ফটাঢোল

শৈশৱৰ লটিঘটি – ৰাজশ্ৰী শৰ্মা

১৯৯৬ চন। মই চতুৰ্থ শ্ৰেণীত পঢ়ি থকা দিনৰ কথা। তেতিয়া আকৌ বৃত্তি পৰীক্ষা দিয়াৰ খুব কোব আছিল আমাৰ স্কুলবোৰত। বৃত্তি নাপালেও পৰীক্ষা দিবলৈ পোৱাকেইটাৰ নাম আছিল চোকা বুলি। অমুকীৰো নাম আহিছিল বৃত্তি পৰীক্ষা দিবলৈ পাম বুলি। নৱেম্বৰ, ডিচেম্বৰ মাহত পৰীক্ষা। এদিন পুৱা চুবুৰীৰ লগৰজনীৰ লগত কথা পাতি আছিলো কোনে কিমান পঢ়ে তাকে লৈ। তাইৰ দাদাক আকৌ মোৰ সৰু দাদাৰ বন্ধু। সিহঁতেও কাষতে খেলি আছিল। আমাৰ আকৌ ডাঙৰ দাদাৰ নাম আছিল চোকা ল’ৰাৰ বুলি। ১৯৯৭ চনৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী। সৰু দাদা আৰু মই কোনোমতে যাওঁ আৰু চুচৰি বাগৰি। কাজেই বৃত্তি পৰীক্ষা বুলি ভয় এটা লাগি আছিল। মোৰ সৰু দাদাৰ আকৌ কূটবুদ্ধিৰ ভঁৰালটো চহকী আছিল সৰুতে। সি বৰ গহীন গম্ভীৰকৈ আমাক ক’লে, “এনেকৈ নহ’ব। তহঁতে বাবাজীৰ আশীৰ্বাদ ল’ব লাগিব। মোৰ বোধেৰে বাবাজীয়েই পৰীক্ষা পাছ কৰাব তহঁতক।”

“বাবাজী! ক’ত পামনো?” আমাৰ দুয়োজনীৰে কৌতুহল তুংগত।

“কিয়? আমাৰ পাহাৰটো পাৰ হৈ যে নেক্সট পাহাৰটো। তাৰ ওপৰত বাবাজীৰ আশ্ৰম আছে। বাবাজীয়ে যি কয় তাকে হয়। বৰ দিলে তোৰ আৰু চিন্তাই নাই বুজিলি।”

আমি দুজনীয়ে ভালদৰে বুজিলো বৃত্তি পাবলৈ হ’লে কি কৰিব লাগিব। দেওবাৰৰ দিন, গতিকে দুপৰীয়া ভাত খাই মায়ে অলপ বাগৰ দিয়ে। মায়ে বাগৰ দিওঁতেই পকেট থকা ফ্ৰকটো পিন্ধি পকেটত কেইখনমান বিস্কুট লৈ গেটৰ বাহিৰ হ’লো। পাহাৰৰ দাতিৰ শিলৰ কুঁৱাৰীলৈ যোৱা ৰাস্তাতেই তাই ৰৈ আছিল। হাতত জংঘল কাটিবলৈ কটাৰী,বটল এটাত পানী আৰু দুর্গা দেৱীৰ লকেট এটা ডিঙিত (পাহাৰৰ ভূতে নধৰিবলৈ)।

এনেদৰে সজ্জিত হৈ আমি দুয়োজনী পাহাৰৰ ট্ৰাক যোৱা ৰাস্তাটোৰে কিছুদূৰ গ’লো। তাৰ পাছত ৰাস্তাৰপৰা আঁতৰি জংঘলৰ মাজে মাজে আগবাঢ়িলো আশ্ৰমৰ সন্ধানত। ইপিনে তলত শিলৰ ওপৰত কুকুৰৰ নে মানুহৰে নিষ্কাশিত শুকান দ্ৰব্যৰ গোন্ধ। গচকাৰ আশংকাও বহুত। তথাপি আশা নেৰি গৈ আছোঁ। কিমানদূৰ গৈছোঁ নাজানো, মাত্ৰ ভোক লগা কাৰণে বিস্কুট আৰু পানী খাই শেষ। ৰাস্তা উলিয়াই উলিয়াই শুকান গছৰ ডাল পাত কাটি আঁতৰাই আগবাঢ়ি গৈছোঁহে গৈছোঁ। মাজে মাজে পিছলৈ চাওঁ। আমাৰ লোকালয়টোও নেদেখা হৈ আহি আছে লাহে লাহে। তথাপিও দেখোন বাবাজীৰ আশ্ৰম নেদেখো।

গুৱাহাটীৰ ফটাশিল পাহাৰটো ওখও যথেষ্ট। আমাৰ ফালৰ পাহাৰটো উঠি গৈ আৰু দুটা পাহাৰ পাৰ হ’লেই মালিগাওঁ পাব পাৰি। আগতে গৰম দিনত বাঘো ওলায়। চুবুৰীৰেই গৰু দামুৰী নিয়ে। যিমানেই আগবাঢ়ি গৈছোঁ আন্ধাৰ হ’বলৈ ধৰিছে লাহে লাহে। বাবাজীৰ আশ্ৰমৰ আশা বাদ দি দুয়ো ঘৰলৈ ঘূৰি আহিবলৈ ল’লো। পিছে ৰাস্তাটো বা কোনপিনে আছিল! উঠি আহি থাকোতে বুজি পোৱা নাছিলো পিছে এতিয়া আমাৰ দুয়োজনীৰে ভয় লাগিবলৈ ধৰিলে অলপ অলপ।

ঘূৰি অহাৰ ৰাস্তা বিচাৰি নাপাওঁহে নাপাওঁ। আন্ধাৰো হৈছেই যথেষ্ট। ইপিনে এবাৰ যাওঁ, সিপিনে এবাৰ যাওঁ। ভোকো লাগিছে ইফালে। এনেকৈ অলপ সময় থাকোতেই এজন বুঢ়া মানুহে পাহাৰত ছাগলী চৰাই আহি থাকোতে আমাক দেখিলে। ক’ত ঘৰ কি কথা সুধিয়েই গালি পাৰি আমাক দুয়োকে লৈ আহি আমাৰ কুঁৱাৰীৰ ৰাস্তাটো দেখুৱাই দিলে। আমিও দৌৰ দিলোঁ ঘৰলৈ বুলি। তাইৰ ঘৰ পাহাৰৰ দাঁতিতেই।

তাই ঘৰ পাই টা টা বাই বাই কৰি সোমাই গ’ল। ময়ো নাচি নাচি আহি থাকোতেই চুবুৰীৰেই ডাঙৰ দাদা এটাই “ক’ত মৰবা গেইছিলি আজি?” বুলি কাণত ব্ৰহ্মটেপা এটা দি কাণত ধৰি ধৰিয়েই টানি লৈ আনিলে। ময়ো মুখখন ফুল ভলিউমত মেলি মেলি আহি আছোঁ। অলপ দূৰ আহোতেই দেখো চলচলীয়া চকুৰে হাতত চেকনি লৈ মায়ে “আজি তোৰ ঠেং খৰা কৰিম ৰ’হ ঝিয়া।” বুলি মোৰ পিনেই চোঁচা লৈছে। চুবুৰীয়া সকলো মানুহ আমাৰ ৰাস্তাত। দাদাজনৰ হাতৰপৰা মাৰ হাতলৈ মোৰ কাণখনো স্থানান্তৰিত হ’ল, কেইচাট পালোঁ মনত নাই। মাত্ৰ মোক বহুত মৰম কৰা কাষৰ চৌধুৰী বৰমায়ে মাক “আৰু নামাৰবহে শৰ্মেনী। সৰু চলি কি জানে” বুলি মোক ৰক্ষা কৰি সিহঁতৰ ঘৰলৈ লৈ গৈছিল। মায়ে কান্দিছিল কি ছোৱালী জন্ম দিলো মই বুলি। মই কৈ দিলো, সৰু দাদাইহে মোক যাবলৈ কৈছিল বাবাৰ আশ্ৰমলৈ বৃত্তি পাম বুলি। সি কিমান মাৰ খালে সেয়া নাজানিলো।

কিন্তু বাবাজীৰ আশীৰ্বাদ নোপোৱা কাৰণেই যে বৃত্তি নাপালোঁ সেইটো বদ্ধমূল ধাৰণা মোৰ থাকিয়েই গ’ল।

☆★☆★☆

21 Comments

  • হিৰণ্যজ্যোতি দাস

    হা হা হা ৷

    Reply
  • আগতেওঁ এবাৰ পঢ়িলোঁ৷ভাল লাগিল৷পিছে তুমি মাৰ খোৱা বাবে বেয়া লাগিল৷

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো ৰাজশ্ৰী, খুব ভাল লাগিল

    Reply
  • Utpal Borah

    আলোচনীত প্ৰকাশ পোৱা কিছুমান লেখা আগতেও গ্রুপত প্ৰকাশ হয় নেকি ? আগতে পঢ়িছোঁ যেন লাগিছে।ভাল লাগিল পঢ়ি।

    Reply
    • ৰাজশ্ৰী

      হয়,গোটত প্ৰকাশ হোৱাৰ মাজতো কিছুমান চিলেক্ট কৰা হয়।এইটো গোটত দিছিলো।ধন্যবাদ জনালো।

      Reply
  • পূৰ্ণময়ী

    যিমান বাৰ পঢ়ো সিমান বাৰ ভাবো ! কম নাছিলি তই😁

    Reply
    • ৰাজশ্ৰী

      হয় অ বা। অদ্ভুত চখ কিছুমান আছিল।

      Reply
  • হেমন্ত কাকতি

    ইমান যে ডেঞ্জাৰ কাম কৰিছিলা, ভাবিলে ভয় লাগে

    Reply
    • ৰাজশ্ৰী

      হয় দাদা। ময়ো ভাবো মাজে মাজে।

      Reply
  • কমলা দাস

    😂😂😂 বঢ়িয়া । আকৌ এবাৰ পঢ়িলো

    Reply
  • Mridula Gogoi

    বঢ়িয়া

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালো বা

      Reply
  • হাঃ হাঃ সাংঘাটিক হ’ল হৈ দেখোন বুঢ়া মানুহ জনে নাপালে। লিখনিটো ভাল লাগিল।

    Reply
  • মানসী বৰা

    চেকনিৰ চাটকেইটা যেন বাবাজী আশীর্বাদ হৈ উফৰি পৰিল …ভাল লাগিল পঢ়ি..

    Reply
    • ৰাজশ্ৰী

      বৃত্তি নাপালো নহয়।

      Reply

Leave a Reply

Your email address will not be published.