ফটাঢোল

শুৱনি আমাৰ ফটাঢোল – তাবিবৰ ৰহমান

শুৱনি আমাৰ ফটাঢোল বাসী

  মৰম চেনেহৰে ভৰা

দল বান্ধি বান্ধি যুঁজ বাগৰ কৰে

 ক'তো নাই এনে ধৰা।

শুৱনি আমাৰ হাঁহিৰ পথাৰ

 হাঁহিৰে উপচি পৰে

শুৱনি নাৰীৰ হাঁহি কথা-মাত

 আকাশ কঁপাই তোলে।

লাইভত কামোৰ বাজন, জিলা প’ল

 সপ্তাহত হিয়াৰ গান

আলোচনীত ব্যংগ মিটত নাচ

এয়াই আমাৰ প্ৰাণ।

কামৰ সময়ত ৰচকী মহিলাই

বিয়নী মেল পকায়

চাহত চেনি আঞ্জাত নিমখ

সদায় বেছি হয়।

ঘৰে ঘৰে ঢোলৰ মাত

ৰাস্তা-ঘাটে হাঁহি মুখ

অফিচ কাছাৰীত ঢুলীয়া নাচনীয়ে

আঁতৰাই মনৰ দুখ।

সকলোৰে দুখত সমভাগী হোৱা

এয়াই আমাৰ কাম

বানপানী ঠাণ্ডাত অসহায় লোকক

দিওঁ হাত উজান।

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.