ফটাঢোল

লগন উকলি গ’ল… – মেঘালী দিহিঙীয়া

:টোপনি আহিল?

:নাই৷

:তেন্তে? কিবা এটা কোৱা৷ মনে মনে ৰ’লা যে?

:আচলতে মই কিবা এটা ভাবি আছো৷

:কি?

:এই যে আমি দিনটোত এবাৰো মেছেজ এটা নকৰাকৈ থাকিব নোৱাৰো, সাধাৰণৰপৰা সাধাৰণ কথা এটাও ইটোৱে আনটোৰ সৈতে শ্বেয়াৰ নকৰাকৈ নাথাকো, সদায় নিশা দুই বজালৈকে ফোনত কথা পাতো… এইবোৰ আচলতে কি? আমাৰ মাজৰ সম্পৰ্কটোনো কি? আমিতো প্ৰেমিক-প্ৰেমিকা নহয়!

:মই ইমানবোৰ কথা ভাবি থকা নাই৷ মুঠৰ ওপৰত তোমাৰ লগত কথা পাতি ভাল লাগিছে, কিবা এটা আপোন আপোন লাগে তোমাক৷ কথা নপতাকৈ থাকিব নোৱাৰো তোমাৰ সৈতে৷ সকলোৰে আগত খুলি ক’ব নোৱাৰা কথাবোৰ তোমাৰ আগত কৈ পেলাব পাৰো একে উশাহে৷
বাকী, সম্পৰ্কটো আচলতে কি সেয়া ময়ো ক’ব নোৱাৰিম৷ বন্ধুতকৈয়ো ওপৰৰ কিবা এটা, অথচ প্ৰেমো নহয়… তাৰ মাজৰে ভাললগা কিবা এটা৷

:… … …

:একো নক’লা যে?

:কেতিয়াবা ভাবো, মই আপোনাৰ প্ৰেমত পৰি গৈছো নেকি!
:হাঃ হাঃ

:হাঁহিছে?

:হাঁহিছো৷
তোমাক আগতেও কৈছো মানু, আমাৰ এই সম্পৰ্কটোৰ কোনো ফিউচাৰ নাই৷ কোনো কমিটেদ ৰিলেশ্বনত মই থাকিব নোৱাৰো৷ মোৰপৰা বেছি একো আশা নকৰিবা৷

:সকলো সম্পৰ্ক জানো কিবা পাম বুলি আশা কৰি গঢ়িবলৈ যোৱা যায়?

:কিছুমান সম্পৰ্কৰ প্ৰতি তুমি আৰু মই দুয়ো দায়বদ্ধ, সেয়া তুমিও জানা৷

:জানো, বুজো৷
বাৰু, বাদ দিয়ক এইবোৰ৷

:উম, বাদ দিয়া৷ যেতিয়ালৈকে সম্ভৱ, আমি এনেকৈয়ে থাকিম৷ নামহীন সম্পৰ্ক এটাৰে বান্ধ খাই৷

:আপোনাক এটা কথা কওঁনে?

:কোৱা৷

:আজি, কেৱল আজিৰ নিশাটোৰ বাবে ভুলতে হ’লেও এবাৰ ক’বনে মোক “ভালপাওঁ“ বুলি?

:ক’ব পাৰিম৷ কিন্তু নকওঁ৷ তুমি কষ্ট পাবা, এৰাতিৰ কথা বুলি পাহৰি যাব নোৱাৰিবা৷ মোতকৈ বহু বেছি আৱেগিক তুমি৷

:এৰা, নালাগে দিয়ক৷

:আৎচা, তোমাক কেতিয়া লগ পাম? আমিতো আজিলৈকে দেখাই নাই ইজনে সিজনক৷

: সোনকালেই৷ ডিচেম্বৰত মোৰ কাম অলপ আছে, গুৱাহাটী গৈ আছোঁ৷

:… … …

:কি হ’ল? মনে মনে ৰ’ল যে?

:আজি মই তোমাক এটা কথা সোধোনে? আচলতে, নোসোধাকৈ নোৱাৰিছোঁ৷

:সোধক৷

:তোমাক যিদিনা লগ পাম, তোমাৰ ওঁঠত এটা চুমা খাব পাৰিমনে?

:… … …

:কিবা এটা কোৱা৷ মই সুধিছোহে, তোমাৰ অনুমতি নোহোৱাকৈ মই কেতিয়াও এনে নকৰো৷

:নালাগে দিয়ক৷

:অ’কে, নালাগে৷ ডিচেম্বৰত লগ হোৱাটো পাক্কা তেন্তে৷
বাৰু, এতিয়া শোৱা৷ দুই বাজিল৷ কালিলৈ তোমাৰ অফিচ আছে৷

:উম…

:চাওঁ, বুকুলৈ আহা৷ জোৰকৈ ধৰো…

:গৈছো…

°°°°°°

নোৱাৰিলো৷ ৰৈ থাকিব নোৱাৰিলো৷ পিছলৈ এবাৰো নোচোৱাকৈ গুচি আহিলো৷ তেওঁ মাতিছিল, উভতি নাচালো৷ উভতি চালেই যে হেৰাই যাম… উলতিব নোৱাৰিম মোৰ স্থিতিলৈ, য’ৰপৰা মই তেওঁৰ ওচৰলৈ খোজ লৈছিলো…

:মানু, তোমাৰ হাতখন এবাৰ চুই চাওঁনে? তোমাৰ হাতৰ আঙুলিকেইটা? এবাৰ, মাত্ৰ এবাৰ…

লগ পালে ওঁঠত চুমা এটা খোৱাৰ হেঁপাহ পুহি ৰখা মানুহজনে সিদিনা মোৰ ওঁঠলৈ চোৱা নাছিল৷ চাইছিল চকুলৈ৷ আৰু বুকুলৈ? বুকুলৈ নোচোৱাকৈয়ে দুহাতেৰে তপতাই পেলাইছিল যেন মোৰ বুকুৰ সমস্ত শীতলতা৷ আৰু তেওঁৰ সেই দুচকু… আস্, কি আছিল সেই দুচকুত… ইমান গভীৰ… যেন কুৰুকি কুৰুকি সোমাই যাব মোৰ সমস্ত উশাহ সেই সুগভীৰ বাংময় দৃষ্টিলৈ…৷ সহস্ৰ যুগৰ কাতৰতা থুপ খাই থকা সেই নীলাভ দুচকুৱে কি ক’ব খুজিছিল মোক? ক’লৈ টানি নিব খুজিছিল মোক? নদী? নদীৰ আলিঙ্গন আছিলনেকি সেই সজল দুচকুত? নে আছিল আকাশৰ বিশালতা? কি আছিল, কি আছিল য’ত মই হেৰাই পৰিব ধৰিছিলো ক্ৰমাৎ…
আৰু সেই মাত! বুকুৰ অটল তলিৰপৰা নিগৰি অহা সেই জলজ মাতে মোক কৈছিল, “মই তোমাৰ হাতখন এবাৰ চুই চাওঁনে মানু? এবাৰ?“

মই দৌৰিছিলো৷ তেওঁলৈ এবাৰো উভতি নোচোৱাকৈ গুচি আহিছিলো মই৷ তেওঁৰ দুচকুৰ অস্পষ্ট কাতৰতা, ৰিণি ৰিণি বৈ অহা তেওঁৰ জলজ মাত… এই দুয়োটা কথাই মোক চুম্বকৰ দৰে টানিছিল৷ আৰু গাৰ সমস্ত শক্তিৰে সেই চুম্বকত্বৰপৰা নিজক মুক্ত কৰি মই পলাই আহিছিলো তেওঁৰ ওচৰৰপৰা৷

নে, পলাই আহিছিলো নিজৰপৰা?

°°°°°°

মই সমীপৰ লগত অন্যায় কৰিব খোজা নাছিলো৷ অন্যায় কৰিব খোজা নাছিলো সমীপৰ ঘৰখনৰ আশাবোৰৰ সৈতে৷ অন্যায় কৰিব খোজা নাছিলো তেওঁৰ প্ৰেয়সীৰ সৈতে৷
সমীপৰ সৈতে মোৰ বিয়া ঠিক হৈ আছিল তেতিয়া৷ দুবছৰৰ স্কলাৰশ্বিপত আমেৰিকাত পঢ়িবলৈ যোৱা সমীপে আহিয়েই মোক বিয়া কৰোৱাৰ কথা আছিল৷ তাৱৈদেউহঁতৰ পৰিয়ালটোৱে বহু আগৰেপৰাই মোক বোৱাৰীৰ ৰূপত পচন্দ কৰিছিল৷ আপত্তি নাছিল সমীপৰো৷ দুয়োটা পৰিয়ালৰে ঘৰুৱা সম্পৰ্ক আমাৰ৷ সেই সম্পৰ্কক আৰু সুদৃঢ় কৰো বুলিয়েই তাৱৈদেৱে দেউতাৰ আগত এদিন প্ৰস্তাৱ দিছিল মোক তেওঁলোকৰ ঘৰলৈ বোৱাৰী কৰি নিয়াৰ৷ আপত্তিৰ কোনো কথাই নাছিল৷ সমীপৰ দৰে গুণী, নম্ৰ, টেলেণ্টেদ্ ল’ৰা এটাক জোঁৱাই হিচাপে পোৱাটো ভাগ্যৰ কথা বুলিয়ে ধৰিছিল আমাৰ ঘৰখনে৷

আৰু সমীপ? ময়োতো কম কৃতজ্ঞ নহয় সমীপৰ ওচৰত… ৰাজদ্বীপ আৰু মোৰ কলেজীয়া প্ৰেমৰ বহু নিবিড় মুহূৰ্তৰ সাক্ষী আছিল সমীপ৷ মোৰ অতীতৰ কোনো কথাই অজ্ঞাত নাছিল সমীপৰ বাবে৷ আনকি শ্বিলঙ/দাৰ্জিলিং ফুৰিবলৈ গৈ ৰাজদ্বীপ আৰু মোৰ দূৰন্ত প্ৰেম/ৰাত্ৰিযাপন ইত্যাদি কোনো কথাই সমীপৰ অবিদিত নাছিল৷ আৰু, আৰু ৰাজদ্বীপৰ চূড়ান্ত প্ৰতাৰণাৰ পাছত শিল হৈ পৰা মইজনীকো পুনৰ ফুল, চৰাই, গছ, নৈ, কবিতা ভালপোৱা মই কৰি তোলাজনো আছিল সমীপেই৷ মোৰ অতীতৰ এক কলংকিত অধ্যায় জনাৰ পাছতো মোক জীৱনসংগিনী কৰিবলৈ বুলি এবুকু ভালপোৱাৰে আগবাঢ়ি অহাজনো সমীপেই আছিল৷ মোৰ প্ৰিয়বন্ধু সমীপ, আমেৰিকালৈ যাবলৈ ওলাই যি মোক কৈ থৈ গৈছিল- “আৰু দুটা বছৰ মানসী, তাৰপৰা আহিয়েই মই তোমাক একেবাৰে নিজৰ কৰি লৈ যাম৷“
…সেই সমীপৰ লগত মই অন্যায় কৰিম? নে অন্যায় কৰিম তেওঁৰ বাগদত্তাৰ সৈতে?

ওঁহো, ইমপছিবল্!

ফে’চবুক, ৱাটচ্এপ সকলোতে মই তেওঁক ব্লক কৰি দিছিলো৷ ফোনৰপৰা ডেলিট কৰি দিছিলো তেওঁৰ নাম্বাৰ৷ ডেলিট কৰিছিলো সকলো মেছেজ…
মই তেওঁৰপৰা আঁতৰি আহিব খুজিছিলো৷ আচলতে, কিজানি মই তেওঁৰ ওচৰত ৰৈ যাম বুলি ভয় কৰিছিলো৷

°°°°°°

:হেল্ল’ মা…

:বাবা, কেনে আছা?

:মোৰ ভাল মা, তোমাৰ কেনে? আৰু দেউতা? অলপ ভাল পাইছেনে?

:মোৰ ঠিকেই৷ দেউতায়ো ভাল পাইছে আগতকৈ৷ ভাতকেইটা খাই আছে ধুনীয়াকৈ৷ তোমাৰ পৰীক্ষা কেনেকুৱা হৈছে বাবা?

:ভাল হৈছে মা৷ আৰু দুখন পেপাৰ আছেগৈ৷ পৰীক্ষা শেষ কৰিয়েই মই অসমলৈ যাম৷ তোমালৈ আৰু দেউতালৈ খুব মনত পৰিছে৷

:হ’ব বাবা৷ পৰীক্ষাটো ভালকৈ দি লোৱাচোন আগতে৷ দেউতা আৰু মই ঠিকে আছো৷

ফোনটো থৈ হাঁহিলো৷ ল’ৰাটোৰ বৰ চিন্তা আমাৰ দুয়োলৈ৷ হ’বই, এটাই ল’ৰা আমাৰ৷ দিল্লীত পঢ়িবলৈ যোৱাৰ সময়তে সি আপত্তি কৰিছিল, “মই নাথাকোতে যদি তোমালোকৰ অসুখ-বিসুখ হয় কি হ’ব তেতিয়া?“

এখেতে কাঁহিছে৷ সাৰ পালে হবলা৷ ঔষধৰ সময় হৈছে, উঠি গ’লো লাহেকৈ৷

ওঁহো, ৰোহন আমাৰ দুয়োৰে, মানে সমীপ আৰু মোৰ পুত্ৰ নহয়৷ ৰোহন চৌধুৰী সত্যব্ৰত চৌধুৰীৰ পুত্ৰ৷ চৌধুৰী আৰু মোৰ একমাত্ৰ সন্তান৷

সমীপ এতিয়া আমেৰিকাতে থাকে৷ তাৰেই নাগৰিকত্ব লৈ তাতেই থাকিল৷ পৰিয়ালো আমেৰিকাতে৷ সুন্দৰী পত্নী, দুই পুত্ৰ-কন্যাৰে সুখৰ পৰিয়াল৷

নাই, সমীপে মোক প্ৰতাৰণা কৰা নাছিল৷ দুবছৰৰ পাছত মোক বিয়া কৰাই লৈ যাবলৈ বুলি দৌৰি আহিছিল সি আমেৰিকাৰপৰা৷ কিন্তু তেতিয়ালৈ মই সত্যব্ৰত চৌধুৰীৰ পত্নী হৈ গৈছিলো৷
কাৰ এক্সিদেণ্টত বা ঢুকাইছিল৷ স্পট ডেড্৷ ভিনদেৱে সামান্য দুখ পাইছিল৷ বাৰ কোলাত অকণমানো দুখ নোপোৱাকৈ ৰৈ গৈছিল কণমানি ৰোহন৷ সকলোবোৰ জঠৰ হৈ গৈছিল৷ জঠৰ হৈ গৈছিল ভিনদেউ৷ ৰোহন বাবাক বুকুত সাৱতি দৰক লাগি বহি আছিলো মই৷

ভিনদেউৰ কষ্ট হৈছিল৷ একমুহূৰ্তৰ বাবেও ৰোহনক চকুৰ আঁৰ নকৰা ভিনদেৱে অফিচ, ব্যৱসায় সকলো ক্ৰমাৎ এৰি পেলাইছিল৷ দুই একে দ্বিতীয় বিবাহৰ কথা কৈছিল৷ একেমুখে অস্বীকাৰ কৰিছিল ভিনদেৱে৷ কোনোবা অচিনাকি মানুহ এজনী আহি মাকৰ মৰম দিব পাৰিবনে ৰোহনক?

অচিনাকি মানুহ! মাকৰ মৰম!
ৰোহনক বুকুত সাৱতি মই ইতিমধ্যেই সিদ্ধান্ত লৈ পেলাইছিলো৷ সমীপৰ মুখখনে মোক আমনি কৰিছিল৷ মই নিৰুপায়, সমীপ৷

আৰু, আৰু আচৰিতধৰণে মোৰ কাষৰ আন্ধাৰত উলমি ৰৈছিলহি এযোৰ সজল চকু৷ কাণৰ কাষত ৰিণি ৰিণি বাজি আছিল এটা অস্পষ্ট মাত- “মই তোমাৰ হাতখন এবাৰ চুই চাওঁনে মানু? এবাৰ?“

°°°°°°

বেলকনিৰ লাইটটো নুমুৱাই থোৱা আছে৷ জোনাকে পোহৰাই থৈছে ঠাইখিনি৷ বাগানভেলীয়াৰ লতা দুডালমান ৰেলিঙৰ ফালে বাঢ়ি আহিছে৷ ওচৰতে ক’ৰবাত শেৱালি ফুলিছে৷ গোন্ধটোৱে কঁপাই গৈছে আমাক৷

আমি দুয়ো বেলকনিত ওচৰাউচৰিকৈ বহি আছো৷ জোনাকত সকলোবোৰ স্পষ্ট হৈ আছে, তথাপি যেন ক’ৰবাত কিবা অস্পষ্ট৷

ৰোহন-জিমলীৰ বিয়াৰ পাছত তৃতীয়বাৰৰ বাবে লগ পাইছো তেওঁক৷ প্ৰথমবাৰ, জিমলীৰ পৰিয়ালৰ সৈতে আমাৰ ঘৰ চাবলৈ আঁহোতে৷ তেওঁক দেখিয়েই উচপ্ খাই উঠিছিলো৷ ঠাইতে দৰক লাগি ৰৈ গৈছিল তেঁৱো৷ অলপো অসুবিধা হোৱা নাছিল আমাৰ ইজনে সিজনক চিনি পাবলৈ৷ সেই একেই গভীৰ দুচকু, ফুলি থকা নাকৰ পাহি, কথা কওঁতে সামান্য সোমাই যোৱা গালৰ ভাঁজদুটা৷ কাণৰ কাষৰ চুলিবোৰ পকিছিল তেওঁৰ৷ চকুত মোটা ফ্ৰেমৰ চশমা৷ আৰু, একোৱেই সলনি হোৱা নাছিল৷ ৰোহনৰ হ’বলগা পত্নী, আমাৰ বোৱাৰী জিমলীৰ সৰু মামাক আছিল তেওঁ৷ জিমলী তেখেতৰ ডাঙৰ বায়েকৰ ছোৱালী৷ দেউতাক নোহোৱা ছোৱালীজনীৰ বিয়াৰ সকলো দায়িত্ব তেওঁৰ ওপৰতে আছিল৷

দ্বিতীয়বাৰ লগ পাইছিলোঁ বিয়াত৷ চেগা-চেৰেকাকৈ৷ তেওঁ ব্যস্ত আছিল৷ কথা হ’ব পৰা নাছিলো তেতিয়াও৷ আৰু তৃতীয়বাৰ, এয়া ঘৰৰ বেলকনিত৷ জোৎস্নাবিধৌত নিশা ওচৰা-উচৰিকৈ আমি দুয়ো বহি আছো, আৰু কাৰো মুখত কোনো কথা নাই৷ আচলতে, ঘৰুৱা কথাৰ বাদে আন কথা পাতিবলৈ আমি সময়েই পোৱা নাই৷ তেওঁলোক কালি আহিছে৷ তেওঁ আৰু জিমলীৰ মাক৷ বিয়াৰ পাছত ৰোহনে জিমলীৰ লগতে মোকো দিল্লীলৈ লৈ যাব খুজিছে৷ মোক অকলে এৰি থৈ কোনোপধ্যেই নাযায় সি৷ লাগিলে চাকৰি বাদ দি অসমতে থাকি যাব৷ অগত্যা মোৰ একো আপত্তি নৰজিল৷ এখেত ঢুকোৱা এবছৰ হৈ গ’ল, ঘৰটোত অকলে থাকি মোৰো অসহ্য লাগে৷ ৰোহনৰ বাদে আমাৰ আন কোনো সন্তানো নহ’ল৷ এখেতেই নিবিচাৰিলে৷ ময়ো নাভাবিলো৷ ৰোহনতো মোৰ নিজৰেই সন্তান!

তেওঁৰ দুই পুত্ৰই বিয়া কৰাইছে৷ দুয়ো উচ্চপদস্থ চাকৰিয়াল৷ এজন অসমৰ বাহিৰত, এজন দেউতাকৰ লগত ঘৰতে থাকে৷ পত্নী প্ৰায় তিনিবছৰৰ আগতে ঢুকাল, অসুখ হৈছিল৷

জিমলীৰ মাকে জীয়েকক বহুদিনলৈ লগ নাপাব বুলি দুদিন থকাকৈ আহিছে৷ লগত ভায়েক৷ আমি কালিলৈ যাম৷ পেকিং কৰা হৈ গৈছে৷ পুৱা সকলো একেলগে ওলাই যাম৷ আমি এয়াৰপৰ্টলৈ, তেওঁলোক ঘৰলৈ৷ দুদিন একেটা ঘৰতে থাকিও আমাৰ একো কথাই পতা নহ’ল৷ আজি শেষ নিশা, বেলকনিত বহিছো৷ জিমলীৰ মাক উঠি গৈছে অলপ আগেয়ে৷ মানুহগৰাকী অসুখীয়া, নিশা সময়মতে বিছনাত পৰিব লাগে৷ বেলকনিত এতিয়া আমি দুয়ো অকলে৷

:তুমি দেখাত একেই আছা৷ একেবাৰে আগৰদৰেই
– তেওঁ লাহেকৈ ক’লে৷

মই হাঁহিলো৷ ত্ৰিশ বছৰ আগতে লগ পাইছিলোঁ তেওঁক, সকলো মনত আছেনে তেওঁৰ?

:আপোনাৰ স্বাস্থ্য ভালেইনে এতিয়া?

:মাজে মাজে কাঁহ এটা হয়৷ সামান্য প্ৰেচাৰ আছে৷ বাকী ঠিকেই৷

:আৰু? কবিতা লিখেনে এতিয়াও?

:নাই, সেইবোৰ এৰিলো কেতিয়াবাই৷ আওঁৰাও হে মাজে মাজে৷
কিছুপৰ নিস্তব্ধতা৷ ঠিক, কি কথা পাতিম আমি দুয়ো যেন ঠিৰ কৰিব পৰা নাই৷ তেওঁ মোলৈ চাই আছে যেন বোধ হৈছে৷ মই চোৱা নাই৷ সেই কাতৰ দুচকুৰ মায়াসনা চাৱনিয়ে মোক খেদি ফুৰে আজিও, সেই দৃষ্টিৰ মুখামুখি হোৱাৰ সাহস মোৰ আজিও নাই৷ হয়তো, সময়ো পাৰ হৈ গৈছে কেতিয়াবাই৷

:মানু …

:কি…

যেন কোনো আদিম অৰণ্যৰ অটল তলিৰপৰা ভাহি আহিছে কোনো জলজ সুৰ৷ কঁপি উঠিলো মই৷ কাতৰ হৈ উজাই ললো এক উশাহ এটা…

:মানু… তোমাৰ হাতখন মোক এবাৰ চুই চাবলৈ দিবানে? এবাৰ?

চৌপাশৰ জোনাকবোৰ চপৰা চপৰে নামি আহিছে যেন বেলকনিৰ ৰেলিংবোৰলৈ৷ বাগানভিলাৰ লতাবোৰে যেন মেৰিয়াই ধৰিছে মোক আশ্চৰ্য কোমলতাৰে৷ শেৱালি ফুলৰ গোন্ধ এটা উজাই আহিছে বুকুৰ অলিন্দলৈ…

কিবা এটা যাদুকৰী শক্তিয়ে মোৰ কোলাৰপৰা হাতদুখন নমাই দিছে, আৰু ঠেলি দিছে সন্মুখলৈ, ক্ৰমাৎ সন্মুখলৈ …

:মা, অ’ মা… নোশোৱা কিয়? ইমান দেৰিলৈ সাৰে আছা, অসুখ হ’ব৷ তাতে এই বাহিৰত বহি আছা ৰাতিখন৷ ঠাণ্ডা বতাহ মাৰিছে৷ ভিতৰলৈ আহা এতিয়াই৷ বহু সময় হ’ল, শুই থাকাহি৷ কালিলৈ জাৰ্নি কৰিবলগা আছে, গা বেয়া লাগিব৷ মামা, আপুনিও শোৱকহি আহক৷ কালিলৈ পুৱাতে উঠিব লাগিব সকলো৷

ৰোহনৰ মুখত ব্যস্ততা আৰু ক্লান্তিৰ চিন স্পষ্ট৷ সন্ধিয়াৰপৰা পেকিঙত লাগি আছে সি৷ বিয়াৰ ভাগৰেই ভালকৈ যোৱা নাই বেচেৰাৰ৷

চকীৰপৰা উঠি পোনে পোনে তেওঁৰ মুখলৈ চালো-

: শুই থাককহি আহক৷ নিশা ভালেপৰ হ’ল৷

তেওঁ সামান্য হাঁহিলে-

:ব’লক৷ শোঁওগৈ৷

দুয়ো পৰস্পৰ বিপৰীত ফালে খোজ ললো৷ নিজ নিজ ৰুমলৈ৷

ৰোহনৰ ৰুমৰপৰা কিবা গানৰ কলি ভাহি আহিছে৷ পুৰণি অসমীয়া গীতবোৰ বৰ প্ৰিয় তাৰ৷ নিশা শুবৰ সময়ত গান শুনাটো তাৰ পুৰণি অভ্যাস৷

কাণ পাতি শুনিলো, ৰিণি ৰিণি ভাহি আহিল সেই চিনাকি সুৰ- “লগন উকলি গ’ল, তেও যে নহ’ল কোৱা…“

 ☆★☆

9 Comments

Leave a Reply

Your email address will not be published.