ফটাঢোল

যাদু তেৰী নজৰ – মধুমিতা বৰুৱা শইকীয়া

পূজাৰ সময়ৰ কথা। শাৰদ উন্মাদনাই মহানগৰীখনকো চুই গৈছে। ব্যস্ত প্ৰাত্যহিকতাৰ পৰা সুৰুঙা কাটি মহানগৰীৰ বাসিন্দাই শৰতৰ মাধুৰীমাক উপভোগ্য কৰি তুলি, বজাৰে-সমাৰে এটি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।বিলাসী গাড়ীৰ সমদলৰ মাজতো কিন্তু চিটিবাছ কেইখনে নিজৰ স্থিতি অক্ষুন্ন ৰাখিছে। সকলোৰে বাবে গাড়ী ঘোঁৰাৰ সুখ লিখি থোৱা নাথাকে। বহুতৰ আকৌ প্ৰথম পছন্দও এই বাছকেইখন।ইমান সুলভ যাত্ৰা, সুচল বাহনৰ সুখ পোৱা বাছকেইখন। বাছকেইখনত যেন উমলি থাকে নগৰীয়া জীৱনৰ কথকতা।

গমপাইছেই নিশ্চয় পাঠকে যে আন একো নহয়, সেইখন মধ্যবিত্তৰ সকাহ-চিটিবাছ। একপ্ৰকাৰ মহানাগৰিকৰ উশাহ।

শাৰদীয় বতৰ। হৰ্ডিঙে, দোকানে, আনকি আনন্দোচ্চল পথাচাৰীৰ পদ সঞ্চালনিত ফুট-পাথবোৰো মেলা হৈ পৰিছে। ৰেহাই, অফাৰ আদি শব্দৰে বাছবোৰৰ ভিতৰতো যেন উলাহবোৰ ওফৰি পৰিছে। এনেই হেণ্ডিমেনৰ অহেতুক চিঞৰ বাখৰ আৰু চঞ্চলতাৰ শেষ নাই, তাতে পূজাৰ ভিৰ।ভালপাওঁ এনে জীৱনমুখি সময়বোৰ উৎসৱবোৰে একো নকৰিলেও মনটোক সজীৱ কৰে। চেগ বুজি এপাক মাৰোঁ বুলি বাছষ্টপ পালোঁহি। দেখি চকু কপালত উঠিল। গিজগিজাই এজাক মানুহৰে বাছখন ভৰ্তি। সাধাৰণতে তৎভত হেৰুৱাই বাছত উঠো মানে, চকা প্ৰায় ঘূৰেই। তাতে আকৌ পূজাৰ উথপ-থপ। কোনে পায় কণ্ডাক্টৰক, কোনে পায় হেণ্ডিমেনক।

বাছষ্টপৰ ওচৰতে থাকো বাবে বাছকেইখন প্ৰায় চিনাকি। তাৰোপৰি মানুহৰ মাজত থাকি থাকি, কণ্ডাক্টৰে মনৰ ডাক্টৰৰ মন পঢ়া ক্ষমতাও আয়ত্ব কৰিব পৰা হ’য়। সেয়ে নেকি ঢিলা কুৰ্তী আৰু হাৱাই চেণ্ডেলৰে জাঁপ মাৰি উঠা মোক দেখিলেই তেওঁলোকে গম পায়, বাইদেৱেকৰ অনাহক লৰালৰি স্বভাৱ। যেনেকৈ হ’লেও চিট এটা প্ৰায় দিয়ে। সাধাৰণতে চান্দমাৰীলৈ যোৱা মই এতিয়া, কণ্ডাক্টৰৰ চকুৰ চিনাকি য়েই হৈ থকা নাই।

…..বাইদেউ, বহি লওক ভালকৈ বুলি কোৱাৰ লগে লগে বাছ গৈ অনুৰাধা পায়গৈ। বামুনীমৈদাম ত এবাছ মানুহ ইতিমধ্যে উঠাই লৈ গপছ হৈ পৰা ড্ৰাইভাৰে ফুল ভলিউমত লগাই দিয়ে কুমাৰ চানুৰ গান। “…ধীৰে ধীৰে প্যাৰ ক বঢ়ানা হে,হাসকে গুজৰ জানা হে….মে’ ত’ বাচ তুমছে দিল লগনা হে…হাচকে গুজৰ যানা হে..”।কালিও ব্যতিক্ৰম নাছিল। কণ্ডাক্টৰক নিজেই ক’লোঁ, চান্দমাৰী নহয় পানবজাৰ যাম। কাম সৰু, বাহনা ডাঙৰ। গান শুনা আৰু মানুহ পঢ়া।

……অনুৰাধাত পূজাৰ বজাৰ কৰি, হোৰা-হোৰকৈ এজাক মানুহ উঠিল। কম বয়সীয়া কোমল মুখৰ মানুহ এহাল মোৰ পাছত বহিল।এপাকত গিৰিয়েক উঠি মানুহজনীৰ কাষত হাউলি থিয় হ’ল। লেডিজ চিট, কণ্ডাক্টৰে উঠায় দিলে। তাৰ পাছত এজাকমান ছোৱালী।খিকখিকাই হাঁহিছে নিজৰ মাজত। কোনোবা এজনীয়ে দোকানীয়ে নেদেখাকৈ দামী লিপষ্টিক এটা আনিলে। ছোৱালী জনীৰ ওঁঠৰ ওপৰত ৰসাল মন্তব্য দি সিহঁতে খিকখিকাই ক্ষান্ত নহৈ প্ৰায় অট্টহাস মাৰিলে। ইফালে, কমবয়সীয়া দম্পতীহালৰ পত্নীয়ে গিৰিয়েকৰ ওপৰত নজৰ ৰাখিছে। হয়তো আকৌ, যিহে ৰম্ভাহঁতৰ পখিলা খেদা আবেদন।মই বহি গৈ আছোঁ বিৰাট গহীনকৈ। একোৱেই যেন গমপোৱা নাই মই ভাবত মগ্নহৈ, সকলোকে উপেক্ষা কৰি মই মোৰ নিজৰ মাজত। মনে মনে পিৰিক-পাৰাককৈ মন কৰি আছোঁ।ক্ষন্তেক পাছতে, অই..নামোঁ আহ, আহ বুলি সিহঁতৰ মাজত লৰা-ধপৰা লাগিল। ডাঙৰকৈ ব্ৰেক এটা মাৰি বাছখন ৰৈ গ’ল।

….. শিলপুখুৰীত ছোৱালী জাক গিৰগিৰাই নামি গ’ল। চেগবুজি মানুহহালৰ মানুহটো আহি মানুহজনীৰ কাষত বহিল। অভিমান অকণ লৈ কিঞ্চিত উষ্মাৰে মানুহ জনীক ক’বলৈ ধৰিলে, তুমি মোক ইমান কাঢ়াকৈ কিয় চাই আছিলা? মই নাই দেখা বুলি ভাবিছিলা নেকি?মানুহজনী য়ে শুন নুশুনকৈ গিৰিয়েকক উভতি ধৰিলে, “ইস্ কিয় নাচাম? পহৰা দিম দৰকাৰ পৰিলে।” গিৰিয়েকে ঘোপাকৈ মানুহজনীলৈ চাই ভোৰভোৰাই উঠিল। ইতিমধ্যে বাছখন পানবজাৰ পাওঁ পাওঁ হৈছে। ড্ৰাইভাৰে গানৰ চিডিখন সলাই দিছে। বাছত বাজিবলৈ লৈছে,. “..যাদু তেৰি নজৰ…তু হাঁ কৰ য়্যা না কৰ ,তুহে মেৰি কিৰণ ,তুহে মেৰি কিৰণ।”মই স্বগোক্তি কৰিলোঁ, উস্ গানো মিলি গৈছে হালৰে মাজত। কাৰণ কাকতালীয় ভাবেই গানটোও আছিল আপোনজনৰ আধিপত্য জাহিৰ কৰা এটা প্ৰেমগীত। কিৰণৰ প্ৰেমত মচগুল শ্বাহৰুখ। এটা অনন্য সুন্দৰ গান। এৰা, গানে কি নানে? গানটোৱে যেন সিহঁতৰ মাজলৈও লৈ আহিল শৰতৰ জোনাক গলা কোমল অনুভৱ। ইতিমধ্যে সিহঁতহাল সিহঁতৰ মাজত সোমাই পৰিছে। মানুহটোৱে কিবা এটা কৈছে। মানুহ জনীয়ে হাঁহি হাঁহি উত্তৰ দিছে।বাছখনত তেতিয়া ঝেং নাছিল। বাটৰ বগৰী ঝেংবোৰ শিলপুখুৰীৰ ষ্টপেজত নামি গৈছিল।

☆★☆★☆

3 Comments

  • নিভা

    ভাল লাগিল

    Reply
  • চিদানন্দ বৰা

    কবিতা লিখা ৰাইজৰ আঙুলিৰ ফাঁকেৰেহে এনে সাৱলীল শব্দ বাহিৰ হয় !!!!!

    মিছা ক’লো যদিও নাজানোঁ | ভাল পালো পঢি |

    Reply
  • ভাল পালোঁ পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.