ফটাঢোল

লিমাৰিক অথবা আপদীয়া পদ্য – সত্যেন্দ্ৰ বৰদলৈ

অসমীয়া সাহিত্যত সম্প্ৰতি “আপদীয়া পদ্য” নামেৰে পৰিচিত যদিও “লিমাৰিক” নামেৰেও সকলোৰে চিনাকি এই পাঁচ শৰীয়া ব্যংগ কবিতাবিধৰ উৎপত্তি আয়াৰলেণ্ডৰ লিমাৰিক চহৰ বুলি অনুমান কৰা হয়৷ এটা সূত্ৰ অনুসৰি আইৰিছ সৈন্য সকলে সপ্তদশ শতিকাত ফৰাছী যুদ্ধৰ পৰা স্বদেশলৈ ঘূৰি আহোঁতে “ Will you come up to Limerick ” বুলি এবিধ ধেমেলীয়া গীত গাই আহিছিল৷ ইয়াৰ পৰাই লিমাৰিক নামৰ পাঁচ শৰীয়া কবিতাবিধৰ জন্ম হোৱাবুলি বহুতে ক’ব বিচাৰে৷ আন এটা সূত্ৰই আকৌ পুৰণি ইংলেণ্ডৰ ক্লাব ঘৰ সমূহত সময় কটাবলৈ এবিধ ধেমেলীয়া গীতৰ প্ৰচলন থকাৰ পৰাই লিমাৰিকৰ উৎপত্তি হোৱা বুলি মত আগ বঢ়াইছে৷ কোনো কোনোৱে আয়াৰলেণ্ডৰ শিশু ওমলা ঘৰতহে লিমাৰিকৰ জন্ম হোৱা বুলি ক’ব বিচাৰে৷ ওমলা ঘৰত বুঢ়ী আইতাকে একোটা গীত গাই শিশুবোৰক নিচুকাই থাকোঁতে গীতৰ একোটা স্তৱকৰ শেষ হ’লে “ Will you come up, come up to Limerick ” বুলি গাইছিল৷ ইয়াৰ পৰাই লিমাৰিকৰ জন্ম হোৱা বুলি অনেকে ক’ব বিচাৰে৷ কোনোৰ মতে আকৌ লিমাৰিক হৈছে অষ্টাদশ শতিকাত আয়াৰলেণ্ডৰ মিআগ ( Maigue ) কবি সকলে ৰচনা কৰা এবিধ খুহুতীয়া কবিতা৷ উৎস যিয়েই নহওক, লিমাৰিক যে আয়াৰলেণ্ডত উৎপত্তি হৈছিল, আৰু আয়াৰলেণ্ডৰ “লিমাৰিক” চহৰৰ নামৰ পৰাই কবিতাবিধে এই নাম পাইছে, সেয়া নিশ্চিত৷

কোনো কোনোৱে ১৭১৯ খ্ৰীঃ ত প্ৰকাশিত Mother Goose Melodies for Children নামৰ নাৰ্ছাৰী ৰাইমছ্‌ ( ল’ৰা ওমলোৱা গীত )ৰ ৰূপৰ আৰ্হিত এই চুটি ৰচনাবিধৰ জন্ম বুলি ক’ব খোজে৷ ১৮২১ খ্ৰীঃ ত প্ৰকাশিত History of Sixteen Wonderful Women আৰু ১৮২২ খ্ৰী ঃ ত প্ৰকাশিত Adventures of Fifteen Gentlemen ত লিমাৰিক পোৱা যায়৷ কিন্তু  লিমাৰিকে  একপ্ৰকাৰ কাব্য (? ) সৃষ্টি স্বৰূপে প্ৰতিষ্ঠা লাভ কৰে Edward Lear ৰ হাতত৷ ১৮৪৬ খ্ৰীঃ ত প্ৰকাশিত তেওঁৰ A Book of Nonsense এনে ৰচনাৰ সংকলন৷ তেওঁ আকৌ আইৰিছ সৈন্যসকলে গোৱা গীততকৈয়ো There was an old man of Tobago এই শাৰীটোৰে আৰম্ভ হোৱা ল’ৰা ওমলোৱা গীত এটাৰ ৰূপৰ আৰ্হিত লিমাৰিক ৰচনাৰ ধাৰণা লাভ কৰা বুলি দাবী কৰে৷  ( ড° নগেন শইকীয়া ) তেওঁৰ A Book of Nonsense ৰ আৰম্ভণিতে থকা লিমাৰিকটি এনে ধৰণৰ, —–

There was an old Derry down Derry,
Who loved to see little folks merry;
So he made them a book
And with laughter they shook
At the fun of that Derry down Derry.

পুথি খনৰ প্ৰথম লিমাৰিকটো ঃ

There was an old Man with a beard,
Who said, “ It is just as I feared;
Two owls and a Hen,
Four larks and a wren,
Have all built their nests in my beard!

লিমাৰিক এবিধ ব্যংগাত্মক ৰচনা৷ শ্ৰেষ্ঠ লিমাৰিকবোৰত প্ৰায়ে অশ্লীলতা পৰিলক্ষিত হয়৷ ব্যুৎপত্তি বিচাৰত ইয়াৰ মূলতে আছে লঘু ভাৱৰ, হাস্য ৰসাত্মক এবিধ চুটি কবিতা৷ মূলতঃ নিৰ্দোষ হাস্য ৰস প্ৰদান কৰাটোৱেই লিমাৰিকৰ উদ্দেশ্য হ’লেও বৰ্তমান ই ইমানতে সীমাবদ্ধ হৈ নাথাকি সমালোচনাৰ একপ্ৰকাৰ মাধ্যম হৈ পৰিছে৷ গতিশীলতা ইয়াৰ আন এক বৈশিষ্ট্য্য স্বৰূপ৷

একোটা লিমাৰিক পাঁচটা শাৰীৰে সম্পূৰ্ণ হয়৷ তাৰে প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰী কেইটা ত্ৰিমাত্ৰিক আৰু মাজৰ তৃতীয় আৰু চতুৰ্থ শাৰী দুটা দ্বিমাত্ৰিক আৰু বাকী শাৰী তিনিটাতকৈ এটা পৰ্ব কম থাকে৷ সেয়ে এই দুশাৰী বাকী শাৰী কেইটাতকৈ চুটি৷ চৰণ সমূহৰ মিলৰ গাঁথনি হ’ল, ক ক খ খ ক৷

ইয়াৰ অন্যান্য বৈশিষ্ট্য্য সমূহ এনে ধৰণৰ ঃ
(ক) এটা স্তৱকেৰেই একোটা কবিতা সম্পূৰ্ণ হয়৷ এটা ভাব এটা স্তৱকতে শেষ হয়৷ বিহুগীতৰ কলি বা ওমৰ খায়ামৰ ৰুবায় বোৰৰ দৰে৷ এটা স্তৱকৰ লগত আন এটা স্তৱকৰ কোনো সম্পৰ্ক নাই৷
(খ) শেষ চৰণটো আধাদুখৰীয়াকৈ, সম্পূৰ্ণ নহয়, প্ৰথম চৰণটোৰ হুবহু পুনৰাবৃত্তি৷
(গ) আৰম্ভণিটো সাধু কথাৰ লেখীয়া৷ কৃত্ৰিম গম্ভীৰ, সেয়ে শেষ চৰণত ৰসৰ গাগৰি গোটেইটো উবুৰিয়াই দিয়াৰ দৰে লাগে৷ ( ড° মহেন্দ্ৰ বৰা )
(ঘ) ছন্দ জ্ঞান লিমাৰিকৰ বাবে অপৰিহাৰ্য৷ ধ্বনি প্ৰবাহলৈ লক্ষ্য নাৰাখি কেৱল অন্ত্যমিলতে সীমাবদ্ধ ৰখাৰ ফলত সম্প্ৰতি লিমাৰিকৰ নামত ভুল ৰচনাই বহু ঠাই দখল কৰিছে৷
ওপৰৰ খ নিয়মটো আজি কালিৰ লিমাৰিকত দেখা পোৱা নাযায়৷
অসমীয়া ভাষাত ড° মহেশ্বৰ নেওগে “মোৰ নাম মহেশ্বৰ, মই হেনো প্ৰফেছৰ” বুলি এটা লিমাৰিক লিখিছিল৷ লিমাৰিকক প্ৰথমে সকলোৰে সন্মুখত চিনাকি কৰাই দিয়ে ড° মহেন্দ্ৰ বৰাই ১৯৭০ চনত প্ৰকাশিত তেখেতৰ “এই নদীয়েদি” নামৰ কবিতা পুথিখনত পৰিশিষ্ট হিচাপে সংযোগ কৰা কেইটামান লিমাৰিকৰ জৰিয়তে৷ তেখেতৰ সুন্দৰ লিমাৰিকৰ উদাহৰণ, —

ভুল কৰি কাশীধাম নামি দেখে নৈনী
হাওৰাত থাকি গ’ল সৰুজনী ঘৈণী
মচি উঠি জ্বৰ ঘাম
ল’লে তেওঁ ৰাম নাম
মুটিয়াই সুধিলেহি লাগে নেকি খৈণী৷

জীয়েকলে’ লাগে হেনো ভাল এটি পাত্ৰ
চলি যায় হয় যদি এম. এ.ৰ ছাত্ৰ
মুখস্থ গোটেইখন
ৰন্ধন প্ৰকৰণ
গচকিহে পোৱা নাই পাকঘৰ মাত্ৰ৷

তেখেতৰ পিছত অনেক কবিয়ে লিমাৰিকৰ ৰচনাত হাত দিয়ে৷ বিশেষকৈ ‘প্ৰান্তিক ’ ৰ পাতত ড° প্ৰবীণ শইকীয়াই  ‘আপদীয়া পদ্য’ নামেৰে নিয়মীয়াকৈ লিমাৰিক লিখি নতুন লেখকক লিমাৰিক লিখিবলৈ উৎসাহিত কৰিছিল৷ বৰ্তমান ‘লিমাৰিক ’ আৰু  ‘আপদীয়া পদ্য ’ — দুয়োটা নামেৰে আমাৰ ভাষাত অনেকে এই ধৰণৰ কবিতা লিখি অসমীয়া লিমাৰিকৰ ভঁৰাল সমৃদ্ধ কৰি তুলিছে৷
সাম্প্ৰতিক কালৰ দুটামান লিমাৰিকৰ উদাহৰণ ঃ

যদুপতি উকীলৰ কফ পিত্ত বাত
মহৰীক চিঞৰিলে — ‘কবিৰাজ মাত ’
এজনেই কবিৰাজ
ভৱানী ভৰদ্বাজ
তেওঁৰ আকৌ অথন্তৰ খৰ খহু গাত৷
(ভাৰতী বৰুৱা৷)

নামজ্বলা বিজ্ঞানী তেওঁ মিষ্টাৰ পি চাইকীয়া
গ্ৰহৰত্ন পিন্ধিবলৈ ঠাই আৰু নাইকিয়া
বৰদোৱাত বৰ শৰাই
কামাখ্যাত পাৰ চৰাই
তালুত পৰিল জেঠী কিচ্ছেনত নাইপিয়া৷
(প্ৰবীণ শইকীয়া৷)

চৌৰ্যবৃত্তি পেছা মোৰ, দিনত বগলী
নিশা হ’লে শুঙি ফুৰোঁ ৰাইজৰ পদূলি
লগ পালে কোনোবাই
দূৰেদি আঁতৰি যায়
বাহিৰ ফুৰা ভাওঁ ধৰোঁ, পোন্ধ কৰি মুকলি৷
(সত্যেন্দ্ৰ বৰদলৈ৷)

একালৰ কমৰেড বাপধন চাংমাই
মাৰ্ক্স মাও এঙ্গেল্‌চ নজনাৰ নাম নাই
সম্প্ৰতি ভাগৱতী
ভুকুতিত ৰত অতি
জোলোঙাৰ জলঙাত বিলাতীৰ বনচাই৷
(সত্যেন্দ্ৰ বৰদলৈ৷)

☆★☆★☆

2 Comments

  • তথ্যসমৃদ্ধ লিখনি, উপকৃত হ’লোঁ।

    Reply
  • জিতা ফুকন

    সুন্দৰ লিখনি ৷ তথ্যসমৃদ্ধ লিখনিটোৱে লিমাৰিকৰ প্ৰতি এই অভাজনৰ আগ্ৰহ বৃদ্ধি কৰালে ৷

    Reply

Leave a Reply

Your email address will not be published.