ফটাঢোল

শহুৰ দেউতা, ছিয়েৰ্চ! – দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱা মাহত শাহু-শহুৰ আহিছে কেইদিনমান থকাকৈ। শহুৰ দেউতাই সদায় সন্ধিয়া দুই পেগকৈ খায়। সন্ধিয়া হঠাতে তেওঁ দুই-তিনিমিনিটৰ কাৰণে নোহোৱা হয়। সেই নোহোৱা হোৱা সময়খিনি একেবাৰে ‘ছৰ্ট ক’মাৰ্চিয়েল ব্ৰেক’ টাইপৰ বাবে কাৰো চকুত নপৰেই! গমকে নাপায় কোনেও। তাৰ পাছত আহি তেওঁ যেতিয়া ভিন্নস্বাদৰ কথা আৰম্ভ কৰে, জিভাখনে পাক ল’বলৈ ধৰে আৰু গাল-মুখে ৰঙচুৱা বৰণ ল’বলৈ চেষ্টা কৰে, তেতিয়াই মই গম পাই যাও যে তেওঁ কামফেৰা কৰি আহিলে! বটল-গ্লাছ আদি ক’ত ৰাখে সেয়া কোনেও গম নাপায়৷ তেওঁক দেখিলে মোৰো অলপ মন যায়। যাবই আৰু! ওচৰতে গোলাপী নিচাৰ আমেজ লৈ লৈ কথাৰ ফুলজাৰি মাৰিছে, আৰু মই শুকান ডিঙিটো লৈ সেই হজম নকৰিবলগীয়া কথাও উপায়হীন হৈ হজম কৰিব লগা হয়।
সিদিনা সন্ধিয়াৰ কথা। আইপিএল ক্ৰিকেট আৰম্ভ হ’ব আৰু। ৰাজস্থান ৰয়েলছ’ৰ খেল। তাৰ দুদিন আগতে ৰিয়ান পৰাগ নামৰ অসমীয়া ল’ৰাটোৱে খুব সুন্দৰ খেলিছিল। সেয়ে সেইদিনাৰ খেলখনৰ প্ৰতি একেবাৰে এক্সাইটেড হৈ আছিলোঁ। ময়ো বিলাতী এবিধৰ সৰু বটল এটা কিনি আনিলোঁ বিলাতীৰ নিচাত খেলৰ আমেজ লওঁ বুলি। বে’ডৰুমৰ কাষতে থকা সৰু ষ্ট’ৰৰুমটোৰ পুৰণি আলমাৰিটোত থৈ দিলোঁ সযতনে। ৰাতি ন’মান বাজি গ’ল। শাহু আৰু এওঁ বেড’ৰুমত সোমাই আড্ডাত মগন। শহুৰ দেউতাক চান্সটো দি মই নিজেও মিহিকৈ চান্সটো লওঁ বুলি ষ্ট’ৰৰুমটোলৈ আহিলোঁ।
‘কি লাগে ষ্ট’ৰ ৰুমত?’-শ্ৰীমতীৰ প্ৰশ্ন৷
‘ৰাজস্থান ৰয়েলচৰ জাৰ্ছিটোৰ দৰে অলপ পিংক ৰঙৰ টি ছাৰ্ট এটা আছিল। সেইটোকে পিন্ধি খেল চাম আজি…’
বটলটো আছে ষ্ট’ৰৰুমত। পানী-গিলাচ নাই। বটলটো লৈ ওলাবও নোৱাৰি, ওলালেই কাষৰ বে’ডৰুমটোৰপৰা শাহু আৰু শ্ৰীমতীৰ শেন দৃষ্টি পৰিব। উপায়হীন হৈ জুখি জুখি স্মল এপেগ মানে ত্ৰিশ মিলিলিটাৰ মান মুখত বাকিলোঁ। মুখ ডাকি যোৱা যেন লাগিল। সেইখিনি মুখত লৈ মুখ ফুলাই পাকঘৰ পালোঁ। তাৰ ওপৰতে পানী এমুখ ঢালিলোঁ। কুল-কুলি কৰাৰ দৰে মুখখন জোঁকাৰি জোঁকাৰি মুখৰ ভিতৰতে সেইখিনি মিক্স কৰি এঢোক এঢোককৈ গিলি আমেজ ল’লোঁ।

পাঁচমিনিটমান পিছত এইবাৰ অনুমান কৰি এমুখতকৈ ত্ৰিশ মিলিলিটাৰমান কমকৈ পানী মুখত ভৰাই পুনৰ ষ্ট’ৰৰুমটোলৈ গ’লোঁ।
‘এইবাৰ আকৌ কি হ’ল?’ -আকৌ প্ৰশ্ন। দৌৰাদৌৰিকৈ মুখৰ পানীৰ ওপৰত বিলাতীবিধ অলপ ঢালি মিক্সিং কৰি গিলিলোঁ লগে লগে। বেছি দেৰি উত্তৰ নিদিলেও বিপদ! খাদ্যনলীডালেও কিজানি চিঞৰি উঠিছে-‘জহনীত যোৱা, গিল যদি পানী মিহলাই নিগিল কিয় বে? তোৰ গাত ইস্ত্ৰী কৰিলে যেনে পাবি, ময়ো তেনেই পাইছোঁ, নিধক!’
‘নাইট ৰাইডাৰ্চ জিকিব কিজানি, দীনেশ কাৰ্তিকে খুব পিতি আছে। ভাইলেট ৰঙৰ টি-ছাৰ্টটোকে পিন্ধোঁ ৰ’বা…সিহঁতকে ছাপ’ৰ্ট কৰোঁ আৰু’।
এনেকৈ বেছ কিছুদেৰি গ’ল। শহুৰ দেউতাইও পুৰাদমে চলাই নিছে। ক্ৰিকেট খেল বুলি চাগে দুপেগ বেছি খালে তেওঁ। শাহু আৰু শ্ৰীমতীয়ে ভাত খাই আমালৈ ঢাকি থৈ শুবলৈ গ’ল। মই থিয় হৈ থাকিবলৈ অসুবিধা পাই শহুৰৰ কাষতে বহিলোঁগৈ। মোৰ ইতিমধ্যে পাঁচ-ছয়বাৰ মান কুলু-কুলু কৰা হৈ গৈছিল। ইতিমধ্যে ‘ৰাজস্থান ৰয়েলছ’ৰ অৱস্থা বেয়া হৈ আহিল। অসমীয়া ৰিয়ান পৰাগে টুক-টাককৈ খেলি আছে। আনটো মূৰত উইকেট গৈ আছে।
‘এনেকৈ টুক-টাক খেলিলে নহ’ব হে! সি অসমীয়া নহয়? লাচিতৰ দেশৰ। জোৰ আছেতো দুবাহুত, মনৰ জোৰো লাগিব। নহয় নে? ইয়াৰ চুলিখিনি কিন্তু বগা’- শহুৰৰ প্ৰশ্ন।
মই চকুকেইটা ডাঙৰকৈ মেলিবলৈ কষ্ট কৰিব লগা হ’ল। ‘ছেহ: ৰিয়ান পৰাগটোৰ চুলিখিনি ইমান কম বয়সতে পকিল নে…’- একমিনিটৰ বাবে ভাবিলোঁ মই।
‘নো নো.. হি ইজ স্তিভ স্মিথ ইউ নো, অষ্ট্ৰেলিয়ান….আনটো মূৰত থিয় হৈ থকাজন হে ৰিয়ান’…- মুখেৰে ইংৰাজী কেনেকৈ ওলাই গ’ল পাত্তাই নাপালোঁ মই।
‘অ’কে অ’কে, ইয়েছ.. মাই মিষ্টেক! সেইদিনা দেখিছিলোঁতো। দেখাত সি অলপ আমাৰ নৰোত্তম ঠিকাদাৰৰ সৰু পুতেক কণটিৰ দৰে’- তেওঁও যিমান পাৰে ইংৰাজী কৈছে যেন পালোঁ।
ক্ষন্তেক নীৰৱতা…
‘অসমীয়া এজনে এনেকৈ দেশী-বিদেশীৰ লগত খেলি থকা দেখিলে ইম’শ্যনেল হৈ যাওঁ… সিদিনা আমাৰ গায়ক নৰেণে বোম্বেত গাই থকা ভিডিঅ’ এটা দেখি বুকু হমহমাই গৈছিল হে’- শহুৰৰ চকু চলচলীয়া হ’ল। এনে সময়ত চকুপানী দেখিলে ময়ো ইমোশ্যনেল হৈ যাওঁ।
‘নৰেণ কোন নো? জুবিন গাৰ্গৰ কথা কৈছে?’ – সুধিলোঁ মই।
‘সেই যে মহন্ত..কাউৰী পৰে যে’
‘আচ্ছা, পাপন!?’
‘অ’ পাপন! ভুল হৈ যায় হে। আমাৰ ওচৰৰ খগেনৰ পুতেকৰ নাম নৰেণ যে! মুখত সেইটো নামেই আহি গ’ল’ – হো-হোৱাই হাঁহিলে শহুৰ দেউতাই। কি বা ইমান ৰস পালে, মই বুজি নাপালোঁ।
‘কিন্তু কি জানা? অসমীয়া আজি জাতিটোৱেই শেষ হোৱাৰ পথত। দুই-এজনে নাম কৰিছে। বাকী চব গেল্লাই গৈছে হে..বৰ দুখ মোৰ’ – শহুৰ দেউতাৰ চকু আৰু চলচলীয়া হ’ল।
‘আপুনি দুখ নকৰিব…’জান’ দিব পাৰোঁ মই আপোনাৰ কাৰণে। কি কৰিব লাগে কওঁক, এতিয়াই এই বাৰবজাতো যাম মই…’। এইবাৰ তেওঁ আৰু বেছি দুখী হৈ গ’ল।
‘এহ কি নো কৰিবা আৰু!’ – তেওঁ ক’লে।
‘সকলো কৰিম, এবাৰ মাত্ৰ কওক.. এতিয়াই লাগি যাম হাতে-কামে’ – আমাৰ হোষ্টেলৰ ৰূপমক এনে এটা জোশতে কথা দি তাৰ হৈ দুজনীক প্ৰ’প’জ কৰি পোৱা কথাবোৰ মনত পৰি গ’ল মোৰ।
তেওঁ হঠাতে হাতেৰে মোৰ মূৰটো টানি কান্ধত লগাই দিলে-
‘নালাগে দিয়া..ছোৱালীজনী দি ‘জান’ এবাৰ লৈছোঁৱেই…’।
কিমান দেৰি পাৰ হ’ল নাজানোঁ কিন্তু হঠাতে এনে লাগিল কোনোবা বেটচমেনে হাৱাতে যেন বলটো উঠাই মাৰিছে…মই যেন কেটচ্ কৰিবলৈ দৌৰিছোঁ বলটোৰ পিছে পিছে…হঠাতে বাগৰি পৰিলোঁ ফিল্ডতে…. মাটিৰ ঘাঁহ-বন দুডালমান মোৰ নাকে-মুখে সোমাইছে৷ জোৰেৰে হাঁচিয়াই চকু মেলি চাই দেখিলোঁ শহুৰ দেউতাৰ বুকুৰ ঈষৎ শুভ্ৰ নোম দুডালমান মোৰ নাকত! মূৰটো উঠালোঁ৷

টিভিত তপামূৰত কেনেকৈ চুলি গজাব পাৰি তাৰ এড্ দি আছে৷ খেল চাগে কেতিয়াবাই শেষ হ’ল, ছেহ: কোন বা জিকিল! ৰাজস্থান ৰয়েলছ’ৰ বা কি হ’ল! ৰিয়ান পৰাগে বা কিমান মাৰিলে!

☆★☆★☆

14 Comments

  • ৰিণ্টু

    ইমান সাৱলীলকৈ আগবঢ়াই নিয়া তুমি কাহিনী আৰু চৰিত্ৰ দুয়োটাকে সমান্তৰালভাৱে।

    খুব ভাল লাগিল দিগন্ত, এজ ইউজুৱেল

    Reply
  • কমল তালুকদাৰ

    আপোনাৰ লিখনীৰ আমেজেই বেলেগ ।

    মজা লাগিল পঢ়ি ।

    Reply
  • Mridula

    বৰ ভাল লাগিল

    Reply
  • হাঁ হাঁ৷কুলু কুলুতো নিউ স্টাইল৷ভাল লাগিল

    Reply
  • চিদানন্দ বৰা

    বৈদ্য সুখ পালোঁ পঢি (তলত ফুট থকাটো আজিকোপতি বিচাৰি পোৱা নাই) !!

    Reply
  • মাধুৰ্য্য গোস্বামী

    আপোনাৰ গল্পৰ সোৱাদেই বেলেগ।

    Reply
  • পানী মিহলোৱাৰ ষ্টাইলটো বঢ়িয়া। ভাল লাগিল গল্পটো।

    Reply
  • মানসী বৰা

    আপোনাৰ গল্প পঢ়াৰ লোভ সামৰিব নোৱাৰি…বৰ ভাল লাগিল দাদা..

    Reply
  • অনুৰাধা দেৱী ৷

    বহুত হাঁহিলো আৰু বহুত ভাল লাগিল ৷ ৷

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • লীলা শইকীয়া

    ভাল লাগিল।

    Reply
  • অভিজিত কলিতা

    সাংঘাটিক হে বুলিলো আৰু

    Reply
  • চেমিন

    বৰ ৰসাল। ভাল লাগিল।

    Reply
  • কাবেৰী মহন্ত

    বাহ ! কি ধুনীয়া লিখে ! কমেণ্ট কৰিবলৈ ভাষাই নাপাঁও

    Reply

Leave a Reply

Your email address will not be published.