ফটাঢোল

লটিঘটি: ৰক্তদান দিৱসৰ – ৰাজীৱ শৰ্মা

১৪ জুন।ৰক্তদান দিৱস।সুন্দৰ চিন্তাৰ সুন্দৰ দিন।মোৰ মনটো পুৱাৰেপৰাই ভাল লাগি আছে।আজিলৈ কমেও দহ ইউনিট তেজ মই দান কৰিছো বিভিন্ন ব্যক্তিক,বিভিন্ন কাৰণত।কাৰোবাৰ যদি দূৰ্ঘটনা,কাৰোবাৰ অসুখ বা কাৰোবাৰ ৰক্তহীনতা ৰোগৰ বাবে।কিন্তু এইবাৰৰ কথা সুকীয়া। আজি লগত মই মোৰ পত্নীকো লৈ যাম উদ্দেশ্য মোৰ লগতে তেওঁকো এই মহান দানত ভাগ ল’বলৈ দিয়া। যোৱাবছৰ বিয়াৰ পাছৰেপৰা মই এওঁক এইবিষয়ে কম লেকচাৰ দিয়া নাই।ৰক্তদানৰ উপকাৰিতা সম্পৰ্কে কিবা ভাৱক বা নাভাৱক , মোৰ লেকচাৰ শুনি শুনি অৱশেষত এওঁ আজিৰ দিনটোত মোৰ লগতে ৰক্তদান কৰিবলৈ মান্তি হ’ল।কিন্তু মোৰেই ফুটা কপাল।দুয়ো হাঁহি-মাতি মোৰ চিনাকী ৰক্তদান শিবিৰটোত বহি থাকোঁতেই মোৰ জীৱনলৈ কাল ধুমুহা নামি আহিল।পৰিস্থিতি এনে হ’লগৈ যে তেজ দি আনৰ জীৱন বচোৱাতো দূৰৰে কথা মোৰ নতুনকৈ পতা সংসাৰখন নভগাকৈ ৰখাটোৱেই মস্কিল হৈ পৰিল।আমাৰ চুবুৰীটোত অনুৰাধা শইকীয়া বুলিলে চিনি নোপোৱা লোক নাই।তেওঁৰ আপুনি চেহেৰাই চাব নে কাপোৰ-কানিয়েই চাব।কি ফুটিযাওঁ ফাটিযাওঁ চেহেৰা।ডেকা ল’ৰাৰ কথা নকলোৱেই,পঞ্চাশ বছৰীয়া বিবাহিত ব্যক্তিয়েও তেওঁলৈ এখন্তেক নোচোৱাকৈ পাৰ হৈ যাব নোৱাৰে ।আৰু অনুৰাধাও জানো কম, কি মোহিনী চাৱনি!লগতে সংকোচবিহীন কথা-বতৰা।মুঠতে তেওঁ যেন সকলো পুৰুষক জ্বলাম বুলিয়েই এই ধৰাত জন্ম ল’লে।আমি দুয়ো শিবিৰৰ বেঞ্চত বহি থাকোঁতেই স-পুত্ৰক অনুৰাধাৰ আগমন।দূৰৰ পৰাই দেখিলো মুখত সেই ভুৱন ভুলুৱা হাঁহি আৰু লয়লাস ভংগীমা।মই কেৰাহিকৈ এওঁলৈ চালো।কিজানি ধৰা পৰি গ’লো।কিন্তু নাই, তেওঁ খুব চিন্তিত ভাবেৰে বহি আছে কেনিও নোচোৱাকৈ। হয়তো জীৱনত প্ৰথমবাৰ ৰক্তদান কৰিবলৈ আহি ভয়ো খাইছে।পুৰণা চিনাকী সুত্ৰে অনুৰাধা মোৰ ওচৰলৈ আগুৱাই আহিল।মইও হাঁহিৰে সম্ভাষণ জনাই পত্নীক চিনাকী কৰাই দিলো।কিন্তু ইয়াৰ পাছতেই আচল ঘটনাটো ঘটিল মানে অনুৰাধাই নিজৰ চাৰি বছৰীয়া ল’ৰাটোক দৌৰিফুৰাৰ পৰা মোৰ ওচৰলৈ মাতি আনিলে আৰু ডাঙৰ ডাঙৰকৈ সুধিলে- “ধুনুটো, তুমি এই আংকোলক চিনি পাইছানে! জানানে, এই আংকোলৰ তেজ আছে তোমাৰ গাত।”কথাটোত মইও প্ৰথমে থতমত খালো।অনুৰাধাৰ ল’ৰাৰ গাত মোৰ তেজ! কি কৈছে এইজনীয়ে!এইবাৰ এওঁ লৈ চালো।গোটেইজনীচোন শেঁতাপৰি আহিছে।চকুত উদভ্ৰান্ত চাৱনি।এই যেন চকীৰ পৰা সৰি পৰিব।মই বহি থকাতে তেওঁক সাবটি ধৰিলোগৈ।এক মুহুৰ্ত দেৰি হোৱা হ’লেই এওঁ লুটিখাই পৰিলহেঁতেন।
এওঁক ধৰি ধৰি মই বাহিৰলৈ ওলাই আহিলো।বাৰান্দাৰ ওচৰতে থকা ফিল্টাৰটোৰ পৰা পানী এগিলাচ লৈ এওঁক চকু-মুখ ধুই লোৱাৰ লগতে এঢোকমান খাবলৈ ক’লো।
এওঁৰ কান্দোন আৰম্ভ হ’ল।মই দস্তুৰমত অবাক।কি হ’ল তৎক্ষণাত।ভয়ো খালো।তুমি কিয় এনেকুৱা কৰিছা বুলি সুধি চকুলৈ চালো।তেতিয়ালৈ এওঁৰ চকুৰে জুই বৰষিছে।আজি আৰু তেজ দিয়া নহ’ব ভাবি ঘৰলৈ উভটিলো।ঘৰত সোমাইয়ে কান্দোনত গছৰ পাত সৰুৱাই এওঁ বিচনাত পৰিল আৰু মোলৈ চাই প্ৰশ্ন কৰিলে -“মোৰ কি প্ৰয়োজন আছিল ইয়াত।কিয় মোৰ জীৱনটো ধ্বংস কৰিলা?মই অহাৰ আগতেই যদি তোমাৰ তেজ আনৰ ল’ৰাৰ গাত থাকিব পাৰে, তেন্তে তুমি মোক কিয় বিয়া পাতিছিলা?”মোৰ মুখৰ মাত হৰিল।এইবোৰ কি কয় এওঁ। প্ৰেম বিবাহ হৈছিল আমাৰ।ইমান সোনকালে সকলো পাহৰিলে আমাৰ সংসাৰ কেনেকৈ চলিব।মই ক’ত ভুল কৰিলো।শেষত মৰসাহ কৰি এওঁক সুধিলো- “তুমি এইবোৰ কি কৈছা।মোৰ তেজ আনৰ গাত বুলি কিয় খং খাইছা?”এওঁ জাপ মাৰি উঠিল। অথনি সেই অনুৰাধা নে কি সেইজনীয়ে কোৱা নাছিল তাইৰ ল’ৰাটোৰ গাত তোমাৰ তেজ আছে বুলি!ব্যভিচাৰি তুমি।তেওঁৰ কথা শুনি মোৰ হাঁহিও উঠিল লগতে খঙো উঠিল।হেৰৌ এই কথাটোকে তাতে নুসুধিলা কিয়,অনুৰাধাৰ সন্মুখতে।তায়েই তোমাক আচল কথাটো ক’লেহেঁতেন।এতিয়া মই অকল তোমাকে নহয় সকলোকে কৈছো,অনুৰাধাৰ লগত মোৰ কোনো বেলেগ সম্পৰ্ক নাই বা নাছিল।জন্মৰ পাছতে কিবা কাৰণে এবাৰ ল’ৰাটোক তেজ দিবলগীয়া হওঁতে মই এক ইউনিট তেজ দিছিলো।সেই কাৰণেহে মাকে ল’ৰাটোৰ গাত মোৰ তেজ আছে বুলি কৈছিল।এওঁ কি বুজিলে বা ভাবিলে নাজানো।বিচনাৰ পৰা উঠি মিচিকীয়া হাঁহিৰে বাথৰুমত সোমালগৈ।

☆★☆★☆

2 Comments

  • ৰাজদ্বীপ বৰা

    অৱশেষত যে মিচিকিয়া হাঁহিটো ওলাল সেইয়াই যথেষ্ট ! মজ্জা লাগিল পঢ়ি !

    Reply
  • অনুৰূপ মহন্ত

    এনেকৈ হলে ৰক্ত দান কৰিবলৈ কে ভয় হব! হি হিঃ। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.