ফটাঢোল

লুটুকনৰ কথাৰে– নিৰ্মালী বৰমুদৈ

সহজ সৰল সকলোকে একেষাৰে আপোন কৰি ল’ব পৰা আমাৰ গাঁঁৱৰ লুটুকন কাইটিৰ কথাই সুকীয়া। একেবাৰে ব্যতিক্ৰম লুটুকন কাইটিয়ে সকলো কথা যুক্তিৰে দৰ্শাই। তাৰ যুক্তিবোৰৰ লগত গাঁওখনৰ বিশিষ্ট ব্যক্তি সকলেও সেও মানিবলৈ বাধ্য হয়। তাৰোপৰি কিছুমান কথা ইমান সুন্দৰকৈ ৰস লগাকৈ যুক্তি দিব যে আপোনাৰ মুখত লাগি থকা সঁচা কথাটোও নোকোৱাকৈ হয় বুলি শলাগি গুচি আহিব।

এদিনাখনৰ কথা। লুটুকনৰ দেউতাকৰ স্বৰ্গপথ প্ৰশস্ত হোৱাৰ সময়। তেতিয়া নিশা ৮ মান বাজিছে। ইষ্ট-কুটুম্ব সকলো আহি ঘৰখনত উপস্থিত হৈছেহি। ইতিমধ্যে ৯ মান বজালৈ সংসাৰৰ মোহ ত্যাগ কৰি চিৰবিদায় মাগিলে।

ইফালে লুটুকনৰ ককায়েক চাকৰি সূত্ৰে দূৰত থকা হেতু আহি পোৱাহি নাছিল। সেয়েহে সকলোৱে ৰাতিপুৱা মৃতদেহ দাহন কৰাৰ সিদ্ধান্ত ল’লে। আত্মীয় সকলো নিশাটো মৃতকৰ ঘৰতে থকাৰ দিহা কৰিলে। এফালে শীতৰ দিন, আনফালে আলহীৰ জোখাৰে পৰ্যাপ্ত কাপোৰো নাছিল। তথাপিও যিয়ে যেনেকৈ পাৰে, ৰাতিটো কটাব কোনোমতে।

ৰাতিপুৱা ৩ মান বজাত লুটুকনৰ ঘৈণীয়েক চম্পা শোৱাৰ পৰা উঠিল। কিয়নো তেওঁ সদ্যহতে ঘৰখনৰ একমাত্ৰ বোৱাৰী যেতিয়া গোটেই যা যোগাৰ দ্বায়িত্ব তেওঁৰেই। হঠাৎ গিৰীয়েকৰ কথা মনত পৰাৰ লগে লগে কতনো আছে বুলি বিছাৰিবলৈ ধৰিলে।

: হেৰি, কতনো আছে?

হঠাৎ দেউতাকৰ ৰূমৰ ফালৰ পৰা লুটুকনৰ মাতটো শুনা যেন লাগিল৷

: কোৱা৷

এইবুলি লুটুকনে দেউতাকৰ লগত শুই থকাৰ পৰা মূৰতো উলিয়াই চম্পাক মাত লগালে।

চম্পাই চকুকেইটা ডাঙৰকৈ মেলি দৰ্জাৰ খুটাটোত ধৰি কোনোমতে নিজকে চম্ভালি ধৰিছে।

: কি কৰিছে আপুনি এইবোৰ?

: উৱা কিনো কৰিলোঁ? দেউতাৰ লগত শুলোঁ আকৌ।

: নহয় মানে, দেউতা মানে…….

: কি নহয় মানে? তোমালোক সকলোৱে বিছনাবোৰ দখল কৰি যিয়ে যেনেকৈ পাৰা শুলা, মোলৈ ক’তো জেগা নাপালোঁ কাৰণে দেউতাৰ লগতে শুই থাকিলোঁ। আত্মাটোহে নাই, শৰীৰটো দেউতাৰে নহয় জানো?

চম্পাই সেপধুকি কোনোমতে হয় বুলি মাতটো উলিয়ালে।

: হেৰি নহয়, সকলোলৈ চাহ কৰাগৈ যোৱা। দাদা আহি পোৱা চাগে আৰু দেৰি হ’ব। যোৱাকালিৰ পৰা মানুহখিনিৰ বহুত কষ্ট হৈছে।

: আপুনি কি কৈছে এইবোৰ? দেউতা ঢুকাইছে আৰু আপুনি চাহ বনোৱাৰ কথা কৈছে। মানুহে শুনিলে কি বুলিব? মনে মনে থাকক পায়।

: হেৰা। তোমালোকৰ এইবোৰেই ভুল। দেউতা ৯২ বছৰ জীয়াই থাকিল। সংসাৰৰ সকলো সুখ তেওঁ ভোগ কৰিলে। কোনো কৃপনালি নকৰাকৈ তুমি প্ৰতিপালন কৰিলা। ইয়াতকৈ বেছি বছৰ জীয়াই থকা হ’লে হয়তো দেউতাই বহুত কষ্ট পালে হয়। কোনোধৰণৰ জটিল বেমাৰো নাছিল। কি সুন্দৰকৈ জীবনটো পাৰ কৰিলে। গতিকে দেউতাৰ মৃত্যুত দুখ কৰাৰ কোনো কাৰণ নাই, বৰং আমি সুখী অনুভবহে কৰিব লাগে ইমান সুন্দৰ মৃত্যুৰ কাৰণে। এতিয়া যোৱা কালিৰ পৰা টোপনি খতি হোৱা মানুহখিনিক একাপ চাহ দিয়াগৈ।

চম্পাই একো নামাতি মন্ত্ৰমুগ্ধ মানুহৰ লেখীয়া কেৱল পাকঘৰৰ ফালেহে খোজ ল’লে।

☆★☆★☆

10 Comments

  • মিৰাজ

    আপ্লুত হলোঁ।

    Reply
  • MITALI Saharia

    হাঃ হাঃ। লুটুকনে ঠিকেই কৈছে।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল নিৰ্মালী, অলপ অানইউজুৱেল টপিক বাছি ললা৷

    মৃত্যুটো ৰস বিছাৰি উলিয়াইছা৷ সাহসী ছোৱালী তুমি৷ গল্পটো এনজয় কৰিলোঁ

    Reply
  • অঞ্জন সাধানিদাৰ

    ভাল লাগিল নিৰ্মালি

    Reply
  • ৰাজীৱ

    মুখ মেল খাই গ’ল

    Reply
  • ৰিণ্টু

    ভাল লাগিল

    Reply
  • তৃষ্ণা সো

    অনন্য লিখনি

    Reply
  • অনুৰূপ মহন্ত

    ভাল লাগিল। ঠিকেই কৈছে লুতুকণে।

    Reply
  • অভিজিত কলিতা

    হয়, এক সুস্থ সৱল জীৱন যাপন কৰি এদিন নিশব্দে আঁ‌তৰি যাব পৰা সকলক লৈ আমি প্ৰকৃততে সুখী হে হব লাগে। এখিনি কঠিন সময়ৰ মাজত আছো, সেয়ে হয়তো লেখাৰ অন্তৰৰ কথাখিনি উপলব্ধি কৰিব পাৰিছো

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷ অলপ ব্যতিক্ৰমী চিন্তা৷

    Reply

Leave a Reply

Your email address will not be published.