ফটাঢোল

লাই হালে-জালে, ফুল চন্দন তুলসী — ৰিমঝিম বৰঠাকুৰ

“আজি সোমে এক, মঙলে দুই…. মানে দেওবাৰ পৰিবগৈ। দেওবাৰে তেতিয়া ৰাতিপুৱাই…”
“দেওবাৰে ৰাতিপুৱাই কি পাৰ্লাৰ যাবা?”
“হৌৰি কিছুমান কথা কেনেকৈ গম পাই যায়হে। এনেই দেখোন একেবাৰে বুজাই থাকিলেও বুজি নাপায় একোডাল।”
“অভিজ্ঞতা বুজিছা অভিজ্ঞতা। কথাতে কয় নহয় দেখিও শিকে, ঠেকিও শিকে।’
“হ’ব হ’ব। শুই থাকক এতিয়া চুপতি মাৰি থাকিব নালাগে।”
“আগতে কোৱাচোন কাৰ কিটো আছে দেওবাৰলৈ।”
“কিয় আজি আবেলি কোৱা নাছিলোঁ নেকি আপোনাক। মই দেখোন ৰাতিপুৱাই দৌৰিছিলোঁ‌ শইকীয়াৰ ছোৱালীৰ বিয়াৰ খবৰ কৰিবলৈ। আইনাখনৰ সন্মুখত থিয় হৈ মিচেছ চলিহাই মূৰটো বেঁ‌কা কৰি দীঘল চুলিকোচা এফালে আনি ফণিয়াই ফণিয়াই উত্তৰ দিলে।
”অ ঠিকেইতো। পাহৰিয়েই যাওঁ অ কথাবোৰ আজিকালি।” পিন্ধি থকা চছমাযোৰ খুলি বিছনাৰ মূৰৰ শিতানত লাগি থকা বক্সটোতে থৈ চকুকেইটা মোহাৰি মিষ্টাৰ চলিহাইও ঘৈণীয়েকৰ কথা বেছি আগনবঢ়াই উত্তৰটো দি থ’লে।
”হৌৰি শুনিছে। বিয়া বোলে খুউব ডাঙৰ কৈ পাতিব। আজিকালি কিবা সেই যে আছে ইভেন্ট মেনেজমেন্ট কোম্পেনীবোৰ, সেইবোৰক মাতিব বোলে বিয়া চম্ভালিবলৈ।”
“হ’ব দিয়া পাতক, শইকীয়াৰ টকা নহ’লে কোনে খাব, দুজনী ছোৱালী। আমাৰ নিচিনা এটা এটাকৈ তিনিটা কেলেহুৱা ল’ৰা-ছোৱালী থকা ঘৰ নহয় নহয়।
লাই হালে জালে ফুল-চন্দন তুলসী”- মিচেছ চলিহাৰ মুখে মুখে এনেই অলপ চলিহাই কৈ কথাটো পাতলাবলৈ বিয়া নাম এফাকিকে জুৰি দিলে।
”তথাপিও আজিকালি মন কৰিলেই চন দিয়ক। টকানো কি মনটোহে। আজিকালি এইবোৰ চব ট্ৰেণ্ড। মন কৰা হ’লে আমাৰ দুজনীৰো…”
”ৰ’বাচোন ৰ’বা ট্ৰেণ্ডৰ কথা পিছতো ক’বা। আগতে কোৱাচোন শইকীয়াৰ জীয়েকৰ বিয়া পাতিবৰ হ’লেই নে। ডাঙৰজনী আমাৰ মাতুৰ লগৰহে। এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছেহে। আৰু মইতো তেওঁক লগ পাইয়ে থাকোঁ। যোৱা সপ্তাহতো পাইছিলোঁ তথাপিও মোক এটা শব্দ নক’লে এই বিষয়ত।”
”চবেই কি আপোনাক সুধি সুধি বিয়া পাতিব নেকি? শুই থাকক এতিয়া কাইলৈ আমাৰ দুইটাৰে অফিচ আছে। ঘূৰি আহোঁতে আকৌ এবাৰ বিয়াৰ খবৰ এটা লৈ আহিব লাগিব।”
ঘৈণীয়েকৰ ঢেৰেকণিত গিৰিয়েক চলিহাই মুখেৰে আৰু এটা শব্দও মাতিবলৈ সাহ নকৰিলে। বেৰৰ ফালে মুখখন দি শুই থাকিল। শুই থাকিল মানে শুবলৈ যত্ন কৰিছে কিন্তু পৰা নাই। শইকীয়াৰ জীয়েকৰ বিয়া, ইমান ডাঙৰকৈ পাতিছে। তথাপিও এটা শব্দ আজিলৈকে চলিহাক জনোৱা নাই। এই শইকীয়াক টকাই মূৰত উঠালে। আজিকালি মানে তেওঁ যাকে তাকে মানুহ বুলি গণ্যই নকৰে। ”ৰহচোন নাযাওঁ জীয়েৰৰ বিয়ালৈ।” বুলি মনতে শইকীয়াক গালি এটা পাৰি চলিহা শুই থাকিল।
”মা মই শইকীয়া আংকলৰ ছোৱালীৰ বিয়াত ফটোগ্ৰাফী কৰিব নোৱাৰিম। তেওঁলোকে ‘মেড ফৰ ইচ্ছ আডাৰ’ বুলি ইভেন্ট মেনেজমেন্ট কোম্পানীক কনট্ৰেক্ট দিছে বুলি শুনিছোঁ। কিন্তু কালি আকৌ আংকলে মোক ৰাস্তাতে পাই ক’লে ছোৱালীৰ বিয়া পাতিছোঁ‌ ফটো চটো দুখনমান ভনীয়েৰা বুলি উঠাই দিবাগৈ। আৰে, পাৰি নেকি এনেকৈ কাম কৰিব। লাখ টকা দি মাতিব বেলেগক বিয়াখনৰ পেণ্ডেল ঠিক কৰাৰ পৰা খোৱা-বোৱা চম্ভলিবলৈ। আৰু মই ফকটতে ফটো তুলিব লাগে।” এইটো চলিহাৰ ডাঙৰ ল’ৰা বিতুৰ মাত দেখোন। বাথৰূমৰ পৰাই চলিহাই সকলোবোৰ কথা শুনি আছিল। আচ্ছা সিও গম পাই মানে শইকীয়াৰ জীয়েকৰ বিয়া বুলি। মানে চবৰে গাতে এতিয়া শইকীয়াৰ ঘৰৰ ”লাই হালে জালে ফুল চন্দন তুলসী….”
বিতু হ’ল চলিহাৰ ডাঙৰটো কেলেহুৱা পুতেক। যিয়েই বি এটো চুচৰি-বাগৰি পাছ কৰি এতিয়া চুঙা কেমেৰা এটা ডিঙিত আৰি লৈ ফটোগ্ৰাফী কৰে বোলে। কেমেৰাটো নিদিয়ালৈকে ঘৰখনত যিহে হুলস্থুল হৈছিল। মাকেও আকৌ পুতেকৰ ফালেহে মাত মাতি ক’লে ”কেমেৰা এটাহে খুজিছে দি দিয়কচোন। আজিকালি এইটো ট্ৰেণ্ডেই আৰু। কেমেৰা এটা লাগেই দিয়কচোন ঘৰখনত।” ঘৈণীয়েকৰো ওজৰ-আপত্তিত চলিহাই পুতেকক মন নথকা স্বত্তেও কেমেৰাটো কিনি দিলে। কেমেৰাটো পাই প্ৰথম দুদিনমান ঘৰৰ ওচৰৰে হাবিখনত কিবা ফটোগ্ৰাফী কৰি ঘূৰি ফুৰাও দেখিছিল চলিহাই। কিন্তু আজিকালি দেখোন মাক-ভনীয়েক দুজনী সাজি-কাচি কৰবালৈ ওলোৱাৰ পিছতহে তাৰ ব্যস্ততা বাঢ়ে। বিতুৰ ফটোগ্ৰাফী স্কিল আৰু মাক-ভনীয়েকৰ মডেলিং তেতিয়াহে দেখা পোৱা যায়। ঘৰৰ তিনিগৰাকী মডেলৰ বাহিৰেও আৰু দুগৰাকীমান আছে মডেল, সিহঁতৰ লগতে শইকীয়াৰ জীয়েকো এজনী। সেইবোৰ ফটো উঠি বোলে ফেচবুক নে কি সেইডালত দিয়ে। লগত আকৌ লিখি দিব লাগে ফটো কোনে উঠাইছে মানে পিচি বুলি লিখে বোলে। এইবোৰ চলিহাই ঘৈণীয়েকৰ পৰা শুনা কথাহে, নিজেই একো বুজি-বাজি নাপায়। এতিয়া আকৌ সেইজনী ছোৱালীৰ বিয়াতো চলিহাৰ পুতেককে ফটো চটো দুখনমান তুলি দিয়াৰ কথা কৈছে।

বাথৰূমৰ পৰা ওলাই আহি হাতৰ তলুৱাতে তেল অকণ লৈ মূৰটো পিহি পিহি আইনাৰ সন্মুখত ৰৈ থাকোঁতে ঘপককৈ মনত পৰিল ‘দৰা কোন, ক’ৰ?’ কথাটো মনত পৰোঁতেই ঘৈণীয়েকক সুধিবলৈ মুখখন মেলোঁতেই ঘৈণীয়েক আহি ”হেৰি মই ওলালোঁ। টেবুলতে চব যোগাৰ থোৱা আছে, আপুনি খাই-বৈ ওলাই যাব।” কথাটো কৈ ঘৈণীয়েক নৰ’লেই। বতাহৰ দৰে মিচেছ চলিহা ওলাই গ’ল আৰু চলিহাৰ মেলা মুখ মেলাতেই থাকিল।
শইকীয়াই তেওঁক বিয়াৰ খবৰ নিদিলেও তেওঁৰনো হ’বলগা জোঁৱাই কোন তাকে জানিবলৈ চলিহাৰ মনটো খো-দোৱাই থাকিল। আজি অফিচৰপৰা আহি ‘মন পচন্দ’লৈ ওলাই যাব লাগিব। দুদিনমান হ’ল কামৰ খাতিৰত সেইফালে মুখেই কৰিব পৰা নাই। সেই মিঠাইৰ দোকানখনেই আকৌ চলিহাৰ বয়সৰ মানুহৰ বাবে সন্ধিয়াৰ আড্ডাৰ থলী। বেলেগত লগ নাপালেও তাত যে শইকীয়াক লগ পাব সেইটো খাটাং। কথাটো পাৰিলে তাতেই উলিয়াব লাগিব।

সন্ধিয়া অফিচৰ পৰা আহিয়েই পুৱাই ভবাৰ দৰে চলিহা ‘মন পচন্দ’লৈ ওলাই গ’ল। চাহ একাপে, চিংৰা এটাই লৈ বহি থাকিল শইকীয়ালৈ বাট চাই। এজন এজনকৈ তেওঁৰ লগৰ সকলোবোৰ আহিল, কিন্তু শইকীয়া নাহিল। তেওঁৰ লগৰবোৰৰ মাজত কথা-বতৰা পাতিলে যদিও সুধো বুলিও শইকীয়াৰ হ’বলগা জোঁ‌ৱাইৰ কথা সুধিব নোৱাৰিলে। লগৰখিনিয়েও বিয়াখন যে বহুত ডাঙৰকৈ পাতিছে সেই বিষয়ে আলোচনা কৰিলে। কিন্তু কোনেও দৰাৰ কথা বা দৰাৰ ঘৰৰ কথা নুলিয়ালে। এদিন দুদিন গ’ল, কিন্তু শইকীয়াক চলিহাই ‘মন পচন্দ’ত লগ কৰিবলৈ গৈও লগ নাপালে। ঘৈণীয়েকক সুধিবলৈও সুযোগ বিচাৰি বিচাৰি পোৱা নাই। লোকৰ জীয়েকৰ বিয়া তেওঁৰ আকৌ উৎপাত কইনাৰ মাকতকৈও বেছি যেনহে লাগিল। মাক-জীয়েকৰ কোনে কি পিন্ধিব কি খাব সেইবোৰ কথা। ডাঙৰ জীয়েকে আকৌ এইকেইদিন জীমৰ সময় এক ঘন্টা বঢ়াই দিছে মানে শইকীয়া আংকলৰ জীয়েকৰ বিয়া খাবলৈ। বিয়াত যি হ’লেও কিবা এটা খাবই লাগিব। তেতিয়াতো এক্সট্ৰা কেলৰিজ গেইন হ’বই তাইৰ। শ্লীম ফিট এতিয়াৰ ট্ৰেণ্ড বোলে। মাজে মাজে ইয়াৰ ওপৰত ভনীয়েকক জ্ঞান দি থকা চলিহাই নুশুনা নহয়।

দেওবাৰে পুৱা। মিচেছ চলিহাই লৰালৰিকৈ চলিহাক অটচ্ অকণ দি পাৰ্লাৰ যাবলৈ ওলাল। ”হেৰি নহয়, মই পাৰ্লাৰপৰা আহোঁগৈ আহোঁতে দেৰি হ’ব পাৰে। ভাতকেইটা ৰান্ধি থ’ব। পাৰিলে আপুনিও অকণমান ওলাই গৈ চিকুণটো হৈ আহিব। আজি শইকীয়াৰ জীয়েকৰ বিয়া।” কথাকেইটা কৈ মিচেছ চলিহা নৰ’লেই। অটচ নামটো শুনি খঙটোৱে টিঙিচকৈ মাৰিছিল যদিও চলিহাই ঘৈণীয়েকৰ আগত নেদেখুৱাই মূৰটো জোকাৰি শলাগি থ’লে। এইটো বয়সত বোলে বেছি জ্বলা-পোৰা, মছলাযুক্ত আহাৰ খোৱা বেয়া। অটচ্ ইজ দা বেষ্ট ফৰ ব্ৰেকফাষ্ট, ঘৈণীয়েকৰ মতে। চলিহাৰ সন্দেহ হয় মাজে মাজে ট্ৰেণ্ডত বিশ্বাসী ঘৈণীয়েকৰ মতে হেভিং অটছ্ ইন ব্ৰেকফাষ্টটোও এটা ট্ৰেণ্ড নহয়তো! ঘৈণীয়েক যোৱাৰ ফালে চাই মিচেছে শুনা-নুশুনাকৈ চলিহাই গুণগুণালে ”লাই হালে জালে ফুল চন্দন তুলসী…”

সন্ধিয়াৰ সময়। চলিহাৰ ঘৰখনো বিয়া ঘৰতকৈ কম হোৱা নাই। এটা বেডৰূমত ঘৈণীয়েক আৰু সৰুজনী ছোৱালী। আনটো বেডৰূমত ডাঙৰজনী ছোৱালী। দুঘন্টাৰ পৰা সোমাই আছে। চলিহাক ঘৈণীয়েকে খাড়া ইস্ত্ৰীৰ চাৰ্ট, পেন্ট আৰু কোটটো দি হলটোতে সলাবলৈ দি থৈ গ’ল। কাপোৰ-কানি পিন্ধি চলিহাই প্ৰায় তিনিঘন্টা মান অপেক্ষা কৰাৰ পিছত মাক-জীয়েক সাজি-কাচি বাহিৰ ওলাল। ইতিমধ্যে চলিহাই গাড়ীখন উলিয়াই হৰ্ণ মাৰি মাৰি ৰৈয়ে আছিল। তিনিও আহি গাড়ীত বহাত চলিহাই লাহেকৈ গাড়ীখন ষ্টাৰ্ট দি গেটৰ বাহিৰ হ’ল। পিছৰ ছিটত বহা ঘৈণীয়েকে বাৰে বাৰে ৰিয়েৰ মিৰৰখনত ডিঙি মেলি মেলি মুখখন চাইছে। বাৰে বাৰে চুলিখিনি চাইছে কেনেবাকৈ বগা হ’বলৈ ধৰা চুলিখিনি ওলাইছে নেকি। পাৰ্লাৰত গৈ ক’লা কৰি আহিলেও মাজে মাজে বোলে দুই-এডাল থাকি গ’ল। ইফালে জীয়েক দুজনীয়ে মোবাইলতে বাৰে মুখখন চাই লিপষ্টিকখিনি মিলাইছে। মাজে মাজে আকৌ ওঁঠ দুখন জোঁ‌ঙা কৰি, মূৰটো বেঁ‌কা কৰি ফটোৰ পজো দিয়ে। এইটোৱে চাঞ্চ বুলি চলিহাই মুখ মেলিলে ”দৰা ক’ৰ, কি কৰে?” হঠাৎ যেন চলিহাই নুসুধিবলগীয়া কথা এটাহে সুধিলে।
”কাৰ দৰা?” ঘৈণীয়েকে যিটোহে চাৱনি দি সুধিলে।
”কিয় যাৰ বিয়ালৈ আহিছোঁ তাইৰ আকৌ।”
”হে হৰি। আপুনি কোনখন দুনীয়াত আছেহে। সদায় লগ পাই থকা শইকীয়াৰ….”
”অ মই গম নাপাওঁ। কাৰণ তেখেতৰ জীয়েকৰ বিয়া বুলিও তোমাৰ মুখতহে শুনিছোঁ। শইকীয়াই ইমান দিনে মোৰ আগত এটা শব্দও উলিওৱা নাছিল এই বিষয়ত। সেয়ে নাযাওঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু তোমালোকৰ উৎপাততহে…”
”ৰ’বচোন ৰ’ব। আপুনি শইকীয়াৰ জীয়েকৰ দৰাৰ কথা সুধিছে যে। এইখন কি বিয়া বুলিনো ভাবিছে?”
”কি বিয়া বুলি ভাবিব লাগে?”
”নোৱাই তুলনি বিয়াখনত ক’ৰপৰা দৰা থাকিব হে।”
”কি? এইখন তুলনি বিয়া? তেন্তে মোক আনিছা কিয়? আৰু যে এইবোৰ কিবা কোম্পানী আহি বিয়া পাতিছে বুলিছা, তেনেকুৱা দেখোন আমাৰ সেই ONGCৰ ইঞ্জিনীয়াৰ ৰবিন্দ্ৰ দত্তৰ জীয়েকৰ বৰ বিয়াতহে কৰিছিল। আমি যে কিমান দেৰি লাইনত ৰৈছিলোঁ‌ হাতত প্লাষ্টিকৰ প্লেটখন লৈ লৈ”
”এই মানুহটো যে এতিয়াও সেই মতা মানুহে তোলনী বিয়া খাব নোপোৱাৰ দিনতে আছে ঔ। হেৰৌ এই বুঢ়া বয়সত দাড়ি নগজে বুলি ভয় কৰিব নালাগে । এতিয়া আপোনাৰ গালে-মুখে অ’ত ত’ত দুই এডাল আছে সেই কেইডালো পকিবলৈহে আৰম্ভ কৰিছে।”
”নহয় হ’লেও তুমিতো অলপ হিন্ট দিব পাৰিলাহেঁতেন। এনেকৈনো ৰৌজাল বৌজাল কৰি তুলনি বিয়া পাতে নে? কিন্তু ইমান ডাঙৰকৈ বিয়া পাতিছে তথাপিও মই ভূটোকে নাপাওঁ।”
”হ’ব হ’ব থওক। শইকীয়াই চাগে জানি-বুজিয়েই আপোনাক জনোৱা নাই। তেওঁ জানে চাগে এইবোৰ গম পালে যে আপুনি ইয়াৰ ওপৰত এটা দীঘলীয়া বক্তৃতা দিব। নিজৰ দুজনীৰ বিয়াতো বেলেগে গম পাব বুলি টাপিটুপি ঘৰৰ মানুহখিনিৰ মাজতে থ’লে। এতিয়া লোকে পাতিছে তাতেনো কি হ’ল। বিয়াত বোলে ৰাতিলৈ ডি.জেও আহিব। কইনালৈ বাপেকে তিনিযোৰ পাটৰ আৰু মোমায়েকে এযোৰ মুগাৰ কাপোৰ কিনিছে। গহনাৰ কথা নক’লোৱেই আৰু, বৰ বিয়াৰ জোৰোণত দিয়াতকৈ কম নহয় আই। খোৱা-বোৱাৰো ভেৰাইটি আছে বুফেত। এইবোৰহে মানুহ। কি সুন্দৰকৈ অনুষ্ঠানবোৰ পাতে। আজিকালিৰ ট্ৰেণ্ডত থকা মানুহ এইবোৰহে। আপোনাৰ নিচিনা কৌটিকলিয়া যুগৰ মানুহে গম নাপাব এইবোৰ ট্ৰেণ্ড। এতিয়া লেফট্ লওক। গলিটোত সোমাইয়ে প্ৰথম ঘৰটো।”
”হৌৰা শইকীয়াৰ ঘৰ এইটো নাছিল নহয়।”
”আপুনিও যে, হেৰৌ এইটো বিবাহ বাহৰ। ইমান ডাঙৰ বিয়াখন গুৱাহাটীৰ নিচিনা জেগাত চোতাল নোহোৱা ঘৰখনত পাতিব পাৰে নেকি? আমাক ইয়াতে নমাই দিয়ক আৰু আপুনি গাড়ীখন পাৰ্কিঙলৈ লৈ যাওক।”
ঘৈণীয়েকৰ কথাবোৰ বাধ্য ছাত্ৰৰ নিচিনাকৈ শুনি গ’ল যদিও বুজি নাপালে এই প্ৰকৃতিৰ নিয়মমতে ছোৱালী এজনীৰ দেহলৈ অহা পৰিৱৰ্তনবোৰক অতবোৰ ৰাইজৰ আগত কইনা সজাই ঢাক ঢোল বজাই ছোৱালী ডাঙৰ হ’ল বুলি জনাই দিয়াটোনো কিহৰ ট্ৰেণ্ড। পাঁচজনীকৈ ভনীয়েক থকাৰ পিছতো আগতে দেখোন এইবোৰ দেখা মনতেই নপৰে চলিহাৰ। সপৰিয়ালে সাজি-কাচি আহিল যেতিয়া এতিয়া বিয়াঘৰত নোসোমালেও বেয়া দেখিব। গাড়ীখন মন নথকা স্বত্বেও পাৰ্কিঙত লগাই চাবিটো ঘূৰাই ঘূৰাই বিয়াৰ থলীলৈ চলিহা সোমাই গ’ল। ভিতৰত সোমাইয়ে বিয়াঘৰৰ ৰাজকীয়তা দেখিয়েই মুখেৰে আপোনা আপুনি গুণগুণনি উঠিল ”লাই হালে জালে ফুল চন্দন তুলসী….”

☆★☆★☆

12 Comments

  • Rintumoni Dutta

    বৰ্তমান সমাজৰ এখন জীয়া ছবি, খুব ভাল লাগিল ৰিমঝিম

    Reply
  • Anjan

    পৰিবৰ্তন বুজিছা৷ একদম পাৰফেক্ট পইণ্টত লিখিছা৷ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    চলিহাৰ মাজত নিজকে দেখি গ’লো, লগত আমাৰ মাক জীয়েকো আছিল৷

    চুপাৰ্ব ৰিমঝিম! বলেতো ঔছাম একদম৷

    Reply
  • Mukut bhattacharjya

    তামাম । বহুত ধুনীয়া লিখনি।

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল ৰিমঝিম। আজিকালি সচৰাচৰ দেখিবলৈ পোৱা এখন ছবি সুন্দৰ কৈ দেখুৱালা

    Reply
  • Kamal Neog

    হয় দেই, কি যে কাৰবাৰবোৰ হ’বলৈ লৈছে !
    লেখাটো কিন্ত সুন্দৰ হৈছে৷

    Reply
  • ৰাস্না বৰা

    আজিৰ সমাজৰ এখন জীয়া ছবি।বৰ ভাল লাগিল।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    একেবাৰে ট্ৰেণ্ডত চলি থকা কথা দেই।বঢ়িয়া লিখিছা ৰিমঝিম।

    Reply
  • ৰিমঝিম

    পঢ়ি চোৱা সকলোলৈকে ধন্যবাদ।

    Reply
  • ৰাজু কুমাৰ নাথ

    তোলনী বিয়া দুখীয়াৰ বাবে বৰ চিন্তাৰ বিষয় হৈ পৰিছে।

    Reply
  • ঈশান

    ভাল পালোঁ পঢ়ি । এটা গম্ভীৰ সামাজিক পৰিৱৰ্তনৰ আধাৰত বৰ মনোগ্ৰাহীকৈ লিখিছে । লিখি থাকিব এনেকৈ ।
    শুভেচ্ছা আৰু অভিনন্দন ।

    Reply
  • অভিজিত কলিতা

    বঢ়িয়া। আজিহে পঢ়িলো। ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.