ফটাঢোল

শ্ৰীমান-শ্ৰীমতীৰ ভাড়াতীয়া সন্ধান – ঊষামণি কাকতি

আমাৰ শ্ৰীমানৰ ঘৰ তিনিখন। গাঁৱৰ ঘৰখনত আই-পিতাই৷ যোৰহাট টাউনত দুখন ঘৰ৷ এখনত শ্ৰীমান-শ্ৰীমতীৰ নিবাস৷ একেটা চৌহদৰ ভিতৰত থকা আনখন ঘৰৰ বাবে ভাড়াতীয়াৰ সন্ধান। টু লেট বুলি চাইনবৰ্ড লগোৱা নাই৷ নলগোৱাৰ কাৰণ বহুত। প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে, ভাড়া বিচাৰি অহা মানুহৰ কথাৰ কামোৰ। দ্বিতীয় কাৰণটো হ’ল ভাড়া দিবলগা ঘৰখনৰ এটা কোঠা শ্ৰীমান-শ্ৰীমতীৰ লাইবেৰী। ঘৰলৈ অহা আলহীয়ে কথা প্ৰসংগত ঘৰটোৰ কথা উলিয়ালে শ্ৰীমান- শ্ৰীমতীয়ে আকাৰে ইংগিতেৰে বুজাই দিয়ে তেওঁলোক কেনে ভাড়াতীয়াৰ সন্ধানত।

শ্ৰীমানেতো মুখ ফুটাই কৈয়ে দিছে,

: বিচৰাধৰণৰ পালে আমি দৰকাৰ হ’লে গামোচা পিন্ধাই নিজে আদৰি আনিম।

ছোৱালী পাৰ্টিক ভাড়া দিয়া নহ’ব৷ যোৰহাটৰ ৱাটাৰ চাপ্লাইৰ পানী৷ ছোৱালী পাৰ্টিয়ে এদিন চুলি ধোবলৈ পানী ক’ম পৰিলে জাতীয় কথাকে ৰাষ্ট্ৰীয় সমস্যাৰূপে লৈ মালিকৰ ঘৰত ধৰ্ণা দিবলৈ আহে। তাৰোপৰি হাগ দে, কিচ দে জাতীয় দিৱসবোৰত মালিকৰ অজ্ঞাতে অবৈধ অনুপ্ৰৱেশকাৰী আনি ঘৰতে সোমাই পৰিয়াল পৰিকল্পনাৰ আঁচনি কৰি চৰকাৰী চপৰা সোণ বুটলা মাজনী-মামণি আনে বুলি ভয় ।

ল’ৰা পাৰ্টিকো ভাড়া দিয়া নহ’ব৷ মালিকৰ ঘৰৰ গাতে লাগি থকা নাৰিকলজোপা পুৱতি নিশাতে ধুপ ধাপ সৰে। দেওসকলে নিজৰ বুলি পুৱতিতে উঠি বিচনাৰ তলত জমা কৰি পুৱা মালিকৰ সমানে সমানে দাঁতব্ৰাচ কৰি ইয়াতে সৰা যেন লাগিছিল বুলি নাৰিকল বিচৰাৰ একক অভিনয়ত প্ৰথম পুৰস্কাৰ পোৱাৰ ভয়৷ মাঘৰ বিহুত মাক ‘নিৰুপা ৰয়ে’ মালিকলৈ সেই নাৰিকলৰে লাড়ু দুটামান বান্ধে বুলি চিন্তা। তাৰোপৰি ল’ৰা পাৰ্টিয়েও মাহৰ মূৰত মাল নাই বুলি ভাড়া নিদিয়াকে থাকি লগৰ ল’ৰাক নতুন মাল পতালো বুলি লগৰ ল’ৰাক মালেৰে পাৰ্টি দিম বুলি ভাড়াঘৰটো বিবিধ মালৰ ঘৰ কৰে বুলি চিন্তা৷

এই দুবিধৰ পাছত বাকী ৰ’ল- পৰিয়াল। শ্ৰীমান-শ্ৰীমতীয়ে সৰু পৰিয়াল সুখী পৰিয়াল বুলি সৰোগত কৰি ভাড়াতীয়া হিচাপে সৰু পৰিয়াল এটাৰ সন্ধানত আছে৷ পৰিয়াল এটাক ভাড়া দিয়াৰো আকৌ ঢেৰ চৰ্ত।

প্ৰথম চৰ্ত হৈছে কথা-বতৰা কমকৈ পাতিব লাগিব৷ আমি মানুহহালেই কেৱল পঢ়ি আৰু লেখিহে ভালপাওঁ।কথা জোখৰকিটাহে৷ গতিকে আগফালে বাৰাণ্ডাত পেপাৰ পঢ়ি বহি থকা দেখি মালিকৰ ঘৰৰ মানুহক………”অ’ কি কৰিছে!” জাতীয় অবালক প্ৰশ্নৰে ওলাওঁতে সোমাওঁতে যেন মূৰটো নেখায়।

এহেজাৰটা চৰ্তৰ ভিতৰত এইটো প্ৰধান চৰ্তৰে আমিও ভাড়াতীয়া পৰিয়াল এটাৰ সন্ধান কৰিলোঁ। ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন যিয়ে আহে সকলোকে আমি সন্ধানত থকা পৰিয়ালটোৰ কথা জনালোঁ।

অৱশেষত এদিন এটা পৰিয়ালৰ সন্ধান পালোঁ৷ মানুহজন পকামিস্ত্ৰী৷ পৰিয়ালত পত্নী আৰু দুবছৰীয়া এটি শিশু। কাম থকা দিনত মানুহজন ৰাতিপুৱাই কামলৈ ওলাই যায়। বাকী দুজন সদস্য ঘৰতে থাকিব৷

নিৰ্দিষ্ট দিনা মূল মানুহজন আহিল৷ আগফালৰ বাৰাণ্ডাতে দুখন চকী৷ এখনত শ্ৰীমান৷ আনখনত ইণ্টাৰভিউত বহা দি ভাবী ভাড়াতীয়া বহিল৷ শ্ৰীমতী তেতিয়া পাকঘৰত৷ দহমিনিটৰ পাছত শ্ৰীমান ধমধমাই পাকঘৰত উপস্থিত৷ শ্ৰীমতীক উদ্দেশ্য কৰি ক’লে,

: ফটাফট গামোচা এখন দিয়াচোন মোক৷

গামোচাৰ কথা শুনি দিল গাৰ্ডেন গাৰ্ডেন হোৱা শ্ৰীমতী,

: ভাড়াতীয়া মানে পচণ্ড। গামোচাৰে আদৰিব খোজে নেকি!

শ্ৰীমান (খঙেৰে ) : নহয় হে। মানুহটোৱে ইমান কথা কয়৷ কথাৰ কোবত মুখ ফেনাই থু চিটিকি চিটিকি যায়৷ দহমিনিটতে দুশটামান কথা কৈ মোৰ গোটেই মুখখন থুৰ চিটিকনিৰে ভৰাই থৈ গ’ল। তাকে মোহাৰিবলে গামোচা এখন বিচাৰিছোঁঁ৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.