ফটাঢোল

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা – লক্ষ্মীনাথ বেজবৰুৱা

মানুহৰ কাছুটি,কিতাপৰ পাতনি। কাছুটি নাথাকিলে মানুহ নাঙঠ,অসভ্য। পাতনি অবিহনে কিতাপ উদং, অভদ্ৰ আৰু বৰ্বৰ। সৰ্বসাধাৰণৰ অৰ্থাৎ সমজুৱা বাপুসকলৰ মূৰৰ মুকুট সভাশুৱনি সভ্য অবৰ্বৰ বৰবৰুৱাৰো সেই মত; কিয়নো সৰ্বসাধাৰণৰ বিপক্ষে গমন তেওঁৰ মনত অশোভন আৰু কুলক্ষণ। কিন্তু পাতনিৰ আজিকালি বিষম বঢ়াবঢ়ি হ’বলৈ ধৰিছে দেই। খালেদোঙে, বকৰাণিয়ে, বননিয়ে, টৌৱে টৌৱে, চৰিয়াই চৰিয়াই ‘লক্ষ্মীছাড়া’ পাতনি ইমান হৈছে যে তোমাৰ আমাৰ এগোহালি ৰাঙালী কাজলী বগী আৰু কলী গায়ে খাই তাৰ পৰালি পেলাব নোৱাৰে। তেওঁ বিহু নাম ছপাই কিতাপ উলিয়ালে। তাতো পাতনিৰ থেকেৰুপতীয়া পাগুৰি। মই “বাপৰ চৰণ নমচ কৰণ” কবি মৰাশাকৰ জুৰ বন্ধাদি কবিতাৰ জুৰ বান্ধি ছাপিলোঁ তাৰ ওপৰতো পিতলৰ টৌটো যেন মথুৰা পাগুৰি। অৰ্থাৎ জানিবা অসমীয়া ফকৰাত কবৰ নিচিনা, বাৰহাত জালৰ তেৰহাত ফটা, নাইবা, বঙলা প্ৰবচনৰ মতে ক’লে, “বাৰহাত কাঁকুড়েৰ তেৰ হাত বীচি।” ইত্যাদি কাৰণত কাণ দি, তেনেহলৈ লোকে যেয়ে যিহকে মন যায় কওক, বৰবৰুৱাই কিন্তু তেওঁৰ কাকতৰ টোপোলাতো পাতনিৰ কিৰীটি পিন্ধোৱা যুগুত মানিলে। যদি কাৰোবাক কেতিয়াবা মোৰ কাকতৰ টোপোলা ছপোৱা ৰোগে ধৰে, সেই দুৰ্কপলীয়া ৰুগীয়াজন যেন প্ৰচলিত পাতনিৰ সাংঘাটিক অভাৱত পৰি বিপদগ্ৰস্ত নহয় এই ভাবি মই স্বহস্তে এই পাতনিৰূপী মহানীলকণ্ঠ প্ৰস্তুত কৰি মোৰ বিখ্যাত টোপোলাৰূপী মৌত পেলাই থৈ গলোঁ। ৰুগীয়াই কোৱাৰি মেলিলেই হ’ল। যি মূৰুখৰ পাতনি পতা নাহে, সি পাতনি লিখিবলৈ গ’লে সেই পাতনি চুৱাপাতনি হয়। অমুকা বৰবৰুৱা ডাঙৰীয়া নিশ্চয় মূৰখো নহয় আৰু তেওঁৰ হাতনি পেৰাত পাতনিৰ নাটনিও নপৰে। সেইদেখি এইটো ধুৰুপ যে তেওঁৰ পাতনিয়ে ভোজ-খোৱা ভকতসকলে ভোজনৰ চাটনিৰ কাম কৰিব। আৰু তেওঁৰ এইষাৰ কথা সঁচা নে মিছা প্ৰমাণ কৰিবলৈ কেৰেয়ালৈ পোৱা দুজন মাতঃবৰ সাক্ষী গজ্গজীয়াকৈ তেওঁ দিব পাৰে, যাৰ নামঃ- মনহৰি খাটনি আৰু নৰোৰাম কাটনি।

কিতাপৰ পাতনি দুৱাৰৰ নিচিনা বুলি সেই কেপ্ কেপাই থকা লেখাৰুখনেই কয়। ৰাইজৰ লগত চকু মুদা সহজৰ বৰুৱা ডাঙৰীয়াও তাকে কব লগাত পৰিছে, তাৰ কাৰণ ওপৰত উনুকিয়াই অহা হৈছে। মোৰ কাকতৰ টোপোলাত প্ৰবেশ কৰিবলৈ যোৱাসকলে তাৰ পাতনি-দুৱাৰত তলত লেখা এই এই তিনিডাল দাং পাব।

১ম দাং – কাকতৰ টোপোলা পঢ়ি কোনেও ৰং পাই হাঁহিব নোৱাৰে। হাঁহিলে জগৰ।

২য় দাং – অসমৰ্থ পক্ষে হাঁহি নুঠাকৈ ৰাখিব নোৱাৰিলেও কোনেও পেটু-নাড়ী ছিগাকৈ হাস্য কৰি বাগৰি পৰিব নোৱাৰিব। পৰিলে দায়।

৩য় দাং – বিহুৱে সংক্ৰান্তিয়ে নাইবা কল-তলে বাঁহ তলে খৰি লুৰিবলৈ বা পাত কাটিবলৈ যাওঁতে তেনে হাঁহি আহিলেও সেই পাতল মনৰ চেলেপুজনে হাতেৰে কাছুটি ভালকৈ সামৰি বিম্বাশবদে লৰি আহি ঘৰ সোমাই দুৱাৰ দাং দি অকলৈ হাঁহিব লাগিব; কাৰণ সেই সৰ্বনশীয়া হাঁহি খোচৰা ব্যাধিৰ জাতক। পৰক নমজাই অকলৈ নিজে মজাটোৱেই “আইনী কৃপাবৰী”। নতুবা গুৰু-ঘৰৰ পৰা তেওঁক দঁড় বিহা যাব। মোৰ কাকতৰ টোপোলা মেলিজুলি পঢ়োতাসকলৰ তিনটা সুবিধা আছে। তাক এইখিনিতে তপতে তপতে কৈ থৈ মেলানি মাগিম।

(১) কাকতৰ টোপোলা পঢ়িব পাৰি।
(২) নপঢ়িবও পাৰি;
(৩) পঢ়ি যাবজ্জীৱনলৈকে নাপাহৰিবও পাৰি।

ইয়াৰ উপৰিও আৰু যি তিনিটা অতিৰিক্ত সুবিধা পাঠকসকললৈ সাঁচি থোৱা গৈছে, তাকো পেলাই নিধৰুৱা হওঁ।

প্ৰথম – কাকতৰ টোপোলা লেখা বাবে বৰবৰুৱাক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি দিব পাৰি; কাৰণ মহানুভৱ বৰুৱা ডাঙৰীয়া তাত নেলাগে। বৰং শিঙা দি মৰাতেজ উলিয়াই ৰোগীয়ে সকাহ পোৱাদি , গালি পাৰোঁতাসকলে যদি নিজৰ গাত গোট খাই থকা অসুখীয়া গালি কলহচেৰেক ঢৌ ঢৌ কৰে ঢালি দি অলপ সকাহ পায়, তেন্তে দয়াময় বৰবৰুৱাই সন্তোষ পাবৰহে কথা।

দ্বিতীয় – বৰুৱা ডাঙৰীয়াৰ লেখাৰ অনুকৰণ কৰিবলৈ গৈ লেখাৰু গোবৰ্দ্ধনসকলে সহজে ভুচুংপহুটো হৈ ওলাই আহি সভাসদসকলৰ আনন্দবৰ্দ্ধন কৰিব পাৰিব।

তৃতীয় – তেওঁলোকে নিজ নিজ ঘৰ শুৱনী ঘৈণীসকলৰ হাতত বৰবৰুৱাৰ কাকতৰ টোপোলা একোটি দি , সেই গৃহলক্ষ্মীসকলৰ লৱণুকোমল পদুমগোন্ধীয়া মুখৰ পৰা, বৰবৰুৱাৰ দ্বাৰাই আবিস্কৃত লিখিত আৰু প্ৰচাৰিত চুমা-বিজ্ঞানৰ বৈজ্ঞানিক নিয়মমতে একোটি বাখৰ-পতোৱা চুমা আদায় কৰি নিজৰ দুখীয়া জীৱনক ধন্য কৰিব পাৰিব। সৰহ নকওঁ,আকৰী,জাপৰী, নাক-খাঁৰী, গেৰেলী, ফেদেলী, পেঙী-বেঙী, বোৰোকামুঈ বেকেটামুঈ, ওফোন্দাগালী, জুটুলাচুলি, উজলাদাঁতী, গৰিহাখাঁতী, শুলী, কোতোৰাকলী ঘৈণীহতঁৰ হাততো যদি এই কাকতৰ টোপোলা একোখন কোনোমতে চুচৰি-বাগৰি পৰে, সেই ঘৈণীহতঁৰ ভেকুৰাগোন্ধীয়া বহীয়া পৰা মুখৰ পৰাও স্বামীগুৰুসকলে তাৰ বাবে একুৰি ছ-অৰা শিয়ালকটহীয়া ফেকুন্দা সাঁচতীয়া চুমা যে পাব, বৰবৰুৱা বৰাবৰ ডাঙৰীয়াই এই কথা খাটাংকৈ কৈ আজিলৈ “গুড্ বাই” কৰিব পাৰে। ইতি-

শ্ৰীযুত মই
“ওৰফে” শ্ৰীকৃপাবৰ বৰবৰুৱা।

(বেজবৰুৱা গ্ৰন্থাৱলীৰ পৰা সংগ্ৰহীত)

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.