ফটাঢোল

শূৰ্পনখাৰ নাক – ডলী তালুকদাৰ – মূল হিন্দী গল্প : গোপাল প্ৰসাদ ব্যাসৰ “শূৰ্পনখা কী নাক”

মানুহে কিছুমান অলাগতিয়াল বস্তুকো ইমান মহত্ব দিয়ে ভাবি আচৰিত লাগে; ঘীউৰ কথা পাহৰি যায়, কিন্তু বোৱাৰিয়েকৰ খিচিৰীৰ গুণ গাই অন্ত নেপায়। ৰামৰ পুৰুষাৰ্থৰ কথা চৰ্বিত চৰ্বন হৈয়ে থাকে, কিন্তু বেচেৰী শূৰ্পনখাৰ নাকটোৰ কথা হ’লে কোনেও নকয়। মই সুধিছোঁ, যদিহে শূৰ্পনখাৰ নাকটো নাথাকিলহেঁতেন; থকা নথকাৰ কথা বাদ দিয়ক, তেওঁৰ নাকটো যদি কটা নগলহেঁতেন, তেনেহ’লে ৰামৰ মহত্বৰ কথা বাৰু কোনে জানিলেহেঁতেন!বুজিলেহেঁতেন?

সকলোৱে মানে যদিও একেবাৰে ভুল কথা এটা হ’ল যে, ৰামে কেৱল ৰাৱণক বধিবৰ বাবে বা ‘এই ভূমি ভক্তৰ বাবে সুৰক্ষিত কৰিবৰ বাবে, নাইবা দেৱতাৰ কল্যাণৰ কাৰণেহে জন্ম লৈছিল । মোৰ ধাৰণা; ধাৰণা বুলি নকওঁ, মোৰ সম্পুৰ্ণ বিশ্বাস যে, কেৱল শূৰ্পনখাৰ নাক কাটিবৰ বাবেহে ৰামৰ জন্ম হৈছিল। তাৰকা নহ’লে বিশ্বমিত্ৰই ৰামক অস্ত্ৰ-শস্ত্ৰৰ শিক্ষা দিলেহেঁতেন জানো? কৈকেয়ী নেথাকিলে দশৰথে ৰামক বনবাসলৈ পঠালেহেঁতেন নে? সেইদৰেই আকৌ, শূৰ্পনখাৰ নাকটো কটা নোযোৱা হ’লে ৰাম-ৰাৱণৰ যুদ্ধ হ’লহেঁতেন নে? বাল্মিকীয়ে ৰামায়ন লিখিলেহেঁতেন নে? তুলসী দাসৰ মানসত পুনৰ মনস জন্মিলহেঁতেন নে? গুপ্তজীয়ে সাকেটৰ জখলাত বগালেহেঁতেন নে? এই সকলোবোৰ ৰামৰ মহানতা বা পুৰুষাৰ্থৰ বাবে নহয়, শূৰ্পনখাৰ নাকৰ বাবেহে হৈছে, তাত কিবা সন্দেহৰ থল আছেনে?

শূৰ্পনখাৰ নাকক আজি ভালেহে কবি, সাহিত্যিক, শিল্পী, বুৰঞ্জীবিদ, ধৰ্মশাস্ত্ৰবিদ বা পুৰাতত্ত্ববিদ, সকলোৱে পাহৰিব পাৰে, কিন্তু মই কোনোপধ্যে এই ভুল কৰিব নোৱাৰোঁ। মোৰ বিচাৰ মতে নানা পুৰাণ বেদ, শাস্ত্ৰৰ সাৰ য’ত আছে, সি তুলসীদাসৰ ৰামায়ণ নহয়, আছে ৰাৱণৰ ভনীয়েকৰ নাকটোহে। বাল্মীকিয়ে আমাক ‘আদিকাব্য’ দিয়া নাই। ‘মৰা মৰা’ বুলি কৈ কৈ কোনোবা কি মহাকবি হ’ব পাৰে? ক্ৰৌঞ্চ বা চাকৈ চকোৱা পখীৰ বধৰ যি কাহিনী প্ৰচলিত সেয়া পুৰাদমে এক কল্পিত কাহিনী। আচল কথা, ক্ৰৌঞ্চপখীৰ বধ আৰু বিচ্ছেদৰ দুখত নহয়, শূৰ্পনখাৰ কটা যোৱা নাক দেখিহে বাল্মিকীৰ মুখেৰে আপোনা ওলাইছিল-‘মা নিষাদ…. , নহয়, কেৱল ‘মা নিষাদে’ই নহয়, সম্পূৰ্ণ ৰামায়ণ একেৰাহে সলসলীয়াকৈ ভূমিষ্ঠ হৈছিল। বাল্মীকিয়েই যে ‘মা নিষাদ’ শ্লোকটোৰচনা কৰিছিল তাৰ কি প্ৰমাণ আছেহে? কিবা শিলালিপি, তাম্ৰপত্ৰ, আন নেলাগে ভোজপত্ৰতে বাল্মিকীয়ে নিজে লিখি যোৱা বুলি তথ্য আছে নেকি? নে কোনোবা বিশ্ববিদ্যালয়ে এই ৰহস্য আৱিষ্কাৰ কৰাৰ বাবে কাৰোবাক ডক্টৰেট উপাধি দিছে? সেইবোৰ বাদ, কিন্তু শূৰ্পনখাৰ নাক কটা যোৱাৰ বুলি স্বয়ং বাল্মীকিয়ে নিজৰ গ্ৰন্থতে উল্লেখ কৰিছে; আৰু আজিও জিলাই জিলাই, চুবুৰিয়ে চুবুৰিয়ে প্ৰত্যেক বছৰে সেই নাক ধুমধামেৰে কটা হয়।

এনেকুৱা তথ্য প্ৰমাণ সম্বলিত ঘটনা এৰি আজিৰ মানুহে যি টি আজে বাজে কাহিনীবোৰক কেতিয়ালৈকে বিশ্বাস কৰি থাকিব? আচৰিত! সি যি কি নহওক, ডক্টৰেট উপাধি পাওঁ বা নাপাওঁ; কিন্তু এই চৰাচৰ জগতক মই নিশ্চিত ভাৱে এটা কথা কৈ যাব বিছাৰোঁ যে, যদিহে শূৰ্পনখাৰ নাক কটা নগ’লহেঁতেন, তেনে না ‘আদিকাব্য’ লিখা হ’লহেঁতেন; না তুলসীদাস কৃত ৰামায়ণ ঘৰে ঘৰে খণ্ড আৰু অখণ্ড পাঠ হ’লহেঁতেন আৰু না ঘৰত বহিয়ে বহিয়ে মৈথিলীশৰণ গুপ্ত কদাপি ৰাষ্ট্ৰকবি হ’ব পাৰিলেহেঁতেন? কেৱল ইমানেই নে? ভাৰতবৰ্ষৰ যি মাহন সংস্কৃতিক লৈ আমি গপতে গংগাটোপ হৈ ফুৰোঁ, বিধৰ্মী আৰু বিদেশীৰ লগত জানি বা নেজানিয়ে হওক তয়াময়া ৰণ আৰম্ভ কৰোঁ, সেই সংস্কৃতিৰ মূল শিপাডালত “একছত্ৰ এক মুকুটমণি” মৰ্য্যাদাপুৰোষোত্তম ৰাম নহয়; প্ৰকৃততে শূৰ্পনখাৰ তিনি ইঞ্চি দীঘল, আগফালে ভাটৌৰ দৰে হালি থকা, চম্পা ফুলৰ কলিৰ দৰে নাকটো; যাক সংস্কৃতত স্বৰ্গ বুলি কোৱা হয়; সেইটোহে আছে।

শূৰ্পনখাৰ নাক কটা নগ’লে সীতাহৰণ হ’লহেতেননে? ৰামৰ নিচিনা নৰমনিচে বান্দৰ সেনাৰ লগত “ছেকহেণ্ড” কৰিলেহেঁতেন নে? পানীত শিল উপঙিলহেঁতেন নে? লক্ষ্মণে অবলাৰ নাক কটাৰ উপৰিও মেঘনাদক বধিলে হেঁতেন নে? ৰাৱণৰ এটা নহয় দহটা মূৰ, দুখন নহয় বিশখন হাত, তেওঁৰ মুখত নহয়, নাভিতহে অমৃত আছিল। তেওঁ বিভীষণক লাঠ মাৰি ঘৰৰ পৰা উলিয়াই নিদিয়াহ’লে আমি এইবোৰ কথা গম পালোহেঁতেন নে? ৰামে নো অকাৰণতে ৰাৱণক কিয় মাৰিলেহেঁতেন? ৰাৱণৰ কি কাণ্ডজ্ঞান নাছিল নেকি যে ৰামৰ সৈতে অহেতুক শত্ৰুতা কৰি ল’ব? কেৱল শূৰ্পনখাৰ নাকেই আছিল সেই শক্তি, যি ৰাৱণক দণ্ডকাৰণ্যলৈ টানি নিছিল। সীতাক হৰণ কৰিবলৈ বাধ্য কৰাইছিল। এইটোও কোৱা ভুল হ’ব যে লংকাৰ সমগ্ৰ ৰাক্ষসগণে, কেৱল ৰাৱণৰ সন্মানৰ বাবে যুঁজি জীৱন ত্যাগ কৰিছি। না না, তেওঁলোকে স্বইচ্ছাৰে, সজ্ঞানে, আত্মীয়-কুটুম্ব সহিতে, কেৱল শূৰ্পনখাৰ নাকৰ বাবেহে প্ৰাণাহুতি দিছিল।

হে শূৰ্পনখাৰ নাক! তুমিতো বাৰু কটা গ’লাই, কিন্তু তাতে কি হ’ল? কিন্তু তুমি এই ভাৰতভূমিক ডুবন্ত ধৰ্ম, ক্ষয়িষ্ণু সংস্কৃতি আৰু অস্তমিত হওঁ হওঁ হোৱা যুগ-সত্য সুৰুযৰ নাক কটা যোৱাৰ পৰা ৰ‍ক্ষা কৰিলা। কৃতঘ্ন মানৱে আজি তোমাৰ মহত্ব স্বীকাৰ নকৰে। ৰাম আৰু হনুমানৰ মন্দিৰ সাঁজে, কিন্তু শূৰ্পনখাক আওকাণ কৰে। হনুমানৰ লাঠীৰ পূজা হয় কিন্তু শূৰ্পনখাৰ নাকৰ নহয়। কিন্তু মোৰ দৃঢ় বিশ্বাস যে সত্যৰ সূৰ্য আকৌ এদিন প্ৰকট হ’ব, প্ৰকৃত সত্য এদিন এন্ধাৰ গহ্বৰৰ পৰা ওলাই পোহৰত জিলিকি উঠিব। কবিসকলে ৰাৱণ আৰু বিভীষণৰ কবিতা লিখিয়ে ক্ষান্ত নহয়, তেওঁলোকে এদিন শূৰ্পনখাৰ নাকৰ বিষয়েও মহান কাব্য ৰচনা কৰিব।

কেনেকুৱা আছিল সেই নাকটো :
আহহা! কেনেকুৱা আছিল বাৰু শূৰ্পনখাৰ সেই নাকটো যাক লক্ষ্মণে আগ পাছ নুগুণি কাটি পেলাইছিল? নিশ্চয় সেই নাকটো নাৰ্গিছৰ নাকটোৰ দৰে জিকাফুলীয়া আছিল। নহ’লে ক্লিঅ’পেট্ৰাৰ দৰে, যিটো নাকৰ বাবে জুলিয়াচ চিজাৰে আত্মাহুতি দিছিল, এইটো কাহিনী আপোনালোকে শুনিছেই নিশ্চয়।
বাল্মীকিয়ে শূৰ্পনখাৰ নাক কটা যোৱাটোহে উল্লেখ কৰি গ’ল বাৰু, কিন্তু সেই নাকটো কেনেকুৱা আছিল, কিমান ইঞ্চি দীঘল, কিমান জোঙা আছিল, তেওঁ কিদৰে ঘোৰঘোৰাই সেই নাকেৰে প্ৰাণবায়ু গ্ৰহণ কৰিছিল, কি সুগন্ধি সেই নাকটোৰ প্ৰিয় আছিল, এই বিষয়ে একো উল্লেখ নকৰিলে। এতিয়া কেৱল কল্পনা কৰিহে এই বিষয়ত সন্তষ্টি ল’ব পৰা যাব। হে শূৰ্পনখা আইদেউ! তোমাৰ মুখখনৰ ভিতৰত নাকটোৱে সৰ্বোত্তম অংগ আছিল চাগৈ। নিশ্চয় তোমাৰ সৌন্দৰ্য্যলৈ মন কৰিলে প্ৰথম তোমাৰ নাকটোতহে চকু পৰিছিল। হে ৰূপহী! কোনোবা দিনা সপোনত আহি মোক ক’বাচোন যে তুমি নাকত কি পিন্ধিছিলা, নাকফুলি নে লং? তোমাৰ খং ওঁঠেৰে ব্যক্ত কৰিছিলা নে নাকেৰে? হাঁহোতে নাকটো কিমান উজাই গৈছিল বা খং উঠোঁতে নাক কিমান কোঁচ খাইছিল? তুমিয়েই ক’বা। মই কোনডাল ফিটাৰে জোখ লওঁ বাৰু? হে বন বিহাৰিণী! যিমানে মই তোমাৰ নাকটোৰ বিষয়ে ভাবোঁ, সিমানে মোৰ শৰীৰ অৱশ হৈ আহে, আৰু অনুভৱ হয় যে সুমিত্ৰানন্দনে (সেই পণ্টজন নহয় আকৌ) উচিত বিচাৰ নকৰিলে। আৰে, কাটিবলৈ কি অকল নাকটোহে পালেগৈ নে?

নাৰী সকল সাৱধান :
আপোনালোকে ভাৱি চাওক, শূৰ্পনখাই নিজৰ নাকটোৰ বলিদান দি সমস্ত সংসাৰৰ নাৰীজাতিক কি মহৎ শিক্ষা দি গৈছে। তেওঁৰ কটা নাকটোৱে সকলোকে চিঞৰি চিঞৰি কৈছে, মই নাককাটি হ’লোঁ বাৰু, কিন্তু তোমালোকে নিজৰ নাক বচাই ৰাখিবা। খবৰদাৰ! ভৱিষ্যতে কেতিয়াও কোনো পুৰুষক ভুলতেও প্ৰেম নিবেদন নকৰিবা। মনৰ কথা কেতিয়াও মুখলৈ নানিবা। নিজৰ ইচ্ছা অনিচ্ছা কেতিয়াও প্ৰকাশ নকৰিবা। যদিহে কৰা, তোমাৰ নাক গুৰিতে কটা যাব। সেইদিনাৰ পৰাই, মানে শূৰ্পনখাৰ নাক কটা যোৱাৰ দিনটোৰ পৰাই, সকলো নাৰীয়ে ঠিৰাং কৰিলে যে, ভৱিষ্যতে প্ৰেম আৰু পৰিণয়ৰ সকলো প্ৰস্তাৱ প্ৰথমে পুৰুষেই দিব লাগিব, নাৰী কেতিয়াও আগবাঢ়ি নাযায়। তেওঁলোকে চিকাৰ জালত ফচাব হয়, কিন্তু সদায় নিজৰ অপৰাধ অস্বীকাৰ কৰিয়ে থাকিব। ভিতৰি ভিতৰি প্ৰেমাগ্নিত দহি মৰিলেও মুখেৰে ওম-তৎ-সৎ একো উচ্চাৰণ নকৰিব। ভাবি চাওকচোন? যদিহে শূৰ্পনখাৰ নাক কটা নগ’লহেঁতেন আৰু নাৰীসকলে পুৰুষৰ ওচৰলৈ গৈ ক’লেহেঁতেন “মই তোমাক ভাল পাওঁ, তোমাৰ কাৰণে মৰিব পাৰোঁ মই” তেতিয়া কি সৃষ্টি চলিলেহেঁতেন? আপুনি মানকেই বা নামানক প্ৰলয় নাহিলহেঁতেন নে? আৰু এই প্ৰলয়ক ৰোধ কৰিলে কোনে? কেৱল শূৰ্পনখাৰ নাকে। শূৰ্পনখাৰ নাকে কেৱল প্ৰলয়কে ৰোধ কৰা নাই, সেই নাক হ’ল লোক আৰু বেদৰ সীমা। ৰামায়ণ বা ৰামৰ বচনে মানুহৰ মৰ্যাদাক ইমান স্থিৰ ৰাখিব নোৱাৰে, যিমান শূৰ্পনখাৰ নাকে ৰাখে। শূৰ্পনখাৰ নাকে কয়, যদিহে নিজৰ বংশ-কূলক ৰামৰ কোপাগ্নিৰ পৰা ৰক্ষা কৰিব খোজা, তেনে মনৰ শূৰ্পনখাবোৰক নিয়ন্ত্ৰণ কৰা। যদিহে ধৰ্ম, বিজ্ঞান, সংস্কৃতি আৰু সম্পদ ৰক্ষা কৰিব বিচাৰা তেনেহ’লে শূৰ্পনখাৰ নাক কাটিব নিদিবা। লগতে ইয়াকো কৈছে যে যদিহে কোনো পৰ পুৰুষে তোমাৰ ভগ্নীৰ নাক নৃশংসে কাটে, তেন্তে আপোন ভগ্নীৰ সন্মান ৰক্ষাৰ্থে নিজৰ প্ৰাণকে ধৰি সৰ্বস্ব ত্যাগ কৰি দিয়া ।

এতিয়া আপোনালোকে সুধিব যে মই শূৰ্পনখাৰ নাকৰ ওপৰত এই সুদীৰ্ঘ আলোচনা কিয় কৰিলোঁ? তেনেহ’লে মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে কম যে মই শূৰ্পনখাৰ নাকৰ ওপৰত কলম চলাই সেই আটাইবোৰৰে নাক কাটিলোঁ, যি সকলে এতিয়ালৈকে এই মহান চৰ্চাযোগ্য বিষয়টোৰ কথা পাহৰি আছিল। সাহিত্যত কেৱল উৰ্মিলা আৰু যশোধৰাই নহয়; শূৰ্পনখাৰ নাকটোও উপেক্ষিত।

☆★☆★☆

20 Comments

  • Anonymous

    বঢ়িয়া লাজবাব।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া লাগিছে পঢ়ি বা।

    Reply
  • হেমন্ত কাকতি

    চুপাৰ্ব ডলী৷ অলপ ৰহন সনাত সোনত সুৱগা চৰিলে লেখাটো৷ লিখি থাকা

    Reply
  • অঞ্জন সাধানিদাৰ

    পঢ়িলো ডলি। মজ্জা লাগিল।

    Reply
  • জয়ন্ত দাস

    বা বৰ ধুনীয়া লাগিল

    Reply
  • Mitali Saharia

    বৰ ধুনীয়া লাগিল বা।

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply
  • অলকেশ ভাগৱতী

    মজ্জা ৷

    Reply
  • কমলা দাস

    শূৰ্পনখাৰ নাকটো উপেক্ষা কৰিব নালাগিছিল দেই ।

    Reply
  • somkanta Saikia

    সুন্দৰ তৰ্জমা – – – সুন্দৰ কথকতা !

    Reply
  • বৰ ভাল লাগিল বাইদেউ।

    Reply
  • Sanjeev Mazoomdar

    তামাম লিখিছা ডলী। কথাভাগৰ নিৰ্বাচনটো ভাল হোৱাৰ লগতে অতি সাৱলীল অনুবাদ। আগলৈ আৰু এইধৰণৰ উন্নত লিখনি আশা কৰিলোঁ।

    Reply
  • বঢ়িয়া ।

    Reply

Leave a Reply

Your email address will not be published.