ফটাঢোল

শংকৰী যুগৰ সাহিত্য – চাহিন জাফ্ৰি

শংকৰী যুগৰ অসমীয়া সাহিত্য বুলি ক’লে খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত ৰচিত সাহিত্যৰাজিৰ কথাই বুজা যায়।  এই সময়ছোৱা আছিল অসমীয়া সাহিত্যৰ বাবে আটাইতকৈ সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে শিষ্য মাধৱদেৱৰ সৈতে লগ লাগি গীত-মাত, কাব্য, নাট, ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ, অনুবাদমূলক গ্ৰন্থ আদি সাহিত্যৰ বিভিন্ন ধাৰা সৃষ্টি কৰিলে। শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলন খ্ৰীঃ পঞ্চদশ শতিকাৰ আৰম্ভণিৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত আলোড়িত হোৱা ভক্তি আন্দোলনৰেই ফল। অসমত শংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা পাত ধৰিছিল আৰু সমাজত এক বৈপ্লৱিক আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। গুৰুৰ পদ অনুসৰণ কৰি তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ বিভিন্ন অনুগামী তথা শিষ্য-প্ৰশিষ্যসকলেও বৈষ্ণৱ কাব্য চৰ্চাত আত্মনিয়োগ কৰে। অসমীয়া সাহিত্য জগতলৈ শংকৰদেৱৰ বহুমুখী অৱদানৰ কথা লক্ষ্য ৰাখিয়েই সাহিত্যৰ ইতিহাসকাৰী তথা বুৰঞ্জীবিদসকলে এই যুগটোক ‘শংকৰী যুগ’ বা ‘নৱবৈষ্ণৱ যুগ’ বুলিও অভিহিত কৰে।শংকৰী যুগৰ অসমীয়া সাহিত্য বুলি ক’লে খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত ৰচিত সাহিত্যৰাজিৰ কথাই বুজা যায়।  এই সময়ছোৱা আছিল অসমীয়া সাহিত্যৰ বাবে আটাইতকৈ সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে শিষ্য মাধৱদেৱৰ সৈতে লগ লাগি গীত-মাত, কাব্য, নাট, ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ, অনুবাদমূলক গ্ৰন্থ আদি সাহিত্যৰ বিভিন্ন ধাৰা সৃষ্টি কৰিলে। শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলন খ্ৰীঃ পঞ্চদশ শতিকাৰ আৰম্ভণিৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত আলোড়িত হোৱা ভক্তি আন্দোলনৰেই ফল। অসমত শংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা পাত ধৰিছিল আৰু সমাজত এক বৈপ্লৱিক আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। গুৰুৰ পদ অনুসৰণ কৰি তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ বিভিন্ন অনুগামী তথা শিষ্য-প্ৰশিষ্যসকলেও বৈষ্ণৱ কাব্য চৰ্চাত আত্মনিয়োগ কৰে। অসমীয়া সাহিত্য জগতলৈ শংকৰদেৱৰ বহুমুখী অৱদানৰ কথা লক্ষ্য ৰাখিয়েই সাহিত্যৰ ইতিহাসকাৰী তথা বুৰঞ্জীবিদসকলে এই যুগটোক ‘শংকৰী যুগ’ বা ‘নৱবৈষ্ণৱ যুগ’ বুলিও অভিহিত কৰে।
এই সময়ৰ সাহিত্যসমূহ মূলতঃ ধৰ্ম প্ৰচাৰৰ অৰ্থে ৰচিত হোৱাৰ বাবেই বেছিভাগ সাহিত্যই কৃষ্ণভক্তিৰ তাত্ত্বিক কথাৰে সমৃদ্ধ আছিল। বিষ্ণু বা কৃষ্ণক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিববলৈ ভাগৱত, পুৰাণকে মুখ্য হিচাবে লৈ সেই সময়ৰ সাহিত্যসমূহ ৰচিত হৈছিল। সেয়েহে এই সময়ছোৱাৰ সাহিত্যৰাজি আছিল মূলতঃ অনুবাদমূলক। বিবিধ পুৰাণৰ পৰা মূখ্য সমলসমূহ সংগ্ৰহ কৰি সাহিত্য ৰচনাত ব্ৰতী হ’লেও এইবোৰৰ মাজত তেওঁলোকৰ মৌলিক প্ৰতিভাও ফুটি উঠিছিল।
এনে যুগৰ সাহিত্যৰাজিক বিভিন্ন ভাগত ভাগ কৰিব পৰা যায়। যেনে– কাব্য, নাটক, গীত, বৰগীত, ভটিমা, অংকৰ গীত, অনুবাদমূলক, ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ, কথাৰন্ধে ৰচিত গ্ৰন্থ আৰু চৰিত সাহিত্য।
মূল সংস্কৃতৰ পৰা অনুবাদ কৰা হ’লেও স্ত্ৰী-শূদ্ৰ তথা সৰ্বজনে বুজিব পৰাকৈ সহজ-সৰল ভাষাত ৰচনা কৰা এই সাহিত্যৰাজি অসমীয়া সাহিত্য জগতৰ বাবে অমূল্য সম্পদ।
শংকৰী যুগৰ সাহিত্যিকসকল আৰু তেওঁলোকৰ সাহিত্য কৰ্মঃ———————————————————-
মহাপুৰুষ শংকৰদেৱৰ আদৰ্শক অনুগত কৰি তেখেতৰ পাছত গুৰু মাধৱদেৱ আৰু বিভিন্ন সন্ত-মন্তসকলে অসমীয়া ভাষা সাহিত্যক উচ্চ স্তৰত উপবিষ্ট কৰালে। তেওঁলোকৰ ভিতৰত অনন্ত কন্দলী, ৰাম সৰস্বতী, কংসাৰি কবি, সাৰ্বভৌম ভট্টাচাৰ্য্য, শ্ৰীধৰ কন্দলী, ৰত্নাকৰ কন্দলী, ৰত্নাকৰ মিশ্ৰ, দামোদৰ দেৱ, ভট্টদেৱ আদি। ইয়াৰোপৰি সেই সময়ৰ বৈষ্ণৱ প্ৰভাৱমুক্ত কবি কেইজন হৈছে– দুৰ্গাবৰ, মনকৰ, পীতাম্বৰ আৰু সুকবি নাৰায়ণদেৱ। এওঁলোকৰ সাহিত্যৰাজিক পাঁচালি সাহিত্য বুলিও কোৱা হয়।
শংকৰদেৱঃ১৪৪৯ খ্ৰীষ্টাব্দত (১৩৭১ শক) নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত মহাপুৰুষ শংকৰদেৱৰ জন্ম হয়। পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধাৰ পৰলোকপ্ৰাপ্তি ঘটাত বুঢ়ীমাক খেৰসুঁতীয়ে তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰে। তেওঁ মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল আৰু অতি কম বয়সতেই তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।
শংকৰদেৱৰ বহুমুখী অৱদান তথা সাহিত্যকৰ্মসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। (ডঃ সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে)
কাব্য : হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন কাব্য, মৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ।
ভক্তিতত্ত্ব  প্ৰকাশক গ্ৰন্থ : ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱ-সিদ্ধ-সংবাদ, অনাদিপতন।
অনুবাদমূলক : (১) ভাগৱত ১ম, ২য়, ষষ্ঠ (অজামিল উপাখ্যন মাত্ৰ), ৮ম (বলিছলন, অমৃত মন্থন), ১০ম, ১২শ স্কন্ধ আৰু (২) উত্তৰাকাণ্ড ৰামায়ণ।
গীত: বৰগীত, ভটিমা, টোটয় আৰু চপয়।
নাম প্ৰসঙ্গ: কীৰ্ত্তন আৰু গুণমালা।মাৰ্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়ৰ আধাৰত ‘হৰিশ্চন্দ্ৰ উপাখ্যান, হৰিবংশৰ পৰা আহৰণ কৰা কাহিনীৰ ৰুক্মিণীহৰণ কাব্য, ভাগৱতৰ ৫ম আৰু ষষ্ঠ অধ্যায়ৰ পৰা ‘অজামিল উপাখ্যান, অষ্টম স্কন্ধৰ পৰা ‘অমৃত মন্থন’ আৰু দশম স্কন্ধৰ পৰা ‘কুৰুক্ষেত্ৰ’ কাব্যখন ৰচনা কৰিছে।
সেইদৰে ভাগৱত আৰু পুৰাণৰ পৰা ‘বলিছলন’ কাব্যখন ৰচনা কৰিছিল। আটাইকেইখন কাব্যৰেই মূলৰ পৰা কাহিনীভাগ গ্ৰহণ কৰিলেও তেওঁৰ মৌলিকত্বৰ প্ৰভাৱ আটাইকেইখন কাব্যতেই মন কৰা যায়। মূলতঃ ভক্তিৰসৰ উপৰিও শৃংগাৰ আৰু বীৰ ৰসৰ প্ৰাধান্য কাব্যকেইখনত মন কৰা যায়। ইয়াৰোপৰি ঠায়ে ঠায়ে হাস্যৰসৰ ছিটিকনিয়েও নাটককেইখনক উপভোগ্য কৰি তুলিছে।
তেওঁৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থসমূহত বৈষ্ণৱ ধৰ্মৰ তাত্ত্বিক দিশসমূহ সহজ সৰল ৰূপত প্ৰকাশ কৰা হৈছে। কৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনৰ জৰিয়তে ভক্তিৰ তত্ত্বসমূহ প্ৰকাশ পাইছে ‘ভক্তিপ্ৰদীপ’ নামৰ গ্ৰন্থখনত। ঠিক সেইদৰেই সৃষ্টিতত্ত্ব, পিণ্ড ব্ৰহ্মাণ্ড তত্ত্ব, ষট চক্ৰৰ কথা, ছৌবিছ তত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিৱৰণেৰে ‘অনাদিপতন’ গ্ৰন্থখন, নিমি ৰজা আৰু ন-গৰাকী সিদ্ধৰ কথোপকথনৰ মাজেৰে আধ্যাত্মিক আৰু ভক্তিতত্ত্ব প্ৰকাশেৰে ‘নিমি-নৱসিদ্ধ সংবাদ’ নামে গ্ৰন্থখন ৰচনা কৰিছিল। ইয়াৰোপৰি সংস্কৃত শাস্ত্ৰৰ বিভিন্ন শ্লোক চয়ন কৰি, সংস্কৃত ভাষাতেই ‘ভক্তি-ৰত্নাকৰ’ নামে প্ৰকৰণমূলক গ্ৰন্থখনো তেওঁ ৰচনা কৰে।
শংকৰদেৱৰ সৃষ্টি কাৰ্যসমূহৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় সাহিত্যবিধেই হৈছে– অংকীয়া নাট। উল্লেখযোগ্য যে ইয়াৰ আগলৈকে ভাৰতবৰ্ষৰ কোনো প্ৰাদেশিক ভাষাতেই নাট্য পৰম্পৰাৰ প্ৰচলন নাছিল। এই ক্ষেত্ৰত শংকৰদেৱকেই নাট্য  সাহিত্যৰ পিতৃ-পুৰুষ অথবা নাট্য সাহিত্যৰ জনক বুলিব পাৰি। ব্ৰজাৱলী ভাষাত ৰচনা কৰা তেওঁৰ নাটকসমূহ হ’ল ক্ৰমে– পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। উল্লেখনীয় যে উক্ত ছয়খন নাট ৰচনা কৰাৰ আগতে তেওঁ ‘চিহ্নযাত্ৰা’ নামেৰে সংলাপবিহীন নাটখনেৰে সকলোকে চমৎকৃত কৰিছিল। শংকৰদেৱৰ অংকীয়া নাটসমূহৰ ৰচনাৰ আৰ্হি সংস্কৃত নাটকৰ পৰা লোৱা যদিও থলুৱা উপাদানৰ সংযোগেৰে তেওঁ নাটসমূহক জনপ্ৰিয় কৰি তুলিছিল। অংকীয়া নাটসমূহ শ্লোক, গীত, কথাসূত্ৰ আৰু চৰিত্ৰ সংলাপ আদি উপাদানৰ সমষ্টি। শংকৰদেৱৰ নাটসমূহৰ ভিতৰত নাটকীয় গুণবোৰলৈ দৃষ্টি ৰাখি ‘পাৰিজাত হৰণ’ নাটকখনকে শ্ৰেষ্ঠ নাট বুলি কোৱা হয়।
শংকৰদেৱে ৰচনা কৰা গীতসমূহক মূলতঃ তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। ইয়াৰ ভিতৰত বৰগীতসমূহ হৈছে মহাপুৰুষজনাৰ অন্যতম অভিনৱ অৱদান। অৱশ্যে এই গীতসমূহক ‘বৰগীত’ বুলি শংকৰদেৱে নিজে নামাকৰণ কৰা নাই, তেওঁৰ পৰৱৰ্তী কালৰ বৈষ্ণৱ ভক্তসকলে এই গীতবোৰক আনতকৈ পৃথক অথবা শ্ৰেষ্ঠ বুজাবলৈ ‘বৰগীত’ নাম দিছিল। বৰগীতৰ বাহিৰেও তেওঁ ৰচনা কৰা গীতসমূহ হৈছে– ভটিমা আৰু টোটয় আৰু চপয়।
মহাপুৰুষ শংকৰদেৱে মুঠতে বাৰকুৰি বৰগীত ৰচনা কৰিছিল বুলি জনা যায়, যদিও বনপোৰা জুয়ে পুৰিলত মাথো ৩৪ টা বৰগীতহে ভকতৰ মুখত ৰ’ল। সেই দুখতে তেওঁ প্ৰিয় শিষ্য মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ আজ্ঞা দিয়ে আৰু তেওঁৰ আজ্ঞা অনুসৰি মাধৱদেৱে প্ৰায় ১৫৭ টা বৰগীত ৰচনা কৰে।
‘মন মেৰি ৰাম চৰনেহি লাগু’ শিৰোনামৰ বৰগীতটোৱেই হৈছে শংকৰদেৱৰ প্ৰথম বৰগীত। উক্ত বৰগীতটি তেওঁ বদৰিকাশ্ৰমত থাকোতে ৰচনা কৰিছিল। বৰগীতসমূহৰ ভাষা আছিল ব্ৰজাৱলী। ভটিমা মানেও হৈছে স্তুতি বা প্ৰশস্তিমূলক গীত। ভাট নামৰ গায়সকলে পৰিবেশন কৰা ভক্তিমূলক গীতকেই ভটিমা বোলা হয় বুলি বহুজনে ক’ব খোজে।
ভটিমা মুঠতে তিনি প্ৰকাৰৰ– নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা। পিছত মাধৱদেৱে ইয়াৰ লগত গুৰু ভটিমা সংযোগ কৰে। উল্লেখ্য যে মাধৱদেৱে গুৰু শংকৰদেৱক স্তুতি কৰাৰ নিমিত্তে এই ভটিমাবিধৰ সৃষ্টি কৰিছিল।
‘টোটয় আৰু ছপয়’ৰ টোটয় পদটো সংস্কৃত ‘টোটক’ পদৰ পৰা অহা আৰু ই এবিধ সংস্কৃত ছন্দ বিশেষ। নৰনাৰায়ণৰ ৰাজসভাত থাকোতে শংকৰদেৱে বিষু্ণৰ মহিমা প্ৰকাশক এক শ্ৰেণীৰ শ্লোক লিখিছিল, তাকেই টোটক বোলা হয়। উদাহৰণস্বৰূপে– ‘মধু দানৱ দাৰন দেৱ বৰম্’ শ্লোকটিৰ কথা ক’ব পাৰি। আনহাতে, চপয় ছন্দত ৰচিত স্তৱক বা গুণানুকীৰ্তনমূলক গীতবোৰেই চপয়।
শংকৰদেৱৰ অনুবাদমূলক প্ৰায়খিনি ৰচনাই ভাগৱতৰ বিভিন্ন স্কন্ধ অনুবাদ। ইয়াৰোপৰি ৰামায়ণৰ ‘উত্তৰাকাণ্ড’ৰ (মূল সংস্কৃতৰ পৰা) তেওঁ ৰচনা কৰিছিল আৰু মাধৱদেৱক ‘আদিকাণ্ড’ ৰচনা কৰিবলৈ নিৰ্দেশ দিছিল। উল্লেখযোগ্য যে মাধৱকন্দলীয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰু উত্তৰাকাণ্ড দুয়োটা নোহোৱা হোৱাত শংকৰদেৱে এই পদক্ষেপ লৈ ৰামায়ণখন সম্পূৰ্ণ কৰি থয়।
বৈষ্ণৱ আদৰ্শৰ মূল পুথি ভাগৱতৰ ১ম, ২য়, ষষ্ঠ, ৮ম, ১১শ, ১২শ স্কন্ধৰ সহজবোধ্যভাৱে অসমীয়ালৈ অনুবাদ কৰি শংকৰদেৱে অসমীয়া সমাজলৈ অমূল্য অৱদান আগবঢ়াই থৈ যায়। ইয়াৰোপৰি তেওঁ ভাগৱতৰ দশম স্কন্ধৰ প্ৰথম ৪৯ টা অধ্যায় অসমীয়ালৈ অনুবাদ কৰে।
নাম প্ৰসঙ্গমূলক গ্ৰন্থৰ ভিতৰত কীৰ্তন আৰু গুণমালা অসমীয়া সাহিত্যলৈ তেওঁৰ শ্ৰেষ্ঠ অৱদান। ২৭ টা স্বয়ং সম্পূৰ্ণ কাহিনীৰ সুন্দৰ ভাৱ-ভাষা, সুৰ-লয় আৰু ছন্দত ৰচিত ‘কীৰ্তন’খন অসমীয়া জাতিৰ বাবে ‘মৌ-চাক’ স্বৰূপ। ‘কীৰ্তন’ সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এষাৰ মন্তব্য প্ৰণিধানযোগ্য–
“ভাষাৰ লালিত্য, ছন্দৰ ঝংকাৰ, সুৰৰ লাৱণ্য,ভাৱৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰসমষ্টিৰে শংকৰদেৱৰ কীৰ্তন ৰচিত।”
আনহাতে, ছয় আখৰীয়া কুসুমমালা ছন্দত ৰচিত ‘গুণমালা’ এখন উৎকৃষ্ট গ্ৰন্থ। ৩৭৭ টা পদৰ সমষ্টিৰে গঠিত এই গ্ৰন্থখন ব্যক্তিগতভাৱে বা অকলশৰীয়াকৈ ঈশ্বৰৰ লীলা স্মৰণ কৰাৰ বাবে ৰচিত।
মাধৱদেৱঃ————-শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱৰ জন্ম হয় ১৪৮৯ খৃষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা। ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি তেওঁ সৰ্বশাস্ত্ৰ বিশাৰদ হৈ উঠে। তেওঁ প্ৰথমাৱস্থাত শাক্ত ধৰ্মত বিশ্বাসী আছিল যদিও শংকৰদেৱৰ সৈতে সাক্ষাৎ হোৱাৰ পাছত তেওঁ বৈষ্ণৱ ধৰ্মত দীক্ষিত হয় আৰু গুৰু শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে। তেওঁলোকৰ এই মিলনক গুৰু শিষ্যৰ ‘মণিকাঞ্চন সংযোগ’ বুলিও কোৱা হয়। গুৰু শংকৰদেৱৰ সৈতে লগ লাগি তেওঁ বিভিন্ন ধৰণৰ উচ্চ শ্ৰেণীৰ সাহিত্যৰ সৃষ্টি কৰি অসমীয়া জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। তেওঁৰ সাহিত্যকৃতিসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি–
ক) কাব্যগ্ৰন্থ– ৰাজসূয় কাব্যখ) নাট– অৰ্জ্জুন ভঞ্জনগ) ভক্তিমূলক ৰচনা– নামঘোষা।ঘ) ঝুমুৰা– চোৰধৰা, পিম্পৰা গুছোৱা, ভোজন বিহাৰ, দধি মথন, কোটোৰা খেলোৱা, ভূমি লেটোৱা, ব্ৰহ্মামোহন, ৰাস ঝুমুৰা আৰু ভূষণ হৰণঙ) অনুবাদ ৰচনা– জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা আৰু আদিকাণ্ড ৰামায়ণ।চ) গীত– ১৫৭ টা বৰগীত আৰু ১১টা ভটিমা।
ৰামায়ণৰ আদিকাণ্ড আৰু ৰাজসূয় কাব্যক আখ্যানমূলক ৰচনা বুলিও কোৱা হয়। ‘আদিকাণ্ড ৰামায়ণ’ আচলতে অনুবাদমূলক ৰচনা। গুৰু শংকৰদেৱৰ আদেশ শিৰোধাৰ্য্য কৰি তেওঁ এই আখ্যানটি ৰচনা কৰে। এই ৰচনাটি সম্পূৰ্ণৰূপে বাল্মিকী ৰামায়ণৰ আদিকাণ্ডৰ আধাৰত ৰচা হোৱা নাই; ইয়াত মাধৱদেৱে নিজস্ব মৌলিক প্ৰতিভাৰ প্ৰমাণ দি তদানীন্তন সমাজৰ লগত খাপ-খুৱাকৈ নতুন ধৰণে সজাই তুলিছে।
মাধৱদেৱৰ ৰাজসূয় কাব্যত ‘শ্ৰীকৃষ্ণসমদলে দ্বাৰকাৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ যাত্ৰাৰ বৰ্ণনা’, ‘ভীম জৰাসন্ধৰ থৈয়া-নথৈয়া যুদ্ধ’, ‘পাণ্ডৱৰ যজ্ঞশালাত শিশুপালৰ গৰ্ববাক্য’ আদি উল্লেখ কৰা হৈছে। গোটেই কাব্যখনতেই বীৰ ৰস আৰু ভক্তিৰসে প্ৰাধান্য লাভ কৰিছে।
মাধৱদেৱৰ তত্ত্বমূলক ৰচনাসমূহৰ ভিতৰত ‘জন্মৰহস্য’, ‘ভক্তি ৰত্নাৱলী’, ‘নামঘোষা’ আৰু নামমালিকা উল্লেখযোগ্য। ‘নামঘোষা’ৰ বাহিৰে বাকীকেইখন ৰচনা অনুবাদৰ ভিত্তিতেই ৰচিত। ‘জন্মৰহস্য’ নামৰ সৰু পুথিখনত সৃষ্টি আৰু প্ৰলয়ৰ বিৱৰণ দি হৰিৰ শ্ৰেষ্ঠত্ব দেখুওৱা হৈছে। ‘ভক্তি ৰত্নাৱলী’ত ন-প্ৰকাৰ ভক্তি আৰু সৎসঙ্গৰ মাহাত্ম্য আৰু বিষু্ণভক্তিৰ শ্ৰেষ্ঠতা আদি ভক্তিমূলক তত্ত্বসমূহৰ আলোচনা কৰিছে। মূলতঃ নামৰ মহিমা আৰু নাম লোৱাৰ ফল লাভ বৰ্ণনাৰে নামমালিকা গ্ৰন্থখন ৰচনা কৰা হৈছিল।
মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হিচাবে পৰিচিত ‘নামঘোষা’ক হেজাৰী ঘোষা বুলিও কোৱা হয়। প্ৰায় এহেজাৰ পদৰ সমষ্টি এই গ্ৰন্থখনত প্ৰায় দুশমান পদ বিভিন্ন সংস্কৃত শ্লোকত অনুবাদ আৰু বাকী চাৰিশ মাধৱদেৱৰ স্বকীয় সৃষ্টি। ‘নামঘোষা’খনক মাধৱদেৱৰ ‘মহাপ্ৰস্থানিক গীত’ হিচাবে ডঙ্ম বাণীকান্ত কাকতিয়ে আখ্যা দিছে। নামঘোষাৰ দাৰ্শনিক ভিত্তি আছিল বেদান্ত দৰ্শন।
মাধৱদেৱৰ এখন পূৰ্ণাঙ্গ নাট ‘অৰ্জ্জুন ভঞ্জন’ আৰু বাকী পাঁচখন ঝুমুৰা ৰচনা কৰিছিল। গুৰু শংকৰদেৱক অনুসৰণ কৰি তেওঁ নাট ৰচনা কৰিছিল যদিও নিজস্ব স্বকীয়তাৰ পৰিচয় দাঙি ধৰি ঝুমুৰা নামেৰে এক নব্য নাট্য ধাৰাৰ সৃষ্টি কৰিছিল। চোৰধৰা, পিম্পৰা গুছোৱা, দধি মথন, ভোজন বিহাৰ আৰু ভূমি লেটোৱা ঝুমুৰা কেইখনৰ বাহিৰে কোটোৰা খেলোৱা, ব্ৰহ্মামোহন, ৰাস ঝুমুৰা আৰু ভূষণ হৰণ নামে ঝুমুৰা কেইখন তেওঁৰ হয়নে নহয় সেয়া সন্দেহৰ আৱৰ্তত।
মাধৱদেৱৰ ঝুমুৰাবোৰত বাল কৃষ্ণৰ লীলা-খেলা, চল-চাতুৰী, ভেম-অভিমান আদি ক্ৰিয়াৰ মনোৰম বৰ্ণনা আৰু বাৎসল্য ভাৱৰ সুন্দৰ প্ৰকাশ দেখা যায়।
মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰিছিল আৰু আটাইবোৰ গীততে তেওঁৰ ভক্তপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ ঘটা দেখা যায়। তেওঁৰ বৰগীতসমূহতো বাৎসল্য ভাৱকেই মূল আধাৰ হিচাবে ৰখা হৈছিল, য’ত শিশু কৃষ্ণৰ লীলা-খেলা আৰু চুৰ-চাতুৰীৰ বৰ্ণনা স্পষ্ট হৈ উঠিছে। আনহাতে, তেওঁ গুৰু ভটিমা নামে এক শ্ৰেণীৰ ভটিমাও সৃষ্টি কৰিছিল, য’ত শংকৰদেৱৰ স্তুতি কৰা হৈছিল।
অনন্ত কন্দলীঃ—————শংকৰদেৱৰ সমসাময়িক কিন্তু বয়সত কণিষ্ঠ এইগৰাকী কবিক চন্দ্ৰভাৰতী নামেৰেও জনা যায়। তেওঁৰ জন্ম হাজোৰ মাধৱ মন্দিৰৰ ওচৰত হৈছিল। পিতৃ ৰত্নপাঠক আৰু মাতৃৰ নাম বনমালী আছিল বুলি তেওঁৰ ভনিতাৰ জৰিয়তে উল্লেখ পোৱা যায়। শংকৰদেৱৰ সান্নিধ্যলৈ আহি এই কবিজনে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিবিধ সাহিত্য ৰচনা কৰিছিল। অসমীয়ালৈ ভাগৱত অনুবাদ কৰা এই কবিজনৰ সাহিত্য কৰ্মসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি–
কাব্য– কুমৰ হৰণ কাব্য, বৃত্ৰাসুৰ বধ, মহীৰাৱন বধধৰ্মতত্ত্ব সম্পৰ্কীয়– জীৱতুতি, বৈষ্ণৱামৃত।অনুবাদ– ভাগৱতৰ দশম স্কন্ধ (মধ্য আৰু অন্ত), ৰামায়ণত অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধ্যা কাণ্ড, সুন্দৰাকাণ্ড আৰু লংকাকাণ্ড।নাট– সীতাৰ পাতাল প্ৰৱেশ
অনন্ত কন্দলীয়ে ‘কুমৰ হৰণ’ আৰু ‘মহীৰাৱণ বধ’ কাব্য দুখন ডেকা বয়সতে ৰচনা কৰিছিল বুলি অনুমান কৰা হয়; তেওঁৰ পৰিণত আৰু অভিজ্ঞ বয়সৰ ৰচনা হ’ল– ভাগৱতৰ দশম স্কন্ধ, ‘ৰামায়ণ’ (পদ ভাঙনি) আৰু ষষ্ঠ স্কন্ধ ‘ভাগৱত’ ৰচনা।
অনন্ত কন্দলীৰ অনুবাদমূলক ৰচাখিনি অসমীয়া সাহিত্যলৈ অমূল্য অৱদান বুলিব পাৰি। বিশেষকৈ ‘ৰামায়ণ’ৰ পদ ভাঙণি, দশমৰ মধ্য আৰু অন্ত্য স্কন্ধৰ অনুবাদ আৰু অন্য ৰচনাৱলীখিনীয়ে অসমীয়া বৈষ্ণৱ সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। তেওঁৰ ‘কুমৰহৰণ’ কাব্যই জনসাধাৰণক বিশিষ্টভাৱে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল।
ৰাম সৰস্বতীঃ——————-শংকৰী যুগৰ আন এগৰাকী বিশিষ্ট কবি হ’ল– ৰাম সৰস্বতী। এইজনা কবিক ‘অসমীয়া ব্যাস’ নামেৰেও জনা যায়। তেওঁৰ জন্ম কামৰূপৰ পচৰীয়া (কোনো পুথিত চমৰীয়া) নামৰ গাঁৱত, ভীমসেন কবি চূড়ামণিৰ ঘৰত হৈছিল। মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা এইজনা কবিয়ে মহাভাৰতৰ বেছিভাগ শ্লোকেই অসমীয়া পদলৈ অনুবাদ কৰিছিল আৰু ‘বধকাব্য’ নামৰ একশ্ৰেণীৰ নতুন সাহিত্যৰ সৃষ্টি কৰিছিল। তেওঁৰ সাহিত্য কৰ্মসমূহক তলত দিয়া ধৰণে ভাগ কৰি দেখুৱাব পাৰি–
ক) মহাভাৰতৰ অনুবাদঃ আদিপৰ্ব, সভাপৰ্ব (কিছু অংশ), বনপৰ্ব, বিৰাট পৰ্ব (কীচক বধ পৰ্য্যন্ত), উদ্যোগ পৰ্ব, ভীষ্মপৰ্ব (অধিকাংশ), দ্ৰোণপৰ্ব (পুতেক গোপীনাথ পাঠকৰ সহযোগত), কৰ্ণপৰ্ব, গদাপৰ্ব আৰু শান্তিপৰ্বৰ সাৱিত্ৰী আখ্যান
খ) মহাভাৰতৰ বাহিৰে অন্য কাব্যৰ অনুবাদঃ গীতগোবিন্দ (জয়দেৱৰ গীতগোবিন্দ কাব্যৰ বিষয়বস্তুৰ লগত  ভাগৱত পুৰাণৰ কথাবস্তুৰ সংমিশ্ৰণ)
গ) বধকাব্যঃ বিজয়পৰ্ব, মণিচন্দ্ৰ ঘোষপৰ্ব, পুষ্পহৰণ-পৰ্ব, কালকুঞ্জ শোষক বধ, ভীমচৰিত, বাঘাসুৰ বধ, কুলাচল বধ, জংঘাসুৰ বধ, জটাসুৰ বধ, পাঞ্চালী বিবাহ, সিন্বুূৰা পৰ্ব, ব্যাসশ্ৰম, অশ্বকৰ্ণৰ যুদ্ধ, খটাসুৰ বধ, ব্যঞ্জন পৰ্ব।
ৰামসৰস্বতীয়ে মহাভাৰতৰ বিভিন্ন পৰ্বৰ অনুবাদসমূহ হুবহু মূলৰ দৰে অনুদিত নকৰি লোকজীৱনৰ ৰুচি-অভিৰুচিৰ প্ৰতি সচেতন হৈ স্থানীয় ৰহন সানি তথা লোকসংস্কৃতিৰ সমল সংযোগ কৰি মহাকাব্যৰ ৰূপ দিছিল। প্ৰকাশভঙ্গীৰ সৰলতা, বীৰ, অদ্ভুত, ৰৌদ্ৰ ৰসাত্মক বৰ্ণনাৰ প্ৰাধান্য, যুদ্ধৰ পুংখানুপুংখ বিৱৰণ, ভক্তসমাজৰ প্ৰতিনিধিস্বৰূপ পাণ্ডৱৰ কৃষ্ণৰ সহায়ত শেহান্তৰত বিজয় প্ৰাপ্তি আৰু গল্পৰ ছলেৰে নৈতিক আদৰ্শ প্ৰচাৰ আদি আছিল তেওঁৰ বধকাব্যসমূহৰ প্ৰধান বিশেষত্ব। মূলতঃ অন্যায়, অশান্তি আৰু আসুৰিক শক্তিৰ প্ৰতিনিধি, অপৰাজেয় দৈত্য-দানৱৰ মৃত্যু প্ৰদৰ্শন কৰা, কৃষ্ণ-বিষ্ণুৰ মাহাত্ম্য প্ৰতিষ্ঠাপন কৰা এই বধকাব্যসমূহৰ প্ৰধান উদ্দেশ্য আছিল।
কংসাৰি কবিঃকংসাৰি কায়স্থ বা পীতাম্বৰ কায়স্থ নামেৰেও পৰিচিত এই কবিজনক কামৰূপৰ ব্যক্তি বুলি বুৰঞ্জীবিদসকলে চিহ্নিত কৰিছে। তেওঁ গোপালৰ যশচন্দ্ৰ খাঁৰ বংশৰ লোক আছিল। শ্ৰীমন্ত গাভৰু খাঁৰ আজ্ঞা মতে এই কবিজনে মহাভাৰতৰ পদ ৰচনাত হাত দিছিল। এইগৰাকী কবিৰ ৰচনা সম্ভাৰসমূহ হৈছে– কিৰাট-পৰ্ব আৰু আৰু বিৰাট-পৰ্বৰ দক্ষিণ গো-গ্ৰাহৰ কিছু অংশ আৰু উত্তৰ গো-গ্ৰাহৰ ৰচনা। এই দুয়োটা পৰ্বতে কবিয়ে নিজকে এজন এজন প্ৰতিষ্ঠাশীল কবি হিচাবে পৰিচয় দিবলৈ সক্ষম হৈছে। কিৰাট পৰ্বত অৰ্জুনে কিৰাটবেশী মহাদেৱৰ যুদ্ধত সন্তুষ্ট কৰি দিব্যাস্ত্ৰ লাভ কৰি দেৱতাৰ শত্ৰু নিবাত কৱচ, কালকেয় আদি দৈত্যক বধ কৰাৰ বিৱৰণ আছে। আৰু বিৰাট পৰ্বত উত্তৰ আৰু দক্ষিণ গো-গ্ৰাহত কৌৰৱ অৰ্জুনৰ দ্বাৰা যুদ্ধত কৌৰৱক পৰাজয় কৰি ধেনুবোৰ উদ্ধাৰ কৰাৰ কথা পোৱা যায়। এই দুয়োটি ৰচনা উপাদেয় আৰু কবিত্বব্যঞ্জক।
সাৰ্বভৌম ভট্টাচাৰ্যঃগুৰুচৰিত কথা মতে, সাৰ্বভৌম ভট্টাচাৰ্য শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ শিষ্য আছিল। বৰ্তমানলৈকে এইজনা কবিয়ে ৰচনা কৰা দুখন পুথিৰ সম্ভেদ পোৱা গৈছে– ‘যথা ক্ষুদ্ৰ স্বৰ্গ খণ্ড’ আৰু ‘বৰ স্বৰ্গখণ্ড’। ক্ষুদ্ৰ স্বৰ্গ খণ্ডৰ মূল পদ্মপুৰাণৰ স্বৰ্গখণ্ড যদিও মূলত লগত ইয়াৰ বিশেষ সাদৃশ্য দেখা নাযায়। ২৯০ টা পদত ৰচিত এই পুথিখন শংকৰদেৱৰ বন্দনাৰে আৰম্ভ হৈছে আৰু কলিকালৰ দোষ, হৰিভক্তিৰ মহিমা, বৈষ্ণৱ সন্ত-মহন্তৰ পৰিচয় আৰু মহাপুৰুষ শংকৰদেৱৰ গুণাৱলী ইয়াত বৰ্ণনা কৰা হৈছে। আনহাতে, কবিৰ দ্বিতীয়খন ৰচনা ‘বৰ স্বৰ্গখণ্ড’ বা বৃহৎ স্বৰ্গখণ্ডৰ আধাৰগ্ৰন্থ হ’ল– ব্ৰহ্মবৈৱৰ্ত পুৰাণ। এই পুথিখন ৪৭৭ টা পদত সম্পূৰ্ণ হৈছিল।
শ্ৰীধৰ কন্দলীঃশ্ৰীধৰ কন্দলী শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। এওঁৰ নামত ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্তন’ নামৰ দুখন প্ৰসিদ্ধ গ্ৰন্থ পোৱা যায়। ইয়াৰোপৰি তেওঁ আৰু কেইবাখনো গ্ৰন্থ ৰচনা কৰে যদিও সেই সম্পৰ্কে মতবিৰোধ পোৱা যায়। নিচুকনি গীতৰ আৰ্হিত বিষু্ণৰ অৱতাৰৰ লীলা মাহাত্ম্য সৰল আৰু প্ৰাঞ্জল ৰূপত ‘কাণখোৱা’ পুথি খনত প্ৰকাশ কৰা হৈছে। এইখন এখন জনপ্ৰিয় কাব্য হিচাবে অসমীয়া সমাজত অতীজৰে পৰা প্ৰচলিত। গ্ৰন্থখনিৰ মাজেৰে কবিয়ে চিৰন্তন শিশু আৰু মাতৃৰ ৰূপ সাৰ্থকভাৱে তুলি ধৰিছে। ‘ঘুনুচা কীৰ্তন’ৰ কাহিনী জগন্নাথৰ ৰথযাত্ৰা উৎসৱৰ ভিত্তিত ‘স্কন্ধ পুৰাণ’ৰ উৎকলখণ্ডৰ কাহিনীৰ আলমত ৰচনা কৰা হৈছিল। ‘কীৰ্তন ঘোষা’ৰ মাজতো স্থান পোৱা এই পুথিখন ১৭৭ টা পদৰ সমষ্টি। শ্ৰীকৃষ্ণই ইন্দ্ৰদ্যুম্নৰ ৰূপৱতী কন্যা ঘুনুচাৰ ঘৰলৈ যোৱাত লক্ষীৰ ঈৰ্ষা, খং, অভিমান ওপজা আদি কথাই পুথিখনত বৰ্ণিত হৈছে।
ৰত্নাকৰ কন্দলীঃশংকৰদেৱ মাজুলীৰ ধুৱাহাটা বেলগুৰিত থাকোতেই তেঁও শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল বুলি দৈতাৰি ঠাকুৰৰ শংকৰ-মাধৱ চৰিতত পোৱা যায়। সত্ৰত মাঘ-মহীয়া মূল গীতা পাঠ আৰু বাখ্যা কৰিছিল বুলিও জনা যায়। এওঁৰ ৰচনাৰ ভিতৰত– ‘কীৰ্তন ঘোষা’ৰ অন্তৰ্গত ‘সহস্ৰ-নাম-বৃত্তান্ত’ অধ্যায়টিৰ কথা জনা যায়।৭৭ টা পদৰ সমষ্টিৰে দুটা ঘোষাত বৰ্ণিত এই অধ্যায়টিৰ বিষয়বস্তু পদ্মপুৰাণৰ পৰা গ্ৰহণ কৰা হৈছে। আৰু ৰচনাৰ সৌষ্ঠৱ এই দুয়োটা ফালৰ পৰাই খণ্ড কাব্যখনে ভক্তিভাৱৰ গভীৰতা ৰক্ষা কৰিছে।
ৰত্নাকৰ মিশ্ৰঃএই সময়ৰ আন এগৰাকী কবি হ’ল– ৰত্নাকৰ মিশ্ৰ। তেওঁৰ নামত দুখন পুথি পোৱা যায়– ‘ব্ৰহ্মগীতা’ আৰু ‘গীতাকীৰ্তন’। ব্ৰহ্ম সত্য, জগত মিথ্যা এই পৰম সত্যই মূলতঃ ব্যক্ত হৈছ ‘ব্ৰহ্মগীতা’ৰ মাজেৰে, আৰু অৰ্জুন আৰু কৃষ্ণৰ কথোপকথনৰ মাজেৰে ‘গীতাকীৰ্তন’ ৰচনা কৰা হৈছে।
দামোদৰ দেৱঃশংকৰী যুগৰ আন এজন প্ৰসিদ্ধ পুৰুষ আছিল– দামোদৰদেৱ। তেওঁৰ আদেশ ক্ৰমেই তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱে কথা-ভাগৱত ৰচনা কৰিছিল। ইয়ৰোপৰি তেওঁ ৰচনা কৰা কিছু সংখ্যক গীতৰ কথাও চৰিত পুথিসমূহত পোৱা যায়।
ভট্টদেৱঃভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি কোৱা হয়। যি সময়ত ভাৰতৰ কোনো প্ৰান্তীয় ভাষাতে গদ্য সাহিত্যৰ উন্মেষ ঘটা নাছিল, সেই সময়তে তিনিখন প্ৰসিদ্ধ তত্ত্ব প্ৰধান আৰু পবিত্ৰ সংস্কৃত শাস্ত্ৰ অসমীয়ালৈ  গদ্যৰ শৈলীত অনুবাদ কৰি ভট্টদেৰে অসমীয়া ভাষাক উচ্চ স্তৰত অধিষ্ঠিত কৰায়। তেওঁৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। পাণ্ডিত্যৰ স্বীকৃতি হিচাবে তেওঁক ‘কবিৰত্ন’ উপাধিও প্ৰদান কৰা হৈছিল। ভট্টদেৱে কথাবন্ধে ‘ভাগৱত’, ‘গীতা’ আৰু ‘শ্ৰীভক্তি ৰত্নাৱলী’ ৰচনা কৰাৰ উপৰিও বিভিন্ন গ্ৰন্থ প্ৰণয়ন কৰিছিল। তেওঁৰ ৰচনাসমূহ তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি–
আখ্যানমূলক ৰচনা– নন্দ্যোৎসৱঅনুবাদ মূলক– বিষু্ণ সহস্ৰনাম, সাত্বত তন্ত্ৰনাম প্ৰসংগৰ পুথি– শ্ৰীশ্ৰী কৃষ্ণলীলা কীৰ্তন, প্ৰসঙ্গমালাসংস্কৃত প্ৰকৰণ গ্ৰন্থ– শ্ৰীমদভক্তি বিবেককথাবন্ধে– শ্ৰীভাগৱত কথা, শ্ৰীগীতা কথা, শ্ৰীভক্তি ৰত্নাৱলী কথা আৰু বিবিধ গীত
ইয়াৰোপৰি এই সময়ছোৱাত আন কেইজনমান কবিৰ উদ্ভৱ হৈছিল, যি বৈষ্ণৱ আন্দোলনৰ পৰা সম্পূৰ্ণভাৱে প্ৰভাৱমুক্ত আছিল। এওঁলোকে বৈষ্ণৱ যুগত আত্মপ্ৰকাশ কৰিলেও তেওঁলোকৰ ৰচনাভংগীত বৈষ্ণৱ ভাৱাদৰ্শ পোৱা নাযায়। এই কবিসকলক ‘পাচাঁলী’ কবি বোলাৰ লগতে এওঁলোকৰ সাহিত্যক ‘পাচাঁলী সাহিত্য’ বোলা হয়।
পাচাঁলী কবিসকল হৈছে– দুৰ্গাবৰ, মনকৰ, পীতাম্বৰ আৰু সুকবি নাৰায়ণদেৱ।
তেওঁলোকৰ সাহিত্যসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি– প্ৰথমটো পদ্মা বা মনসা দেৱীৰ মাহাত্ম্য প্ৰকাশক আৰু দ্বিতীয়টো ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী সম্বলিত। বিষয়বস্তুৰ পাৰ্থক্য থাকিলেও ৰচনাৰীতি দুয়োবিধৰে একেই। দুয়োটা ভাগেই ওজাপালিৰ উদ্দেশ্যে ৰচিত। পাচাঁলি কাব্যৰ আন এটা মন কৰিবলগীয়া বিশেষত্ব হৈছে ইয়াৰ লৌকিকতা।
দুৰ্গাবৰঃদুৰ্গাবৰ কায়স্থ মাধৱ কন্দলীৰ পিছতে ৰামায়ণৰ কাহিনী লৈ কাব্য ৰচা কৰা প্ৰথমজন কবি। তেওঁৰ পিতৃৰ নাম চন্দ্ৰধৰ কায়স্থ। তেওঁ কামাখ্যাপীঠ অথবা নীলাচলৰ বাসিন্দা আছিল। তেওঁৰ দ্বাৰা ৰচিত পুথি দুখন হৈছে– ‘গীতি ৰামায়ণ’ আৰু আনখন মনসাৰ মাহাত্ম্য প্ৰকাশক ‘বেউলা আখ্যান’। ‘গীতি ৰামায়ণ’ বাল্মীকিৰ হুবহু অনুবাদ নহয়, মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ। ইয়াত কবিৰ স্বকীয় কবি প্ৰতিভায়ো কৰুণ ৰসৰ মাজেদি ফুটি উঠিছে। ‘গীতি ৰামায়ণ’ৰ গীতবোৰত অনুভূতিৰ কোমলতা আৰু কবিৰ মানসিক বিশ্লেষণ দক্ষতাৰ পৰিচয় পোৱা যায়। ‘বেউলা আখ্যান’ত সৰ্প দেৱী মনসাৰ মাহাত্ম্য, চান্দ বা চন্দ্ৰধৰ সদাগৰৰ লগত পদ্মাদেৱী বা মনসাৰ বিৰোধ, চন্দ্ৰধৰৰ দৃঢ়তা, বেউলাৰ সতীত্ব আৰু পদ্মাৰ প্ৰতিশোধ পৰায়ণতা আদি আটাইবোৰ দিশ সুন্দৰভাৱে প্ৰতিফলিত হৈছে।
মনকৰঃমনকৰৰ ৰচনাৰ ভিতৰত কেৱল মাত্ৰ ‘পদ্মা-পুৰাণ’ৰ অংশ বিশেষহে পোৱা গৈছে। তেওঁৰ কাব্যত লৌকিক আৰু সামাজিক বৰ্ণনাৰ প্ৰাধান্য দেখা যায়। পদ্মাৰ উপৰিও মহাদেৱ, নাৰদ আৰু দুৰ্গা এই আটাইকেইটা চৰিততে দেৱত্বতকৈ মানৱীয় কাৰ্যকলাপ আৰু কামনা-বাসনা অধিকভাৱে পৰিস্ফুট হৈছে। হাস্য আৰু শৃঙ্গাৰ দুইবিধ ৰসৰ সমাহাৰ কাব্যখনত দেখা যায়। মনকৰৰ ভাষাত পাণ্ডিত্যৰ প্ৰভাৱ নাই, ঘৰুৱা পৰিৱেশ আৰু অভিজ্ঞতাৰে চিত্ৰৰে পৰিপূৰ্ণ হোৱা দেখা যায়।
পীতাম্বৰঃশংকৰী যুগৰ বৈষ্ণৱ প্ৰভাৱমুক্ত কবিসকলৰ ভিতৰত পীতাম্বৰ কবি সৰ্বপ্ৰধান। এই পীতাম্বৰ কবিৰ কেইবাখনো পুথি আৱিস্কৃত হৈছে। তাৰ ভিতৰত– ‘উষা-পৰিণয়’, ‘ভাগৱত দশম স্কন্ধ’, ‘মাৰ্কণ্ডেয় চণ্ডী’ আৰু ‘নল-দময়ন্তী’।
উষা-পৰিণয় হৰি বংশৰ বিষ্ণু-পৰ্বৰ ১১৬-১২৮ অধ্যায়ৰ অনুবাদ; কিন্তু স্থান বিশেষে তেওঁ দুই এটা কথাৰ সংযোগ কৰিছে। উষা আৰু অনিৰুদ্ধৰ প্ৰণয় কাহিনীক মূল হিচাবে লৈ কাব্যখন ৰচনা কৰিছিল যদিও পিছৰফালে হৰি-হৰৰ যুদ্ধৰ বৰ্ণনাৰহে তেওঁ অধিক গুৰুত্ব আৰোপ কৰা যেন বোধ হয়। তেওঁৰ দ্বিতীয় গ্ৰন্থ ভাগৱতৰ দশম স্কন্ধত কমতা নগৰৰ মহাৰাজ বিশ্বসিংহৰ পুতেক কুমাৰ সমৰ সিংহৰ কথা উল্লেখ কৰিছে।
আনহাতে ‘মাৰ্কণ্ডেয় চণ্ডী’খন হৈছে– মূল সংস্কৃত মাৰ্কণ্ডেয় চণ্ডীৰ মুক্ত অনুবাদ আৰু ‘নল দময়ন্তী’ত নল ৰজা আৰু দময়ন্তীৰ বেদনাসিক্ত কাহিনীয়ে স্থান লাভ কৰিছে।
সুকবি নাৰায়ণ দেৱঃ
সুকবি নাৰায়ণদেৱে ‘পদ্মা পুৰাণ’ নামে এখন বৃহৎ গ্ৰন্থ প্ৰণয়ন কৰিছিল। এই কাব্যখনক সুকন্নানী (সুকবি নাৰায়ণী) নামেৰেও জনা যায়। তেওঁৰ ‘পদ্মা-পুৰাণ’ত পদ্মাৰ উৎপত্তি, চন্দ্ৰধৰ আৰু বেউলা লখীন্দাৰৰ কাহিনী বিস্তৰভাৱে পোৱা যায় আৰু ইয়াৰ লগতে বহু প্ৰাসঙ্গিক কথাৰো উল্লেখ পোৱা যায়। এই কাব্যখনত বহু অতিৰিক্ত বৰ্ণনা পোৱা যায়। যিবোৰ দুৰ্গাবৰৰ কাব্যত পোৱা নগৈছিল। অসমৰ প্ৰাচীন ঐতিহ্য আৰু সামাজিক জ্ঞান কাব্যখনৰ মাজেৰে সুন্দৰভাৱে প্ৰতিফলিত হৈছে।
ওপৰত আলোচনা কৰা কবিসকলৰ উপৰিও শংকৰী যুগৰ আন দুজনমান কবিৰ নাম উল্লেখ পোৱা যায়। তাৰ ভিতৰত হৰিদেৱ, নাৰায়ণ দাস ঠাকুৰ আতা, গোপালদেৱ, ভৱানীপুৰীয়া আতা, গোপালদেৱ বা গোপাল মিশ্ৰ, ৰামচৰণ ঠাকুৰ, চান্দসাই ইত্যাদি।■■——————————————–
গ্ৰন্থপঞ্জীঃ১। নেওগ, মহেশ্বৰঃ ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’, দশম তাঙৰণ, আগষ্ট, ২০০৮, চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী- ১২। শৰ্মা, সত্যেন্দ্ৰনাথঃ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ পুনৰ মুদ্ৰন, জুন, ২০০৬, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী-৮

10 Comments

  • অপূৰ্ব বিশ্লেষণ

    Reply
    • চাহিন জাফ্ৰি

      ধন্যবাদ সোনটো দাদা..

      Reply
  • তথ্যপূৰ্ণ সুন্দৰ প্ৰবন্ধ। ভাল পালোঁ।

    Reply
    • চাহিন জাফ্ৰি

      ধন্যবাদ প্ৰণিতা বা..

      Reply
  • বিকাশ শইকীয়া

    ভাল লাগিল চাহিন।

    Reply
  • চাহিন জাফ্ৰি

    ধন্যবাদ বিকাশ দা..

    Reply
  • দেৱশ্রী গোস্বামী

    তথ্য পূৰ্ণ । মোৰ বহুত সহায় হল । ধন্যবাদ বা

    Reply
  • লক্ষ্য জিৎ নাথ

    আপোনাৰ এই তথ্যই মোক বহুত সহায় কৰিলে।ধন্যবাদ।

    Reply
  • Anonymous

    পাঁচালী সাহিতয়ৰ বিশেষতৱৰ বিষয়ে দিব পাৰিবনি বাৰু…..আৰু তথয়টোৰ বাবে ধনয়বাদ..

    Reply
  • Ykmn

    বধকাব্য ৰ বিশেষত্ত্ব সম্পৰ্কে দিব চোন।

    Reply

Leave a Reply

Your email address will not be published.