ফটাঢোল

লটিঘটি – তবিবৰ ৰহমান

আঠ দহ বছৰ আগত গুৱাহাটীলৈ ঘৰৰ পৰা ট্ৰেইনত অহা যোৱা কৰি কিছুদিন কাম এটা কৰিছিলোঁ। আহোঁতে বেছিভাগ মৰিয়নি আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছত ঘৰলৈ আহিছিলোঁ। এদিন সোনকালেই বাছত আহি ৰঙিয়াৰ মানুহ এজনৰ ঘৰত সোমাই কামখিনি কৰি ট্ৰেইনখনত ঘৰলৈ আহিম বুলি ওলাই আহিলোঁ।

ট্ৰেইনখন ৰঙিয়া আঠ বাজি ত্ৰিশ মিনিটত আহি পায়। মানুহজনৰ ঘৰতে আঠ বিশ হৈ গ’ল। তাৰ পৰা ষ্টেচনলৈ প্ৰায় দুই কিলোমিটাৰ মান হ’ব। ৰিক্সা এখনত উঠি খৰধৰকৈ পেদেল মাৰিবলৈ দিলোঁ। এইখন ট্ৰেইন নাপালে ঘৰলৈ যাবলৈ আৰু একো পোৱা নাযাব। এক কিলোমিটাৰ মান দূৰৰ পৰা ট্ৰেইন অহাৰ সেই বিশেষ গানটো শুনি আছোঁ। ময়ো ৰিক্সাৱালাক জল্দি জল্দি পেদেল মাৰিবলৈ কৈ আছোঁ। ষ্টেচনত নামি দূৰৰ পৰা দেখিলোঁ ট্ৰেইনখন ৰৈ আছে আৰু যাবলৈ ওলোৱা পেঁপা বজাই দিছে।

ৰিক্সাৰ ভাড়াটো দি ভিতৰলৈ টিকট নকটাকৈয়ে দিলোঁ দৌৰ। সেই সময়ত ট্ৰেইনত অহা মানুহবোৰ বাহিৰলৈ আহি আছিল। এজনী মহিলাই চুৰ্ণীখন ঠিক কৰিবলৈ লওঁতেই চুৰ্ণীখন মোৰ মুখত লাগি মোৰ লগত গুচি আহিল। মহিলাজনীয়ে হেই বুলি চিঞৰাৰ লগে লগে একো নেদেখি ৰৈ দিলোঁ। ঘূৰি চুৰ্ণীখন দলিয়াই দি তুৰন্তে উভতিবলৈ খোজোঁতেই ছোৱালী এজনীৰ লগত খুণ্ডা খাই গ’লোঁ। ৰাতিৰ ট্ৰেইনত যাবলৈ ৰৈ থাকি কোনোবাই আৰাম কৰিবলৈ বনাই থোৱা খালী গাড্ডী এখনত ছোৱালীজনীৰ চিঞৰৰ সৈতে শ্ল’ মোচনত পৰি গ’লোঁ। ছোৱালীজনী তলত আৰু মই ওপৰত। কিছু সময় নিৰল নিস্তব্ধতা আৰু চাৰি চকুৰ মিলন। চাৰিওফালে মানুহৰ জুম।

ট্ৰেইনৰ পেঁপা পুনৰ বজাতহে হুঁচ আহিল। খৰধৰকৈ উঠি তিনি চাৰিবাৰ একেৰাহে ছ’ৰী ছ’ৰী কৈ চলিবলৈ ধৰা ট্ৰেইনখনত উঠিলোঁ। নলবাৰীলৈ যিহেতু পোন্ধৰ মিনিট মান সময় লাগিব সেয়ে থিয় হৈয়ে থাকিলোঁ। এয়া কি নলবাৰী পাওঁ পাওঁ হৈছোঁ তথাপিও ট্ৰেইনৰ গতি কমক চাৰে বাঢ়িহে আছে দেখোন। চাওঁতে চাওঁতে ট্ৰেইন নলবাৰী পাৰ হৈয়ে গ’ল দেখোন। পিছত এজনক সুধিহে গম পালোঁ যে এইখন সদায় অহা ইণ্টাৰচিটিখন নহয়। এইখন কামাখ্যাৰ পৰা অহা কিবা বেলেগ ইণ্টাৰচিটিহে। বেলেগ একো উপায় নেদেখি পিছৰ কৈঠালকুচি আৰু টিহু ষ্টেচন দুটাত ক্ৰছিং হোৱালৈ আশা পালি ৰৈ থাকিলোঁ। সেই দুটা ষ্টেচন যেতিয়া পাৰ হ’লোঁ আশা বাদ দি পিছৰ পৰ্যায়ৰ কথা ভাবিবলৈ ধৰিলোঁ।

সেই সময়তে মায়ে ফোন কৰিলে। মাক বৰপেটা ৰোডত জৰুৰী কাম থকা বুলি কৈ ৰাতি তাতে থাকিম বুলি ক’লোঁ। সঁচা কথা ক’লে নিজৰে মান ইজ্জত যোৱাৰ কথা তাতে আৰু যোৱা দুই তিনি বছৰ ট্ৰেইন ষ্টেচনতে কাম কৰি আছোঁ। মাৰো সন্দেহ কৰিব লগা একো নাই কাৰণ তিনিমাহ মান আগলৈকে বৰপেটা ৰোড ষ্টেচনত দুবছৰ কটাই আহিছোঁ। ষ্টেচনত নামি পুৰণি চিনাকি দুজনমান ৰেলৱে কৰ্মচাৰীক ফোন লগালোঁ। সেইদিনা তেওঁলোকৰ ডিউটি নথকাত তেওঁলোকে ঘৰত থকা বুলি জনালে।

ষ্টেচনৰে হোটেলত ভাত কেইটামান খায় নিশাটো কটাবলৈ ওচৰৰে হোটেল এখনলৈ গলোঁ। হোটেলখনত গৈ পইচাৰ কথা শুনি মোৰ চকু কপালত উঠিল। সেইখনত নথকাৰ কাৰণ দুটা হ’ল পইচা আৰু লগত কোনো আই ডি প্ৰুফ নথকা। পিছত ষ্টেচনৰ ওচৰৰে চিনাকি হোটেল এখনত ডেৰশ টকাৰ বিনিময়ত ৰাতিটো শোৱাৰ বন্দবস্ত কৰিলোঁ। হাত ভৰি ধুই বিচনা পত্ৰ ঠিক কৰি শুবলৈ চেষ্টা কৰিলোঁ। বিচনাৰ পৰা যিটো সুগন্ধি বিয়পিছে জান্নাতৰ সুগন্ধিতকৈ কোনো গুণে কম নহ’ব চাগে। এইফালে আঠুৱা নাথাকিলে মোৰ টোপনি নাহে আনফালে পেণ্ট পিন্ধি শুব লগা হৈছে সুগন্ধিৰ কথাটো নকলোৱেই। দিনটোৰ ভাগৰৰ বাবে কিছু সময় পিছত টোপনি আহিবলৈ ধৰিছিল মাত্ৰ গেঞ্জীৰ ভিতৰত কিহবাই জোৰকৈ কামুৰি দিলে, একদম চকা বান্ধি গ’ল। এইবাৰ ভৰিতো কামুৰিলে। কাপোৰবোৰ ওলোটাই চাই দেখোঁ কেইবাটাও উৰহ। এঘণ্টা মান তেনেকৈ উৰহবোৰ মাৰি কাপোৰ এফালৰ পৰা জাৰি জোকাৰি পুনৰ শুবলৈ চেষ্টা কৰিলোঁ।
কিছু সময় টোপনি যোৱা পিছত মুখত কোনোবাই পানী ছটিয়াই দিয়াৰ নিচিনা লাগিল। খক মককৈ সাৰ পাই দেখোঁ কোনো নাই। চাৰিও ফালে চকু ফুৰাই দেখোঁ তিনি চাৰিটা মান জেঠীয়ে চিলিঙত পাইচাৰি কৰি আছে। মই বোলো ঠিকে আছে দিয়া তহঁতৰ কাম তহঁতে কৰিছ। তহঁতৰ একো দোষ নাই, সকলো দোষ মোৰেই। হাত মুখ ধুই আহি এইবাৰ উবৰি খাই পৰি থাকি সিহঁতক ভেঙুচালি কৰিলোঁ যে এইবাৰ পানী পেলালেও মুখত পেলাবলৈ নিদিওঁ। দম আছে যদি মুখত পেলাই দেখা।

তেনেকৈয়ে কিছু সময় টোপনি যাবলৈ চেষ্টা কৰিলোঁ যদিও মুঠেও টোপনি নাহিল। পাঁচ মান বজাতে উঠি হোটেলৰ মালিকৰ লগত দেখা হৈ ৰাতিৰ দুৰ্দশাৰ কথা বিৱৰি কলোঁ। মালিকেও দুখৰ সমভাগী হ’ল যদিও পইচাখিনি ঠিকমতেই ল’বলৈ নাপাহৰিলে। তাৰ পিছত ছয় বজাত নিউ বঙাইগাঁও গুৱাহাটী পেছেঞ্জাৰ ট্ৰেইনত উঠি ঘৰমুৱা হ’লোঁ।

☆★☆★☆

2 Comments

  • কাবেৰী মহন্ত

    ইচ কম লটিঘটি খন হলনে ! মালিকক পইচা কমাই দিব লাগিছিল

    Reply
  • মানসী বৰা

    ভাল লটিঘটি দেই..উৰহৰ কামোৰ খোৱাইহে জানে..মালিজনে পইচা কমাই লব লাগিছিল দেই..

    Reply

Leave a Reply

Your email address will not be published.