ফটাঢোল

শিৱৰাত্ৰিৰ ৰাতি – ৰুবী বৰা বৰদলৈ

: Hallow
: Hallow Mrs. Sharma কওক।
: শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ।
: আপোনালৈয়ো….
: পূজা পাতিছেনে?
: ঘৰৰ শিৱজনা নায়েই। কিনো পূজা পাতিম আৰু! চাকি এগচ জ্বলাম…….
: আমাৰজনা ঘৰতে, জানেই নহয়! ৰাতিলৈ পূজাৰ আয়োজন কৰিছোঁ। ছোৱালী দুজনীক লৈ আপুনি আহিব। খিছিৰিখন আপুনিয়েই ৰান্ধিবহি লাগিব।অকমান সোনকালে আহিবচোন!
: No problem. সময়ত উপস্থিত হ’মগৈ। আৰু কাক কাক মাতিছে?
: ওচৰৰ বৰাৰ পৰিয়াল আৰু আপোনালোক। অন্য কোনো নাই।
: ঠিক আছে৷

শিৱপূজা৷ শ্ৰী শৰ্মাই পূজা সম্পন্ন কৰিলে। মই আৰু বৰাৰ পত্নী জুমণিৰে সৈতে খিছিৰি ৰান্ধিলোঁ। লগত সৰু আলু ফ্ৰাই, আচাৰ আৰু ভাজিবলৈ পাপৰ ৰেডি কৰোঁ মানে নিৰ্মালি ল’বৰ হ’লেই। নিৰ্মালি লৈ প্ৰসাদ খালোঁ, লগতে শ্ৰদ্ধাৰে পৰিৱেশন কৰা শিৱৰ মহাপ্ৰসাদ, ঘোটা অকণমানো ডিছপ’জেবল গিলাচেৰে তলিতে মাত্ৰ তিনি আঙুল।

বাঃ, ইমান ভাল খাবলৈ! মিঠা। যেন সুমিষ্ট ক্ষীৰহে!হেইই, ইম্মান অকনমান খাই সামৰিব নোৱাৰি দেই! আৰু অকণমান…..আৰু অক্কমান……বাঃ! এতিয়াহে প্ৰসাদ খোৱা যেন লাগিছে সকলোৰে!

খিছিৰি খোৱাৰ সময় হ’ল। মোৰ ছোৱালী দুজনীৰ পৰীক্ষা হৈ আছিল বাবে সিহঁত পূজালৈ যোৱা নাছিল।গতিকে মই তাত নাখায়, ঘৰতে খামগৈ বুলি আমাৰ তিনিওজনীৰ জোখাৰে খিছিৰি, আলুভাজি প্ৰসাদ আৰু কাইলৈ খাই চাম বুলি গিলাচ এটাত পূৰা দুই আঙুল কম এগিলাচ ঘোটা মহাপ্ৰসাদ লৈ আহিলোঁ ঘৰলৈ। গেটখন খুলি ভিতৰ সোমাওঁ মানে ডাঙৰ ছোৱালী জানুৱে গোটেই গিলাচ ঘোটা কোট-কোটকৈ পি শেষ কৰিলে। মই তম্ভিবই নোৱাৰিলোঁ। ব’ম ব’ম ভ’লে’! খিছিৰি খালোঁ। তেনেতে ফোন আহিল মিছেচ শৰ্মাৰ পৰা,

: তুমি অকণ আমাৰ ঘৰলৈ আহিব পাৰিবানে?

ফোন ৰিং কৰা শুনিয়েই জানুৱে হাঁহিবলৈ আৰম্ভ কৰিলে। কথাটো কি হৈছে মই অনুমান কৰিব পাৰিছোঁ।হাঁহি মোৰো উঠিছে, কিন্তু এতিয়া মই হাঁহিলে নহ’ব।অনুমান কৰিবলৈ চেষ্টা কৰিছোঁ; মোৰ নিচা লগা নাইতো? কাইলৈ সৰু ছোৱালীজনীৰ পৰীক্ষা। দেউতাক ঘৰত নাই। ইফালে শৰ্মানী বাইদেৱে ক’বলৈ আৰম্ভ কৰিলে,

: তুমি পাৰিলে অকণ আমাৰ ঘৰলৈ আহাঁচোন! জুমণিৰ অৱস্থা বেয়া। এইজনীয়ে কান্দিবলৈ ধৰিছে আৰু বহুত কিবাকিবি……

এইফালে জানুৰ অৱস্থা চাওক,

: মা, আণ্টিক ক না, মোক আৰু অকণ ঘোটা দিবলে।ইমান ভাল লাগে খাই! আজি ফাৰ্ষ্ট টাইম খাইছোঁ। মই উৰি গৈছোঁ। ৱাও…..সবেই চুইমিং কৰি আছে। তই আগতে এজনী মা আছিলি, আজি টেন টাইমছ্ দেখিছোঁ…..ৱাও…..অ’ মা, মই তিনিখন ৱৰ্ল্ডত আছোঁ, এতিয়া মই কোনখনত থাকিম? মাআআআ…..

তাই কান্দিবলৈ ধৰিলে। সৰ্বনাশ, এওঁ ঘৰত নাই। মোৰো মূৰটো ঘূৰাবলৈ ধৰিছে দেখোন! সৰুজনীক ক’লোঁঁ,

: মই ব্ৰাচ কৰি আহোঁ, তই বিচনাখন ৰেডি কৰ প্লিজ! আজি তই অকলেই পঢ়িবি হাঁ। মই শুম।

জানুৱে গোটেই ঘৰখন চলাথ কৰিছে। তাই হাঁহিছে, কান্দিছে, কথাবোৰ চিঞৰি চিঞৰি কৈছে। তাইক আৰু অকণ ঘোটা খাবলৈ লাগে। ভনীয়েকে পঢ়ি আছে। তাইৰ ওচৰলৈ গৈ কৈছে,

: গুল্লু, তই পঢ়িছ? বাঃ! মা, এইজনীয়ে পঢ়ি আছে।

গুলুৱে তাইক বশ কৰিবলৈ চেষ্টা কৰিছে,

: ৰ, ভঙুৱা! তোৰ সব কথা অংকিত আৰু পূৱালীক কৈ দিম।

: Who is Ankit? সি ইয়ালৈ ক’ৰ পৰা আহিল? আৰু পূৱালী! I don’t know Pubali. Ohh, Pubali she is my friend since childhood. মা, হিঃ হিঃ হিঃ হিঃ তই ৱাকিং কৰিছ আৰু গুলুৱে ছুইম কৰিছে আৰু মই উৰি আছোঁ৷ বাঃ, ইমান ভাল লাগিছে৷ অ’ মা, মা মা মা মই পৰিলোঁঁ৷ পৰি গ’লোঁঁ৷ অ’ মা, মই পৰি গ’লোঁ, পৰি গ’লোঁ, পৰি গ’লো……

মোৰ বুকুখন ঢুক্ ঢুক্ কৰিছে। ভৰিকেইটাত যেন সহস্ৰ পৰুৱা বগাইছে। পোহৰটো কমলা ৰঙৰ দেখিছোঁ। মনত পেলাবলৈ যত্ন কৰিছোঁ গেট, গ্ৰিল আৰু মেইন ড’ৰ লক্ কৰিলোনে নাই! চাই আহিবলৈ যাবলৈ ভয় লাগিছে। গুলুক চাই আহিবলৈ ক’লোঁ। তাই ক’লে,

: তই দেখোন অথনিয়েই সব লক্ কৰিলি।
: OK

ভাবিলোঁ, এই কথাই কথা নহয়। বুকচেল্ফৰ পৰা গুণাৰাম খনিকৰৰ বনৌষধিৰ কিতাপখন উলিয়াই ল’লোঁ। ভাঙৰ নিচা কটাৰ প্ৰতিবিধান কি আছে চালোঁ আৰু ৱালত, দুৱাৰত ধৰি ধৰি পাকঘৰলৈ গ’লোঁ। তেঁতেলি বটলটোৰ পৰা এখামোচা তেঁতেলি উলিয়ালোঁ। কাপ এটাত পানীৰে সৈতে গুলি খাই ল’লোঁ। আৰু একাপ তেঁতেলি পানী বনাই জানুক খুৱাবলৈ আহিলোঁ। তাই বিচনাত পৰি আছে। উঠিব খুজিছে, পৰা নাই। মোৰো গাত জোৰ নাই যেন লাগিছে। গুলুৰে সৈতে ধৰি লৈ মূৰটো ডাঙি জোৰকৈ খুৱাই দিলোঁ। তাই ভয় কৰিছে পানী খাবলৈ। ইফালে হাঁহিছে,

: মা, গুটিকেইটাই ছুইমিং কৰিছে৷ উৰি উৰি মোৰ মুখত সোমাব খুজিছে চা৷ হিঃ হিঃ হিঃ হাঃ হাঃ হাঃ ইমান হাতী আহিছে! শিৱবাবা বৰ ভাল দেই! তেওঁৰ প্ৰসাদ খাবলৈ ইমান ভাল! মই আৰু খাম। আণ্টিক ক না! মা, ইমান সাপ৷ সাপবোৰ নীলা নীলা৷ বহুত মানুহ ব…হু….ত….

মই তাইক হেঁচা মাৰি লৈ শুই পৰিলোঁ। মোৰ গাটোত নিজৰ কণ্ট্ৰল নাই কিন্তু মনটোত জ্ঞান আছে। ভয় লাগিছে। কাইলৈ এইৰ কি হ’ব! মোৰো স্কুল আছে।গুলুৰ পৰীক্ষা আছে। এওঁ যদি গম পায়, কি ক’ব!গুলুক ক’লোঁঁ,

: এতিয়া দেউতাৰলে ফোন নকৰিবি। তেওঁ কৰিলেও এইবোৰ কথা নক’বি। এলাৰ্ম দি থ ৰাতিপুৱা ছয় বজাত। তাৰ পাছতো যদি মই সাৰ নাপাওঁ, জগাই দিবি।

আমাৰ সোনকালে শোৱাৰ অভ্যাস নাই। টোপনি নধৰে। ইফালে জানু জাঁপ মাৰি উঠি বিচনাতে বহে। যিটি বকিবলে ধৰিছে। আকৌ ঢপকৈ পৰে। হে’ ঈশ্বৰ, কিয় ঘোটা খাইছিলোঁ! এইজনীৰ হাতত গিলাচটো কেলেই দিছিলোঁ! গোটেই সোপা পি দিব বুলি কেতিয়াও ভবা নাছিলোঁ। ইফালে বুকুৰ ঢপঢপনি বাঢ়ি গৈছে। এনেকৈ ঢপঢপাই ঢপঢপাই বন্ধ হৈ গ’লে কি হ’ব! গুলুক ক’লোঁঁ,

: তই যা চোন পাকঘৰলৈ। আৰু এগিলাচ তেঁতেলিৰ পানী আন।

তাই আনিলে। কোনোমতে মূৰটো ডাঙি কোট-কোটকৈ পি দিলোঁ আৰু আধাখিনি জানুক জোৰ কৰি খুৱাই দিলোঁ। ভাবিলোঁ, “হে’ ভগৱান, সোনকালে টোপনি আহিলেই হয় আৰু! ৰাতিপুৱা সময়মতে সাৰ পালেই হয় আৰু। আজি ৰক্ষা পৰিলেহে পৰা! তুমি যি কৰা কৰিবা আৰু প্ৰভু! ফোনে ৰিং কৰা যেন লাগিছে।কোনোমতে চকু কেইটা মেলি ফোনটো বিচাৰি ৰিছিভ কৰিলোঁ। সিমূৰত জুমণি,

: হে’ল্ল’! উঠিলানে?
: নাই উঠা, তোমাৰ ফোনেহে সাৰ পোৱালে।
: ৰুবী, মই কাৰোবাক ৱাইন এপেগ খাবলৈ ক’ম, কিন্তু কেতিয়াও ভাং খাবলৈ নকওঁ দেই! ঘোটা যে কেত্তিয়াও নকওঁ….কিন্তু, শিৱবাবাৰ মহিমা আছে দেই! কালি তেওঁলোকৰ ঘৰৰ পৰা ওলায়েই ভাবিলোঁ, হে’ ভোলে’ বাবা, আমাৰ দুয়োজনকে নি যেনে-তেনে ঘৰৰ বিচনাখন পোৱাই দিয়াগৈ আৰু! আৰু জীৱনত কেতিয়াও তোমাৰ পৰা একো নিবিচাৰোঁ৷ ঠিকে ঠিকে পোৱাই দিলেহি জানা!

দিনটো পাৰ হৈ গ’ল। সন্ধ্যা শৰ্মানী বাইদেউক লগ পালোঁ। তেওঁ যোৱা কালিৰ ঘটনা বৰ্ণনা কৰিলে,

: কালি তোমালে যে ইমান খং উঠিছিল! ইম্মান মাতিলোঁ, তুমি নাহিলা। অৱশ্যে অৱস্থাটো বুজি পাইছিলোঁ। তথাপি….জুমণিয়ে যে বিহু, পূজা সকলো দেখুৱালে কালি। যিখনহে বকিবলে ধৰিলে৷ কওঁ শুনা জুমণিহঁতৰ কাহিনী৷

এইবুলি জুমণিহঁতৰ কাহিনী আৰম্ভ কৰিলে৷

: অ’ মা, ইহঁতে এইবোৰ কি খুৱালে আমাক! দুয়োটাকে মাৰিবলে বুদ্ধি কৰিছে। ছোৱালীজনীও গুৱাহাটীত আছে। কি হ’ব এতিয়া আমাৰ! এই বামুণ মানুহবোৰ অলপ নহয় দেই৷ যিহতে হাত দিয়ে তাতে মহিমা লাগে।আমি কলিতা মানুহো কম নহয়! বৰ কলিতা আমি। আমিও কম নহয়।

ইফালে বৰষুণ দিবলৈ আৰম্ভ কৰিলে। বৰাদাই শৰ্মানীক হাত যোৰ কৰিছে,

: যেনে-তেনে আমাদুটাক ঘৰত থৈ আহকগৈচোন ব’লক।

শৰ্মানীৰ নিজৰে অৱস্থা তথৈবচ। বৰাই লগ ধৰাৰ লগে লগে ইফালে শৰ্মাই চিঞৰি উঠিল,

: নাই নাই নাই তই মোক এৰি থৈ নাযাবি (ধেমালিৰ সময়ত এওঁলোকে পৰস্পৰক তই বুলি কয়)। তই গুচি গ’লে মই মৰি থাকিম। মোক তই হেঁচা মাৰি ধৰি থাক।মই মৰি যাম নহ’লে।

উপায় নাপাই শৰ্মানীয়ে শৰ্মাক ধমকি দি উঠিল,

: ৰহ, তোক কাইলে পুলিচে ধৰি নিব। চুলাইৰ কে’ছ চলিয়েই আছে। এইবাৰ ভাং খাই আমি মৰিবলে’ হ’লে তোৰ জে’ল হ’ব্বই হ’ব।

শৰ্মা ভয়তে এইবাৰ উঠি বহিল। অ’ত ত’ত ধৰি, বিচাৰি বিচাৰি ভাঙৰ বাকী থকা পুৰীয়া তিনিটা হাতত লৈ মোহাৰি মোহাৰি বাহিৰত পেলাবলৈ গ’ল। সেই সুযোগতে শৰ্মানীয়ে বৰা আৰু বৰানীক ধৰি ধৰি নি ঘৰলৈ লৈ গ’ল। বৰষুণত জুৰুলি-জুপুৰিকৈ তিতি তিতি তেওঁ ঘৰত তেওঁলোকক থৈ আহিল। বৰাই ধৰিছিল তাতে ৰাতিটো থাকিবলৈ। কোনোমতে বুজাই-বঢ়াই পলাই আহিল মানুহগৰাকী। ঘৰলৈ আহি নিজৰ মানুহজনৰ ওচৰত ক্ষন্তেক ৰ’ল। তাৰ পাছত মনত পৰিল আমালৈ। পিছ দুৱাৰেদি আমাৰ ঘৰ দেখি থাকে। যেই দেখিলে, আমাৰ ঘৰৰ সব লাইট অফ্। উঃ, ৰক্ষা! তাৰমানে সব শুলে। টোপনি গ’ল। সব ঠিকেই আছে। যদি লাইট জ্বলি থাকিলেহেঁতেন, তাৰ অৰ্থ আমি গোটেই কেইজনী মৰিলোঁ। ঘৰত মানুহ গোট খাইছে। তেতিয়া ৰাতিপুৱা মানুহজনক পুলিচে ধৰি নিয়াটো খাটাং।

☆★☆★☆

2 Comments

  • পূৰ্ণময়ী

    জলাকলা খুৱালে প্ৰসাদে নহ

    Reply
  • Anonymous

    আপুনিও সাংঘাতিক লিখেহে বাইদেউ। মানি গৈছো। চেল্যুট।

    Reply

Leave a Reply

Your email address will not be published.