ফটাঢোল

শৈশৱত এদিন – অনামিকা গগৈ

সৰুতে বৰ বেছি উৎপতীয়া নাছিলোঁ যদিও একেবাৰে শান্ত আছিলোঁ তেনেকুৱাও নহয়। দেতাৰ পৰা দাদাতকৈ মৰম অলপ বেছি পাইছিলোঁ সেয়ে হয়তো অলপ মিহি গুণ্ডা টাইপ হৈ পৰিছিলোঁ। মনত এটা ভাৱ সদায় আছিল যে মই যি কৰিলেও দেতাই মোক নিপিটে আৰু পিটিলেও আইতাই মোক বচাব।

ছোৱালী হৈও ল’ৰাৰ দৰে প্ৰায় প্ৰতিটো কাম কৰিছিলোঁ বুলি ক’লেও হয়তো মিছা কোৱা নহ’ব। যেনে ধৰক – গছ বগোৱা (পিছে অকল আমাৰ ঘৰৰ পাছফালে থকা বগৰী জোপাত, যি জোপা এতিয়াও আছে), চিকাৰ কৰাৰ নামত বিছাৰ কামোৰ খাই হাতত কেটেপা লৈ কেৰ্কেটুৱা মাৰি ফুৰা দাদাহঁতৰ লগত, ঢেকীয়া-কচু বুটলা, লেচেৰী বুটলা, শামুক বিচৰা, বগৰী খাবলৈ গৈ নৈ পাৰ হৈ হাবিয়ে হাবিয়ে ফুৰা, চেঁচু খন্দা আৰু কত কি। আমাৰ চুবুৰীটোৰ এটা গেং আছিল আৰু আমি গোটেইবোৰে লগ লাগি এইবোৰ কৰি ফুৰিছিলোঁ।সেইদিনবোৰৰে মোৰ এটা সদায় মনত থকা স্মৃতি আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ লৈছোঁ।

মই তেতিয়া ঠিক ক্লাছ ফাইভ মানত পঢ়ি আছিলোঁ৷ এদিন দেওবাৰৰ দিন এটাত দেতাই আমাক ঘৰৰ পৰা ওলোৱা নিষেধ কৰিলে। আমাক মানে মোক আৰু দাদাক। দেতাই ক’লে, “স্কুল বন্ধ পালেই তহঁতে গোটেইখন টলৌ টলৌ কৈ ঘূৰি ফুৰ, আজি এইখিনি মই লিখি দিছোঁ দুইটাই পঢ়ি মুখস্থ কৰ আৰু গধূলি মই সুধিম”। তেনেকৈ কৈ প্ৰশ্ন উত্তৰ এসোপা বহী এখনত লিখি আমাৰ হাতত দিলে। দাদা আৰু মই যিহেতু একেটা ক্লাছৰে গতিকে তাকো একেখিনিকে দিলে পঢ়িবলে। তেনেকুৱাতে দেতাই বোলে – “মই বজাৰৰ পৰা আহোঁ, তহঁত কিন্তু ঘৰৰ পৰা লৰচৰ নহ’বি। মই আহি তহঁতক ঘৰত পাবহি লাগিব”। আমিও একেবাৰে কাণ মূৰ জোকাৰি হ’ব বুলি কৈ পঢ়াত লাগিলোঁ।সেইদিনাই আকৌ আমাৰ ঘৰৰ পাছফালৰ কছাৰী সম্প্ৰদায়ৰ মানুহ এঘৰত আই সকাম আছিল আৰু মোৰ আই সকামত দিয়া পায়সখিনি বৰ প্ৰিয়। গতিকে মোৰ এটাই চিন্তা কেনেকৈ আইতাৰ চকুত ধূলি দি সকামৰ ঘৰলৈ যাব পাৰোঁ। পঢ়াৰ মাজত দাদাক খুঁচি আছোঁ বোলো – “ব’ল আকৌ সকামৰ ঘৰলৈ যাওঁ।” দেতাৰ ভয়ত নাযাওঁ নাযাওঁ কৰি শেষত যেনিবা সি যাবলৈ মান্তি হ’ল। আমি দুয়োটাই আইতা দুুুপৰীয়া শুৱালৈ বাট চাই ৰ’লো। এপাকত গ’ম পালোঁ আইতা একদম দূৰ্ঘোৰ টোপনিত। কথাটো গম পাই সময় নষ্ট নকৰি দুয়োটা পিছদুৱাৰেদি বাগানৰ মাজেৰে জেওৰা পাৰ হৈ সকামৰ ঘৰ পালোঁ। গৈ দেখিলোঁ তাত একো আৰম্ভ হোৱাই নাই, গোপিনী আহিছেহে। আচলতে তেওঁলোকৰ সকাম নিকামবোৰ অলপ দেৰিকৈ আৰম্ভ হয়। মই বেছেৰীজনীয়ে কি জানোঁ? আমাৰ সকাম আগবেলাতে শেষ হয় কাৰণে ভাৱিলোঁ তেওঁলোকৰো হ’ল চাগে! কি কৰোঁ এতিয়া? দাদাই বোলে -“ব’ল যাওঁ গৈ”। মই বোলো -“এহ ৰহ আহিলোঁ যেতিয়া খাইহে যাম”। তই চিন্তা নকৰিবি দেতা আহি পাওঁতে এনেও গধূলি হ’ব। তাৰ আগত আমি ঘৰ পাই যাম। তেনেকে বুলি গোপিনীৰ লগত শাৰী পোনাই আই নাম শুনি শুনি বহি আছোঁ। সকাম শেষ নহয় হে নহয়! গধূলি হ’বৰ হ’ল। ইফালে দেতা বজাৰৰ পৰা ঘৰ আহি পোৱাত আমাক নেদেখি বিচাৰ-খোঁচাৰ কৰাত লাগিল। ইঘৰত চাইছে নাই, সিঘৰত চাইছে নাই, ক’ত গ’ল ইহঁত? শেষত আইতাৰ কি জানো মনত পৰিল বোলে, আজি সিহঁতৰ ঘৰত আই সকাম আছিল নহয় তাত থকা নাইতো কেনেবাকৈ?

ইতিমধ্যে আই সকামো শেষ হবলৈ হৈছে! পায়সৰ পাত আহি আমাৰ ভাগত পৰিছেহি। তেনেকুৱাতে আইতাই হাতত এচাৰি লৈ বোলে, “জহনীহঁত ইয়াত সোমাই আছ! অথনিৰে পৰা বিচাৰি ফুৰিছোঁ, কৈ আহিব নোৱাৰ?” তেনেকে বুলি দাদাক ধৰি দুচাত দি থাকোঁতেই, মই সুৰুঙাইদি দৌৰি বাগানৰ মাজেৰে আহি ঘৰ পালোঁহি। পিচে এতিয়া দেতাৰ পিটনৰ পৰা বাচিবলৈ লুকাও ক’ত? ভাবি ঘূৰি ফুৰোঁতেই পটকৈ চকু আনলাৰ কাপোৰখিনিৰ ওপৰত পৰিল আৰু একো নাভাবি চিধা কাপোৰৰ মাজত সোমাই পৰিলোঁ। ইফালে আইতাও দাদাক গালি পাৰি পাৰি আহি ঘৰ পাই দেতাক সুধিলে, “এইজনী ক’ত? তাইক এচাতো দিব নোৱাৰিলোঁ। দৌৰি পাছফালেদি ঘৰ সোমালেহি”। দেতাই আচৰিত হৈ “ক’ত তাই ঘৰলে আহিছে? মই দেখোন ঘৰতে আছোঁ”। এইবাৰ আকৌ মোক সৱে বিচৰাত লাগিল। ওচৰৰ বৰমাহঁতো আহিল। মোৰ ইফালে ভয়ত অৱস্থা কাহিল। গোটেইবোৰে মোক টৰ্চ লৈ চাহ বাগানৰ মাজে মাজে বিচৰাত লাগিল কেনেবাকৈ ভয়ত তাতে লুকাই আছোঁ বুলি। সৱে মাতিছে কিন্তু মোৰ ওলাই আহিবলে ভয় লাগিছে।দাদাইও লুকাচুৰি খেলা সময়ত লুকুৱা গোপন ঠাইবোৰত চাইছে কিন্তু মই নাই। শেষত বিছাৰি নাপায় দেতাই কন্দনামুৱা হৈ বোলে, “মাজনী আহ ওলাই আহ!তোক নামাৰো আহ”। দেতাৰ ইমান মৰমৰ মাততো মই বাৰু কোন সতেৰে আওকাণ কৰোঁ। মাত মাতিবলে সাহস কৰা নাই যদিও বেৰখনতে দুবাৰ ধাম ধামকৈ শব্দ কৰিলোঁ আৰু শব্দটো অনুকৰণ কৰি আহি আইতাই মোক কাপোৰৰ মাজত বিচাৰি পালেহি।তাৰপিছত দেতাক চিঞৰি “এইজনী ঐ ইয়াত সোমাই আছে”। মোক বোলে-“আহ আই তই ওলাই আহ”। উলিয়াই নি একদম দেতাৰ আগত হাজিৰ কৰাই দিলেগৈ। তাৰপিছত দেতাই ওচৰতে থকা ফলাখৰি এচতাই যি কিচাত দিলে ঐ….. মোৰ এতিয়াও মনত পৰিলে গা ঠাণ্ডা লাগি আহে।

আনদিনা গপত গঙাটোপ হৈ থাকোঁ দেতাই মোক নিপিটে আৰু পিটিলেও আইতাই বচাব। কিন্তু সেইদিনা সৱ বিপৰীত হ’ল। আইতায়ো নবচালে আৰু তেতিয়াৰ পৰাই মাজে মাজে দেতাই মোৰ পিঠিত ফুল বাচি থকা হ’ল গাভৰু হোৱালৈকে। তেনেকুৱা আৰু বহুত কাহিনী আছে যিবোৰ এতিয়া মাথো স্মৃতি আৰু মনত পৰিলে হাঁহি উঠে।

☆★☆★☆

18 Comments

  • ৰাজশ্ৰী শৰ্মা

    আয়ৈ দেহি

    Reply
    • অনামিকা

      দুখেই লাগে মনত পৰিলে বাই।

      Reply
  • ভাস্কৰ

    ভালে কৰিছে পিটন দি

    Reply
    • অনামিকা

      ঔ আই বিচূৰ্টি আউ

      Reply
  • Anonymous

    তই পিতন খোৱা বিধৰে

    Reply
    • অনামিকা

      দুখ পাইছোঁ পাই

      Reply
  • সৌৰভ শৰ্মা

    এইটো পঢ়াৰ পিছত লেখিকাক চেল্যুট দিলোঁ, লগতে বাঘৰ আগতেল খোৱা বুলি নশ্চিত হলো।

    Reply
    • অনামিকা

      ধন্যবাদ ককাইটি।

      Reply
  • বাপৰে৷ভাল লাগিল

    Reply
  • পু

    ফলাখৰিৰ কেইচাট বিৰাট মজ্জা নহ।মোৰো মনত পৰিল অই

    Reply
    • অনামিকা

      মজা আছিল মাৰ কেইচাত।

      Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল অনামিকা৷ প্ৰথম লিখা যেন অনুভৱ নহল৷

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • Suntu

    মজ্জা

    Reply

Leave a Reply

Your email address will not be published.