ফটাঢোল

লিমাৰিক – ৰাজীব শৰ্মা

(১)

জনতা জনাৰ্দন টেটু ফালি চিঞৰে
নিৰ্বাচিত হ’লে কিন্তু সকলো পাহৰে

প্ৰতিশ্ৰুতিৰ সমাধি
গণতন্ত্ৰৰ ই ব্যাধি

আশাত বন্দী ভোটাৰে চকুলো মোহাৰে।

 

(২)

দুই হাতে চটিয়াই ৰাইজৰ ধন
সমাজ সেৱা কৰিবলৈ বৰকৈ মন

মিছা কথাৰ পাহাৰ গঢ়ে
ভগৱান হৈ সবাকে তৰে

চকী জিকি সেৱকে বঢ়ায় গলধন।

 

(৩)

পাঁচ বছৰৰ মুৰত ৰাইজেই ৰজা
আঙুলিৰ ঠাঁৰত নাচি খায় বুট ভজা

মদ মাংস কম্বল
এই তিনিটা সম্বল

শ টকাত কোটি হয়, ব্যৱসায় ই মজা।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.