ফটাঢোল

লিকটীয়া বুদ্ধিজীৱীৰ পত্ৰ – জ্যোতিৰূপম দত্ত

শ্ৰদ্ধাৰ সম্পাদক মহোদয়,

আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব৷ আপোনাৰ দ্বাৰা সম্পাদিত আলোচনীখনৰ বাবে মই লেখা দিবলৈ নোৱাৰিম বুইছে৷ এইকেইদিনতে কৰিবলগীয়া বহুকেইটা জৰুৰী কাম আছে৷ গতিকে আপোনাৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিম৷

চেঃ! বৰ বেয়া কথা এটা হ’ল৷ আপোনাৰ আলোচনীখনৰ নামটোকেই পাহৰিলো নহয়! জানেই নহয়, মই বৰ ব্যস্ত লেখক৷ কেইবাখনো দৈনিক কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা স্তম্ভ মোৰ বাবে ৰিজাৰ্ভ হৈয়েই থাকে৷ তাৰ উপৰিও আন কেইবাখন কাকত, আলোচনীত মোৰ দীঘলীয়া লেখা নিয়মীয়াকৈ প্ৰকাশ হয়৷ আন লেখকৰ বাবে পৃষ্ঠা সংখ্যা বা লেখাৰ কলেৱৰ নিৰ্দিষ্ট থাকে৷ পিছে মোৰ ক্ষেত্ৰত সেইবোৰ নিয়ম নচলে৷ কিবা কবলৈও কাৰো সাহস নাই৷ মুঠতে মই জাবৰে-জোঁথৰে যিহকেই নিলিখো কিয় প্ৰকাশ হবই৷ কিছুমান লেখা লিখি অঁতোৱাৰ পাছত মই নিজে পঢ়িও একোকে বুজি নাপাও৷ তাৰ পাছতো সেইটো লেখাৰ বিষয়েই কাকতত এসপ্তাহলৈ চিঠি-যুদ্ধ চলি থাকে৷

এবাৰ এটা ঘটনা ঘটিছিল৷ কেইবাটাও লেখা লিখি মেজত থৈ দিওতে দুটা বেলেগ লেখাৰ পৃষ্ঠাবোৰ মিহলি হৈ গ’ল৷ পঠিয়াই দিওতে তেনেকৈয়ে পঠিয়ালো৷ কাকতে তাকেই ছপালে৷ তাকে পঢ়ি বহুতেই বাঃ বাঃ দিলে৷ যিমানেই জটিল হয় সিমানেই দাম বাঢ়ে হেনো! এনেকৈয়ে চলি আছো আৰু৷

আচল কথাটো হৈছে লেখা প্ৰকাশ হবলৈ লেখাৰ মান নহয়, কাকত-আলোচনীৰ মালিক, সম্পাদক আদিৰ নাড়ী নক্ষত্ৰ বুজিব লাগে৷ তেৰাসৱে ভালপোৱা ধৰণে লিখিলেই কাম সিজে৷ ইয়াৰ বাহিৰেও আন এটা কাম কৰিব লাগে, যিটোত মই সিদ্ধহস্ত৷ লেখকে সদায় লবী পকাব লাগে, তেতিয়াহে সন্ধিৰ বাঁহবোৰ বুদ্ধিৰে কাটিব পৰা যায়৷ নহলে লেখা প্ৰকাশ নহয়৷ লবীত সক্ৰিয় ভূমিকা লৈ থাকিলে বঁটা-বাহন, বিনামুলীয়া ভ্ৰমণৰ সুযোগ আদিবোৰ আহিয়েই থাকে৷ আজিকালি টিভি চেনেল, কাকত, আলোচনী সকলোতে লবীৰ জোৰ৷ লবী পকায়েই বহুতে অডি, মাৰ্চিডিজ দৌৰাই ফুৰিব পৰা হৈছে৷ আনহাতে একেধৰণৰ কাম কৰি, একে পদত থাকিও বহুতৰে এতিয়াও পুৰণি, ভগা চাইকেলখনেই গতি হৈয়েই আছে৷

সেইবাবেই মই যাকে, যতে, যেনেদৰে দৰকাৰ তেনেদৰে তৈলমৰ্দন কৰিবলৈ পাছ নুহুহকো৷ বিয়াগোম বিষয়া, ৰাজনেতাকে ধৰি দৰকাৰী সকলোকে সময়ে সময়ে তেল মাৰিব জনাটো এটা কলা৷ ওপৰ মহলত নিজৰ হাত থাকিলে আন একোলৈকে চিন্তা কৰিব লগা নহয়৷ এইটো গুণৰ বাবেই মই নিৰ্দিষ্ট মহলৰ পৰা বঁটা, সাহায্য, সা-সুবিধা আদিও নিয়মীয়াকৈ পাই থাকো৷

টিভি চেনেলবোৰ অহাৰ পৰা হেনো কিতাপ-আলোচনীৰ বিক্ৰী কমি গ’ল৷ কিন্তু মোৰ ক্ষেত্ৰত দেখিছো যে মোৰ কাম বাঢ়িছেহে৷ মুঠেও কমি যোৱা নাই৷ মই আজিকালি টিভি চেনেলবোৰৰো এজন তত্বগধুৰ বিশ্লেষক৷ টিভি চেনেলত সৰস্বতী পূজাত সুন্দৰীসকলে পিন্ধা মেখেলা-চাদৰৰ পৰা যুদ্ধবিমানৰ কাৰিকৰী কৌশললৈ বিভিন্ন ক্ষেত্ৰত মই মোৰ পাৰ্গতালি জাহিৰ কৰো৷ চেনেলবোৰেও আমাকেই সৰ্বজান্তা বুলি ধৰে৷ আৰু এটা কথা অৱশ্যে৷ আগতে পাচলি বেপাৰী, চুবুৰীয়া, ৰিক্সাৱালা আদি সকলোৰে লগতেই মুখ খজুৱাইছিলো৷ পিছে আজিকালি টিভি চেনেলতেই সন্ধিয়াবেলা পোহাৰী চুপতিখন মেলো, হেঁপাহ পলুৱাই মুকলিকৈ সকলোৱে দেখা-শুনাকৈ ডিঙিৰ সিৰ ফুলাই গালি শপনিও পাৰো৷ ৰাইজেও হেনো সেইবোৰেই চাই ভালেই পায়৷ কষ্ট কৰি ভাবি চিন্তি লিখা মেলা কৰাতকৈ টিভি ষ্টুডিঅ’ত বহি এঘণ্টা কাজিয়া কৰাৰ সমান সুখ কতো নাই৷

মই প্ৰশংসাও যাকে তাকে নকৰো৷ প্ৰশংসা কৰাৰ আগতে মোৰ লাভ লোকচানৰ অংকটো কৰি লও৷ মোৰ হতুৱাই কিতাপৰ পাতনি লিখাবলৈও বহু নতুন লেখক-লেখিকা আহে৷ পিছে হাতত সুদা কিতাপখন লৈ আহিলে মই সময় নাই বুলি ঘুৰাই পঠিয়াও৷ কিন্তু কিতাপৰ লগতে মালভোগ কল, বৰালী মাছ, পানীলাও, মিঠাই এইবোৰ বস্তু অনাসকলৰ কামটো কৰি দিও৷ পিছে সুন্দৰী লেখিকা সকলৰ ক্ষেত্ৰত কিছু এৰা-ধৰা কৰা যায় অৱশ্যে৷ বেছিভাগ সময়তে মই কিতাপখন নপঢ়াকৈয়ে পাতনিৰ নামত এক দুই পৃষ্ঠা লিখি দিও৷

বহুতেই কয় যে লিখিবলৈ হ’লে পঢ়িবও লাগে৷ মই পিছে আজিকালি পঢ়িবলৈ সময়েই নাপাও৷ গতিকে যিহকে তিহকে লিখিলেও লেখাবোৰ বিশ্বাসযোগ্য কৰিবলৈ সদায়েই কিছুমান বুধি কৰো৷ লেখাবোৰত প্ৰায়েই বিদেশী লেখকৰ দুটামান উদ্ধৃতি দি দিও৷ কেতিয়াবা কোনোবা দেশৰ অৰ্থব্যৱস্থা, সামাজিক ব্যৱস্থা আদিৰ কোনেও নজনা তথ্য দুটামান দি দিও৷ সঁচাকৈ কবলৈ হ’লে সেই তথ্যবোৰ সেই দেশখনৰো কোনো লোকে নাজানে! মানে মই সেইবোৰ মই নিজেই তৈয়াৰ কৰি লেখাটোত ব্যৱহাৰ কৰো! মোৰো কাম সিজে, সকলোৱে মই বিৰাট পঢ়া-শুনা কৰা লোক বুলি ভাবে, গতিকে লেখাত ভুল ধৰিবলৈ সাহস নকৰে৷

আনকি বানান, ব্যাকৰণ আদিৰ ক্ষেত্ৰটো মই বেছি গুৰুত্ব নিদিও৷ সঁচা কথাটো কবলৈ হ’লে মই বহু বানান, ব্যাকৰণৰ বিধি আদি নাজানোৱেই! আমাৰ এই মুলুকত আজিকালি এইবোৰলৈ কোনেও গুৰুত্ব নিদিয়া হ’ল৷ বহু কাকত-আলোচনীয়ে বানান, ব্যাকৰণ আদি লৈ বেছি মুৰ নঘমায়৷ পিছে মোৰেই ভাগ্য ভাল, কাকত-আলোচনীৰ কাৰ্য্যালয়সমূহত কাম কৰা প্ৰুফ ৰিডাৰসকল, উপ-সম্পাদকসকলৰ কৃপাত মোৰ এপাচিমান ভুল বানান, ভুল ব্যাকৰণেৰে লিখা লেখাবোৰো শুদ্ধকৈয়ে ছপা হয়৷ কেতিয়াবা মই ভুলকৈ লিখা বানান, বাক্য কিছুমানো তেৰাসৱে মোৰেই পণ্ডিতালি বুলি ভাবি মই লিখাধৰণেই প্ৰকাশ কৰি দিয়ে৷

মোৰ এটা সুবিধা আছে যে মোৰ এটা শক্তিশালী স্তাৱক বাহিনী আছে৷ স্তাৱক বাহিনীৰ বহুকেইজনেই হ’ল অন্ধ ভক্ত৷ এইসকলে মোক ভগৱান জ্ঞান কৰে৷ মোৰ লেখাবোৰৰ কোনোবাই সমালোচনা কৰিবলৈ আগবাঢ়িলেই এইসকলে গালি-শপনি দি নিৰস্ত্ৰ কৰে৷ তথ্য, যুক্তিৰে আনৰ মতামত খণ্ডন কৰাৰ কথা বাদেই, পাৰিলে দুই এথাপৰ দি হলেও মোৰ সমালোচকসকলক চুপ কৰাবলৈ এওলোকে অনবৰতে ভৰি ডাঙিয়েই থাকে৷ পিছে মোৰ স্তাৱকবাহিনীৰ বহুতেই মোৰ লেখাবোৰৰ এটা আখৰো যে নপঢ়ে সেই কথাটোতো মই এশ শতাংশই নিশ্চিত!

বিহু আহিলেই৷ বিহুৰ সময়ত মোৰ ব্যস্ততা বৰকৈ বাঢ়ে৷ মানে বিহু সংখ্যা বিশেষ আলোচনী, কাকতবোৰৰ বাবে কিবাকিবি লিখিবলৈ দিনে-নিশাই একাকাৰ কৰিব লগা হয়৷ মোৰ নামটোৰ বাবেই মোৰ পৰা লেখা খুজিবলৈ সকলোৰে হেতাওপৰা লাগে৷ এনেবোৰ সময়তে দুপইছা বেছিকৈ পোৱা যায়৷ এটা কথা শুনি আচৰিত পাওঁ, যে বহু লেখকে হেনো কাকত- আলোচনীত যথেষ্ট কষ্ট কৰি, সময় খৰচ কৰি, অধ্যয়ন কৰি বহু উন্নত লেখা লিখি এটকাও মাননি নাপায়৷ মোৰ পিছে ৰেট ফিক্স দেই! দৰ্জীয়ে কাপোৰ চিলোৱাৰ দৰে অ’ৰ-ত’ৰ পৰা এসোপামান অৰ্থহীন কথা জোৰাই লৈ লিখি পৃষ্ঠা ভৰ্তি কৰি দিলেই হ’ল, পা-পইছাখিনি ঘৰতেই দি যাব৷ আন লেখকে পইছা পোৱা নোপোৱা কথাক লৈ চিন্তা কৰিবলৈ মোৰ সময়ো নাই, ইচ্ছাও নাই!

এইকেইদিন বৰ ব্যস্ত হৈ আছো৷ মানে এইখিনি সময়তে নিৰ্বাচনৰো বতৰ৷ নিৰ্বাচন আদিৰ সময়ত মোৰ দাম আৰু বেছি বাঢ়ে৷ মেল-মিটিঙলৈও নিমন্ত্ৰণ আহে৷ তাগিদাও বেছি হয়৷ মোৰ সুবিধামতেই পৃথিৱীৰ য’তমানে ওলোটা-ওভোতা যুক্তি দি চতুৰতাৰে সকলোকে প্ৰভাৱান্বিত কৰিবলৈ চাওঁ৷ কাক ভোট দিব লাগে, কাক ভোট দিব নালাগে, কোন ভাল মানুহ, কোন বেয়া মানুহ, কাক বিশ্বাস কৰিব লাগে, কাক নালাগে সেইবোৰ কথাও চতুৰতাৰে কৈ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিবলৈ চাওঁ৷

এতিয়া আন বিশেষ একো কৰিব নোৱাৰিলেও নাক মোহাৰিয়েই আৰামত চলি আছো৷ মানে নাকটো মোহাৰিলেই বুধি ওলায়, সেইখিনিৰ লগতে কেতিয়াবা বিবেকো বিক্ৰী কৰো৷ এনেদৰেই জীৱিকা নিৰ্বাহ কৰি আছো৷

গতিকে আপুনি বেয়া নাপাব৷ মই আপোনাৰ আলোচনীখনৰ বাবে লেখা দিব নোৱাৰিম৷

ইতি,

লিকটীয়া বুদ্ধিজীৱি৷

☆★☆★☆

10 Comments

  • Suntu

    কৃষ্ণ, ধুই পেলালে 🙄

    Reply
  • Rintu

    ইমান ব্যস্ততাৰ মাজতো ইমান সুন্দৰ লিখা এটা লিখি দিলে, অফুৰন্ত সময় পালে আপুনি কি কৰিব হে দাদা।

    বহুত ভাল লাগিল

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply
  • Abhijit Goswami

    ধুনিয়া দাদা.. পুৰা ধুই পেলালে

    Reply
  • হেমন্ত কাকতি৷

    সেইবুলি আমাক নেৰিবা৷ সমালোচকে কিবা কলে আমি স্তাৱক বাহিনী আছো নহয়! আমাৰ ছাৰক সমালোচনা কৰাৰ আগতে ছাৰৰ সমান হৈ লওক বুলি কৈ এনেকুৱা ফালি দিম নহয়, চিন্তাই নকৰিবা৷

    Reply
  • কাবেৰী মহন্ত

    ৱাহ ! মুখা খুলি দিলে

    Reply
  • বহুত ভাল লাগিল

    Reply
  • Anonymous

    সাংঘাটিক ব্যংগ জ্যোতি দা।

    Reply
  • মানসী বৰা

    সাংঘাটিক লিখিছে দেই দাদা..কৃষ্ণ

    Reply
  • প্ৰাঞ্জল অনুভৱী

    সুন্দৰ লেখা। ভাল পালোঁ পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.