ফটাঢোল

শালিকা মংগল – প্ৰণীতা গোস্বামী বৰঠাকুৰ

পুৱা হকাৰে দি যোৱা ‘দৈনিক অসম’খন আনো বুলি কৃষ্ণাই চকুকেইটা মোহাৰি বিচনাৰ পৰা উঠি আহিল। দুৱাৰখন খুলি সমুখৰ চোতালখনত শালিকা দুটাই কিচিৰ-মিচিৰ কৰি থকা দেখি মনটো ভাল লাগি গ’ল তাইৰ। ‘Two for joy’ সোঁহাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি দুটা ওঁঠত লগাই টপৰ টপৰকৈ চুমা দুটা খাই ল’লে তাই। আজি দিনটো ভালেৰেই পাৰ হ’ব বুলি যেন নিশ্চিত হ’ল তাই।

বাতৰি কাকতখন লৈ তাই পুনৰ বিচনাত ধপকৈ শুই পৰিল। এইকণ সময় তাইৰ বৰ আপোন। বিচনাত তলপেট পেলাই বাতৰিখনৰ হেড লাইনবোৰ চিলেক্ট কৰি দুই-এটা বাতৰি সম্পূৰ্ণকৈ পঢ়ে তাই। আনকালে অফিছ থকা বাৰত কেৱল সমুখৰ পৃষ্ঠাৰ হেডলাইনকেইটাহে চাবলৈ সময় হয়। তাৰ পাছতেই দৈনন্দিন কামবোৰ কৰি কিবা এটা ৰান্ধি, খাই, বাচন ধুই, পিন্ধি-উৰি, দুৱাৰত তলা লগাই সময়ত ওলাই যাব লাগে। বাচষ্টেণ্ডলৈকে প্ৰায় এক কিলমিটাৰ বাট তাই খোজ কাঢ়িয়েই ওলাই যায়। তাৰপাছত বাচ, অট’ যি পায় তাতে যায় অফিছলৈ।

কিন্তু আজি যে সেইবোৰৰ একো টেনচন নাই; আজি দেওবাৰ। তাই আজিৰ দিনটো নিজৰ মতে কটাব বিচাৰে। বাতৰিখন পঢ়ি থাকোঁতে তাইৰ যদি আকৌ টোপনি আহি যায়,….আস! সেইকণ আমেজ উপভোগ কৰিবলৈ তাই সদায় প্ৰস্তুত থাকে। সেয়ে উঠিয়েই দাঁত ব্ৰাছ নকৰে, কেনেবাকৈ মুখখন ধুলে যদি টোপনি ভাঙি যায়! আজিও তাৰ ব্যতিক্ৰম নহ’ল। বিচনাত বাগৰি তাই দুটামান খবৰ পঢ়ি ল’লে। মনতে দিনটোৰ পৰিকল্পনা এটাও ভাবি ল’লে। আজি ক’তো নাযায় তাই, ঘৰতে শুই শুই আৰাম কৰিব। মাছ বেপাৰীটো আহিলে মাছ অকণ লৈ বিলাহীৰে টেঙা বনাব। বহুতদিন মাছ খোৱা হোৱা নাই, যেতিয়াই তেতিয়াই মাংসহে খাই থকা হয়! অৰ্ডাৰ কৰি খালেও চিধাই মাংসৰ আইটেম কেইটাহে মনলৈ আহে। আজি দেওবাৰ বুলি নিজে ধুনীয়াকৈ মাছকে ৰান্ধিব বুলি মন বান্ধিলে তাই! বাতৰিখন চকুৰ আগত মেলি লৈ ফ্ৰিজত কি পাছলি আছে মনত পেলাবলৈ চেষ্টা কৰিলে। ৱাচিং মেচিনত সোমাই থকা কাপোৰ কেইটাও ধুব লাগিব।প্ৰায় এসপ্তাহৰ কাপোৰ দ’ম খাই আছে ধুবলৈ। আজি লেহেম-লেহেমকৈ হ’লেও নকৰিলে নোহোৱা কামকেইটা যেনে তেনে কৰিব লাগিব, মনতে ভাবিলে তাই। আবেলিলৈ পিজ্জাকে অৰ্ডাৰ কৰিব লাগিব, ৰাতিৰ সাজলৈ বুলি৷

এনেতে কিটিংকৈ চাৰ্জত দি থোৱা ফ’নটোৱে গা লৰাই উঠিল। কাৰোবাৰ মেছেজ আহিছে; “এতিয়া নাচাওঁ যাহ!” মনতে ভাবিলে তাই। কিন্তু কিমান সময়! হাতখন মেলি চাৰ্জাৰডাল এৰুৱাই ফ’নটো দাঙি আনিলে বিচনালৈ। ৰাহুলৰ মেছেজ,

ৰাহুল!! তাইৰ মনটোত এটা জোকাৰণি উঠিল। সি আহিছে নেকি? আজি ইমান দিনৰ পাছত তাৰ মেছেজ আহিল যে! মনটোৱে একে সময়কে সকলো জানি ল’বলৈ বিচাৰিলে।

: হাই, কেইচি হ’?

ৰাহুলৰ মেছেজ।

: ঠিক হু

তাই ৰিপ্লাই দিলে। অলপ সময়ৰ পাছত পুনৰ কিটিং শব্দ,

: ছ’ ৰেহী হ’ ক্যা? মে আআ ৰহা হু

: কব, কাঁহা?

খপজপাই ৰিপ্লাই দিলে তাই। লগে লগে ঘড়ীটোলৈও চালে, নটা পঞ্চলিছ৷

: ক্যা কাঁহা! তুম্হাৰে ঘৰ, ঔৰ কাঁহা! মেনে ঘৰ কা এড্ৰেছ লে লিয়া অফিছ ছে৷ আধে ঘণ্টে মে পহুচ্ছ ৰহা হু

: অ…কে, আ যা–

তাৰপাছত আৰু মেছেজ পঢ়িবলৈ ধৈৰ্য নাইকীয়া হ’ল তাইৰ। দৌৰাদৌৰিকৈ আঠুৱাখনৰ বাকী দুটা খুটি গঁজালৰ পৰা এৰুৱাই যেন-তেনে পকাই গাৰুটোৰ সৈতে বেডবক্সটোত ভৰাই লৈ বেডকভাৰখন পাৰি তাই বাথৰূমত সোমাল। বিচনাচাদৰ জোকাৰিবলৈ সময় নাই এতিয়া! দাঁত ব্ৰাছ কৰি মুখখন ভালকৈ ধুই তাই আগফালৰ ৰূম পালেগৈ। বেতৰ চকী দুখনৰ কুচনকেইটা এনেই অলপ জোকাৰি ঠিককৈ পাৰি ৰূমটো লৰালৰিকৈ চিজিল কৰি ল’লে। ঝাড়ুটোৰে ওপৰে ওপৰে অলপ সাৰিও ল’লে ৰূমটো। আজিলৈকে সি তাইৰ ঘৰলৈ অহা নাই, অলপ অস্বস্তিও লাগিল তাইৰ। কিন্তু মুখতে না ক’বলৈও মন নগ’ল দেখোন! মালিকে বা কি ভাবে…., সেই লৈয়ো অলপ শংকা হ’ল মনতে। আজি এবছৰে কোনো আপত্তি কৰিব লগীয়া কাম কৰা নাই তাই। ঘৰৰ পৰা মাক-দেউতাক, ভায়েক আৰু অফিছৰে কলিগ দুজনীমানৰ বাহিৰে কোনো অহাও নাই তাইৰ ঘৰলৈ। আহিবলৈও তাই নাথাকেই! ৰাতিপুৱাই ওলাই যায় আৰু গধূলিহে সোমাইহি। বন্ধ বাৰত কাৰোবাৰ ঘৰত খাবলৈ মাতিলে যোৱাৰ বাহিৰে প্ৰায়ে তাই ঘৰতে সোমাই থাকে। দীঘলীয়া বন্ধ মিলিলে ঘৰলৈকে যায়গৈ। আজি আকৌ ই নিজে আহিম বুলি কোৱাত না ক’বও নোৱাৰা হ’ল! না ক’লে সি ভাবিব তাই ‘নেৰ’ মাইণ্ডেড’। যাহ! যিয়ে যি ভাবে ভাবক বুলি তাই গা ধুবলৈ বাথৰূমত সোমাল। চুলিত চেম্পো কৰিবলৈও সময় নহ’ব আজি, ছেহ!

মুখত মইচ্ছাৰাইজাৰ অকণ সানি, মূৰটো ফনিয়াই গোঁসাইৰ ফটোখনৰ ওচৰত ধূপ এডালো জ্বলালে তাই। বুকুখন কিবা দুৰু দুৰুকৈ কঁপিছে দেখোন! চাহ একাপ খাবলৈ বৰ মন গৈছিল যদিও ৰাহুল আহিলে একেলগে খাম বুলি মনতে ঠিক কৰিলে। ৰাহুলক তাই অফিছৰ ট্ৰেইনিং এটাত লগ পাইছিল। তাইৰ সমবয়সীয়া হোৱাৰ বাবেই নেকি তাৰ লগত কথা পাতি ভাল পাইছিল। তেতিয়াই দুয়োৰে মাজত ভাল বন্ধুত্বৰ সম্পৰ্ক এটা গঢ় লৈছিল। তাৰ পাছৰপৰা মাজে মাজে ফ’নত বাৰ্তালাপ, মেছেজ আদান-প্ৰদান চলি আহিছে। সেইবুলি এনেকৈ তাইৰ চহৰখনলৈ কোনো আগতীয়া খবৰ নিদিয়াকৈ আহিব বুলি তাই সপোনতো ভবা নাছিল। এনেতে গেট খোলাৰ শব্দ শুনি তাই দুৱাৰখন খুলি ওলাই গ’ল। অট’ এখনৰ পৰা ৰাহুল নামি আহিছে। ৰয়েল ব্লু ৰঙৰ ফুল চাৰ্ট আৰু অফ হোৱাইট ট্ৰাউজাৰ, কান্ধত এটা লেডাৰৰ বেগ লৈ ছয় ফুট ওখ ৰাহুল ধীৰ খোজেৰে আগবাঢ়ি আহিছে। তাই মিচিকীয়া হাঁহিৰে তাক আদৰণি জনালে। আগফালৰ ৰূমটোতে দুয়ো বহিলৈ দুয়োৰে খবৰ বাতৰি ল’লে। ৰাহুলৰ লগতে চাহ -বিস্কুট খাই দুয়োটা একেলগে ওলাই যোৱাৰ প্লেন কৰিলে। বাহিৰতে খোৱা-বোৱা কৰি দিনটো কটাব আজি দুয়ো। বহুত দিনৰ মূৰত লগ হৈ দুয়ো আত্মহাৰা হৈ পৰিল। কান্ধত বেগটো লৈ দুৱাৰত তলা মাৰিবলৈ লৈ তাইৰ মনটো কোঁচ খাই গ’ল। বাৰান্দাৰ ৰেলিঙত এটি শালিকাই মন মাৰি বহি আছে। ‘one for sorrow’… না নহয়, ‘one for success’… তৰ্জনী আঙুলীটো ওঁঠত লগাই নিজকে শান্তনা দিলে তাই।

ৰাহুল দুদিনৰ বাবে অফিছৰ কামত আহিছে তাইৰ চহৰলৈ। দেওবাৰৰ দিনটো হাতত লৈ তাইৰ লগত কটাবৰ বাবেই আগতীয়াকৈ আহিছে। কথাষাৰ শুনি তাইৰ মনটো ৰোমাঞ্চিত হৈ পৰিল। ট্ৰেইনিঙত থকা সময়ত গঢ়ি উঠা বন্ধুত্বক যেন সি এটা বেলেগ দিশলৈ নিব বিচাৰিছে, তাৰ কথা বাৰ্তাত তাইৰ এনে ভাৱ হ’ল। তাইৰো পাৰ ভাঙি উজাই যাবলৈ মনে তোলপাৰ লগালে। কিন্তু অনাঅসমীয়া ল’ৰাটোৰ বিষয়ে বিশেষ একোৱেই নাজানে যে তাই!

: আৰে, ক্যা হুৱা, এনি প্ৰবলেম!

ৰাহুলৰ প্ৰশ্নত তাইৰ তন্দ্ৰা ভাঙিল। ইচচ, কিমান সময় অন্যমনস্ক হৈ পৰিছিল বাৰু তাই…! নিজৰে লাজ লাগি গ’ল তাইৰ। মূৰ জোকাৰি তাই একো নাই হোৱা বুজালে।

ৰেষ্টোৰাঁখনৰ পৰা ওলাই সিহঁতি ওচৰৰ পাৰ্কখনলৈ বুলি আগবাঢ়িল। পাৰ্কখনৰ এটা কোণৰ বেঞ্চখনত দুয়ো বহি পৰিল। কোম্পানীৰ দুই এটা কথা পতাৰ বাহিৰে সিহঁতি বেছিসময় মৌন হৈয়েই থাকিল। লগৰবোৰৰ লগত পেকপেকাই ফূৰ্তি কৰি থকা ৰাহুলো আজি ইমান গহীন হৈ আছে, তাইৰ অলপ অস্বস্তিও লাগিল। ইভিনিং ৱাকত অহা বৃদ্ধা দম্পত্তি হাললৈ চাই তাই থৰ লাগিল, ইমান আপোনত্বৰে ভৰা এই সম্পৰ্ক। দুয়ো যেন দুয়োৰে সহায়ক হৈ পৰিছে বয়স বঢ়াৰ লগে লগে। দূৰৈত কণমানিটোৰ লগত বল খেলি থকা পিতৃজনৰ মুখতো কিযে এক সুখৰ হাঁহি…, মনটো ভাল লাগি গ’ল তাইৰ। এইবোৰ চাবলৈ দেখোন তাইৰ সময়েই নাথাকে! ঘৰৰ ডাঙৰ হিচাপে তাই নিজৰ কৰ্তব্যৰ প্ৰতি সদায় প্ৰস্তুত। নিজতকৈও পৰিয়ালৰ বাকী লোকসকলৰ ভাললগাবোৰৰ প্ৰতিহে তাই বেছি গুৰুত্ব দি আহিছে।

ওচৰতে পৰিথকা কিবা খোৱাবস্তু লৈ শালিকা তিনিটাই কৰা টনা আজোৰাৰ শব্দত তাই ঘূৰি চালে। …” Three for letter”… মানে কিবা খবৰ…
মনটো অজানিতে ভাল লাগি গ’ল।

: তুম্হাৰে মামী-পাপা একচেপ্ত কৰেগা ক্যা?

ইমান সময় মনে মনে থকা ৰাহুলে হঠাতে তাইলৈ চাই সুধিলে।

এনে অস্বাভাৱিক প্ৰশ্নত হতবাক হৈ উত্তৰ দিব খোজোতেই….

ক্ৰিং ক্ৰিং ক্ৰিং শব্দ কৰি তাইৰ ফ’নটো জোৰকৈ বাজি উঠিল। খবৰ কাগজখন মুখৰ পৰা আঁতৰাই তাই খকমককৈ উঠি বহিল, পৰিবেশটো অনুমান কৰিবলৈ যত্ন কৰিলে৷ ঘড়ীটোলৈ চালে, তিনিটালৈ দহ মিনিট….

: হেল্ল’ মা….

: কি কৰি আছিলি? ভাত-পানী খালিনে?

: এইমাত্ৰ খাই উঠি বিচনাত মা…..

☆★☆★☆

5 Comments

  • Anonymous

    সুন্দৰ ।

    Reply
  • সৌৰভ শৰ্মা

    আপোনাৰ লিখনি সদায় ভিন্ন আৰু মধুৰ বাইদেউ। বৰভাল লাগিল

    Reply
  • ৰিমঝিম

    বৰ ভাল লাগিল

    Reply
  • Utpal borah

    ভাল লাগিল পঢ়ি।

    Reply
  • ডলী তালুকদাৰ

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published.