ফটাঢোল

শৈশৱৰ হাঁহিৰ খোৰাক! – ৰিমঝিম বৰঠাকুৰ

“টোপনি আহিছে নেকি মইনা?”
“নাই অহা আইতা, তাৰ পিছত…?”
“তাৰপিছত… আৰু তেজীমলাৰ মাহীমাকে…..”

আইতাই তাৰপিছত বুলি দুই কোৱাৰিৰ ফাঁকেৰে সেলেঙি বোৱাই বৈ অহা তামোলৰ পিকখিনি মোহাৰি সাধুটো আৰম্ভ কৰোঁতেই সিফালে নাতিনী নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰে। পিছদিনা আকৌ আগদিনা ৰাতি আধা কোৱাকৈ তাইক শুৱাই থোৱা বুলিয়েই অভিমানী আবদাৰেৰে সেই একেটা সাধুকে আধা এৰাৰপৰা শুনাব লগা হৈছিল। দিনৰ দিনটো ধূলিয়ে-বালিয়ে উমলি-জামলি পাৰ কৰি ফুট-গধূলিতে কলমটিয়াই থকা নাতিনীৰ এবহাত কাহানিও এটা সাধু সম্পূৰ্ণকৈ শুনা নহৈছিল। তথাপিও সাধু শুনিবলৈ বলিয়া নাতিনীয়েকক বুঢ়ীমাকে আকৌ গধূলি সময়কণত তেওঁৰ শোটোৰা-শোটোৰ পৰি খহটা হোৱা হাত দুখনেৰে পিঠিখন মোহাৰি সাধু এটা ক’বই লাগিছিল। এনেকৈ সাধু শুনিয়েই ছোৱালীজনী বা ল’ৰাটোৱে নিজৰ ইচ্ছানুসৰি কল্পনাৰ সাগৰত নিজকে এৰি দিছিল। এই কল্পনাৰ সাগৰখনতে উটি-ভাঁহি শিশুটিৰ মুখত বিয়পি পৰিছিল এক হাঁহিৰ বন্যা। দৰাচলতে শিশুৰ মুখৰ নিৰ্মল হাঁহিৰ পৰা পোৱা অনাবিল আনন্দ উপভোগ নকৰা মানুহ নিশ্চয় নোলাব। কি যে এক অনিৰ্বচনীয় তথা স্বৰ্গীয় অনুভৱ হয় যেতিয়া এটি শিশুৰ মুখত সৰল হাঁহি দেখা যায়। সেয়া এদিনীয়া, এমহীয়া, ছমহীয়া তথা এবছৰীয়াই হওক অথবা পাঁচবছৰীয়াই হওক,শিশুৰ মুখৰ হাঁহিৰ কোমলতাই চৌপাশ আনন্দময় কৰি তোলে।

অৱশ্যে সময়ৰ সোঁতত সকলোবোৰ সলনি হৈছে। এতিয়া নাতি-নাতিনী,ককা-আইতাই একেলগে বহি সাধু শুনাৰ সলনি দেখিবলৈ পোৱা যায় কাৰ্টুন উপভোগ কৰাৰ দৃশ্যহে! আমাৰ শৈশৱৰ সাধুকথাৰ সলনি বৰ্তমানৰ শিশুসকলৰ অন্তৰত ঠাই ল’লে কাৰ্টুন আৰু কমিক্চ্ কিতাপবোৰে। তেতিয়াৰ’তেজীমলা’, ‘চম্পাৱতী’, ‘চিলনীৰ জীয়েক’ৰ সলনি আহিল ‘ড’ৰেমন’, ‘চিনছান’, ’ম’টো’-পটলু’ ইত্যাদি বিভিন্ন কাৰ্টুনবোৰ। স্মাৰ্টফ’ন, স্মাৰ্ট টিভিৰ যুগত আজিকালি ককা-আইতায়ো স্মাৰ্ট হৈ নাতিৰ লগত একেলগে বহি কাৰ্টুন চাবলৈ শিকিলে। এতিয়া যি ধৰণেৰে একেৰাহে টিভিত কাৰ্টুনবোৰ সম্প্ৰচাৰ হৈ থাকে আচলতে সেইবোৰ চোৱাৰপৰা সন্তানটিক আঁতৰাই ৰাখিবও নোৱাৰি। এফালৰপৰা কাৰ্টুন চোৱাটোও একেষাৰতে বেয়া বুলি কৈ দিব নোৱাৰি। অৱশ্যে অত্যাধিক সকলোতে বেয়া।

সাধু শুনি যেনেদৰে এটি শিশুৱে নিজৰ কল্পনাৰ পৃথিৱীখনলৈ উৰা মাৰিব পাৰে, তেনেদৰে কাৰ্টুনৰ নিৰ্দিষ্ট চৰিত্ৰসমূহেও শিশুৰ কল্পনা প্ৰৱণতা বঢ়ায়। আমি যিদৰে আইতাৰ মুখত সাধুবোৰ শুনি মনবোৰক কল্পনাৰ চেঁকুৰা ঘোঁৰাত উঠাই জোনবাইৰ দেশলৈ লৈ গৈছিলোঁ, জোনবাইৰ দেশত থকা তুলসীজোপাৰ সন্ধান কৰিছিলোঁ, পাহাৰ-পৰ্বত বগাইছিলোঁ, নৈ-সাগৰত উটি ফুৰিছিলোঁ,জলপৰীৰ দেশত বিচৰণ কৰিছিলোঁ, কোনোবা অচিন ৰাজ্যৰ ৰাজকুমাৰ-ৰাজকুমাৰীৰ সোণৰ ৰাজকাৰেঙত নিজকে কল্পনা কৰিছিলোঁ,তেজীমলাৰ কৰুণ বিননিয়ে বুকুখন কঁপাই তুলিছিল, সেইদৰে এতিয়াৰ শিশুৱে নিজকে কাৰ্টুন, কমিক্চত থকা চৰিত্ৰসমূহৰ জৰিয়তে কল্পনাৰ জগতখনত বিচৰণ কৰি ফুৰে। কমিক্চ বুলি কওঁতেই মনত পৰিছে আমাৰ মৰমৰ’টিংকল’খনলৈ। ’টিংকল’খনৰ প্ৰতি জানো আমাৰ কম হেঁপাহ আছিল! আচলতে আমাৰ শৈশৱত কমিকচ আৰু কাৰ্টুনৰ প্ৰভাৱ কম নাছিল। কিন্তু আজিকালিৰ দৰে উপলভ্যতা কম আছিল। সেয়ে আমিবোৰ ’মিকী মাউচ’, ’ডনাল্ড ডাক’, ’টিংকল’, ’অমৰ চিত্ৰকথা’, ’চান্দমামা’তে সীমাবদ্ধ আছিলো। সেইসময়ত ’টিংকল’ নিজেই কিনি পঢ়িবলৈ অসুবিধা হ’লেও কাৰোবাৰ পৰা খুজি-মাগি পঢ়িছিলোঁ। ’ইণ্ডিয়া বুক হাউচ’ৰ দ্বাৰা প্ৰকাশিত প্ৰথমে মাহেকীয়া আৰু পাছলৈ পষেকীয়া হোৱা’টিংকল’খন আমাৰ সকলোৰে পৰিচিত। ইংৰাজী ভাষাত প্ৰকাশিত তথা হিন্দী, অসমীয়া, বাংলা,মালায়ালম আদিকে ধৰি ভাৰতৰ বিভিন্ন ভাষালৈ অনুবাদ হোৱা ’টিংকল’খনে সকলো ভাৰতীয় শিশুৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল। অনন্ত পাই,যাক আমি ‘পাই খুড়া’ হিচাবে জানিছিলোঁ, যিয়ে আমাক দি গ’ল এটোপোলা ভাল লগা স্মৃতি। কিন্তু কিয় ইমান ভাল পাইছিলোঁ বাৰু টিংকলখন! আচলতে আমি নিজেই ক’ব নোৱাৰাকৈ তাত কিছুমান হাস্যৰস বিচাৰি পাইছিলোঁ। চৰিত্ৰসমূহ যিদৰে অংকন কৰে, যেনে নাকটো কাৰোবাৰ যদি নাওখনৰ দৰে দীঘল, কাৰোবাৰ আকৌ আপেলটোৰ দৰে ভোটোকা, লগতে সিহঁতৰ হাঁহি উঠা কামবোৰ আছেই! সদায় নিজৰ গৰাকীৰ কথা মানি চলা কিন্তু গৰাকীৰ কথা সদায় ভুলকৈ বুজা হোজা আৰু জধামূৰ্খ ল’ৰা ‘সুপন্দি’ ৰ কাণ্ড-কাৰখানাবোৰে দিয়া হাঁহিৰ খোৰাক কেনেকৈ পাহৰিম! সকলোৱে খুব শক্তিশালী আৰু সাহসী বুলি ভাবে যদিও প্ৰকৃততে এজন নিৰ্জু, সহজ-সৰল আৰু এলেহুৱা লোক ‘চিকাৰী শম্বু’, ‘কালিয়া নামৰ কাউৰী’টো, ‘তন্ত্ৰী নামৰ মন্ত্ৰী’, ’নাছিৰুদ্দিন হোজা’ যিয়ে নিজৰ টেঙৰালিৰে আনক বিপদত পেলায়, সদায়েই মনত থাকি যাব পৰাকৈ সুন্দৰ তথা হাঁহিৰ খোৰাক দিয়া চৰিত্ৰকেইটা যিয়ে আমাৰ শৈশৱ জীপাল কৰি তুলিছিল। এইবোৰ আছিল আমাৰ সোণালী শৈশৱ।! সেই সোণোৱালী শৈশৱৰ কথাবোৰে তেতিয়া আমাৰ মুখত কিবা এক স্বৰ্গীয় হাঁহি বিৰিঙাইছিল আৰু এতিয়াও মনত পৰিলে মুখলৈ স্বাভাৱিকতেই হাঁহিৰ ৰেঙণি ফুটি উঠে। ক’বলৈ গ’লে সেয়াই শিশুৰ নিৰ্ভেজাল হাঁহি। এই কমিকচ্ সমূহৰ জৰিয়তে কিছুমান নীতিশিক্ষাৰ লগতে হাস্যৰসো বহুল পৰিমাণে আছিল। এইখিনিতে “সঁফুৰা”খনৰ কথা যদি উল্লেখ নকৰোঁ ভুল হ’ব। “টিংকল”ৰ দৰে, ক’বলৈ গ’লে আমাৰ শৈশৱত এই “সঁফুৰা”খন পঢ়ি পোৱা অনাবিল আনন্দবোৰ, মনত পৰিলেই মুখলৈ হাঁহি আহি যায়। ঠিক তেনেদৰেই বৰ্তমানৰ ’ড’ৰেমন’, ’চোটা ভীম’, ’ম’টো-পটলু’ৱে আজিৰ শিশুসকলৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে।

সাধুৱেই হওক বা কাৰ্টুন, কমিকচেই হওক যিকোনো সৃষ্টিত যদিও মূলতে হাস্য ৰসৰ প্ৰাধান্যতা দেখা যায়; তথাপিও কম-বেছি পৰিমাণে সেইবোৰত নৱৰসৰ (শৃংগাৰৰ পৰা বিভৎসলৈ) সকলো উপাদান থাকে। গতিকে এইবোৰ শিশুৱে চোৱাটো উচিত নে অনুচিত তাত বিতৰ্কৰ অৱকাশ আছে। আমি যদি ঋণাত্মক দিশখিনিৰ পৰা ফালৰি কাটি আহি চাঁও, শিশু এটিক হাস্যৰসৰ খোৰাক যোগোৱাত কাৰ্টুন, কমিক্চৰ অৱদান নুই কৰিব নোৱাৰি। প্ৰকৃততে সকলোৰে ভাল-বেয়া দুয়োটা দিশেই থাকে। আমি অভিভাৱকসকলে চকু দিব লাগিব যাতে সন্তানটিয়ে কি চাইছে আৰু কোনখিনি গ্ৰহণ কৰিছে, অথবা কোনখিনি অনুষ্ঠান চোৱা উচিত ইত্যাদি।

আজিকালি “কাৰ্টুন টিভি”, “নিক’ল’ডিয়ান”, “প’গ’”, “ডেক্সটাৰ লেবৰেটৰী”কে ধৰি বহুতো কাৰ্টুনৰ টিভি চেনেল আছে। আনকি ছয়মহীয়া শিশুটিৰ উপযোগীকৈ “বেবী টিভি”ৰ দৰে চেনেলসমূহেও কিছুমান কাৰ্টুন সম্প্ৰচাৰ কৰে। “ডিজনী”, “পিক্সাৰ”, “ড্ৰীমৱৰ্কচ” আদিৰ দৰে প্ৰডাকশ্যন হাউছবোৰে বিভিন্ন ধৰণৰ শিশু উপযোগী চিনেমা,ধাৰাবাহিক কিছুমান উলিয়াই, য’ত কিছুমান ন্যায়-অন্যায়, জয়-পৰাজয় আদিৰ নীতিপাঠ পৰিস্ফুট হোৱা দেখা যায়।

শিশুসকলৰ মাজত কাৰ্টুন ইমান কিয় জনপ্ৰিয় বুলি ক’বলৈ গ’লে বহুত কথাই আহি পৰে। এটা তেনেই সাধাৰণ কথা কৈছোঁ– কণমানিটোৰ ওচৰত আপুনি এনেই নিজৰ মুখখন কিবা বেলেগ এটা ভংগীমা কৰি মুখেৰে আচহুৱা শব্দ এটা উলিয়াই চাবচোন, কণমানিটোৱে কিমান ঢেকঢেকাই হাঁহি উঠিব! কিন্তু শিশুটিৰ আগত যদি এটা খুউব হাঁহি উঠা কৌতুকো কয় শিশুটিয়ে তাত কিন্তু একো বিশেষ ৰস বিচাৰি নাপায়। আচলতে কণমানি এটিয়ে বিশেষ কিছুমান শব্দত, আকাৰ-আকৃতি আৰু ৰঙচঙীয়া বস্তুৰ প্ৰতি অতি সোনকালে আকৃষ্ট হোৱা দেখা যায়। এইখিনিতে মোৰ শৈশৱৰ কথা এটা মনত পৰিছে। তেতিয়া মই চাগে তৃতীয় শ্ৰেণীমানত আছিলোঁ। আমাৰ ঘৰলৈ প্ৰায়ে এজন সম্বন্ধীয় ব্যক্তি আহিছিল যিয়ে আমাক বৰ ধুনীয়াকৈ সাধুবোৰ শুনাইছিল। এনেকুৱা হৈছিল যে ভাইটি আৰু মই তেওঁৰ মুখৰপৰা সাধু শুনিবলৈ সদায় বাট চাই আছিলোঁ। বুঢ়ীআইৰ সাধুখনৰ’বান্দৰ আৰু শিয়াল’ৰ সাধুটো তেওঁ ইমান সুন্দৰকৈ কৈছিল আৰু তাত কিছুমান শব্দ তেওঁ নিজেই ব্যৱহাৰ কৰিছিল যে যিটোৰ কাৰণে সাধুটো আৰু আকৰ্ষণীয় হৈ পৰিছিল। উদাহৰণস্বৰূপে বান্দৰে কল খাই বাকলিটো শিয়াললৈ পেলাই দিওঁতে তেওঁ কৈছিল ‘সখি চাবা,সেইটি কল গৈছে’ ’টুপুক্’, ‘সখি তোমাৰ ভাগৰ গাখীৰ গৈছে ধৰিবা’ ´ঠেকেচ্’। এই ‘টুপুক্’ ‘ঠেকেচ্’শব্দবোৰ ব্যৱহাৰ কৰি তেওঁ যিধৰণে আমাক সাধুবোৰ শুনাইছিল তেওঁৰপৰা সাধু শুনিবলৈ সদায়েই খাপপিটি আছিলোঁ। তেনেধৰণৰে এখন এনিমেশ্যন চিনেমা বা কাৰ্টুনে কিছুমান শব্দ,ৰঙচঙীয়া বস্তুৰ জৰিয়তে শিশু এটিক অতি সোনকালে আকৰ্ষণ কৰিব পাৰে।

শিশুৰ উপযোগীকৈ তৈয়াৰ কৰা কাৰ্টুন এখনৰ মনোগ্ৰাহী উপস্থাপন শৈলীয়ে শিশু এটিক হাস্যৰসৰ মাধ্যমৰে বিভিন্ন জ্ঞানৰ সম্ভেদ যোগায়। আজিকালি বিদ্যালয়সমূহতো শিশু উপযোগীকৈ কিছুমান শিক্ষামূলক কাৰ্টুন তৈয়াৰ কৰে যাতে শিশুটিৱে আমনি নোপোৱাকৈ নুবুজা কথাখিনি নিজৰ আয়ত্বলৈ আনিব পাৰে। ১৯৭০ চন মানৰ পৰা কিছুমান শৈক্ষিকমূলক কাৰ্টুন ওলাইছিল যাৰ জৰিয়তে দেশবোৰৰ বুৰঞ্জী, কিছুমান নুবুজা অংকৰ সমাধান, বিভিন্ন ভাষা আদিৰ লগতে বহুত কথাই শিকিব পাৰি। ১৯৭৩ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰABC নামৰ টেলিভিছন নেটৱৰ্কত “স্কুলহাউচ ৰক”নামৰ কাৰ্টুনখন প্ৰত্যেক শনিবাৰে পুৱা সম্প্ৰচাৰ হৈছিল‌। কাৰ্টুনখন অৱশ্যে ১৯৮৫ চনলৈকে টিভিত দি আছিল। কাৰ্টুনখনত কিছুমান হাঁহি উঠা চৰিত্ৰৰ জৰিয়তে হাঁহি-ধেমালি, বিভিন্ন গান-নাচৰ মাজেৰে আমেৰিকাৰ বুৰঞ্জী, বিজ্ঞান, কম্পিউটাৰ, গ্ৰামাৰ,অৰ্থনীতি আদি সকলো বিষয় উপস্থাপন কৰিছিল। ভাৰতবৰ্ষতো ১৯৭৪ চনত ’এক, অনেক আৰু একতা’ নামেৰে এখন শিশু উপযোগী শিক্ষামূলক কাৰ্টুন দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হৈছিল। ফিল্ম ডিভিজন অৱ ইণ্ডিয়াৰ দ্বাৰা মুক্তিপ্ৰাপ্ত কাৰ্টুনখনে“ভাৰতীয় সভ্যতাৰ মূলমন্ত্ৰৰ বৈচিত্ৰৰ মাজত ঐক্য”ৰ ধাৰণাৰে শিক্ষাৰ প্ৰসাৰ কৰিছিল। বহুতৰে হয়তো মনত পৰিব “এক চিড়িয়া, অনেক চিড়িয়া”গানটো তথা সৰু ছোৱালী এজনীৰ কাৰ্টুন চৰিত্ৰৰ যোগেদি দেখুওৱা কম সময়ৰ কাৰ্টুনখনৰ কথা। তদুপৰি ১৯৬৭ চনত মুক্তিপ্ৰাপ্ত “জংগল বুক”ৰ কথা কোনোবাই পাহৰিব পাৰিব জানো! সন্মানীয় গুলজাৰ চাহাবৰ ৰচিত তথা বিশাল ভৰদ্বাজৰ সংগীত পৰিচালনাত ’জংগল জংগল পতা চলা হ্যে, চদ্দী পেহেনকে ফুল খিলা হ্যেয়’ গানটো আমাৰবোৰৰ শৈশৱৰ এৰাব নোৱাৰা সংগী আছিল।যিটো গান শুনিলে এতিয়াও আমাৰ হেৰাই যাবলৈ ধৰা মুখৰ হাঁহি ঘূৰাই আনে। তেনেদৰে বহুতো কাৰ্টুনৰ চিৰিজ অথবা চিনেমা আছে য’ত শিশুৱে ধেমালিৰ চলৰে বহুতো কথাই শিকিব পাৰে। আজিকালি কিছুমান অসমীয়া সাধুকথা কাৰ্টুনৰূপত বনোৱা হৈছে যিখিনি ইউটিউবত উপলব্ধ৷

প্ৰায়ে বহুলোকৰ পৰা আপত্তি শুনিবলৈ পোৱা যায় কাৰ্টুনবোৰত কিছুমান অদৰকাৰী কাল্পনিক কাহিনী থাকে যি বাস্তৱৰ লগত সংগতিবিহীন। অথচ তেনেকুৱা কাল্পনিক চৰিত্ৰৰ কাৰ্টুনবোৰৰ ভিতৰত “ডি লিটল মাৰমেইড”, “চুপাৰমেন”,ইত্যাদিবোৰ শিশুসকলৰ মাজত খুব জনপ্ৰিয় হৈছে। যদি কথাটো আমি অলপ বেলেগধৰণে চাওঁ তেতিয়া দেখিম যে এইবোৰৰ জৰিয়তে শিশুটোৱে কল্পনাৰ জগতখনত বিচৰণ কৰিব পাৰে, যিয়ে কল্পনাপ্ৰৱণতা বৃদ্ধি কৰিব পাৰে। যেনেদৰে আমি ঔ কুঁৱৰীৰ সাধুটোৰ পৰা নিজেই কল্পনা কৰি লওঁ কেনেকৈ ঔটেঙা এটাৰ পৰা ছোৱালী এজনী ওলাই যায়, মেকুৰীৰ পৰা মানুহৰ পোৱালি, মানুহৰ পৰা মেকুৰীৰ পোৱালি জন্ম হয়। এই বিষয়ত ওপৰত উল্লেখ কৰা হৈছে যে সকলোৰে দুটা দিশ থাকে, ভাল-বেয়া। গতিকে আমি নিজেই সন্তানটোৰ ওপৰত চকু ৰাখি ঋণাত্মক কথাবিলাকৰ পৰা আঁতৰাই আনি ধনাত্মক দিশটো দেখুৱাই যাব পাৰিব লাগিব।

এইটোও সত্য যে সাধু এটা শুনিলে বা কিতাপ এখন পঢ়িলে শিশু এটিয়ে নিজৰ পচন্দ অনুসৰি চৰিত্ৰটোক কল্পনা কৰি চৰিত্ৰবোৰৰ মাজেৰে কল্পনাতে কিছু ছবিৰ জন্ম দিয়ে, য’ত কল্পনাৰ ৰং আৰু তুলিকাৰ সমাহাৰ ঘটি সৃষ্টি কৰে কাল্পনিক বিভিন্ন বিচিত্ৰ অবয়ব। কিন্তু কাৰ্টুন এখন চালে বেলেগে ইতিমধ্যে বনাই থোৱা চৰিত্ৰ এটা কল্পনা কৰোঁতে সেই কল্পনা শক্তি কিছু পৰিমাণে বাধাগ্ৰস্ত হ’ব পাৰে। তথাপিও বিনোদনৰ আহিলা স্বৰূপে কাৰ্টুনৰ মাজেৰে যিখিনি হাস্যৰস পোৱা যায় সেইখিনি নুই কৰিব নোৱাৰি।

বহুতে ক’ব পাৰে যে “আমি দেখোন এইবোৰ নোহোৱাকৈয়ে ডাঙৰ হ’লোঁ, আজিকালিৰ বোৰকহে নহ’লে নাটে।” কিন্তু পৰিৱৰ্তিত সময়ৰ বাস্তৱিকতাক এইদৰে উপেক্ষা কৰি ঘৰচিৰিকাই বিপদত চকু মুদাৰ দৰে চকু মুদি থাকিলে নিজেই উজুটি খোৱাৰ সম্ভাৱনাহে বেছি। আচলতে যেনেদৰে লেণ্ডলাইন অহাৰ পিছত চিঠিৰ আদান-প্ৰদান কমিল, স্মাৰ্টফ’নৰ প্ৰভাৱত লেণ্ডলাইনৰ প্ৰয়োজনীয়তা কমিল কথাবোৰ ঠিক তেনেকুৱাই।

যি নহওক ক’বলৈ গ’লে শৈশৱৰ হাঁহিৰ খোৰাক যোগোৱা অৱদানবোৰ তেতিয়াৰ পৰা এতিয়ালৈ সলনি হ’লেও শৈশৱৰ হাঁহিবোৰ ধৰি ৰাখিছে। শৈশৱত ককা-আইতাৰ মুখেৰে শুনা সাধুকথাৰ কুঁকিৰ পৰা আমাৰ পিছৰ প্ৰজন্ম, অৰ্থাৎ সন্তানসকল বঞ্চিত হৈছে বুলি আমি মাজে মাজে হুমুনিয়াহ কাঢ়িছো। কিন্তু সকলোবোৰ সময়ৰ গাত জাপি দি আমি আগবাঢ়িব লাগিব।আমাৰ পিছৰ প্ৰজন্ম যেতিয়া পিতৃ-মাতৃ হ’ব তেতিয়ালৈ হয়তো সিহঁতে শৈশৱত পোৱা পৰিবেশো একে নাথাকিব।বিজ্ঞানৰ নিত্য-নতুন আৱিষ্কাৰবোৰে শৈশৱৰ হাঁহিবোৰ আৰু ক’লৈ বা লৈ যায় আমি নাজানোঁ। কিন্তু এটা কথা মনত ৰাখিব লাগিব যাতে সিঁহতৰ হাঁহিবোৰ মোহাৰ খাই নাযায়।

☆★☆★☆

10 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল পঢ়ি প্ৰবন্ধটো। সুন্দৰ।

    Reply
  • তৃষ্ণা ভূঞা

    টিংকলখনলৈ মনত পেলাই দিলা৷ সঁচাকৈ মায়ে বজাৰৰ পৰা আনি হাতত দিয়া সময়ত মুখত বিৰিঙিউঠা হাঁহিটো এতিয়া কোনো বস্তুৱেই আনি দিব নোৱাৰে৷

    Reply
  • অভিজিৎ কলিতা

    ভাল লাগিল। কেতিয়াবা লাগে আমি শিশুসকলৰ মন যোগোৱা উপাদানবোৰ তৈয়াৰ কৰাত একেবাৰে বিফল হৈছো

    Reply
  • Rumi saikia

    সঁচাকৈ ভাল লাগিছে।

    Reply
  • সদানন্দ ভূঞা

    বৰ সুন্দৰ লিখনি । বহুত ভাল লাগিল ।

    Reply
  • somkanta saikia

    গভীৰ অধ্যয়ন কৰি লিখা — সুন্দৰ বিশ্লেষণ ! স্বাগতম্ !

    Reply
  • Rintumoni Dutta

    সুন্দৰ, খুব ভাল লাগিল পঢ়ি ৰিমঝিম

    Reply
  • হেমন্ত কাকতি

    মই এতিয়াও ইউ টিউবত গৈ টম এণ্ড জেৰি চাওঁ, মনৰ ভিতৰত থকা শিশুটোক ডাঙৰ কৰিব পৰা নাই আৰু হবলৈ নিদিওঁ৷
    বৰ ভাল লাগিল ৰিমঝিম৷

    Reply
  • ৰিমঝিম

    ধন্যবাদ জনালোঁ সকলোকে

    Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰকৈ লিখিলে৷

    Reply

Leave a Reply

Your email address will not be published.