ফটাঢোল

লথৌ খুড়াৰ কাহিনী-বিনয় কৃষ্ণ তামুলী ফুকন

ল’ৰাহঁতে বুঢ়াৰ পিছ নেৰেই। বুঢ়াৰ পিছত ল’ৰাহঁত লাগি থকা দেখিলে খগেন মহন্ত দেৱৰ ‘তলৌ খুড়াৰ হলৌচোলা’  গীতটোলৈ মনত পৰে। বুঢ়াৰ নাম কি আছিল জনা নাযায়। এই গাঁওখনলৈ নাওবৈচা মৌজাৰ ‘লথৌ’  নামৰ ঠাইখনৰ পৰা উঠি আহিছিল বাবে সকলোৱেই ‘লথৌ বুঢ়া’  বুলিয়েই মাতে। ল’ৰাৰ পৰা বুঢ়ালৈ সকলোৰে লথৌ বুঢ়া। বুঢ়া সকলোৰে মাজত জনপ্ৰিয় হোৱাৰ কাৰণ আছে। মিছা কথা কৈয়ো যে মানুহ জনপ্ৰিয় হ’ব পাৰি লথৌ বুঢ়া তাৰ উদাহৰণ। নিৰ্দোষ মিছা কথাবোৰ বৰ ৰসাল ৰূপে কয় লথৌ বুঢ়াই। কণপিতৌৱে বাটৰ কাষৰ খালত বৰশী টোপাইছে, -“কণপিতৌ, পাইছনে? চাওঁ খালৈটো?”, বুলি কাষতে বহি লয় বুঢ়াই।

লথৌ বুঢ়াই কণপিতৌৰ খালৈটো চাই মাত্ৰ চেঙেলী মাছ এটা দেখি কয়,-

“অ’ এইটো মাছেই নে?  মই লথৌত থাকোঁতে মাছ ধৰিছিলো। কিমান ডাঙৰ জান?

“কিমান ডাঙৰ বা?

“ক’লে জানো বিশ্বাস কৰিবি? পুঠি মাছজনীয়েই আঠ ফুটিয়া টিনপাত চলাৰ মান হ’ব।

“হেই। মিছা ক’বলৈ আৰু ঠাই নাপালি লথৌ বুঢ়া।

“হেইয়া। জানো বিশ্বাস নকৰ। এবাৰ কি হ’ল জান?

কণপিতৌৱে জানে বুঢ়াই মস্ত গাজা এটা মাৰিব। তথাপি সময়ো পাৰ হওক, বৰশীতো মাছে খুঁটক বুলি ক’লে,-

“কচোন কি?

“মই তেতিয়া চফল ডেকা। নৈ পাৰ হৈ সিপাৰত ভাওনা চাবলৈ গ’লোঁ। মাতৃভাষাৰ ভাওনা বুলি গৈছিলো। পিছে অংকীয়া। কি চাবি আৰু! ৰাতি দুইমান বজাত গুছি আহিলো। অ’ তেতিয়াৰ দিনতে মই এইছ এম টি ঘড়ী পিন্ধা মানুহ দেই! তেতিয়াৰ দিনতে এভাৰেডি তিনিবেটেৰীৰ টৰ্চ লৈ ঘূৰা মানুহ। বাকীবোৰৰ বহুতৰ ঘৰত সেই সময়ত হাৰিকেন এটাকে নাথাকে। গুছি আহিলো বাপ্পেকে। নৈৰ ঘাটত আহি দেখোঁ ঘাটৈ নাই। নাঁৱত তলা মাৰি গ’ লগৈ। ছেঃ কি কৰা যায়! নৈৰ পাৰে পাৰে খোজ কাঢ়ি আহি আছো। বোলো, সাঁতুৰিয়েই পাৰ হ’ম। হেৰ’, ধম ধমাই আছে নহয়।“

“কিহে?

“কৈছো ৰহ। কোনোবাই খুঁটি বৰশী পাতিছিল। টৰ্চচো মাৰি চালো গৰুৱা মাছ এটা লাগি আছে।“

“কিমান ডাঙৰ?“

“হেই কেপ কেপাই নাথাকিবি। কৈছো ৰহ।“

বুঢ়াই ওঁঠৰ চেঁপত লৈ থকা মান চাধাৰ পিক এলেপা পেলালে। আৰু কৈ গ’ল,-

“ডেকা মানুহ কঁকালত চামৰাৰ ফাঁক লগোৱা নেপালী খুকুৰি এখন থাকেই আৰু। সেইখন বালিতে গোজ মাৰি মাছটো পাৰলৈ উঠাবলৈ চেষ্টা কৰিলো। নাই সি টানে এফালে মই টানো এফালে। লাগি-যুঁজি তাক উঠাওঁ মানে এইচ এম টি ঘড়ীটোত চাৰি বাজিছে। উঠালো যেতিয়া আৰু ৰইখা নাই।

নেপালী খুকুৰি খনেৰে তাৰ পেটটো ফালিলোঁ। পেটু-ভুঁৰবোৰ পেলালোঁ।

মাছটো লুটিয়াই পানীত পেলালো। সেই যে খুঁটি বৰশীৰ চিপটো, সেইটোকে ডাঁৰ মাৰি বনাই তাৰ পেটত উঠি নাও বাই বাই ইপাৰ পালোহি। বুজিলি নে কিবা?“

কণপিটৌৱে খালৈৰ চেঙেলীটোলৈ এবাৰ আৰু এবাৰ বুঢ়াৰ চকুলৈ চালে।

এইবাৰৰ স্থান গাঁৱৰ মথাউৰিৰ কাষৰ বৰ গছৰ তল। লথৌ বুঢ়াক বেঢ়ি গাঁৱৰ ল’ৰা জাক। বুঢ়াৰ কথাবোৰ মিছা বুলি জানিও ৰসাল কথাবোৰ শুনিবলৈ ল’ৰা মখাই বুঢ়াক হেঁচা মাৰি ধৰে।

“অ’ দ’তি কওকচোন।লথৌৰ কাহিনী।“

“ৰহ! মনত পৰিছে কথা এটা। তেতিয়া লথৌত মোৰ বাইচকল মেৰামতি কৰা দোকান এখন আছিল। ৰাতিপুৱা হাল বাই দিনত দোকান কৰোঁ। মোৰ মণিপুৰী গৰু। পথাৰত এৰাল দি আহোঁ। শিঙেই ছয় হাত। বুঢ়ীয়ে দানা পানী দিয়ে। সেইদিনা দেখোঁ গৰুহালে হেম্বেলিয়াই আছে। মই বোলো,- বুঢ়ী তই গৰুক ঘাঁহ নিদিলি হ’ব পায়। বুঢ়ীয়ে বোলে, কঁকাল বিষত উঠিব পৰা নাই ঘাঁহ কেনেকৈ দিওঁ। টিকিচ কৈ খংটো উঠিল।“

“মই বোলো, দে কাঁচিখন। ৰচী এডাল আৰু কাঁচিখন লৈ হাবিত সোমালো। কানি-মুনি পৰ। গাৰ নোম নেদেখা আন্ধাৰ। ঘচ্ ঘচ্ কৈ ঘাঁহ এমুঠা কাটি আনি গৰু হালৰ মুখত পেলাই দিলো। আচৰিত। গৰু হালে ঘাঁহ নাখায়। মই বোলো নিমখ পানী অলপ দে বুঢ়ী। ছটিয়াই দিলো নিমখপানী। নাই গৰুহালে শুঙিহে চায়,  নাখায়। আকৌ বুঢ়ীক চিঞৰিলোঁ। হাৰিকেন লেম্পটো লৈ আহ। হাৰিকেন পোহৰত ঘাঁহ মুঠা মেলি চালো। হেৰ’, বাঘৰ নেগুৰ এডাল কাট খাই আহিল। গৰুৱে বাৰু বাঘৰ গোন্ধ পালে ক’ত ঘাঁহ খাব!

*****

3 Comments

  • বিনয় গোগামুখ

    প্ৰিয় সম্পাদক মহোদয়। ‘বেলাড’…!?

    Reply
  • ৰাস্না বৰা

    খুব ভাল লাগিল।কেতিয়াবা মিছা বুলি জানিও কিছুমান মানুহ ৰ কথা শুনি ভাল লাগে।

    Reply
  • উত্তৰা

    ফিটৌ লঠৌ

    Reply

Leave a Reply

Your email address will not be published.