ফটাঢোল

লাডেন আছিল পলাই !!- নয়নমনি হালৈ

বাছষ্টেণ্ডত থিয় দিয়েই দেখা পালোঁ লীনাক। তাইক চিনোতে মোৰ এক মুহুৰ্তও পলম নহল। হয়, সেইজনী লীনাই হয়। নীলা জিন্স এটাৰ ওপৰত হালধীয়া চোলা এটা পিন্ধিছে।, চকুত ছানগ্লাছ। সৰু দোকান এখনত কিবা-কিবি কিনাত ব্যস্ত তাই। মাত এষাৰৰ বাবে এখোজ আগবঢ়াই তত্‍মুহুৰ্ততে দুখোজ পিছুৱাই আহিলোঁ।

কিমান বছৰৰ মূৰত দেখিছো তাইক ? হিচাপ এটা কৰিলোঁ; পূৰা পোন্ধৰ বছৰ। চিনি বা পাবনে নাই মোক! পাব, নাপাব কিয়! কাগজৰ টুকুৰা এটাত ‘ভাল লাগে তোমাক’ বুলি লিখি দিয়া মানুহজনকে যদি পাহৰি যায়, জীৱনটোত আৰু মনত ৰাখিব কাক! আগুৱাই গ’লো।

টিউছন কৰিবলৈ গৈছিলোঁ। একেজন গুৰুৰ তাত তাইও আহে। সেইসময়ত মোৰ নতুনকৈ নিচা লাগিছে; উপন্যাসৰ নিচা। উপন্যাসৰ নায়িকাই দিবা-নৈশ মোৰ চকুৰ ঘুমটি কাঢ়ে। এটা সময়ত সেই নায়িকাৰ ঠাইত কেতিয়ানো লীনাৰ মুখখন চকুত ভাঁহিবলৈ আৰম্ভ কৰিলে গমেই নাপালোঁ। বৰ বেয়া সময় আছিল সেইখিনি। সময় অসময় নাই, কলমেৰে কেবল কবিতা ওলায়।

কৃষ্ণচূড়া, ৰাধাচূড়া বাদেই, ঢেকীয়া বিহলঙীও মোৰ বুকুত এজাৰ সোণাৰু হৈ ফুলে। লীনাক কেনেকৈ মাতিম, কি কম, কি সুধিম .. এয়া নিত্য পৰিকল্পনাৰ বস্তু, পিছে লীনাৰ সন্মুখত সকলো ফুটুকাৰ ফেন। এনেহে আছিল লীনাৰ সন্মোহনী শক্তি।

বেয়া দিন পিছে সদায় নাযায়। মোৰ পুৰুষত্বক ভেঙুচালী কৰি এদিন লীনা নিজেই আহিল মোৰ যন্ত্ৰনাৰ উপশম ঘটাবলৈ। চাইকেলখনৰ ওচৰত তাইক সখীসহিতে থিয় দি থকা দেখিছিলোঁ , যেন চিত্ৰলেখাৰ সৈতে লজ্জাৱতী ঊষা। ওচৰ পোৱাত খিলখিল হাঁহি এজাক উপহাৰ দি সখীসহ মোৰ উপন্যাসৰ নায়িকা আতৰি গ’ল। মোৰ লজ্জাৱতী নায়িকাৰ সলাজ হাঁহিটোত যেন বহুত কৌতুক লুকাই আছিল। এৰা, চাইকেলৰ কেৰিয়াৰৰ ওপৰত দেখোন এখন ভাজ কৰা কাগজ। মেলি দিলোঁ, ‘ভাল লাগে তোমাক’, উশাহ যেন বন্ধ হৈ পৰিল। তাইৰ হাঁহিটো এটা দুটাকৈ পখিলা হৈ পৰিল, আৱৰি ধৰিলে মোক আৰু উৰি থাকিল মোৰ চাৰিওফালে অহোৰাত্ৰি।

দিন নোযোৱা, ৰাতি নুপুওৱা ব্যগ্ৰতাৰ আৰম্ভ হৈছিলহে। প্ৰেমৰ কলিয়ে পাহি মেলিছিলহে মাত্ৰ, এনেতে লাগিল কেনাটো। আন দহজন প্ৰেমিকাৰ মাতৃৰ দৰে মোৰ স্বপ্নৰ নায়িকাৰ মাতৃদেৱীৰো এদিন তেখেতৰ কন্যাৰ পৰিৱৰ্তন নজৰত পৰিল। লগে-লগে নায়িকাৰ ঘৰ হৈ পৰিল কংসৰ কাৰাগাৰ। মাতৃদেৱীৰ ৰঙাচকুৰ ওচৰত নায়িকাৰ প্ৰেম কৰ্পূৰ হৈ উৰি গ’ল।

সময় গুচি গ’ল। এটা সময়ত নায়িকাৰ পৰিয়ালটোও মোৰ সৰু চহৰখনৰ পৰা স্থানান্তৰিত হ’ল। প্ৰেমৰ আদিপাঠ পঢ়োতে লোকচানো মোৰ ভালেখিনি হ’ল। লাভৰ ভিতৰত কবিতাৰ বহীটো ভৰ্তি হ’ল।

আৰু আজি মাত্ৰ কেইহাতমান দূৰৈত মোৰ একালৰ স্বপ্নৰ নায়িকা লীনা। মই মাত এষাৰ নিদিয়াকৈ কেনেকৈ থাকোঁ! আগুৱাই গৈ মাতিলোঁ,

:লীনা….

তাই অলপ সময় তভক মাৰি ৰ’ল। তাৰপিছত চিনি ল’লে। দুষাৰ কথা পাতিয়ে গম পালোঁ মই যলৈকে যাম তাইৰো গন্তব্যস্থল সেইখিনিয়ে। তাৰমানে পূৰা তিনিঘন্টাৰ যাত্ৰা! লীনাৰ সৈতে! একেলগে!!

যিটো সময়ত তিনি মিনিটৰ বাবে লগ পোৱাটোৱে আছিল মোৰ জীৱনৰ পৰম হাবিয়াস.. আজি তিনিঘন্টাৰ বাবে তেওঁ মোৰ কাষত!! ক’ৰবাৰ পৰা আবতৰীয়া এজাক পখিলা আহি আকৌ যেন মোক বেঢ়ি ধৰিলে।

ৰ’ব, ৰ’ব আপুনি সাংঘাটিক কিবা এটা কল্পনা কৰি নল’ব। মোৰ কাহিনীৰ এয়া আৰম্ভনীহে, শেষৰখিনি কবলৈ মন নাছিল যদিও কৈয়ে থওঁ। পিছে চমুকৈহে কম। বাছখন চলিবলৈ আৰম্ভ কৰাৰ দহমিনিটমানৰ ভিতৰতে মই আৱিস্কাৰ কৰিলোঁ যে মোৰ একালৰ প্ৰেয়সীজনী এতিয়া এজনী ‘মস্ত বোৰিঙ ছোৱালী।’

(হায় সময় !) আৰু আৱিস্কাৰ কৰিলোঁ মোৰ নায়িকাই কিতাপ নপঢ়ে, বাতৰি কাকতখনত চকু ফুৰাবলৈও তাইৰ সময় নাই। চিনেমা নাচায়, চায় ‘চিৰিয়েল’।
তাইৰ প্ৰিয় গান ‘লাডেন আছিল পলাই’। গোটেই বাটচোৱা মোক বিৰক্তিৰ মহাসাগৰত ডুবাই তাই অনৰ্গল কৈ গ’ল চাহ খোৱা, ভাত খোৱা আদিৰ দৰে অৰ্থহীন কিছু সাধাৰণ কথা। ভৰপূৰ ‘সৌন্দৰ্য’ৰ অধিকাৰী লীনাৰ মাজত ‘ব্যক্তিত্ব’ বিচাৰি মই হাবাথুৰি খালোঁ। ভাব হ’ল চাৰিওফালে উৰি ফুৰা পখিলাবোৰ এজাক বৰল হৈ এইবাৰ মোক খেদি আহিছে। ওৰে বাটে মই কেৱল হুমুনিয়াহ কাঢ়িলোঁ এটা সুন্দৰ ভ্ৰমণ পানী হৈ যোৱাৰ বাবে।

☆★☆★☆

2 Comments

  • Anonymous

    তেখেতো লাদেনতকে কোনো গুনে কম নহব ।

    Reply
  • হেমন্ত কাকতি

    ধেত তেৰি নয়ন! সব পানী হৈ গ’ল৷
    কাহিনীটো মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published.