ফটাঢোল

লটিঘটি – অনামিকা হাজৰিকা

কিছুমান কথা-ঘটনা মনত পৰিলে মোৰ মনৰ ভিতৰত “হাঃহাঃ” ৰিয়েক্ট হৈ হাঁহি থাকোঁ‌ জানেনে!

আবেলি এটাৰ কথা, ৰাষ্টাৰ ফালে ওলাই গৈছিলোঁ৷ এনেতে এজন ভদ্ৰলোক আহি কাষতে ৰৈ সুধিলে

– ভন্টি তোমাৰ ঘৰ ইয়াত নে?

– হয়, কওকচোন?

– তোমাকতো পঢ়া শুনা কৰা ছোৱালী যেনে লাগে দেখাত

-হয় হয়

– আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কথাতো গম পাইছাই চাগে?

– হয় হয় গম পাইছো, এইবোৰৰ বাবে আমাৰ পৰীক্ষাবোৰ বৰ খেলিমেলি লাগিছে।

– ওম, মই এইবাৰ কাউনচিলাৰ পদত উঠিছোঁ‌৷

কলেজৰ ইলেকচনত ডাইলগবোৰ শুনি শুনি মুখস্থ হৈছিল মোৰ। সেয়ে তেখেতে কিবা কোৱাৰ আগতে

মইয়ে ক’লো:- অ বহুমূলীয়া ভোটবোৰ লাগিব ন!

– হয় হয়, তুমি মোৰ নিজৰ ভন্টিৰ দৰেই।

পঢ়া শুনা কৰি চাকৰি বাকৰি পাবলৈ আমাৰে সহায় লাগিব দিয়াচোন।

– সেইবোৰ বাদে দিলোঁ‌, আগতে মোৰ কথা এটা শুনকচোন।

– এ কোৱা কোৱা, মোক যদি জয়যুক্ত কৰা তেতিয়া পাঁচ বছৰ ৰাইজৰ কথাই শুনিম৷ কোৱা কি কথা

– নহয় মানে …

– হে নহয় বুলি নক’বা দেই, বৰ আশা কৰি আহিছোঁ‌৷ ৰ’বা তুমি কিবা কোৱাৰ আগতেই মইয়ে কওঁ যদি মই জিকো তোমালোকক এটা লেট্ৰিন দিম৷ কৈ দিলোঁ

– হে নহয় হে দাদা

– নহ’ব এইটোৰে! পকী ঘৰ লাগিব? বিপিএল কাৰ্ড?

– নহয় অ দাদা আমাৰ চব আছে এইবোৰ। মোৰ কথাটো শুনিতো লওক না!

– শুনিছোঁ‌ শুনিছোঁ‌৷ দমকল এটা পালা বুলিও ধৰি লোৱা৷

– ধেই দাদা কিনো আপুনি, মোৰ কথাটো শুনি লওকচোন৷ মানে মোৰ ভোটৰ লিষ্টত নামে অহা নাই।১৮ বছৰ হৈছেহে।

তাৰ পিছত দাদাৰ মুখখন চাব লগা হৈছিল কিন্তু৷ মনত পৰিলে বিদ্যা “হাঃ হাঃ” ৰিয়েক্ট ভাঁহি উঠে

বেচেৰা 😌😌😕

☆★☆★☆

4 Comments

  • কুকী কল্পিতা মহন্ত

    আয়ৈ দেহী বেয়াই লাগিছে পাই মানুহ জনলৈ😂😂😂😂

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বেচেৰাটো😢😢😁😁

    Reply
  • Bitopan

    পিছে সেইবাৰ লেট্ৰিন পোৱা নহ’ল চাগে ?!😋

    Reply
  • Anurup Mahanta

    ইচ ৰাম, বেচেৰাটো😂

    Reply

Leave a Reply

Your email address will not be published.