ফটাঢোল

শ্ৰেষ্ঠৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম – উজ্জ্বল দিপ্লু গগৈ

গুৱাহাটীৰ মোৰ থকা ঠাইৰপৰা কৰ্মস্থলীলৈ প্ৰায় ৮ কিলোমিটাৰ দূৰ হয়৷ সদায় বাইকখন লৈয়ে অহা-যোৱা কৰোঁ৷ অলপদিনৰ আগৰ কথা, কিবা কাৰণবশতঃ মই সেইদিনটোত বাইকখন নিব নোৱাৰিলোঁ, গতিকে চিটি বাছতে যাম বুলি ভাবি বেলতলা চিআইডি ষ্টপেজত বাছৰ বাবে অপেক্ষা কৰিলোঁ৷ বেলতলা লাইনৰ বাছবিলাক এখনৰ পাছত আনখন আহিয়েই থাকে, সেয়েহে মইও বেছি সময় ৰ’ব লগা নহ’ল৷ বাছখনৰ পাছৰ দুৱাৰেৰে উঠিলোঁ, চীট এটাও খালী নাছিল; সকলোতে চকু ফুৰাই মনত বিৰক্তিৰ ভাৱ এটা লৈ ঠিয় হৈ থাকিলো নেক্সট কোনোবা ষ্টপেজত চীট পোৱাৰ আশা এটা লৈ৷

চাৰ্ভে নামা আছে বুলি হেণ্ডিমেনে চিঞৰাৰ লগে লগে ড্ৰাইভাৰে সাউৎকৈ কাটি নি বাছখন ষ্টপেজত ৰখালে৷ লেডীজ চীটৰপৰা এগৰাকী নামিল৷ নামা আছে বুলি মৰা চিঞৰটোত চীটৰ আশা সঞ্চাৰ হৈছিল, কিন্তু লেডীজ নমা দেখি মনৰ আশা মনতে মাৰ গ’ল৷ গুৱাহাটীৰ লেডীজ চীটৰ অভিজ্ঞতা মোৰ ভালদৰেই আছে; গালি কেতিয়া খাব লগা হয় একো ঠিক নাই, সেয়েহে ঠিয়দঙাই দি থাকিলোঁ৷ বেলতলা ৱায়াৰলেছ পালোঁগৈ, তাতো একেই দশা; চীট নাপালোঁ৷ বাছত তেতিয়াও মই অকলে ঠিয় হৈ থকা নাই৷ কেইবাজনো গোট খাইছিল ঠিয় দি থকা সন্থাত৷ হঠাৎ অকণমানি এটাৰ কেওঁমেওঁ শুনি আগলৈ মন কৰিলোঁ৷ ডেৰ-দুবছৰমান বয়সৰ কণমানি এটা, মাকৰ কোলাত৷ মাকো ঠিয় হৈ আছে প্ৰায় মোৰ আগত৷ পোৱালিকণে মাকৰ কান্ধত মূৰটো পেলাই মাজে মাজে পিৰিক-পাৰাককৈ পাছলৈ চাই আছে৷ বহি থকা মানুহবোৰলৈ চাই খঙো উঠিল; সকলো নিৰ্বিকাৰ হৈ বহি আছিল, কোনেও তেখেতক চীট এৰি দিয়া নাছিল৷ মাকগৰাকীয়ে যথেষ্ট অশান্তি অনুভৱ কৰা দেখা পালোঁ৷ উপায় নাছিল, কোনোৱেই তেখেত বহিবলৈ উঠি নিদিলে৷ ঠিক তেনেকুৱাতে সৰু টুইষ্ট এটা আহিল৷

মোৰ এটা অভ্যাস আছে, বেয়া নে ভাল নাজানোঁ৷ বাছত অকণমানিবোৰ দেখা পালে মাকে নেদেখাকৈ মুখেৰে অংগী-ভংগী কৰি জোকাওঁ৷ পোৱালিবোৰ ওলোটাই সিয়াঁৰি দিয়ে নতুবা খিলখিলাই হাঁহি দিয়ে৷ মোৰ তেতিয়া ভাল লাগে৷ স্বভাৱগতভাৱে মই থিয় হৈ থকা ঠাইৰপৰাই তাক জিভাখন উলিয়াই চকু দুটা অলপ ঘূৰাই দেখুৱালোঁ৷ আকস্মিকভাৱে মই কৰা কামটোত সি শ্বক খাই উঠি মাকৰ কান্ধত পেলাই থোৱা মূৰটো তুলি চকু দুটাৰে টটকৈ মোলৈ চাব ধৰিলে৷ মাকে তাক আকৌ মূৰটো পেলাবলৈ চেষ্টা কৰাত সি আকৌ কান্ধত মূৰটো হেলান দিলে৷ পুনৰবাৰ মই তালৈ চাই জিভাখন উলিয়াই চকু দুটা ঘূৰাই দেখালোঁ৷ সি চাগৈ খুউব ফূৰ্তি পালে কামটোত; মূৰটো তুলি গিগ্লিক গিগ্লিককৈ হাঁহি এটা মাৰি আঙুলি এটা চুপিবলৈ ধৰিলে৷ মাকে তালৈ চালে৷ মইও লগে লগে জোকোৱা বন্ধ কৰি খিৰিকীৰে বাহিৰলৈ চালোঁ যেন মই একোকে কৰা নাই৷ হহহহহ বুলি কণমানিটোৱে মুখেৰে শব্দ কৰিলে, আঁৰ চকুৰে মই তালৈ চালোঁ৷ ইতিমধ্যে মাকে আগফালে চাইছিল৷ তাৰ চকুৱে চকুৱে পৰাত হিউককককক কৈ হিকঁটি এটা মাৰি সি মোলৈ চাই আঙুলি এটা মুখত ভৰাই চুপিবলৈ আৰম্ভ কৰিলে৷ পুনৰবাৰ তাক জোকোৱাৰ চলেৰে মই মোৰ সোঁহাতৰ বুঢ়া আঙুলিটোৰ আগটো নাকত লগাই বাকীকেইটা আঙুলি তাৰ ফালে পোনাই লৰাই দেখুৱালোঁ৷ তাৰ ফূৰ্তি দুগুণ বাঢ়ি গ’ল৷ ইয়াকুউইইইকউউউউ বুলি হাতদুখনেৰে সি চাপৰি এটা বজাই দিলে৷ তাৰ ফূৰ্তিৰ উছাহ দেখি মোৰ মনটোও কিবা ভাল লাগি আহিল৷ ধেমালি চলি থাকিল মাকৰ চকুৰ আলেঙে আলেঙে৷ মই কিবা এটা ভংগীমা কৰি দেখুৱাওঁ, সি মাজে মাজে ঠৰঙা লাগি চাই, মাজে মাজে মাকৰ কোলাতে হাত-ভৰি আচাৰি উকি এটা মাৰি হাঁহি দেখুৱাই নতুবা তাৰ দুয়োটা চকু জোৰেৰে একেলগে টিপিয়াই মই কৰা কামৰ প্ৰত্যুত্তৰ দিয়ে, মাকে কি হৈছে বুলি তালৈ এবাৰ আৰু চৌপাশে চকু ফুৰাই, লগে লগে মই আকৌ একো নাই হোৱা ধৰণে বাহিৰলৈ চাই পঠিয়াওঁ৷

হেণ্ডিমেনৰ ‘যাবা দি যাবা দি’ চিঞৰৰ সমান্তৰালভাৱে বাছৰ বডীত ঢাপ ঢাপকৈ মৰা শব্দকেইটা গণেশগুৰি ষ্টপেজত আৰম্ভ হোৱালৈকে মই চীট এটা পাইছিলোঁ আৰু মোৰ কাষৰ চীটটো মানুহগৰাকীয়ে পাইছিল৷ উফ ৰক্ষা বুলি তেখেতে স্বস্তিৰ নিশ্বাস এটা এৰিলে৷ মই ক’লো তেখেতক ‘আপুনি কষ্ট অলপ পালে কিন্তু’৷ তেখেতে হয়ভৰ দি ক’লে ‘ইয়াৰো জানো কি হৈছে আজি! বাছত মাজে মাজে ভৰি-হাত জোঁকাৰি উকিয়াই ইমান দিগদাৰ দিছে নহয়৷’ মই থতমত খাই কি ক’ম নক’ম বুলি ভাবি ক’লো ‘গৰমতে চাগে দিগদাৰ পাইছে৷’

আমি কথা পাতি থকাৰ সময়ত পোৱালিকণে মাকৰ কোলাত ধুনীয়াকৈ বহি মোৰ ফালে চাই আছিল আঙুলি এটা চুপি৷ তাৰফালে চাই পটককৈ চকু টিপ এটা মাৰি মাকক মই সুধিলোঁ ‘বিৰাট মৰমলগা, কি নাম থৈছে৷’ পুত্ৰৰ প্ৰশংসা মাকৰ আগত ক’লে গৌৰৱ অনুভৱ হ’বই৷ তেখেতে মৰমতে তাৰ কপালখনৰপৰা মূৰৰ চুলিখিনি মোহাৰি ক’লে ‘শ্ৰেষ্ঠ ৰাখিছোঁ, ঘৰত মনবাবা৷’ চিনাকি শব্দ এটিও কাৰোবাৰ নাম হ’ব পাৰে বুলি ভবাই নাছিলোঁ৷ ক’লো মই ‘আনকমন নাম, ভাল লাগিল৷’ তেখেতে হাঁহি এটা মাৰি ধন্যবাদ এটা দিলে৷ তেনে সময়তে কণ্ডাক্টৰ আহি তেখেতক ভাড়াটো বিচাৰিলেহি৷ মই বুজি পালোঁ অথনি মোৰ লগত শ্ৰেষ্ঠই কৰা দুষ্টামিৰ ফলত তেখেতৰ ভাড়া দিয়াত অসুবিধা হ’ল৷ মানুহগৰাকীয়ে বেগটো খুচৰিবলৈ লৈছিল৷ শ্ৰেষ্ঠক কোলাত লৈ খুচৰা পইছা বিচাৰোঁতে তেখেতৰ অসুবিধা হোৱা যেন পালোঁ৷ মইয়ে উপযাচি ক’লো ‘আপুনি পইচাটো বিচাৰি লওক, তাক মই অলপ ধৰি দিওঁ দিয়ক৷’ মানুহগৰাকীৰ উত্তৰলৈ বাট নাচাই মই শ্ৰেষ্ঠলৈ হাতখন মেলি দিলোঁ৷ তাৰ লগততো মোৰ গোটেই বাটতেই পেকড হৈ আহিছিল৷ নিশ্চিন্তমনে মোৰ কোলালৈ সি একেবাৰতে গুচি আহিল৷ মাকে দুটা মুহূৰ্তৰ বাবে তভক মাৰি এবাৰ মোলৈ আৰু এবাৰ তালৈ চাই চাগৈ মনতে ভাবিলে ‘ইমান পতককে গ’ল যে সোপাধৰা নহয়তো!’ যি কি নহওক, মাকে ভাড়া দি তাক নিজৰ কোলালৈ মাতিলে৷ কিন্তু হ’লে হ’ব কি পুতেকৰ যে মোৰ লগত খেলাৰহে মন৷

ইতিমধ্যে শ্ৰেষ্ঠই মোৰ লগত খেলিবলৈ আৰম্ভ কৰিছিল৷ খেলা মানে কিনো আৰু, তাৰ বান্দৰ জাঁপকেইটামান মোৰ ভৰিৰ ওপৰত মাৰি আছিল৷ মাকে তাক মাতে সি নাযায়, মোৰ লগতহে থাকে৷ মইও ক’লো ‘হ’ব দিয়ক, মোৰ কোঁচতে থাকি ভাল পাইছে যেতিয়া মই নমালৈকে থাকক৷’ মাকেও সন্মতি জনালে৷ তাৰ জাঁপকেইটা চলিয়েই আছিল৷ ডেকা ল’ৰাৰ ভাষাত ক’বলৈ গ’লে এই মে’ মহীয়া গৰমত মোৰ বৈদ্য ফাটিছিল তাৰ জাঁপকেইটাত৷ মনতে ভাবিলোঁ অলপ খেলাৰ ষ্টাইল সলনি কৰা যাওক৷ এইবাৰ মই তাক আকৌ আগৰ নিচিনাকৈ জিভা, চকু আৰু মুখেৰে অংগী-ভংগী কৰি খেলাবলৈ আৰম্ভ কৰিলোঁ৷ সিও আকৌ খিলখিলাই হাঁহিবলৈ আৰম্ভ কৰিলে৷ মই তাক কওঁ উলুলুলুলুলুলুলুলু, সি হাঁহি হাঁহি ইয়ায়াউউউউকককক বুলি উকি এটা মাৰি দিয়ে৷ মাকে আমাৰ ফালে চাই কয় ‘আজিকালি উৎপাতটো বাঢ়িছে ইয়াৰ, একদম বাপেকৰ দৰে কাণ্ড কৰা হৈছে৷’ সৰু ল’ৰাটো আৰু বাপেকৰ কাণ্ড একে কেনেকৈ হ’ব ভাবিলোঁ; ‘আচ্চা পুতেকে যিহে জাঁপ মাৰে বাপেক চাগে হাই জাম্প, লঙ জাম্পৰ এথেলীট হ’ব পাৰে’৷

বাছখন প্ৰায় মোৰ গন্তব্যস্থান পাবৰ হৈছিলহি৷ শ্ৰেষ্ঠৰ অলপ ভাগৰ লাগিছিল চাগৈ, সেয়েহে মোৰ কোলাত দুই মিনিটমান মনে মনে বহি আছিল৷ মাকৰ কোলাত তাক দিওঁ বুলি মই থিয় কৰাই মাকক ক’লো, ‘মোৰ নামিবৰ হৈছেহি, ইয়াক ল’ব আপুনি৷’ মাকে ৰ’ব বুলি কৈ তাক ল’বলৈ সাজু হ’ল; বাছত হিন্দী গান এটা বাজি আছিল সেই সময়ত ‘ৰাজকুমাৰ ৰাও অভিনীত স্ত্ৰী চিনেমাখনৰ কমৰিয়া গানটো’; গায়কে গাইছে

Aaj bijli bhi girwani hai
Fire bhi lagwaani hai
Jo tu aa ke baby hamre saath ma
Aa aa aa aa ke…

Kamariya…
Hila de hilla de
Hila de hilla de
Hila de hilla de
Najariya……;

আৰু শ্ৰেষ্ঠই জীৱনত নকৰিবলগীয়া তাৰ সৰ্বশ্ৰেষ্ঠ কামটো কৰি দিলে৷ “কমৰিয়া হিলা দে হিলা দে”ৰ তালে তালে চৰচৰাই মোৰ গাত নায়েগ্ৰা জলপ্ৰপাত বোৱাই দিলে৷ ঘটনাৰ আকস্মিকতাত মাক, কোনোবা নামিলে বহিম বুলি ভাবি কাষত থিয় দি থকা যাত্ৰীকেইজন আৰু মই, আটাইবোৰ কেইচেকেণ্ডমান স্তব্ধ হৈ ৰ’লো৷ বাছৰ হেণ্ডিমেনে চিঞৰিছে ‘ৰিজাৰ্ভ বেঙ্ক নামি লওক’; মাকে শ্ৰেষ্ঠৰ কোলাত চাপৰ এচাট দিছে; মই যন্ত্ৰবৎ অফিচ ষ্টপেজত নামিবলৈ ল’লো৷ মাকে মোক ক’লে ‘প্লিজ বেয়া নাপাব, ইয়াৰ বেছি ফূৰ্তি হ’লে মূতি দিয়াৰ হেবিট এটা আছেই৷’

মইনো বেয়া পাবলৈ কি থাকিল সৰু ল’ৰাটোক, ঘৰত কোৱামতে সৰু হৈ থাকোঁতে মই নিজেও দুই-এজনৰ লগত একে কামেই কৰি থৈছিলোঁ৷ ‘যাওঁ’ বুলি তেখেতক কৈ শ্ৰেষ্ঠলৈ চাই বাই বাই দিলোঁ৷ তাৰ চাগৈ বিবেক দংশন হৈছিল কামটো কৰি৷ এবাৰ মোলৈ তলকা মাৰি চাই মাকৰ কান্ধত মূৰটো পেলাই মোৰ ফালে পিঠি দিলে৷ মই নামি গৈ অফিচৰ গেটখন পালোঁগৈ৷ সহকৰ্মী এজনে লগ পাই ক’লে, ‘গগৈ বৰ বেয়াকৈ ঘামিছা দেখোন’৷ মইও কথাটো মিলাই থ’লো, ‘যিহে গৰম বুইছা, তাতে বাছৰ ইঞ্জিনৰ ওচৰত বহি আহিছোঁ, ঘামে জোল বোৱাই দিছে৷’ অলপ মূতৰ গোন্ধ বিয়পি ফুৰা যেন লাগিছিল, সকলোৰেপৰা আঁতৰি লাহেকৈ গৈ মই অফিচৰ বাথৰুমত সোমালোগৈ৷ কাৰণ চাৰ্টটো নুশুকোৱালৈকে মোৰ অপেক্ষাস্থলী সেয়াই আছিল৷

☆★☆★☆

4 Comments

  • বাচ যাত্ৰাটো আমোদজনক কৰি তুলিলে, কণমানিটোলৈ মৰম লাগি গ’ল। ভাল লাগিল।

    Reply
  • purabi borah

    very vivid. Very bright future as a writer.

    Reply
  • কুকী কল্পিতা মহন্ত

    😂😂😂ভাল লাগিল পঢ়ি। সৰু ল’ৰা ছোৱালী বৰ ভাল লাগে মোৰ।ভাগিনটোলৈ মনত পৰি গ’ল। সি ও এনেকৈ তিলক তালাক কৈ দি থাকে মাজে মাজে কোছত।

    Reply

Leave a Reply

Your email address will not be published.