ফটাঢোল

যেতিয়া মই মানুহ নামৰ কুকুৰ পুহিছিলোঁ মূল–অভিৰঞ্জন কুমাৰ অনুবাদ–চবিনা ইয়াছমিন

এয়া সেই সমৰয়ৰ কথা আছিল, যেতিয়া মানুহ আৰু কুকুৰৰ মাজৰ পাৰ্থক্য ক্ৰমে কমি গৈ আছিল৷ কুকুৰৰ সন্মান বাঢ়ি গৈ আছিল আৰু মানুহৰ মৰ্যাদা কমি গৈ আছিল৷ কুকুৰ পোহা কামটো মই আৰম্ভ কৰা নাছিলোঁঁ৷ ককাদেউতাৰ দিনৰ পৰাই মানুহে কুকুৰ পুহি আহিছিল৷ কিন্তু বৰ্তমান কুকুৰ পুহি কিছুমান মানুহে একে ৰাতিতে নিজকে প্ৰতিষ্ঠা কৰি লৈছে৷ পদূলি মুখত যেতিয়া কুকুৰে ভোকে, তেতিয়া সমাজত তেওঁৰ সন্মান বাঢ়ি যায়৷

এয়া সেই সময়ৰ কথা আছিল, যেতিয়া মোৰ সন্দেহ হ’বলৈ লৈছিল; মানুহে কুকুৰ পুহিছিল নে কুকুৰে মানুহ পুহিছিল৷ মানুহে কুকুৰক পুৱা-গধূলি পাৰ্কলৈ ফুৰাবলৈ লৈ গৈছিল৷ কুকুৰে আনন্দত কলকলালে মানুহ এনেদৰে সুখী হৈছিল, যেনিবা নিজৰ সন্তানটিয়েহে আনন্দত কিৰিলিয়াইছে৷ কুকুৰে গাড়ীৰ কাষৰ আসনত বহি ফুৰিবলৈ যায়৷ কুকুৰে ৰাতি গাদীত শুৱে৷ কুকুৰক কোচত লৈ ফুচুলোৱা তিৰোতাক মানুহে আশা ভৰা চকুৰে চাইছিল৷

ইয়াৰ পিছত এনে দিনো আহিল, যেতিয়া অনুভৱ হ’ল কুকুৰ মানুহতকৈ উন্নত৷ আনকি কুকুৰতো আমি৷ কুকুৰক কোন ফালৰ পৰাই কুকুৰৰ দৰে লগা নাছিল৷ কুকুৰৰ পোৱালিবোৰ ইমানেই মৰম লগা যে, চৰকাৰী বিষয়াৰ কন্যা সন্তানে সিহঁতক কোচত লৈ গ’লে কাষেৰে পাৰ হৈ যোৱা শিশুবোৰক টান কথা শুনাই খেদি দিছিল৷ অত্যন্ত ধন-ঐশ্বৰ্য্য থকা ব্যক্তিৰ পত্নীয়ে সিহঁতৰ মল-মূত্ৰ নিজে পৰিষ্কাৰ কৰি দিছিল আৰু বিশেষধৰণৰ চাবোনেৰে সিহঁতক নিজে গা ধুৱাই নোমবোৰ ফণিয়াইও দিছিল৷ কুকুৰে গাখীৰ, মাংস খোৱা কথাবোৰ বৰ্তমান পুৰণি হ’ল৷ এতিয়া কুকুৰৰ বাবে বজাৰত বিস্কুটৰ পৰা লৈ গৰ্ভ-নিৰোধক ঔষধলৈকে বেচা হয়৷ যি মানুহে প্ৰেমচন্দৰ কোনো কিতাপ কিনা বা পঢ়া নাছিল, তেনেলোকে ক্ৰয় কৰি কুকুৰ পোহাৰ সাহিত্য পঢ়িবলৈ লৈছিল৷ ইণ্টাৰনেটত কুকুৰৰ যত্ন লোৱাৰ বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল৷ কুকুৰৰ এনেকুৱা প্ৰজাতি আহি গৈছিল যিবোৰ পুৰুষতকৈ শক্তিশালী আৰু নাৰীতকৈ দেখাত সুন্দৰ আছিল৷

ডাঙৰ ডাঙৰ মানুহে কুকুৰ পুহিবলৈ লৈছিল৷ যিসকল লোকক লগ পাবলৈ এপইণ্টমেণ্ট ল’ব লগা হৈছিল, তেওঁলোকৰ ওচৰত কুকুৰৰ বাবে অনেক সময় আছিল৷ নাইবা এইবুলিও ক’ব পাৰে যে তেওঁলোকে কুকুৰৰ সময় অনুসৰিহে নিজৰ সময় নিৰ্ধাৰণ কৰিছিল৷ মোৰ এনে দেশ-কাল আৰু পৰিৱেশত য’ত কুকুৰক কুকুৰৰ দৰে লগা নাছিল তেনেস্থলত নিজৰ মাজতে কুকুৰৰ স্বভাৱটোৱে ঘৰ কৰিবলৈ লৈছিল৷ যেতিয়া মই মানুহ হোৱাৰ দৰে অনুভৱ কৰিছিলোঁ, তেতিয়া মই মানুহক হিংসা কৰিছিলোঁ৷ নিজৰ বন্ধুৰ সুখবোৰে আত্মাত কাঁইটৰ দৰে বিন্ধিবলৈ লৈছিল৷ কিন্তু এতিয়া মোৰ কুকুৰবোৰলৈ হিংসা উপজিছিল, ইয়াৰ দ্বাৰা মোৰ ভিতৰৰ কুকুৰ স্বভাৱটো পুষ্ট হৈ পৰিছিল৷

ডাঙৰ ডাঙৰ মানুহে কুকুৰ পুহিবলৈ লৈছিল, সেইবাবে ময়ো সিদ্ধান্ত ল’লোঁ এইবাৰ এটা কুকুৰ পুহিম৷ কিন্তু মোৰ ভিতৰত আচলতে এনে এটা অনুভৱহে আছিল যে, এই ক্ষেত্ৰত নিজৰ কুকুৰ স্বভাৱ লুকুৱাবলৈ এনেধৰণৰ প্ৰয়োগ আৱশ্যকীয়৷ মানুহৰ মাজত থাকিতো কুকুৰ হৈয়ে গ’লোঁ, গতিকে এতিয়া কুকুৰৰ মাজত থাকিয়েই অকণমান মানুহ হোৱা অভিমান জীয়াই ৰাখিম৷ কিন্তু এই অনুভৱো কেইবাবাৰো ভংগ হৈছিল৷ কিয়নো ভিতৰি এনে অনুভৱ হৈছিল যে, কুকুৰেতো নিজৰ কুকুৰ স্বভাৱ আজিও এৰা নাই কিন্তু মানৱতা বাৰে বাৰে খণ্ডিত হৈছিল৷ সিহঁতে আদিম কালতো অচিনাকিক ভুকিছিল, বৰ্তমানো অচিনাকিক ভুকে৷ সিহঁতৰ ভুকাৰ প্ৰৱণতা বা সাহসত কোনো গাফিলতি হোৱা নাই৷ সিহঁত আজিও গৃহস্থৰ অনুগত আৰু সেইবাবেই বিশ্বাসীৰ উদাহৰণ দিবলৈ হ’লে কুকুৰৰ কথা কোৱা হয়৷ কিন্তু আমি অচিনাকিতো বাদেই, চোৰ বুলি নিশ্চিত হোৱাৰ পিছতো তেওঁলোকৰ বিৰূদ্ধে মাত মাতিব নোৱাৰোঁ৷ কেৱল সেয়াই নহয়, যিয়ে বিস্কুট দলিয়াই দিয়ে তেওঁলোকৰ আগতেই লোভৰ পানী পৰিবলৈ লয়৷ গতিকে মোৰ বিশ্বাস হ’ল কুকুৰেই ভাল৷

বাৰু কুকুৰ এটা মই পুহিলোঁ৷ এতিয়া সমস্যা হ’ল তাৰ নামকৰণৰ৷ টমি আৰু সেৰুৰ দৰে সদ্য-প্ৰচলিত নামবোৰৰ মাজেৰে গৈ মই শেষত দুটা নামৰ মাজত থমকি ৰ’লোঁ- কুকুৰ আৰু মানুহ৷ সকলো বন্ধুৰ মাজত আলোচনা বিলোচনা হ’ল যে কোনটো নাম নিৰ্ধাৰণ কৰা যায়৷ আটাইতকৈ ডাঙৰ প্ৰশ্ন হ’ল, নিজে কুকুৰতকৈ নিষ্ক্ৰিয় হৈ আনক কুকুৰ বোলা কিমান উচিত? লগতে নিজৰ পৰিয়লৰ লোকক সন্মান কৰিব নালাগে জানো? এইটো প্ৰশ্নও উত্থাপন হ’ল যে, আমাৰ মাজত ‘মানুহ’ কোনোৱেই নাথাকিব নেকি? এনেকুৱা দুই এটা প্ৰশ্নই মোক ব্যতিব্যস্ত কৰিছিল আৰু মই তাৰ নাম ‘মানুহ’ ৰাখি দিলোঁ৷

কিন্তু বিপদ আহিলে বুদ্ধিয়ে কাম নকৰা হয়৷ মই ‘মানুহ’ নাম দি বিপদ চপাই ল’লোঁ৷ এইবাৰ কুকুৰটোৰ মোৰ ওপৰত বৰকৈ খং উঠিল৷ ভৌ…ভৌ…ভৌ৷ মোৰ ত্ৰিলোক দশোদিশে এই সুৰেই বাজি আছিল৷ মোৰ জীয়াই থকাই টান হৈ পৰিছিল৷ কুকুৰটোৱে মোৰ ওপৰত মানহানি গোচৰ তৰাৰ ভাবুকি দিলে৷ সি এতিয়া কুকুৰ ন্যায়ালয়ত মোৰ বিৰূদ্ধে গোচৰ তৰিব৷ মই বহুত ক’লোঁ মোৰ উদ্দেশ্য বেয়া নহয় আৰু এই নাম দি মই তাক সন্মানহে দিছোঁ৷ কিন্তু সি মোৰ কথাত সন্মত নহয়৷ যেতিয়া সি মোক ন্যায়ালয়ত থিয় কৰোৱাৰ সিদ্ধান্ত লৈয়ে ল’লে, তেতিয়া মই ক’লোঁ যে মোৰ উদ্দেশ্য বেয়া নহয় বুলি মই প্ৰমাণ দিব পাৰিম৷ মোৰ মাথো এটাই চৰ্ত যে সেই ন্যায়ালয় কুকুৰৰ নহয় মানুহৰ হ’ব৷ কাৰণ মই কুকুৰৰ ভাষা নাজানো৷ কিন্তু সি এই কথাও মানি নল’লে৷

তাৰ যুক্তি আছিল কুকুৰৰ ভাষা মানুহৰ ভাষাতকৈ কম জটিল আৰু কম ঠগবাজী৷ সি এইটোও কৈছিল যে মানুহৰ ন্যায়ালয়ত মোৰ প্ৰজাতিৰে মানুহ থাকিব, যাৰ ওপৰত তাৰ ভৰসা নাই৷ মই জানো যে কুকুৰৰ ন্যায়ালয়ত মোৰ যুক্তি সামান্যতমো নিটিকে আৰু বালিৰ ঘৰৰ দৰে ধৰাসায়ী হৈ যাব৷ মই এইটোও জানো যে মানুহৰ ন্যায়ালয় হোৱা হ’লে মই ন্যায়াধীশক ক্ৰয় কৰিব পাৰিলোঁ হয়৷ কিন্তু কুকুৰৰ ন্যায়ালয়ত এইবোৰ নিয়ম নচলিব৷ তাত দোষী সাব্যস্ত হ’লে সকলো কুকুৰে মোক একেলগে আক্ৰমণ কৰিব আৰু মোৰ এনে অৱস্থা হ’ব যি অৱস্থা আজিলৈকে কোনো কুকুৰো হোৱা নাই৷

বন্ধুবৰ্গ, এতিয়া আপোনালোকেই কওক, মই কি কৰোঁ, ‘মানুহ’ নাম ওলোটাই লৈ ক্ষমা বিচাৰোঁ নেকি?

☆★☆★☆

8 Comments

  • সুন্দৰ । ব্যংগৰ যোগেদি পাঠকলৈ ছিৰিয়াছ মেচেজ এটা গৈছে ।
    আমি যেনেকৈ খং উঠিলে কাৰোবাক “চাল্লা কুকুৰ” বুলি গালি পাৰো , কুকুৰে কথা ক’ব পৰা হ’লে সিহঁতেও চাগে লগৰ কুকুৰক “চাল্লা মানুহ” বুলি গালি পাৰিলেহেঁতেন ।
    অনুবাদ ভাল, অনুবাদৰ যোগেদি পাঠকে মূল লেখাটোৰ সোৱাদ পাবলৈ সক্ষম হৈছে বুলিব পাৰি ।

    Reply
  • সুন্দৰ অৰ্থপূৰ্ণ কাহিনী। সাৱলীল অনুবাদ। ভাল লাগিল চবিনা।

    Reply
  • ৰিণ্টু

    সাৱলীল অনুবাদ। মূল লিখাটো আগতে পঢ়িছো, অনুবাদটো পঢ়িও খুব ভাল লাগিল।
    প্ৰকাশভংগী অত্যন্ত সুন্দৰ

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ অৰ্থবহ লিখনি । পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল হৈছে চবিনা৷

    Reply
  • সুন্দৰ ব্যংগ৷বৰ ভাল লাগিল৷

    Reply
  • জয়ন্ত দাস

    ব্যংগৰ মাজেৰে সমাজখন চৰিত্ৰ সুন্দৰকৈ দেখুৱালে ৷ বৰ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.