ফটাঢোল

শ্বহীদ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

দেৱালখনত মানুহজনে ছবি এখন আঁকি ৰাখিছিল চক পেঞ্চিলেৰে। ছবিখনৰ তলতে মানুহজনক দেখোঁ প্ৰায়ে। কেতিয়াবা অলপ সময়ৰ বাবে, কেতিয়াবা গোটেই দিনে নিশা সেই দেৱালখনৰ তলতে দেখা পাওঁ।সৰু চহৰখনৰ মুখ্য চাৰিআলিটোৰ এটা চুকত থকা সেই বিশেষ শ্বহীদ বেদীটোৰ আশে পাশেই মানুহজনক দেখা পাওঁ। চলন-ফুৰণ, পিন্ধন-উৰণৰ ফালৰ পৰা মানুহজনক সম্পূৰ্ণ বলীয়া যেন নালাগিলেও মাত এষাৰ লগালেই গম পোৱা যায় যে মানুহজন মানসিক ভাৰসাম্যহীন।

মানুহজনে প্ৰায়ে হাতত কেইডালমান চক পেঞ্চিল লৈ আহি দেৱালত আঁকি থোৱা ছবিখনৰ ৰেখাবোৰত অংকন কৰে। চাৰিআলিটোৱেদি ৰঙা লাইট থকা গাড়ীৰ চাইৰেণৰ শব্দ শুনিলেই “বাঘ ঐ বাঘ, খালে ঐ খালে” বুলি চিঞৰি চিঞৰি দৌৰে। ওচৰৰ দোকানীবোৰে মানুহজনৰ কাণ্ড কাৰখানাত অতিষ্ঠ হৈ ৰঙা লাইট থকা গাড়ী এখন আহি থকা বুলি ক’লেই মানুহজন পলায়।

দেৱালত আঁকি থোৱা ছবিখনো অদ্ভুত!

জৈৱিক বিৱৰ্তনত বান্দৰৰ পৰা মানুহ হোৱাৰ দৰে হাফপেণ্ট পিন্ধা অকণমানি ল’ৰা এটাই হাতত কিতাপৰ টোপোলা এটা লৈ স্কুললৈ যোৱা ছবিখন প্ৰথম, তাৰ পিছত সেই অকণমানি ল’ৰাজন এজন সুঠাম ডেকা ল’ৰাৰ পৰ্যায় পোৱাটো এডাল সংযোগী সৰলৰেখাৰে বুজোৱা হৈছে। ডেকা ল’ৰাজনৰ সন্মুখত এজাক মানুহ। বিভিন্ন অৱয়ব, বিভিন্ন বয়সৰ মানুহ। মুকলি পথাৰখনৰ মাজত যেন মানুহবোৰে ডেকা ল’ৰাজনৰ যাত্ৰাত আগভেটি ধৰিছে আৰু ছবিখনত একাষৰীয়াকৈ থকা এজন বুঢ়া মানুহে অসহায়ভাৱে সকলোবোৰ চাই আছে।

সাধাৰণ দৃষ্টিত চক পেঞ্চিলেৰে দেৱালত আঁকি থোৱা ছবিখনে বিশেষ আকৰ্ষণৰ সৃষ্টি কৰিব নোৱাৰিলেও সেই মানুহজনে ছবিখনৰ ৰেখাবোৰ মচ খাই যাব ধৰিলে প্ৰায়ে আহি আঁক বাঁক কৰি থকাটোৱে মোৰ অনুসন্ধিৎসু মনত অলপ হ’লেও উৎসুকতা সৃষ্টি কৰিছিল।

সেইদিনা শ্বহীদ বেদীটোৰ পিছফালে থকা চাহৰ দোকানখনত চাহ খাবলৈ ওলাওঁতেই মানুহজনো ওলাল সেই ঠাইতে। অলপ পৰ ইফালে সিফালে চাই পকেটৰ পৰা চক পেঞ্চিলবোৰ উলিয়াই মচ খাব ধৰা ৰেখাবোৰত চক পেঞ্চিলেৰে ঘঁহাবলৈ ধৰিলে।একান্তমনে ছবিখনত আঁক বাঁক কৰি থকা মানুহজনক মই অত্যন্ত সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছিলোঁ।ছবিখনত থকা সৰু ল’ৰাটো আৰু ডেকা ল’ৰাটোৰ ওপৰত চক পেঞ্চিলৰ আঁক দিওঁতে মানুহজনৰ চকুদুটা চলচলীয়া হৈ গৈছিল কিন্তু সন্মুখত আগভেটা দি থকা মানুহজাকৰ ওপৰত আঁক দিওঁতে মানুহজনৰ চকুদুটা যেন তৎক্ষণাত দুটা জলন্ত অগ্নিপিণ্ডত পৰিণিত হৈছিল, হাতখন কপিবলৈ ধৰিছিল, যেন বহুদিনৰ পৰা বিচাৰি থকা এজাক শত্ৰুক নীৰস্ত্ৰভাৱে নিজৰ সন্মুখত পাইছে আৰু নিজে হাতত এটা অটোমেটিক মেচিনগান লৈ এফালৰ পৰা গুলীয়াই গৈছে। আঁক বাঁক সম্পূৰ্ণ হোৱাৰ পিছত মানুহজন থিয় হৈছে যদিও হাত ভৰিবোৰৰ কপনি তেতিয়াও কমা নাই৷ আচৰ্য্যজনক ছবিখনত একাষৰীয়াকৈ থকা বুঢ়া মানুহজনৰ ওপৰত তেওঁ কোনোধৰণৰ আঁক বাঁক কৰা নাছিল।

তেওঁৰ ওচৰলৈ মই হাতত একাপ চাহ লৈ গ’লোঁ।

পিছফালৰ পৰা “চাহ লওক খুড়া”বুলি ক’বলৈহে পালোঁ যিটো চাৱনিৰে মানুহজন মোৰ ফালে খেদি আহিল মোৰ আৰু সেই ঠাইত থিয় হৈ থকাৰ সাহসে নুকুলালে। একে দৌৰে চাহ দোকানীজনৰ ওচৰ পালোঁ। মানুহজনেও পিছে পিছে আহি থাকিল। চাহদোকানীজনে সকাহ দিলে বোলে একো নকৰে, চিন্তা নকৰিব। আবোল তাবোল কথা কিছুমান বকিব, আপুনিও লগত বকি থাকিব, দেখিব অলপ পিছত হাঁহি হাঁহি আপোনাৰ পৰা চাহ একাপৰ পইছা লৈ গুচি যাব।দোকানীজনৰ কথাত ময়ো আগন্তুক পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি ল’লোঁ।

: ঐ, এশ গৰু মাৰিলে নদী বয় মানে কি?

: এশ গৰু মাৰি উঠা বাঘটো সদায় বোৱতী নদীৰ পাৰতে বহি থাকে আৰু জীৱনভৰ বেলেগ বাঘৰ চিকাৰৰ ওপৰত দাদাগিৰি দেখুৱাই খাই থাকিব পাৰে।

“চাব্বাছ”বুলি যিটো অট্টহাস্য মানুহজনে কৰিলে ওচৰে পাঁজৰে থকা বহুবোৰ মানুহে আমাৰ ফালে ঘূৰি চালে। মানুহজনৰ ক্ৰুদ্ধ চাৱনিটোৰ লগত সহজ হ’বৰ কাৰণে তেওঁৰ হাঁহিৰ সুৰতে মই আৰু দোকানীজনেও অলপ নিম্ন স্বৰত হাঁহিলোঁ।

: এইবাৰ ক, ৰাইজে নখ জোকাৰিলে বাঘৰো মৰণ মানে কি?

: এশটা বাঘ মাৰি বোৱতী নদীৰ কাষত বহি জীৱনভৰ  দাদাগিৰি কৰি থকা বাঘটোক বাকী গৰুবোৰ একগোট হ’লে নিমিষতে মাৰিব পাৰি।

হুহ, হুহ, হুহ বুলি বিকট চিঞৰ কেইটামান মাৰি মানুহজন মোৰ ওচৰ চাপি আহিল।

: কোনে মাৰিব বাঘক, কোনে? কাৰ কলিজাত সাহস আছে এশটা গৰু মৰা বাঘ চিকাৰ কৰিবলৈ। তই যাবি বাঘ চিকাৰ কৰিবলৈ? নে তয়ো বাঘৰ ভয়ত লুকাই চুৰকৈ ঘাঁহ খাই থকা হৰিণা বা গৰু পোৱালীবোৰৰ ভিতৰৰে এটা।

: বাঘ বাঘেই, জঙ্গলত থাকিলেও বাঘ আৰু জঙ্গলৰ পৰা ওলাই চহৰৰ ওখ ওখ দালানত থাকিলেও বাঘ।আমাৰ সমাজে এশ গৰুৰ মৃত্যু সহজে মানি লয় কিন্তু এটা বাঘো মৰিব নোৱাৰে। আমাৰ সমাজৰ বাঘবোৰক গৰুবোৰেই সুৰক্ষা দিয়ে।

মানুহজনৰ ক্ৰুদ্ধ চাৱনিটোৰ লগতে উচ্চস্বৰত কোৱা কথাখিনিৰ সন্মুখত মই যথেষ্ঠ অসহায়বোধ কৰিলোঁ।

মোক মানুহজনে হাতত ধৰি টানি লৈ গ’ল শ্বহীদ বেদীটোৰ সেই বিশেষ দেৱালখনৰ সন্মুখলৈ। এফালৰ পৰা দিনৰ দিনটো আঁক বাঁক কৰি থকা ছবিখন বুজাবলৈ ধৰিলে।

: স্কুললৈ গৈ থকা এই সৰু ল’ৰাজন যে দেখিছ এইজন আমাৰ দেশৰ ভৱিষ্যত আছিল আৰু ই এই ডেকাজনৰ বয়স পোৱালৈকে সকলোবোৰ ঠিকেই আছিল। সন্মুখত যে মানুহবোৰ আছে এইখন আমাৰ সমাজ, সকলো ভাল কামতে বাধা দিব পৰাকৈ তৈয়াৰ কৰা একধৰণৰ সমাজ ব্যৱস্থা, আৰু অকলশৰীয়াকৈ সকলোবোৰ চাই থকা অসহায় বৃদ্ধজন যে, সেইজন ভাল মানুহ কিন্তু নিৰুপায়, অকলশৰীয়া আৰু সামৰ্থহীন। কোনো কামতে মাত মাতিব নোৱাৰা এজন এলাগী বৃদ্ধ। তেজোদ্দীপ্ত বয়সত আমাৰ সমাজৰ বিভিন্ন বাধাৰ বাবে ডেকা ল’ৰাজন কক্ষচ্যুত হয়, ভাল লক্ষ্য এটাত গৈ থাকিলেও সমাজখনত থকা কিছুমান বাঘৰ নিজৰ উদ্দেশ্য সিদ্ধিৰ কাৰণে সি লক্ষ্যভ্ৰষ্ট হৈ বিপথে যায় আৰু অসহায় বৃদ্ধজন তাৰ বাপেক, ককায়েক, ভায়েক, শুভাকাংশী যিকোনো মানুহ হ’ব পাৰে, বুজিলি তই।

: বুজিলোঁ খুড়া, আপুনি এটা দুঃসময়ৰ প্ৰতিচ্ছবি ডাঙি ধৰিছে ছবিখনৰ যোগেদি। এটা জেনেৰেচন ধ্বংস হোৱাৰ প্ৰতিচ্ছবি এইখন।

: প্ৰতিচ্ছবি নহয়, মই ভুক্তভোগী৷

দুবাৰমান বিকট চিঞৰ দুটামান মাৰি মানুহজন আঁতৰি গ’ল। চাহ দোকানীজনৰ ওচৰলৈ গ’লোঁ, সুধিলোঁ মানুহজনৰ বিষয়ে কিবা জানে নেকি?

: সকলোবোৰ জানো হে ভাইটি। বুঢ়াৰ একমাত্ৰ পুতেকটো আলফাত গৈছিল, কাচিনত ট্ৰেইনিং ল’বলৈ যাওঁতে ৰাস্তাতে কিবা অচিন বেমাৰত ঢুকাল, মৃতদেহো নাপালে। পৰিয়ালৰ মানুহবোৰে বহুত মানা কৰিছিল তাক আলফাত নাযাবৰ কাৰণে, নুশুনিলে কাৰো কথা।সেই সময়ৰ অসম আন্দোলনৰ নেতা কিছুমানৰ ভাষণ শুনিয়েই আলফাত গুছি গৈছিল। পঢ়া শুনাত যথেষ্ট চোকা আছিল। পুতেকৰ মৃত্যুৰ দুখতে মানুহজনৰ ঘৈণীয়েকো ঢুকালে। ঘৈণীয়েক ঢুকোৱাৰ পিছতে মানুহজনৰ অৱস্থা বেছি বেয়া হ’ল।

সেই সময়ছোৱাত মই তেনেই কম বয়সীয়া আছিলোঁ যদিও মনত ভাব হ’ল আজিৰ অসমত এনেকুৱা কিমানজন বৃদ্ধই নিজ পুত্ৰক হেৰুৱাৰ বেদনা বুকুত সাৱটি জীয়াই আছে বাৰু?

চাহ দোকানখনৰ পিছফালে থকা আৱৰ্জনা পেলোৱা ঠাইখিনিৰ পৰা তেতিয়াও কোনোবাই অস্ফুট স্বৰত চিঞৰি আছিল,”হুহ,হুহ,!বাঘ,বাঘ”

☆★☆★☆

21 Comments

  • ৰাজশ্ৰী শৰ্মা

    অসম বুৰঞ্জীৰ সেয়া এক কালিকা লগা সময় দাদা। কিমানে নিজৰ নিজৰ আপোন মানুহ হেৰুৱালে কোনো হিচাপ নাই। খুব ভাল লাগিল পঢ়ি।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ

      Reply
  • ধূৰ্জ্জটি

    বঢ়িয়া

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ

      Reply
  • ramanuj

    i was waiting for the story….প্ৰায় ৮-১০ হাজাৰমান পৰিয়ালৰ মেছেজ এটা দি গলা একেকোবেই…

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ দাদা।

      Reply
  • Mridula

    বৰ ভাল লাগিল ।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ

      Reply
  • বহুত ভাল লাগিল পঢ়ি।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লিখিছা সঞ্জীৱ৷ বৰ ভাল লাগিল৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ দাদা।

      Reply
  • Manash Saikia

    কি ক’ম সঞ্জু! বহু হেৰুৱালো,আমাৰ জেনেৰচনটোৱে৷ ওপজিয়েই আন্দোলন, যুদ্ধ, বাৰুদ আৰু সুলভ মৃত্যুবোৰ দেখিয়ো একো কৰিব নোৱাৰাৰ দুখ আৰু ক্ষোভ৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      হয় দাদা।অশেষ ধন্যবাদ।

      Reply
  • ৰিণ্টু

    খুব সুন্দৰকৈ ছবি এখন আঁ‌কি দিলা সঞ্জীৱ, খুব ভাল লাগিল পঢ়ি।

    তোমালোকৰ এই প্ৰতিভাবোৰৰ বিষয়ে অৱগত বাবেই প্ৰত্যেক মাহতে আব্দাৰ দিওঁ‌ সঞ্জীৱ

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      হয় দাদা,এটা জেনেৰেচন গেপ থকা গাও বহুত আছে অসমত।

      Reply
  • বহু কথাই কৈ গ’ল দাদা গল্পটিৰ জৰিয়তে।এনেকুৱাই আমাৰ সমাজ ব্যৱস্থা।কত ভৱিষ্যতৰ সম্পদ এনেদৰে নোহোৱা হৈ গ’ল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      হয় হয়।অশেষ ধন্যবাদ।

      Reply
  • অলকেশ ভাগৱতী

    ফেন্টাছটিক ৷

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷ বাকৰুদ্ধ৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ দাদা।

      Reply

Leave a Reply

Your email address will not be published.