ফটাঢোল

লোকেল ৰজনী এক্সপ্ৰেছ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

সদায় চাই ভাল লগা চাউথ ইণ্ডিয়ান চিনেমাই হয় এইখনো। এইখনৰ হিৰ’ আকৌ চাউথৰ চুপাৰষ্টাৰ, মেগাষ্টাৰ বা যিকোনো ষ্টাৰ ৰজনীকান্থ।

আমি ৰজনীকান্ত বুলি কৈয়ো লাভ নাই, চাউথত ৰজনীকান্থ বুলিয়ে কয়।

চিনেমাখনৰ ঘটনাটো এনেধৰণৰঃ

এখন গাঁৱত পানী নাই। পানী নাই মানে, য’তে ত’তে খান্দিলেও পানী নোলায়। গাঁৱৰ মুখীয়ালজন, যিয়ে চিনেমাখনৰ ভিলেইনো হয়, তেওঁ বহুত জেগাত খান্দিও পানী উলিয়াব পৰা নাই আজিলৈকে। তেওঁ উপায়ান্তৰ হৈ বহুতো যাগ-যজ্ঞ কৰি বুজি পালে যে গাঁওখনত থকা বিধৱা মানুহজনী আৰু তাইৰ জীয়েকজনীয়েই গাঁওখনত পানী নোপোৱাৰ একমাত্ৰ কাৰণ, গতিকে সিহঁতক গাঁওখনৰ পৰা খেদি দিলে আৰু পানী ওলাবৰ বাবে নতুনকৈ যজ্ঞ আৰম্ভ কৰিলে।

এইবাৰ নতুনকৈ হোৱা যজ্ঞৰ পুৰোহিতে “ঔম হ্ৰিং ক্ৰিং ক্ৰিং কলিং বেলেই নম:”-বুলি এসোপামান মন্ত্ৰ মাতি ক’লে যে বিধৱা তিৰোতাজনী আৰু জীয়েকক গাঁৱৰ পৰা সম্পূৰ্ণৰূপে খেদিব নোৱাৰিলে পানী কেতিয়াও নাপাব গাঁওবাসীয়ে, গতিকে সিহঁতক খেদিব লাগে।

পুৰোহিতৰ কথামতে মুখীয়ালজনৰ সৈতে সমগ্ৰ গাওঁবাসী সেই বিধৱা আৰু জীয়েকজনীক গাঁৱৰপৰা খেদিবলৈ ওলাই গ’ল।

এতিয়াহে ফাইট আৰম্ভ, ইমান সময় কেৱল চাচপেন্সহে আছিল।

মুখীয়ালজনৰ লগত গোটেই গাঁওবাসী গৈ বিধৱাজনীৰ উৰুখা পঁজাটোৰ সন্মুখত থিয় হ’ল আৰু তাইক বাহিৰ ওলাই আহিব ক’লে।

সিহঁতৰ ভাষাতে ক’লে,-“ইল্লে ইন্নি গিৰিয়াপ্পান্নী বিৰাপান্নানী”

মানে বুজিবলৈ যদি চেষ্টা কৰা যায় তেন্তে কথাখিনি এনেধৰণৰ হ’ব পাৰে-

“ঐ মৰতী, বীৰাপান্নাৰ লগত জংঘলত তোৰ মুনিহটো মৰিল কিন্তু তহঁতৰহে এতিয়াও মৰিব হোৱা নাই”।

মানুহজনীয়ে নিজৰ জীয়েকজনীক লগত লৈ বাহিৰ ওলাই আহিয়ে আঁঠুকাঢ়ি সকলোৰে সন্মুখত বহি দিলে,-বোলে যি হ’ল হ’ল আৰু, আমাক মাফ কৰি দিয়ক এতিয়া।

মুখীয়ালৰূপী ভিলেইনজনে এতিয়াও গাঁৱৰ মানুহবোৰক উৎসাহিত কৰিয়েই থাকিল যে সিহত দুজনীক গাঁৱৰ পৰা খেদিব লাগে, নহ’লে তাৰ নিজৰ ঘৰতো পানী নাপায়।

“আন্না ৰাস্কেলা পান্নী নাপ্পায় কেল্লা…।”

গাঁৱৰ মানুহবোৰ উত্তেজিত হৈ বিধৱাজনীৰ ঘৰৰ ফালে আক্ৰমণ কৰিবলৈ খেদি গ’ল।

এনেতে ঘটনাটোত আৱিৰ্ভাৱ হ’ল হিৰ’ৰ মানে ৰজনীকান্থৰ।

গাঁৱৰ মানুহবোৰে আক্ৰমণ কৰিব যোৱা গ্ৰুপটোৰ সন্মুখত আছিল মুখীয়ালজনৰ পুতেকজন যিয়ে আচম্বিতভাৱে মুখামুখি হ’ল ৰজনীকান্থৰ।

ৰজনীয়ে দুটুকুৰামান চুফাৰি এখন হাতত থাপ্পৰ মাৰি অইনখন হাতৰ পৰা ডাইৰেক্ট মুখত ভৰাই তাৰ সন্মুখত থিয় হ’ল।

“আন্না, ৰজনীপ্পা গন্ধাপ্পা খালোপ্পা”।

মানে!বুজিবলৈ চেষ্টা কৰিলে ছাগে এনেকুৱা হ’ব,-“অলপমান সময় ৰহ আকৌ জহনীত যোৱাহঁত, ৰজনীগন্ধাটো খাইছোহে মাত্ৰ”।

এইবাৰ ৰজনীগন্ধাটো চোবাই চোবাই ৰজনীকান্থে ভলীবলত ফাৰ্ষ্ট নেটত চাৰ্ভ কৰাৰ দৰে মুখীয়ালৰ পুতেকটোৰ মূৰত এটা থাপ্পৰ দিলে। থাপ্পৰটোত ইমানেই বল প্ৰয়োগ হৈছিল যে মুখীয়ালৰ পুতেকটো মাটিৰ তলত সোমাই গ’ল আৰু সেই জেগাটোৰ পৰা পানী ওলাই আহিল। ইমানদিনে গাঁওখনত হৈ থকা পানীৰ সমস্যা প্ৰায় সমাধান।

“ইল্লে পান্নীপ্পা ৰজন্নীপ্পা আন্না”

মানে, তহঁতক পানী লাগিলে মোক আগতেই ক’ব লাগিছিল, ইমান সৰু কথাটোত ইমান হুলস্থূল কৰাৰ কোনো প্ৰয়োজন নাই।

এইবাৰ মুখীয়ালৰ ইঙ্গিতত গোটেই গাঁৱৰ মানুহে ৰজনীক ঘেৰাও কৰি ধৰিলে, “কাব্বাদী!কাব্বাদী”ৰ দৰে,বেটা কেনেকৈ পলাবি এতিয়া।

চাৰিওফালে মানুহ!

ৰজনীকান্থে ইফালে সিফালে চাইছে আৰু হঠাতে মাটিৰ পৰা কাঠৰ টুকুৰা এটা বুটলি লৈছে আৰু টুকুৰাটো এখন হাতৰ দুটা আঙুলিৰে এনেকুৱাকৈ ঘূৰাব ধৰিছে যে সেইটো এখন হেলিকপ্তাৰৰ পাংখাৰ দৰে হৈছে আৰু ৰজনীকান্থ মানুহটো লাহে লাহে হেলিকপ্তাৰৰ দৰে ওপৰলৈ উৰিব লৈছে।

হাতৰ আঙুলি দুটাৰ মাজত কাঠৰ টুকুৰাটোৰ স্পীড কণ্ট্ৰোল কৰি হেলিকপ্তাৰ এখন উঠা-নমা কৰাৰ দৰে ৰজনীয়ে উৰি উৰি গোটেই গাঁৱৰ মানুহবোৰৰ মূৰত লাথ মাৰিছে আৰু সকলোকে বেহুচ কৰি মুখীয়ালজনৰ সন্মুখত থিয় দিছে।

এইবাৰ মুখীয়ালজনে ৰজনীৰ বীৰত্বৰ সন্মুখত নিজকে অসহায় দেখুৱাই নিজৰ পুতেকটোৰ মুক্তিৰ প্ৰাৰ্থনা কৰিছে।

“আন্না, ইল্লে পুতাপ্পা মোল্লা আপ্পা”।

মানে, এইখিনিতে মোৰ আপাটো মাটিত পোতা গৈছে।

এইবাৰ ৰজনীকান্থ প্ৰসন্ন হৈ কাঠৰ টুকুৰাটো আঙুলি দুটাৰে ওলোটাকৈ ঘূৰাইছে আৰু পাকঘৰৰ ধোঁৱা বাহিৰ হোৱা এডজাষ্ট ফেনৰ দৰে এইবাৰ ঘূৰ্ণন বল ওলোটা হৈ পানী ওলোৱা গাঁতটোত সোমাই যোৱা মুখীয়ালৰ পুতেকটো ভাগৰত লালকাল হৈ বাহিৰ ওলাই আহিছে।

এয়াহে চিনেমা! দ্যা এণ্ড।

☆★☆★☆

3 Comments

  • গীতিকা শইকীয়া

    এইদিশত তোমাৰ পৰা আৰু বহুতো লিখনি আশা কৰিলোঁ। তোমাৰ লিখনি সদায়েই প্ৰিয়।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      চেষ্টা কৰিম বাইদেউ।অশেষ ধন্যবাদ।

      Reply
  • আন্না, ৰজনীপ্পা গন্ধাপ্পা খালোপ্পা, তামাম দিছে হে। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.