ফটাঢোল

লোকেল – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

‘লোকেল’ শব্দটোৰ আজিকালি অপাৰ মহিমা৷ ‘আব্বে চন মই লোকেল হয়’ বুলি আস্তিন কোঁচাই কোনোবা এজন যদি আগবাঢ়ি আহে তেনেক্ষেত্ৰত সন্মুখৰজন ‘চালানী’ হ’লে প্ৰায়েই চুণ দিয়া জোকৰ দৰে লেউসেউ হৈ পৰে। অৱশ্যে সন্মুখৰজনো লোকেল হ’লে এই ক্ষেত্ৰত আন এখন কুৰুক্ষেত্ৰৰ কথা কোনোপধ্যেই নুই কৰিব নোৱাৰি৷

লোকেল মানেই যেন এক ঐন্দ্ৰজালিক সন্মোহন৷ আনকি কিবা এপদ সামগ্ৰীৰ লগত এই বিশেষণটো সংযুক্ত হোৱা মানেই তাৰ মূল্যও আকাশলংঘী হৈ উঠে৷

মই গুৱাহাটীলৈ অহাৰ কেইদিনমান পিছত ওচৰতে থকা সন্ধিয়াৰ বজাৰখনত এদিন পাচলি কিনি থকা অৱস্থাত আমাৰ প্ৰতিবেশী হাজৰিকাই দেখা পাই ক’লে, “আৰে শৰ্মা, আপুনি কি ইয়াতহে বজাৰ কৰে? আপুনিও যে মানুহ আৰু দেই! ইয়াত লোকেল বস্তু কিবা পাই নেকি? ৰাসায়নিক সাৰ দি দুদিনতে লহপহীয়া কৰা ইয়াৰ শাক-পাচলি খাই আপোনাৰ শৰীৰটো ব্ৰ’ইলাৰ মুৰ্গীৰ দৰে সোৰোপা আৰু বেমাৰী কৰাৰ বাহিৰে আৰুনো বেলেগ কি কৰিব পাৰিব? তাতোকৈ ডাঙৰ কথাটো কি আপুনি ভাবি চাইছেনে? ইয়াত বজাৰ কৰি আচলতে আপুনি পইচাকেইটা কাক দি আছে? এই পইচাকেইটা যাব হয় ‘কাটা তাঁৰ’ৰ সিপাৰ নহয় ‘চিকেন নেক’ৰ সিপাৰ৷ লোকেল পাচলি কিনি খোৱা মানে অকল আমাৰ জিভাৰ জুতি পলোৱাই নহয়, পইচাকেইটাও আমাৰ থলুৱাৰ হাততেই থাকিব দিয়কচোন৷ আৰু এই অঞ্চলতটোত লোকেল পাচলি সহজতে পোৱা যায়; কাষৰেই বজাৰখনত আপুনি বিচৰামতে সৱ লোকেল বস্তু পাব। আপুনি কিন্তু ইয়াত বজাৰ কৰি সাংঘাতিক ভুল কৰি আছে দেই৷”

কথাটো মোৰো সঁচা যেন লাগিল৷ তাতেই এই বজাৰত মোৰ মাত-কথা বুজি পোৱা বেপাৰীও বিচাৰি পোৱা মস্কিল।

সেয়েহে এদিন মই দেওবৰীয়া সেই বিশেষ বজাৰত, হাজৰিকাই বুজাই দিয়ামতে লোকেল বস্তুৰ সন্ধানত ওলালো৷ সপ্তাহত দেওবাৰ আৰু বৃহস্পতিবাৰে এইখন বজাৰ বহে৷ হ’ব, সপ্তাহত দুদিন বজাৰ কৰিব পাৰিলেই মোৰ পৰিয়ালৰ বাবে যথেষ্ট। তেখেতে বুজাই দিয়া মতে বজাৰৰ মাজৰ এটা বিশেষ উপপথেৰে মই সোমালোঁ৷

সেই পথৰ দুয়োফালে বহি আছে ‘পাহাৰৰপৰা নামি অহা’ জনগোষ্ঠীয় মহিলাসকল, সমুখত হৰেক ৰকমৰ সামগ্ৰীৰ পয়োভৰ৷ হাজৰিকাৰ ভাষাত এই লাইনৰ সকলোবোৰ সামগ্ৰীয়েই এক্কেবাৰে ‘গেহেৰা’ লোকেল৷ গেছ দি নপকোৱা মালভোগ, চেনীচম্পা, জাহাজী আদি বিভিন্ন জাতৰ কলৰ লগতে ৰায়ায়নিক সাৰৰ পৰশ নলভা বিভিন্ন ধৰণৰ সতেজ শাক-পাচলিয়ে মোক খা মোক খা কৈ গা দেখুৱাই আছে৷ এইবোৰ দেখিয়েই মোৰ জিভাৰ পানী পৰিল৷ মই কোৱাত বাইদেউ এজনীয়ে ‘জাকত’ দিয়া কল একাষি বস্তা এখনৰ গাঁঠিটো খুলি ধানখেৰৰ মাজৰপৰা উলিয়াই দিলে৷ সিদিনা ‘চিকেন নেক’ৰ সিপাৰৰ বেপাৰী এজনে এনে একাষি কলৰ বাবে পঞ্চাশ টকা লৈছিল, ‘লোকেল’ বাবে আজি বাইদেউজনীক বিশ টকা বেছিকৈ দিব লগা হ’ল৷ বিশ টকাহে বেছি! গেছ্ নিদিয়া কল যে- অলপতো বেছি ল’বই!
ঘৰ পাই পৰিবাৰক ক’লোঁ “আজি মালভোগ কল খাবা আৰু৷ একেবাৰে গেছ নিদিয়া কল আনিছোঁ৷”

*********

লাহে-লাহে বজাৰখনৰ আঁতি-গুৰি মই বুজি পোৱা হ’লোঁ৷ সঁচাকৈয়ে বৃহৎ কলেবৰৰ বজাৰ৷ বকো, ছয়গাওঁ, বৰমা, সোণাপুৰ, আনকি মেঘালয়ৰ কিছু অঞ্চলৰ মহিলাও সপ্তাহত দুদিনকৈ ইয়ালৈ নামি আহে৷ তেওঁলোকৰ যহত ক্ৰমশঃ জিভাৰপৰা হেৰাই যাব খোজা ভেদাইলতা, মানিমুনি, নৰসিংহ আদিৰ স্বাদো পুনৰ উভতি আহিল ৷

বজাৰখনৰ একাংশত যদি খাৰুপেটীয়াৰ লোকেল বিলাহী, আন একাংশত আকৌ শিঙিমাৰীৰ লোকেল বেঙেনা৷ মুঠতে বজাৰখনে কাকো নিৰাশ নকৰে, দৰকাৰী সকলোখিনি বস্তুয়েই পোৱা যায়৷ আনকি লোকেল সেইটুপিও পুৱাৰেপৰা উভৈনদী যেন লাগে৷ মুঠতে সকলোতে লোকেলৰ মোহৰ৷

পিছে দামৰহে খুব তাৰতম্য৷ খাৰুপেটীয়াৰ এবিধ লোকেল সামগ্ৰীৰ দাম যদি কেজিত বিশ টকা একেই এবিধ লোকেল সামগ্ৰীৰ কেজি বাইদেউহঁতৰ ওচৰত চল্লিশ বা পঞ্চাশ টকা৷
এদিন মই সুধোঁতে বাইদেউ এজনীয়ে ক’লে, “আমি যে গোবৰৰ বাহিৰে বেলেগ একো সাৰ নিদিওঁ, দাম হ’বই৷”

হয় হয়, এওঁলোকৰ কষ্টও হয়৷ মোৰ দৰে আন হেজাৰজনেও এওঁলোকৰপৰা সেই দামতেই কিনে৷ দাম অলপ বেছি হোৱা যেন লাগিলেও থলুৱাৰ মাজতেই এনেদৰে পইচাৰ ৰদ-বদল কৰা কাৰ্যটোত কিবা এটা জাতীয়তাবাদী ভাৱধাৰা নিহিত হৈ থকা যেনো লাগে৷ জাতিটোৰ বাবে এনেকৈয়ে ইতিবাচক কিবা এক মহৎ কৰ্ম কৰা যেন পাই অন্তৰখনেও নিভৃতে শান্তি লভে৷

*******

পিছৰ সপ্তাহৰ বজাৰ বাৰৰ দিনলৈ মোৰ অফিচিয়েল টুৰত বাহিৰলৈ যোৱাৰ সম্ভাৱনা দেখি বজাৰত সদায় যিজনী বাইদেউৰপৰা কল কিনো তেখেতক ক’লোঁ, “অলপ আধাপকা চাইও একাষি কল দিয়কনা, যাতে অহা সপ্তাহলৈও কাম চলাব পাৰোঁ৷”

পিছে দুদিন পিছত চাই দেখিলোঁ যে পিছৰ সপ্তাহলৈ ভালদৰে পকিব লগা কল আষি দুদিনতে ক’লীয়া বৰণ ধৰি একেবাৰে পচিয়েই গ’ল!

শ্ৰীমতীয়ে ক’লে, “এটা কথা মন কৰিছানে? তুমি বজাৰৰপৰা অনা সেই গেছ্ নিদিয়া কল আৰু মই কাষৰ বেপাৰীজনৰপৰা অনা গেছ দিয়া কলৰ মাজত আচলতে একো পাৰ্থক্য নাই, সোৱাদো একেই৷ আৰু এটা কথা, এদিন চিনাকি বেপাৰীজনক সুধোঁতে কৈছিল যে তেওঁলোকেও বোলে মালভোগ কল পকাবলৈ সচৰাচৰ গেছ ব্যৱহাৰ নকৰে। শীতৰ দিনতহে বোলে কেতিয়াবা কথাটো অলপ বেলেগ হয়৷ কিন্তু চেনীকলত বোলে গেছ নিদিলে ভালদৰে নপকেই, এফালৰপৰা এটা-দুটাকৈহে পকে৷ গাঁৱৰ ঘৰত থাকোঁতে এই কথাটোৰ ময়ো প্ৰমাণ পাইছিলোঁ৷ পিছে সিদিনা যে তুমি সেই জাকত দি পকোৱা চেনীকল আনিছিলা, সেইখিনিটো সুষম ভাবে পকা আছিল আৰু দুদিনতে ক’লা পৰি একেবাৰে গেলিয়েই গ’ল!
এটা কাম কৰিবা, কল মই ইয়াৰপৰাই আনিম দিয়া৷ অন্ততঃ এওঁলোকে কাৰ্বাইডৰ সঠিক হিচাপটোতো জানে।”

********

এবাৰ বৰপেটা ৰ’ডলৈ যাওঁতে তাৰ পাচলিৰ বজাৰখনতো সোমালোঁ৷ নামনিৰ বৃহৎ অঞ্চলৰ পাচলিৰ যোগান সেই অঞ্চলৰপৰাই চলে৷ বজাৰৰ দাম শুনি মই দুখন নতুন মোনা কিনিব লগা হ’ল; গুৱাহাটীৰ বজাৰত চল্লিশ/পঞ্চাশ টকা দি কিনিব লগা পাচলি ইয়াত চাৰি/পাঁচ টকাতেই উভৈনদী৷ পঞ্চাশ টকাতেই সজীৱ শাক-পাচলিৰে মোৰ দুয়োখন মোনা ভৰিল৷

হঠাৎ দেখিলোঁ, মই আজিকালি গুৱাহাটীত বজাৰ কৰা সেই বজাৰখনৰ বেপাৰী দুজনমানেও তাত পাচলিৰ দৰ-দাম কৰি আছে৷ এওঁলোকক গুৱাহাটীৰ বজাৰখনত এক্কেবাৰে গেহেৰা লোকেল মালহে বেছা বাইদেউ দুজনীৰ লগত সদায় একেলগে দেখোঁ৷ মোৰ মনত কিবা এটা সন্দেহ হোৱাত আলেঙে-আলেঙে মই তেওঁলোকক চাই থাকিলোঁ৷

*******

পিছদিনা সেই বিশেষ বজাৰখনৰ বজাৰ বাৰ আছিল৷ আচলতে যদিও আগদিনা বৰপেটাৰ’ডৰপৰা কিনি অনা পাচলিৰে মোৰ ঘৰ ভৰি আছিল তথাপি কিবা এটা ভাবি মই মোৰ বিশ্বাসী সেই বাইদেউকেইজনীৰ কাষলৈ পুৱাই গ’লোঁ৷ আগদিনা বৰপেটাৰ’ডত দেখা সেই মানুহকেইজনে মই আগদিনা কিনি অনাৰ দৰে একেই ধৰণৰ পাচলি বাইদেউকেইজনীৰ সমুখত সজাই আছে৷ কেৱল এটাই পাৰ্থক্য- বৰপেটাৰ’ডত সামগ্ৰীবোৰ বস্তাৰ ভিতৰৰপৰা উলিয়াইছিল আৰু ইয়াত কেইখনমান মোনাৰ ভিতৰৰপৰা উলিয়াই আছে৷ পিছে বৰপেটাৰ’ডতকৈ দামহে দহগুণমান অধিক৷ তাকো সদায় সদায় পাচলি কিনি বাইদেউহঁতৰ একেবাৰে চিনাকি হৈ পৰা বাবে মই বুলিহে বোলে বেছি লাভৰ কথা নাভাবি ইমান কম দামত দিবলৈ ওলাইছে! দাম হ’বও দিয়কচোন- এক্কেবাৰে পিওৰ গোবৰ সাৰ দিহে বনোৱা পাচলি যে!

**********

এদিন বজাৰত ৰাভাক পাচলি কিনি থকা দেখিলোঁ৷ ৰাভা একালৰ মোৰ সহকৰ্মী, বকোৰ ফালে ঘৰ৷ তেতিয়া মই খাৰুপেটীয়াৰ কম দামী সামগ্ৰীৰ মাজত৷ তাক সুধিলোঁ, “তইও ইয়াত পাচলি লৈ আছ’ যে? তহঁতৰ ফালৰ বহুতেই দেখোঁ লোকেল পাচলি লৈ আহে?
‘ধুৰ, লোকেল! আৰু একেবাৰে পিওৰ গোবৰ সাৰ দি বনায় বাবে দামো বেছি নহয়নে? হেৰ, গাঁৱৰ ফালেও আজিকালি আমূলৰ পেকেট কিনিলেহে গাখীৰ দিয়া চাহকাপ পায় আৰু ট্ৰেক্টৰ নহ’লে খেতিও নহয়৷ গতিকে খেতিত দিবলৈ গোবৰ পায় ক’ৰপৰা? কাৰোবাৰ যদি এটা গৰু আছেও সেই গোবৰ সাৰেৰে বনোৱা পাচলি সেই ঘৰখনকেই খাবলৈ নাটে৷ পাহাৰীয়া কলডিল, বনৰীয়া শাক বা ঔটেঙা আদি লাগিলেহে মই সেইফালে যাওঁ৷ আনকি জিল্‌মিল শাকো আজিকালি সাৰ দি ব্যবসায়িক ভিত্তিত কৰা হ’ল৷

*********

চাউলৰ বেপাৰীকেইজনৰ ওচৰত গ্ৰাহকৰ ভীৰ৷ মই ‘ৰঞ্জিত’ চাউল বিচাৰিলোঁ৷ পিছে এজনৰ ওচৰতো নাই, কেৱল আইজং চাউলহে আছে৷ আটাইকেইজনে ক’লে, “লওক লওক, খাই আপুনি পিছৰবাৰ আকৌ মোৰ ইয়ালৈকে আহিব লাগিব৷ ৰঞ্জিততকৈ খাই বহুত ভালো পাব৷ এক্কেবাৰে লোকেল চাউল৷”

“নহয়হে পিঠা খাবলৈ অলপ মোটা ধৰণৰ চাউল হ’লেহে ভাল৷ সেয়ে মোক বিচৰা বিধেই লাগে৷”

গ্ৰাহক নাইকিয়া হোৱাৰ লগে লগে এজনে মোক মাতিলে আৰু ক’লে, “দাদা লওক, ৰঞ্জিতেই হয় দিয়ক৷”
মই বোলো অলপ আগলৈ কৈ আছিলা ৰঞ্জিত নাই, আইজংহে আছে৷ এতিয়া ঘপহকৈ কেনেকৈ সলনি হ’লহে? ”
“দাদা সেইবোৰ ব্যৱসায়িক কথা দিয়ক৷ এইমাত্ৰ নিয়াজনতকৈ কেজিত দুই টকা কমকৈ দিব৷”

ৰঞ্জিত আৰু আইজং চাউল দেখিবলৈ প্ৰায় একেই৷ আগৰ বাৰ এনেদৰে খাঁটি আইজং চাউল নিয়াৰ পিছত ঘৰ পাইহে গম পালোঁ যে সেইয়া আচলতে ৰঞ্জিতহে৷ এনেকুৱা ক্ষেত্ৰত প্ৰায়েই মোৰ খেলিমেলি লাগে৷ খাঁটি লোকেল মুৰ্গী বজাৰৰপৰা কিনি অনাৰ পাছত ঘৰত যেতিয়া শ্ৰীমতীয়ে কয় যে আচলতে বেপাৰীয়ে মোক ক্ৰ’ইলাৰ মুৰ্গী দিহে ঠগিলে তেতিয়াই বেপাৰীৰ চৌধ্য গোষ্ঠীক এফালৰপৰা গুলীয়াই মাৰিম যেন লাগে৷
আজিকালি লোকেল আইজং চাউল ল’বলৈ খুজিলেও মই বজাৰলৈ গৈ ৰঞ্জিত চাউলহে বিচাৰোঁ৷ সেইদৰে লোকেল মুৰ্গী আনিবলৈ হ’লেও ক্ৰ’ইলাৰ মুৰ্গীহে বিচাৰোঁ৷ যদি গ্ৰাহক নাইকিয়া হোৱাৰ পিছত বেপাৰীয়ে ‘আহক আহক’ বুলি লাহেকৈ কাষলৈ মাতে, তেতিয়াতো বুজিলোৱেই আৰু যদি সঁচাকৈ গ্ৰাহক নাইকিয়া হোৱাৰ পাছতো বেপাৰীয়ে মোৰ ফালে অসহায় ভংগীমাৰে নীৰৱে চাই থাকে তেতিয়াহে ধৰি লওঁ যে সঁচাকৈ এইবাৰ ঠগ নাখাওঁ৷

**********

আগৰ চিনাকি মাছৰ বেপাৰীজনক বহুদিনৰ মূৰত সিদিনা আকস্মিকভাবে দেখিলোঁ৷ আগতে লোকেল মাছ লাগিলে প্ৰায়েই তাৰপৰা লৈছিলোঁ৷ পিছে সি সদায় শোলমাৰা বিলৰ মাছহে আনে৷ তাৰ ঘৰো বোলে শোলমাৰাত৷ পুৱাই বিলৰ মাছলৈ বাছত উঠে৷ ইয়াৰেই এঘৰত থৈ যোৱা চাইকেলত উঠি আমাৰ অঞ্চল পোৱালৈ তাৰ দহটামান বাজে, তেতিয়ালৈ মাছকেইটাও প্ৰায়েই চিত-ভোলোঙা দিয়ে৷ তথাপি বিলৰ লোকেল মাছ বাবে তাৰ মাছৰ দাম বেছি৷ দাম অধিক বাবেই কিজানি সোৱাদো বেছি যেন লাগে৷

এতিয়া আগৰ ঠাইৰপৰা ঘৰ সলাই মই কিছু দূৰলৈ আহিলোঁ৷ তাকো নেদেখা হ’লোঁ৷ সিদিনা পুৱাতেই মাছৰ দৰকাৰ হোৱাত আজিকালি সুলভ সেই অটোভানৰপৰা মই এটা ‘কাণপুৰ’ৰ চালানী ৰৌ মাছ লৈ আছিলোঁ৷ তেনেতে আগৰ মোৰ সেই চিনাকি লোকেল মাছৰ বেপাৰীজনো আহিল, অটোভানখনৰ পৰা সিও টাটকা চাই কেইটামান কাণপুৰীয়া মাছ ল’লে৷ মাছ লৈ থাকোঁতে এবাৰ মোৰ চকুৱে চকুৱে তাৰ চকু পৰাত সি ততালিকে তলমুৱা হ’ল৷ একালত সি মোক প্ৰায়েই লোকেল মাছ খুৱাই থকাৰ কথাতো তাৰো মনলৈ অহাত কিজানি সি খৰধৰকৈ চাইকেল চলাই গুচি গ’ল৷ নিশ্চয় ইয়াৰপৰা কিছু দূৰৈৰ তাৰ সেই নিৰ্ধাৰিত এলেকালৈয়ে সি বাট বুলিব৷ আজিও তাৰ চাইকেলৰ কেৰিয়াৰত বন্ধা হাণ্ডীৰ ভিতৰৰ পানীত মাছবোৰ আগৰ দৰেই চিত-ভোলোঙা দি পৰি থাকিল৷

******

মুঠতে কিবা এটাত ‘লোকেল’ বুলি মোহৰ লগা মানেই সেইটো সাংঘাতিকভাবে শিহৰণকাৰী হৈ উঠে; লাগিলে সেইটো যি জিনিচেই নহওক কিয়, কেৱল লোকেলৰ সকলোতে জয়-জয়কাৰ৷ আনকি আজিকালি নিৰ্বাচনৰ বতৰতো চালানী প্ৰাৰ্থীতকৈ লোকেল প্ৰাৰ্থীৰহে কদৰ বেছি৷ পিছে সকলোতে এই মোহৰ আৰু ভাল নলগা বা শুদ্ধকৈ ক’বলৈ হ’লে প্ৰায় ক্ষেত্ৰতেই এই মোহৰ অসহ্যকৰ হৈ উঠিছে৷ শাক-পাচলিৰ ক্ষেত্ৰত এইবোৰ কিবাকৈ সহিব পাৰিলেও এই যে কাণত কাণফুলি পিন্ধা, পাছফালৰপৰা চুলি দেখি ছোৱালী যেন লগা, সামান্য বতাহতে উৰি যাব যেন লগা লেং-পেং চেহেৰাৰ লোকেল দাদাসকলৰ পূজা-বিহু আদিৰ দৰে উৎসৱৰ আচিলাত এই মোহৰ সানি কৰা উপদ্ৰৱবোৰ আৰু অসহনীয় হৈ উঠিছে, যিবোৰ কাৰণত আমাৰ দৰে নিমাখিত জীৱকুলৰ উৎসৱ থলীলৈ যোৱাই মস্কিল হৈ পৰিছে৷ তাতেই তেওঁলোকৰ শৰীৰত যদি ফুৰ্তিপানী অকণমান অনুঘটক হৈ পৰিল তেতিয়াতো তেওঁলোকৰ অমিতাচাৰৰ কথাই একদম সোণত সুৱগা চৰায়৷

☆★☆★☆

3 Comments

  • Rintumoni Dutta

    তোমাৰ লিখাৰ ষ্টাইল মোৰ অতিকৈ প্ৰিয় মানৱেন্দ্ৰ, সৰু সৰু কথা কিছুমান বৰ সুন্দৰকৈ উপস্থাপন কৰা তুমি, প্ৰকাশভংগীও অত্যন্ত সাৱলীল। খুব ভাল লাগিল পঢ়ি

    অনুৰোধ এটাই, ব্যস্ততাৰ মাজতো কলমটো এৰি নিদিবা

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল মানৱেন্দ্ৰ৷ গোটতো পঢ়িছো

    Reply
  • চিত্ৰলেখা দেৱী

    ভাল লাগিল পঢ়ি লোকেলৰ দৌৰাত্ম্য ।

    Reply

Leave a Reply

Your email address will not be published.