বিপাকত অৱশেষত ময়েই পিতাৰ লগত যাব লগা হ’ল। ঘৰৰপৰা কোনো কাৰণতে অকলে যাব নিদিয়ে। বাকীবোৰ বন্ধুৱে আনন্দ মনেৰে জীৱনৰ প্ৰথম দীঘলীয়া ৰেল ভ্ৰমণ কৰিলে আৰু মই এসপ্তাহৰ পাছত পিতা আৰু তেখেতৰ বন্ধু এজনৰ লগত ডাডৰ এক্সপ্ৰেছ যোগে প্ৰথমে মুম্বাই আৰু তাৰপৰা পুনালৈ যোৱাৰ সিদ্ধান্ত ল’লো।
অৱশেষত সেই বিশেষ দিনটো আহিল। ঘৰত ৰাতিপুৱাৰপৰাই কান্দোনৰ বন্যা, ভাব হ’ল পঢ়িবলৈ যাবলৈ ওলাইছোঁ নে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ জোৱান হিচাবে মধ্য আফ্ৰিকাৰ কোনোবা যুদ্ধ বিদ্ধস্ত দেশলৈ আইন শৃংখলা ৰক্ষাৰ দায়িত্বত গৈ আছোঁ!
অৱশেষত আহি গুৱাহাটী ষ্টেচন পালোহি। ষ্টেচনৰ অৱস্থা আৰু হৃদয়বিদাৰক। মাৰ দুখত সহমৰ্মিতা প্ৰকাশৰ বাবে গোটেইকেইজনী মাহী আৰু জেঠাই সপৰিয়ালে বিদ্যামান। অৱধাৰিতভাৱে কান্দোনৰ ৰোল উঠিল আৰু এক হৃদয় বিদাৰক পৰিস্থিতিৰ সৃষ্টি হ’ল। তাৰ মাজে মাজে এইটো সেইটো উপদেশৰ বৰষুণ চলি থাকিল। অচিনাকী মানুহে দিয়া কোনো খাদ্য গ্ৰহণ নকৰিবা, বাহিৰৰ পানী নাখাবা, ষ্টেচনত নামি নাযাবা, বেগকেইটাত ভালকৈ চেইন লগাই থবা ইত্যাদি।
মাই এই দুখৰ মুহূর্তৰ মাজতো কান্দোনৰ মাজে মাজে এইটো মনত পেলাই দিব নাপাহৰিলে যে লগত থকা টকাকেইটা যাতে বিশেষভাৱে নিৰ্মাণ কৰি দিয়া আণ্ডাৰপেণ্টৰ গোপন জেপতহে ৰাখো।
সকলোকে বিদায় দি তিনিজন মানুহে দাঙি শেষ কৰিব নোৱাৰা বাকচ আৰু টালি টোপালবোৰ লৈ কেকোজেকোকৈ ৰেলত উঠিলো। আমি দবাটোত প্ৰৱেশ কৰাৰ লগে লগে প্ৰত্যক্ষ কৰিলো সকলোৰে দৃষ্টিত মোৰ প্ৰতি এক কৰুণা সনা দৃষ্টি। ভাবিলো বাহিৰত সৃষ্টি হোৱা হৃদয় বিদাৰক বিচ্ছেদৰ দৃশ্য দেখি সকলোৰে মোৰ প্ৰতি অনুকম্পা উপজিছে কিজানি! লাম লাকটুবোৰ সামৰি আজৰি হওঁ মানে ৰেলে উকি মাৰিলেই। বাহিৰৰ ফালে চাই দেখিলো আকৌ এবাৰ কান্দোনৰ ৰোল উঠিছে। মা খিৰিকীৰ কাষলৈ আহি আকৌ এবাৰ মনত পেলাই দিলে টকাকেইটা যাতে আণ্ডাৰপেণ্টৰ গোপন কক্ষতহে ৰাখো, মইও হয়ভৰ দিলো। ইতিমধ্যে ৰেলখনে হাজাৰজনৰ আশা আকাংক্ষা বুকুত বান্ধি মুম্বাই অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। শৰাইঘাটৰ দলং পাওঁ মানে প্ৰসাৱগাৰলৈ যোৱাৰ প্ৰয়োজন অনুভৱ কৰিলো। নিজৰ আসনৰপৰা প্ৰসাৱগাৰলৈ যোৱা পথচোৱাত সকলোৰে দৃষ্টিত মোৰ প্ৰতি কৰুণা দেখা পালো। ভাবিলো সকলোৱে মোৰ দুখত সহমৰ্মীতা প্ৰকাশ কৰিছে। হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটি মনতে আওঁৰাই ভাবিলো কিমান শুদ্ধ আছিল তেখেত। আজি গোটেই দবাটোৱেই মোৰ দুখত দুখী।
প্ৰসাৱগাৰৰপৰা ওলাই দেখিলো যে আন এজন যাত্ৰী অপেক্ষাৰত, চকুৱে চকুৱে পৰাত তেখেতেই মাত দিলে আৰু ক’লৈ যাম সুধিলে। মই উত্তৰ দিলো মুম্বাই। ‘প্ৰথমবাৰ নেকি’ – তেখেতে পুনৰ সুধিলে আৰু মইও হয় বুলি ক’লো। ‘একো নাই ভাল হ’ব দিয়ক’ বুলি কৈ তেখেতে খৰখেদাকৈ ভিতৰত প্ৰৱেশ কৰিলে। শুভেচ্ছাৰ বাবে ধন্যবাদ জনোৱাৰো সময় নাপালো।
পুনৰ আহি নিজৰ আসন গ্ৰহণ কৰিলো আৰু নিজৰ বাৰ্থৰ আন আন যাত্ৰী কেইজনৰ লগত চা চিনাকি পৰ্ব আৰম্ভ হ’ল। এটা ৰঙা হাফপেণ্ট আৰু বগা স্পৰ্টীং পিন্ধা মোতকৈও কেটেং চেহেৰাৰ ল’ৰাই ৰেলত উঠাৰপৰাই আমালৈ টেলেকা টেলেকিকৈ লক্ষ্য কৰি আছিল। তাৰ গতিবিধি মইও লক্ষ্য নকৰা নহয়। মই ভাবিছিলো কোনোবা দক্ষিণ ভাৰতীয় সেনাৰ জোৱান হ’ব আৰু মোক আগবঢ়াবলৈ অহা ভণ্টীহঁতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেকৈ আমাৰ ওচৰে পাজৰে ঘুৰি ফুৰিছে। দেখা পালো মহাপুৰুষে গলত গামোচা এখন আৰি লৈ পিতাৰ লগত অসমীয়াত অনৰ্গল কথা পাতি আছে। দক্ষিণ ভাৰতীয় বুলি কৰা মোৰ ধাৰণাটো ভুল আছিল বুলি বুজিলো যদিও ইমান সহজেই তাৰ লগত কথা বাৰ্তা আৰম্ভ কৰাৰ পক্ষপাতী নাছিলো। পিতালৈ অলপ খং উঠিল, কথাৰ মহলা মাৰিবলৈ পালে মানুহজনক আৰু একো নালাগে। কথা প্ৰসংগত ৰঙা হাফপেণ্টে জনালে যে তেওঁ মোৰ দৰে পুনা বিশ্ববিদ্যালয়ত অধ্যয়নৰ কাৰণে অকলে গৈ আছে।
আমিও যে একে উদ্দেশ্যে গৈ আছোঁ সেইটো হেনো তেওঁ ষ্টেচনত আমাৰ আত্মীয়সকলৰ কথা বতৰাৰপৰাই গম পালে। মোক উদ্দেশ্য কৰি ক’লে যে বাহিৰৰ কান্দোন কাতোনবোৰ দেখি হেনো মানুহকেইটানো কি বিপদত পৰি মুম্বাইলৈ গৈ আছে তাৰ খবৰ ল’বলৈ আমাক আলেঙে আলেঙে লক্ষ্য কৰি আছিল। যা নহওক প্ৰথমতে ভুল ধাৰণাবোৰ আঁতৰাই দিয়াৰ বাবে মনটো মুকলি লাগিল। চিনাকি পৰ্ব আগবাঢ়িল। হাফপেণ্টৰ নাম প্ৰসন্ন বৰা, ঘৰ গহপুৰৰ কলাবাৰীত। আন দুজন অসমীয়া ছাত্ৰ আছিল নলবাৰীৰ বৰ্মন আৰু ডিব্ৰুগড়ৰ সন্দিকৈ উপাধিৰ ল’ৰা এজন। আমনিদায়ক দীঘলীয়া যাত্ৰাত তিনিজন সমবয়সীয়া লগ পাই ভালেই লাগিল, কেৱল মোক আমনি কৰি থাকিল দবাটোৰ আন আন যাত্ৰীসকলৰ মোৰ প্ৰতি কৰুণ ভৰা দৃষ্টিয়ে। মাজে মাজে আন আন বাৰ্থৰপৰা একোজন মানুহ আহি আমাৰ আড্ডাত যোগদান কৰে আৰু যাবৰ সময়ত সান্ত্বনা দি থৈ যায় “মানুহৰ জীৱননো কি কচু পাতৰ পানী, আজি আছে কালি নাই, আপোনালোকে ভাল কৰিছে ফুৰ্তিত আছে” ইত্যাদি ইত্যাদি । মই এইবোৰত একো এটা ৰস নাপাওঁ যদিও বৰাৰ নেতৃত্বত আন কেইজনে বৰ আমোদ পায়।
ইতিমধ্যে আমাৰ যাত্ৰাৰ শেষ পৰ্যায় পাইছিল, নাছিক ষ্টেচন পাৰ হৈছোঁ। মায়া নগৰী মুম্বাইৰ ৰূপ উপভোগ কৰিম বুলি ভাবি দৰ্জাৰ ওচৰত থিয় হৈ আছোঁ অকলে। এনেতে এজন মধ্যবয়সীয়া অসমীয়া মানুহে আহি মোৰ ওচৰত থিয় হ’ল আৰু অলপ ইতস্ততঃ হৈ সুধিলে “ভাইটি ক’ত হৈছে?” মই তেওঁৰ ফালে ঘুৰি লৈ এক প্ৰশ্নবোধক চাৱনিৰে চালো। আকৌ একেই প্ৰশ্ন। ভাবিলো এইটো কি বলিয়াৰ পাল্লাত পৰিলো অ’ আজি! কথা নাই বতৰা নাই ক’ত হৈছে ক’ত হৈছে কৈ সুধি আছে। কাল বিলম্ব নকৰি নিজৰ আসনলৈ ঘুৰি আহিলো। ইতিমধ্যে ৰেলখন মুম্বাই মহানগৰীত প্ৰৱেশ কৰিছিলেই, গতিকে আমিও নিজৰ নিজৰ লাম লাকটুসমূহ সামৰাত লাগিলো।
ষ্টেচনৰপৰা ওলাই মুম্বাইৰপৰা পুনা অভিমুখী বাছযাত্ৰা আৰম্ভ কৰিলো। মোৰ কাষৰ আসনত তিনিদিনতে অন্তৰংগ হৈ পৰা বন্ধু বৰা। যাত্ৰাপথত বাৰভচহু আলোচনা। তাৰ মাজতে বৰাক ক’লো ৰেলত লগ পোৱা ‘ভাইটি ক’ত হৈছে ভাইটি ক’ত হৈছে’ বুলি সোধা বলিয়াটোৰ কথা। মোৰ কোৱা শেষ হ’ল কি নহ’ল বৰাৰ হাঁহিত গোটেই বাছখন ৰজনজনাই গ’ল। কোনো পধ্যে হাঁহি বন্ধ নহয়। এই সাধাৰণ কথাটোতনো ইমান কি ৰস বিচাৰি পালে সেইটোহে বুজি নাপালো। হাঁহি সামৰি বৰাই ক’লে যে মই হেনো এই তিনি দিনত উৰহী গছৰ ওৰেই বিচাৰি নাপালো। মোৰ উৎকণ্ঠা যিমানেই বাঢ়ি গ’ল সিমানেই মোৰ ধৈৰ্যৰ পৰীক্ষা লোৱাত লাগি গ’ল বৰা চাহাব। “এঃ, মোৰ বেলেগ এটা কথা মনত পৰি হাঁহি উঠিছিল দে, তোৰ কথা নহয় দে, কিয় হাঁহি উঠিছিল পাহৰিলো দে, মনত পৰিলে কম দে” ইত্যাদি। অৱশেষত বহুতো অনুনয় বিনয়ৰ অন্তত বৰাই যিটো কথা ক’লে সেইটো শুনি মোৰ মূৰৰ গোটেইকেইদাল চুলি থিয় হৈ গ’ল। গুৱাহাটী ষ্টেচনৰ শোকাকুল পৰিবেশ দেখি হেনো দবাটোৰ প্ৰায়ভাগ যাত্ৰীয়ে মই কৰ্কট ৰোগৰ অন্তিম পৰ্যায়ৰ মৃত্যু পথৰ যাত্ৰী বুলি ১০০% নিশ্চিত আছিল আৰু টাটা মেমৰীয়েল চিকিৎসালয়ত চিকিৎসাৰ বাবে গৈ থকা বুলি ধাৰণা কৰিছিল। আচল ঘটনাৰ ওৰ পাই এই ৩ দিনীয়া যাত্ৰাৰ ছবিসমূহ চিনেমাৰ ৰিলৰ দৰে মোৰ মনলৈ ভাহি আহিব ধৰিলে। ভাইটি ভাল হৈ যাব, জীৱনটো কচু পাতৰ পানী আৰু শেষত সেই নাছিক ষ্টেচন পাৰ হৈ ক’ত হৈছে, ক’ত হৈছে!

☆★☆★☆

2 Comments

  • ৰিণ্টু

    সুন্দৰ,ভাল লাগিল পঢ়ি

    Reply
  • Nilakshi Devi Deka

    বৰ ৰসাল লিখনি। পঢ়ি ভাল লাগিল বহুত। ☺️

    Reply

Leave a Reply

Your email address will not be published.