ফটাঢোল

শিৱৰাত্ৰি – প্ৰণতি শইকীয়া

নৱম শ্ৰেণীত পঢ়ি থকা দিনৰ কথা৷ শিৱৰাত্ৰিৰ পাছদিনা গান গাই গাই স্কুললৈ বুলি ওলাইছোঁ৷ অলপ সোনকালেই ওলালো৷ কাৰণ শিৱৰাত্ৰিত কোনে কি কৰিলে আলোচনা হ’ব৷ চাইকেলখনৰ চকাকেইটা চেপেটা যেন দেখি পাম্প অকণ দি লওঁ বুলি গাঁৱৰে চাইকেল মিস্ত্ৰী বীৰেণ খুড়াৰ ঘৰতে সোমাই দিলো৷ খুড়াই ক’লে, “দুই মিনিট বহ৷ মই সাউতকৈ ধুপগছ জ্বলাই লওঁ৷“

তাকে শুনি খুড়ীয়ে ক’লে, “মজিয়ালৈকে আহ৷ চাহ এবাতি খাইয়ে যা৷ হৈয়ে আছে৷“
ময়ো ভালেই পালো৷ দল ঘাঁহ খোৱা ম’হৰ গাখীৰত কৰা চাহ৷ বৰ মজা লাগিল খাই৷ পাম্প দি হ’লত ফোঁফোৱাই চাইকেল এৰি দিলো৷ প্ৰথম ক্লাচটো অংকৰ আছিল৷ হেডছাৰে পঢ়াইছিল৷ ছাৰ যিমান খঙাল সিমান মৰমিয়াল আছিল বাবে অংকৰ ক্লাছটো আমি ভাল পাইছিলো যদিও সেইদিনা অকণো ক্লাছ কৰিবলৈ মন যোৱা নাছিল৷

ঘপহকৈ আইডিয়া এটা আহিল মনলৈ৷ লগৰবোৰক ক’লো আজি মই ভাঙৰ মিঠৈ খোৱাৰ এক্টিং কৰিম চাবি ক্লাছত৷ লগৰবোৰে ক’লে, ঠিক আছে, তই যদি সঁচাকৈয়ে কৰিব পাৰ আমি তোক ঘুগুনী আৰু পকৰী খুৱাম ৰিক্ৰিয়েচনত৷ মই বোলো চাই থাক৷ যথা সময়ত ছাৰ আহিল৷ ৰেজিষ্টাৰখন মেলি ৰোল কল আৰম্ভ কৰিছে৷ মোৰ ৰোল নংটো ক’বলৈ পালেহে, মই ইয়েচ ছাৰ ক’লো কি নক’লো দিলো নহয় হাঁ‌হি৷ ছাৰে সুধিলে কি হ’ল৷ মই একো উত্তৰ নিদি হাঁ‌হিয়ে আছোঁ৷ ছাৰ পূৰা আচৰিত হৈ গ’ল৷ কাৰণ আনদিনা মই ছিৰিয়াছ ষ্টুডেণ্ট৷ লগৰকেইজনীয়ে ক’লে, ছাৰ তাই ভাং খালে চাগৈ৷ ছাৰে মোৰ পিঠিত দুইচাট দি দিলে৷ কিন্তু লাহে লাহে মই নিজে অনুভৱ কৰিলো মইচোন হাঁ‌হিটো ৰখাব পৰা নাই৷ কেতিয়াও মোৰ এনে নহয়৷ এফালে মোৰ পিঠিত চিটিপ চিটিপ পৰি আছে৷ ভয় লাগিছে, লাজ লাগিছে কিন্তু মই হাঁ‌হিয়ে আছোঁ৷ চকুৰে কিবাকিবি দেখি গৈছোঁ৷ নিজকে উৰি ফুৰা যেন লাগিল৷ মোৰ হাঁ‌হি শুনি বাকী দুই এজন ছাৰ বাইদেউ ওচৰলৈ আহিল৷ ঘটনাটো কি সুধিলে আৰু টেঙা অলপ খুৱাই দিবলৈ ক’লে৷ হাঁ‌হি হাঁ‌হি মোৰ চকুপানী ওলাই গৈছেগৈ৷ কোনোবাই টেঙা পানী অলপ খুৱাই দিলে আৰু মূৰত পানী অলপ ঢালি দিলতহে ৰক্ষা৷ হাঁ‌হি বন্ধ হ’ল৷ মোক অলপ শুই থাকিবলৈ দিলে ক্লাচতে৷ পাছৰ সময়খিনিত গাটো বেয়া লাগি থাকিল, মূৰটোও ঘূৰাই থাকিল৷ কিয় এনে হ’ল মই ভাবি নাপালো৷

আবেলি স্কুলৰ পৰা আহি বাৰাণ্ডাতে বহি আছিলো৷ ঘৰত কথাটো খুলি ক’লো৷ সকলোৰে চিন্তা হ’ল৷ আইতাই সৰিয়হৰ টোপোলা এটা ৰুমাল এখনতে বান্ধি লৈ থাকিবলৈ দিলে ভূতেই পালে নেকি বুলি ভাবি৷ আইতাই যিবোৰ ভূতৰ কথা ক’বলৈ ধৰিলে মোৰ আকৌ মূৰ ঘূৰাবলৈ ধৰিলে৷ হে প্ৰভু! স্কুলত হোৱা ভাগ পুনৰ নহ’লেই ৰক্ষা৷

মাৰ খং৷ “কালি ইমান ক’লো, এপাক মন্দিৰলৈ যা চাকি এগছ দি আহগৈ৷ তই আকৌ চিনেমা চোৱাতহে লাগিলি৷ এতিয়া পালি গমটো৷ গোটেই মাষ্টৰবোৰৰ আগত ভেঙুচালি কৰি দেখুৱালি৷ ছোৱালী মানুহ, অলপ এনেই গা বচাই থাকিব লাগে৷ এতিয়া বুজা হ’লি৷ কিমান ক’ব লাগে তহঁতক৷ দেউতাৰৰ নাক কাটিলি৷“

এনেতে দাদাই কথাটো শুনি আহিল ফলা খৰি এডাল লৈ৷ কি হৈছিল সুধিবলৈ৷
এফালে আইতাৰ জৰা ফুকা৷ আনফালে মাৰ গালি শপনি৷ তাতে দাদাৰ হাতত ফলাখৰি৷ দেউতা আহি পালে কি কৰিব সেইয়া ভাবিয়েই বাথৰুমলৈ যাওঁ যেন লাগিল৷ ইফালে ৰাতি ভণ্টিয়ে ইতিকিং কৰিবলৈ আছেই৷ হে হৰি কিহে পালে মোক৷ ক’ত কি দোষ লগালো৷

তেনেকুৱাতে বাবুল মানে বীৰেণ খুড়াৰ সৰু ল’ৰাটো আহি ওলালহি৷ এইটোৱে আকৌ কি কৰে৷ গোটেই গাওঁখনত নজনালেহে ৰক্ষা৷ মৰাটো এতিয়াহে আহিবলৈ পাইছে৷ সি আহি মোক ক’লে, “ঐ তই বাৰু ঠিকেই আছনে? আজি তই আমাৰ ঘৰত যে ৰাতিপুৱা ভুলতে চাহৰ লগত লাৰু সজাই থোৱা ডাঙৰ প্লেটখনৰ পৰা ভাঙৰ মিঠৈটোকে খালি নহয়৷ মায়ে খুব চিন্তা কৰি আছিল তোৰ কিবা হয় বুলি৷“

মই বোলো, অঁ ঠিকেইটো, খুড়ীয়ে কৈছিল তই বগা লাৰুটোহে খাবি দেই৷ মইহে খুড়ী ভিতৰলৈ যোৱাত গুৰুত্ব নিদি গুড়ৰ লাৰুটো লোভতে খাই দিলো৷ তেতিয়াহে মোৰ হাঁহিৰ ৰহস্য ভেদ হ’ল৷ এক্টিং তাৰমানে সঁচাত পৰিণত হ’ল৷ তাক ক’লো, হ’ব বাবুল, মোৰ একো নাই হোৱা দে৷ তই ঘৰত আৰু ক’তো নক’বি৷

ভঙুৱা বাবাৰ ফটোখনলৈ চালো৷ বাবাই কোৱা যেন লাগিল, ’হুহ এক্টিং কৰে৷ নিচা খাই হাঁ‌হিলে ভালতকৈ বেয়াহে বেছি হ’ব৷ মনৰ আনন্দেৰে প্ৰাণ খুলি হাঁ‌হিব পৰাটোহে আচল কথা বুজিলি৷’ কথাটো মিছা নহয় কথাটো৷

★★★★

 

Leave a Reply

Your email address will not be published.