ফটাঢোল

লং ড্ৰাইভ – হেমন্ত কাকতি

গাড়ীখন কিনা দুবছৰমানহে হৈছিল৷ এতিয়াও মনত আছে প্ৰথম গাড়ী কিনি অনা দিনটো৷ মই গাড়ীখন ঘৰ সোমোৱাবলৈ অনাৰ লগে লগে এওঁ গেটতে ৰখাই সেন্দুৰৰ ৰঙা ফোঁট তিনিটা ইঞ্জিনত আৰু এটা মোৰ কপালত লগাই কাঁহী এখনত ধূপ-চাকি লৈ আদৰি আনিহে গেটত সোমুৱাবলৈ দিছিল৷ গাড়ীখনক কিমান যে মৰম কৰিছিলোঁ প্ৰথম কেইমাহ মান! মই সেইদিনাই বুজিছিলোঁ মোৰ ল’ৰাটোৰ নতুনকৈ কিনা হট উইলৰ গাড়ী কেইখন সি ৰাতি ৰাতি গাৰুৰ ওচৰত ৰাখি যে কিয় শোৱে৷ ময়ো ৰাতি এবাৰ উঠি আহি মোৰ মৰমৰ মাৰুতি ৮০০ গাড়ীখন দুচকু ভৰাই চাই পৰাণ জুৰাইছিলোঁ৷

পিচে সেয়া বহু বছৰ বাগৰিল৷ তাৰ পিছত দুখন গাড়ী সলনি কৰিলোঁ যদিও সেই গাড়ীখনৰ প্ৰতি মোহ বৰ কম হোৱা নাছিল৷ সময় পালেই গাড়ীখন ধুই মেলি চাফ চিকুণ কৰি ৰখাটো মোৰ প্ৰায় ৰুটীন হৈ পৰিছিল৷ শ্ৰীমতীয়ে ড্ৰাইভিং শিকিম শিকিম বুলি কৰা বহু অনুৰোধৰ দৰ্খাস্ত চৰকাৰী কৰ্মচাৰীৰ ফাইল কেবিনেটত ধূলি-মাকতি পেলাই ৰখাৰ দৰে ৰাখিবলৈ লৈছিলোঁ৷ কিন্তু বায়েকৰ অনুৰোধত এদিন ওলালহি ড্ৰাইভিং জনা মোৰ খুলশালি ল’ৰাটো৷ মোৰ অনুপস্থিতিৰ সুযোগ লৈ দুয়ো ওচৰৰ ফিল্ড এখনত গাড়ী শিকাত লাগিল৷ শ্ৰীমতীয়ে নক’লেও মোৰ ল’ৰা-ছোৱালী হালৰ পৰা কথাটো মই অৱগত হ’বলৈ বেছিদিন নালাগিল৷ এওঁৰ নাছোড়বান্দা স্বভাৱটো মই জানিছিলোঁৱেই৷ বিয়াল্লিচৰ গণ-আন্দোলন দেখি ভাৰতক স্বাধীনতা নিদিলে বৃটিছৰ কি অৱস্থা হ’ব সেয়া যেনেকৈ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে খুফিয়া এজেন্সিৰ দ্বাৰা গম পাইছিল, ময়ো চোৰাংচোৱা বিভাগৰ তথ্য অনুসৰি বুজি উঠিছিলোঁ যে এই স্বাধীনতাত বাধা দিয়া মানেই নিজৰ বিপদ নিজে মাতি অনা৷ গতিকে উপায়ন্তৰ হৈ নীৰবে সকলো জানিও নজনাৰ ভাও জোৰিবলগীয়া হ’ল৷ মাজে মাজে গাড়ীখন চেক কৰি বিশেষ কোনো বিজুতি নেপালেও সাৱধানতা অৱলম্বন কৰি এওঁৰ ওপৰত দুই এটা ডায়েলগ এৰা কৰিলোঁ, যেনে-” ক্লাটচ্ ডালৰ পৰা কিবা কিটিং কিটিং চাউণ্ড এটা ওলাই আছে দেখোন!” অথবা ” ইঞ্জিনটোৰ শব্দটো আজিকালি অলপ বেছিয়েই হৈছে৷” এওঁ মোৰ আগত বিশেষ প্ৰতিক্ৰিয়া নেদেখুৱালেও ভিতৰি ভিতৰি যে অলপ ভীতিগ্ৰস্ত হৈছিল সেয়া জানি অলপ অাসুৰিক তৃপ্তি লাভ কৰিছিলোঁ৷ পিচে সেই ভয়-শংকা হেলাৰঙে অতিক্ৰম কৰি এদিন শ্ৰীমতীয়ে ঘোষণা কৰি দিলে- “যদি তোমাৰ গাড়ী চলালে ইমান প্ৰব্লেম হয়, মই মোৰ কাৰণে এখন গাড়ী কিনিম! লাগিলে চেকেণ্ড হেণ্ডেই হওক!”

সেয়া যে তেওঁৰ শেষ কথা সেইটো মোৰ অত বছৰ বৈবাহিক জীৱন কটোৱাৰ পিছত বুজিবলৈ অকণো সময় নালাগিল৷ গাড়ীখন আৰু মোৰ কপালক “অপনে হালত পে” এৰি দিবলৈ বিলম্ব নকৰি অলপ মোলায়েম সুৰতেই কলিজাত কেইটামান গধুৰ শিল ৰাখি ক’লোঁ-“ধেৎতেৰি, তুমিও যে আৰু! এইখন কিবা তোমাৰ গাড়ী নহয় জানো? চলাবা আকৌ মন গ’লে!”

যি নহওক, গাড়ী চলি থাকিল, মাজে মাজে তেওঁৰ অনুশীলনো৷ কিছুদিন পিছতে কলিকতা হেড অফিচৰ পৰা অডিটৰ কামত বছে প্ৰায় এসপ্তাহৰ বাবে মোক মাতি পঠিয়ালে৷ কলিকতাত থকা সময়তে এদিন এওঁৰ ফেচবুকৰ পোষ্ট এটা চকুত পৰিল৷ গাড়ীখনৰ লগত কেইবাখনো ফটো৷ চানগ্লাচ পিন্ধি ড্ৰাইভিং ছিটত এওঁ, ওচৰতে পাউট কৰা ভংগিমাত কোনোবাখনত জীয়ৰী, কোনোবাখনত আকৌ ল’ৰা৷ ছবিবোৰত টেগ লাইন আছে- “গয়িং ফৰ এ লং ড্ৰাইভ উয়িথ চিল্ডৰেণ!” “এনজইং ফেমিলী পাৰ্টী”৷ এঠাইত খুলশালি ল’ৰা আৰু তেওঁৰ পৰিবাৰো৷ অশেষ ধৈৰ্যৰে ফটোবোৰ চাই লাইক মাৰি গ’লোঁ৷ দুৰৰ পৰাই মানুহজনী আৰু ল’ৰা-ছোৱালীহালক দেখি মৰমো লাগিল৷ যোৱা সপ্তাহটোত মোৰ গাড়ীখনে কি ধৰণৰ অত্যাচাৰৰ বলি হৈছে সেয়া ভাবি গাটো শিয়ঁৰি উঠিল৷ কিন্তু “হোনি কো কৌন তাল চকতা হেই” বুলি ভাবি দিনকেইটা কটালোঁ৷

কলিকতাৰ পৰা ঘূৰি আহিবৰ দিনা মোক এয়াৰপ’ৰ্টৰ পৰা পিকআপ কৰিবলৈ এওঁ নিজেই গাড়ী লৈ আহিল৷ মোৰ সৰু বেগটো পিছফালৰ ছিটটোতে থৈ দুয়ো এয়াৰপ’ৰ্টৰ পৰা ওলালোঁ৷ এখন বিউটি পাৰ্লাৰৰ সন্মুখত গাড়ীখন ৰখাই এওঁ ক’লে “অহা কালি বিয়া এখন আছে৷ মোৰ চুলি কটোৱাবলৈ আছে, তুমি নথকাত পাৰ্লাৰ যাবলৈ সময়ে উলিয়াব পৰা নাই, তুমি গৈ থকাই ভাল হ’ব, এনেয়ো তুমি ৰৈ থাকি আমনি পোৱা৷ মোৰ অলপ সময় লাগিব৷ এঘণ্টামান পিছত যদি নিবলৈ আহিব পাৰা আহিবা নহ’লে মই উবেৰ চুবেৰ লৈ গুছি আহিম৷” এঘণ্টা ৰোৱাতকৈ গৈ থকাই ভাল বুলি ভাবি এওঁক উবেৰতে আহিবা বুলি কৈ গাড়ী পোনাই দিলোঁ ঘৰ অভিমুখে!

“গোডুং-থ্ৰাছ!”

পিছফালৰ পৰা কোনোবাই গাড়ীখনত ধাক্কা এটা মৰা যেন পালোঁ৷ ব্ৰেক মাৰি ৰখাই ইফালে সিফালে চালোঁ৷ নাই ওজৰে পাজৰে কোনো নাই৷ তেতিয়াহ’লে কি শব্দ হ’ল? লাহে লাহে গাড়ী আৰু অলপ আগুৱালোঁ৷ এইবাৰ বেলেগ ধৰণৰ ঝনঝননি এটা শব্দ কাণত পৰিল৷ চকাৰ তলত দুই এটা শিল পৰিলে শব্দটো আৰু বিকট হৈ উঠে৷ শব্দটো ঠিক পিছ চকাৰ মাজৰ পৰা ওলাইছে যেন ভাব হ’ল৷ এজন সুদক্ষ যান্ত্ৰিক অভিযন্তাৰ টেকনিকেল জ্ঞান আৰু পঁচিশ বছৰীয়া গাড়ী চলোৱা অভিজ্ঞতাৰ পৰা বুজিবলৈ দেৰি নালাগিল যে সমস্যাটো গুৰুত্বৰ৷ হয় পিছফালৰ প্ৰপেলাৰ চাফ্ট ভাঙিছে, বা শ্বক এবজৰ্ভাৰে কাম কৰা নাই, নহয় চকাৰ বিয়েৰিং গৈছে, অথবা চাইলেন্সাৰ পাইপডাল খুলি পৰিছে৷ ঘৰ পাবলৈ মাত্ৰ এক ডেৰ কিলোমিটাৰ বাকী থাকিলেও এনে অৱস্থাত গাড়ীখন আগলৈ চলোৱাটো মুঠেও সমীচীন নহয়৷ সিদিনা ৰবিবাৰ বুলি সেইখিনি ঠাইৰ ওচৰে পাজৰে গেৰেজ বা মটৰ মেকানিকো পোৱা নগ’ল৷ অলপ ভাবি গুণি গাড়ীখন চাইদ কৰি নিজেই গাড়ীৰ তলখন নিৰীক্ষণ কৰাত লাগি পৰিলোঁ৷ চকা, আৰ্মচ্, বল জইন্ট, চাইলেন্সাৰ পাইপ আদি হাতেৰে লৰাই চাই বিশেষ একো ধৰিব নোৱাৰিলোঁ৷ অৱশেষত দূৰত থাকে যদিও, চিনাকি মেকানিক এজনক ফোন লগালোঁ৷ “শব্দ”ৰ আদ্যোপান্ত বিৱৰি কোৱাত মেকানিকজনে মোৰ সন্দেহকে হয়ভৰ দি ক’লে-“আপুনি ভবা ধৰণে মোৰো লাগিছে তেনেকুৱা কিবা এটাই হ’ব৷ তথাপি গেৰেজত খুলি নোচোৱাকৈ কোৱা টান৷ তাতে আজি দেওবাৰ, মোৰ গেৰেজো বন্ধ৷ পাৰিলে আপুনি গাড়ীখন লাহে লাহে ঘৰলৈ লৈ যাওক৷ মই আবেলি এবাৰ গৈ ঘৰতে চাই ল’ম৷”

মেকানিকৰ কথাত হাঁ কোৱাৰ বাহিৰে মোৰ বেলেগ উপায় নাছিল৷ লাহে লাহে পুনৰ গাড়ীখন চলাই ঘৰমুৱা হ’লোঁ৷

“ধুৰুম ধাচ! ঝন ঝন!” শব্দটো মাজে মাজে আহিয়েই থাকিল৷ কিমান হাজাৰ টকাৰ বাঁহ খাম তাকে ভাবি ভাবি মনটো খং আৰু ক্ষোভত ভাঙি পৰিছিল৷ পুনৰ মনত পৰিল ফেচবুকত আপলোড কৰা শ্ৰীমতীৰ “লং ড্ৰাইভ”ত যোৱা ফটোবোৰ৷ মানুহজনীৰ জেদ পুৰণ কৰাৰ বাবে ইমান টকাৰ বাঁহ! খুলশালি ল’ৰাটোক চৈধ্যগোষ্ঠীক ধৰি গালি পাৰি পাৰি কোনোমতে ঘৰৰ গেট পালোহি৷ গাড়ীখন গেৰেজৰ বাহিৰতে থৈ আকৌ এবাৰ তলফালে জুমি চালোঁ, নাই, তেতিয়ালৈ একো ভাঙি পৰা নাই৷ গাড়ীখন তেনেকৈয়ে থৈ লাহে লাহে ঘৰৰ ভিতৰ পালোঁ৷

এঘন্টামানৰ পিছত বাহিৰত ৰিক্সা এখন ৰোৱা যেন দেখিলোঁ৷ হয়, শ্ৰীমতীয়েই হয়৷ চুলিখিনি নতুন ষ্টাইলত কাটি আহিছে৷ মই বাৰান্দাতে খঙে ক্ষোভে মেকানিকজন অহালৈ বাট চাইছোঁ৷ শ্ৰীমতী আহিয়েই চুলিখনি অলপ হাতেৰে ঠিক কৰি মোলৈ চাই লাজ লাজকৈ হাঁহি সুধিলে- কেনেকুৱা লাগিছে মোক?

মই একো নক’লোঁ৷ মই জানিছিলোঁ, মুখ মেলিলে মোৰ কি কি ওলাব৷ আৰু আহিয়েই কুৰুক্ষেত্ৰ এখন হোৱাটো ঘৰখনৰ কাৰণে মঙ্গলজনক নহয়৷ মোৰ পৰা আশা কৰা ধৰণে ৰেচপন্স নাপাই তেওঁ ভিতৰলৈ গ’ল৷ অলপ পিছত কাপোৰ সলনি কৰি আহি ক’লে,
“এনেকৈ বহি থকাতকৈ গাড়ীৰ পৰা গেছৰ চিলিণ্ডাৰ আৰু ডাঙৰ ষ্টোভটো নমাই দিয়াচোন৷ গেছ শেষ হৈছে ৰাতিপুৱাই৷ সেয়ে ভাইটিয়ে দি গৈছে৷ তোমাৰ ফ্লাইট সোনকালে আহি পোৱা বাবে লৰালৰিকৈ আনিবলৈ গুছি গ’লোঁ, ডিকিৰ পৰা নমোৱাই নহ’ল জানা৷ ইমান যে শব্দ হৈ আছিল!”

“কি?”

মোৰ বুকুৰ ওপৰৰ পৰা শিল এচটাহে যেন এৰুৱাই দিলে৷ অলপ দেৰি অপলক নেত্ৰে মানুহজনীলৈ চাই ৰ’লোঁ৷ সঁচাকৈ ওলমি থকা চুলিখিনিৰে বৰ ধুনীয়া দেখাইছিল তাইক৷

☆★☆★☆

54 Comments

Leave a Reply

Your email address will not be published.