ফটাঢোল

শৰ্মাদা “নট আউট” — মাধুৰ্য্য গোস্বামী


:কি…! আপুনি শৰ্মাদাক চিনি নাপায়? সঁচাকৈয়ে নাপায়তো? মানে একদম চিৰিয়াছলি সুধিছোঁ‌ বুজিছেনে? যদি নাপায় তেনেহ’লে একদম সঁচাসঁচিকৈ কওঁ যে আপুনি এটা সাংঘাটিক কেৰেক্টাৰ মিছ কৰি আছে।
:কিয় কিয়? হোৱাই?
: কিয় মানে? আৰে ভাই আপুনি ভৰলু, শান্তিপুৰ, কামাখ্যা গেইটত গৈ সত্তৰ-আশী বছৰীয়া বৃদ্ধবোৰক সোধকগৈ কোনজন ল’ৰাই নব্বৈৰ দশকৰ প্ৰথমভাগত তেওঁলোকৰ ঘৰৰ ৱাল বগাই জীয়েকহঁতক কুউ কুউকৈ মাতি ইংগিত দিছিল। যাৰ যাৰ ঘৰত ধুনীয়া ছোৱালী আছিল তেওঁলোকক সোধকগৈ তেওঁলোকৰ ছোৱালীবোৰক প্ৰত্যেককে চিঠি দিয়া সেই ‘মিউচুৱেল’ ল’ৰাজন কোন আছিল যিয়ে ৰাতি বাৰ-এক বজাতো খিৰিকীৰে ছোৱালীবোৰৰ লগত কথা পাতিছিল। পঞ্চল্লিছৰ ওচৰা-ওচৰি বয়সৰবোৰক সোধক সেইসময়ত শান্তিপুৰ অঞ্চলত অশান্তিৰ সৃষ্টি কৰি কমেও সাত-আঠজন ল’ৰাক নাকত, কুমত চিৰজীৱনলৈ দাগ বহুৱাই থোৱা ল’ৰাজন কোন আছিল যিয়ে কাজিয়া এখন পালেই অক্ষয় কুমাৰৰ দৰে হাত-ভৰি ঘূৰাইছিল। আৰু সোধক সেই ত্ৰিশ-পঁইত্ৰিশ বছৰীয়া মানুহবোৰক, তেওঁলোকক কোনে ছোৱালী পতোৱা শিকাইছিল, কোনে পানীয়বিধ আৰু চুৰট হুপিবলৈ শিকাই আকৌ বেছিকৈ নাখাবলৈ দঢ়াই দঢ়াই সকিয়াইছিল। একজেক্টলি, বুজিছেনে, এগজেক্টলি! সেইজনেই আমাৰ শৰ্মাদা, ওৰফে সাংবাদিক শৰ্মাদা, ওৰফে আলফাৰ শশৰ দৰে সশ মানে সাংবাদিক শৰ্মা। এতিয়াৰপৰা ভুলতো সেই অঞ্চলত গৈ কাকো নুসুধিব দেই হু ইজ শৰ্মা বুলি? বখলিয়াই পেলাবলৈ এতিয়াও এগাল আছে। কৈ থ’লো।


শৰ্মাদাৰ সৰুকালৰ কাহিনী, কৰ্মকাণ্ড বৰ্ণনা কৰিবলৈ হ’লে এনচাইক্ল’পিডিয়া ব্ৰিটানিকাৰ দৰে বছৰে বছৰে একোটাকৈ খণ্ড উলিয়াব লাগিব যিবোৰ পঢ়ি অঁতাবলৈ বছৰ বছৰ লাগি যাব। চ’ লেট দিচ কিপ এছাইড এণ্ড মুভ টুৱাৰ্ডছ দ্য ষ্টৰী। মানে জঁপিয়াই জঁপিয়াই ভেকুলীৰ দৰে দুই এটা কথাহে আপোনালোকক ক’ব লাগিব। একদম চিকুৱেলত আহি মই বেকত কৰিলোঁ‌ যে শৰ্মাদা বৰ্তমান এজন টকা-সিকা নোখোৱা, ভাৰ-ভেঁটী নোলোৱা সৎ সাংবাদিক।
:সাংবাদিক! হোৱাট্ দ্য…
:ধেই, ৰ’বহে; ইমান বেয়া শব্দবোৰ এনিটাইম কৈ নাথাকিবচোন। আপুনি আচৰিতহে হৈছে। নহয় জানো? মানে এনেকুৱা অসুৰ, বকাসুৰ(একাঁহী ভাত খোৱাটো পাহৰিছিলোৱেই), উৎপতীয়া, ‘প্লে’বয়’ এটা কেনেকৈ সাংবাদিক হ’বলৈ পালে? হাও ইজ দিছ প’চিব্‌ল? ধৰণ-কৰণ, বেকগ্ৰাউণ্ডৰ ষ্ট’ৰী চাই এইজনতো হিচাপমতে চব্‌জি বা মাছৰ বজাৰ, মাটি-ফ্লেটৰ দালালজাতীয়হে কিবা এটা হ’ব লাগিছিল। এইটোৱেই ভাবিছে নহয় জানো?
:য়েচ্ য়েচ্। ৰাইট্। তেন্তে?
:আচলতে আপুনি ঠিকেই ভাবিছে। স্কুলীয়া দিনতেই কিক্‌-বক্সিং, মাৰ্চিয়েল আৰ্টৰ শিক্ষাৰে ভূষিত হৈ অকালকুষ্মাণ্ড শৰ্মাদা দৰাচলতে দালালেই হৈছিলগৈ কেইবছৰমানলৈ। ছফুটীয়া দেহাটোৰে ব্ৰুচ লীৰ দৰে হাত-ভৰি চলোৱা দালালক কোনেনো ভয় নকৰিব। টকা-পইছাও ঢেৰ ঘটিলে, উৰালেও সমানে। এনেকুৱা জাতীয়বোৰক তেল মাৰিবলৈ এইখন মুলুকত মানুহৰ আকাল লাগিছে নেকি? আলবৎ লগা নাই। গতিকে খানা-পাৰ্টী, শ্বিলং-চেৰাপুঞ্জী, হুইস্কী-ব্ৰাণ্ডি আদিয়েই নিত্য-সাপ্তাহিক কৰ্মসূচীৰ ভিতৰুৱা।
:তেন্তে? ৰত্নাকৰে বাল্মিকী হ’ল কেনেকৈ?
:একদম পইণ্টত ধৰিছে বুজিলে। একদম পইণ্টত। মানে কথাটো হ’ল মাক-দেউতাক, ককায়েক সকলোৱে শৰ্মাদাক লৈ অস্বস্তিত ভুগি আছিলেই, থকাতো স্বাভাৱিক কাৰণ শৰ্মাদাৰ দেউতাক আছিল এজন সৎ চাকৰিয়াল, সেই গুণে নাম থকা। গতিকে দেউতাকৰ ৰিটায়াৰমেণ্টৰ দিনা শৰাই-জাপি, গামোছাৰ পয়োভৰ দেখি শৰ্মাদা বিচূৰ্তি খাই গ’ল। মনে মনে আওৰালে নেওতা মতাদি আওৰাই গ’ল কিমানক ৰামঠগন, গৰুপিটন দিলে তেতিয়ালৈ। হিচাপ গৈ গৈ শৰ্মাদাৰ তিলনি-দহাত কেইজন মাত্ৰ মানুহ থাকিবগৈ তাৰ গণ্টিত শেষ হ’ল। সিদিনা ৰাতিয়েই দেউতাকে আৱেগিক হৈ সৰু পুতেকক ক’লে, “আদো (এইটো নামনিত সৰু পুতেকক মৰমতে মতা নাম), দেখিলি নহয় সৎ, চৰিত্ৰৱান হ’লে কিমান মৰম-আদৰ, সন্মান পায়, মই মৰিলে হেজাৰৰ ঘৰত মানুহ হ’ব। এতিয়া ভাব তই কি কৰি আছ।” বচ্‌! সেইটোৱেই আছিল শৰ্মাদাৰ লাইফত এৰিষ্ট’ট’লৰ ভাষাত ‘পেৰিপেটিয়া’ বা হনুমান গিয়েৰত টাৰ্ণিংত জীৱনৰ চকৰি ঘূৰাই দিয়াৰ দৰে ঘটনা। দালালি, গুণ্ডামি, মাৰপিট, ছোৱালীশুঙা স্বভাৱ যজ্ঞৰ জুইত আহুতি দি শৰ্মাদাই চিনেমাত হিৰোৱে এগাল গুণ্ডাক বধি দাখন নদীত ধোৱাদি পাপৰ পুখুৰীত শেষ জুবুৰাটো মাৰি চিৰদিনলৈ তাৰ লগত বিচ্ছেদ ঘোষণা কৰিলে।
:ইণ্টাৰেষ্টিং! তাৰপিছত?
:তাৰপিছৰ ঘটনাখিনিত ঠিক এনেকুৱা ক্লাইমেক্স নাই। তথাপি শুনক বাৰু। কেইবছৰমান শৰ্মাদাই দালালি বাদ দি বেকাৰ হৈ থকাতকৈ দোকান এখনকে দি কিছুদিন চলিলে। কেইমাহমানতে তেওঁৰ লগৰসোপাই বাকীত বস্তু নি নি দোকানৰ লালবাতি জ্বলাই দিলে; শৰ্মাদায়ো পুৰণি বন্ধু বুলি বন্ধুত্বৰ আৱেগত আকুল-বিয়াকুল, শোকাকুল হৈ মাল দিয়েই থাকিল। দোকানৰ লালবাতিৰ লগতে শৰ্মাদাৰ বেংক একাউণ্টতো লালবাটি জ্বলিল। সেই সময়তে অসমত চেটেলাইট টিভি আহিল। বচ্‌! পাই গ’ল উপায়। কাণে-কাণ মাৰি পাছ কোৰ্চত বি.এ পাছ কৰা শৰ্মাদা সাংবাদিক হ’লগৈ। পঁইত্ৰিশ বছৰ বয়সত এদিন এপইণ্টমেণ্ট লেটাৰখন মোৰ টেবুলত দলিয়াই শৰ্মাদাই দীঘলকৈ উশাহ ল’লে, “উফ্‌! ৰক্ষা। পালোঁ দে চাকৰিটো।”
:হাৰে! এইটো কেনেকুৱা কথা হ’ল। ইলিজিবিলিটি বুলি বস্তু এটাও আছে বচ্‌। যি তি নক’বচোন।
:দস্তুৰমত আছে। কিয় নাথাকিব। পিছে কথা এটা ক’বলৈ ৰৈ গ’ল। শৰ্মাদাৰ মাথাটোত ‘মাল’ ঠিকেই আছিল। গতিকে নতুনকৈ আৰম্ভ কৰা চেনেল হিচাপে চাকৰিটো পাই গ’ল।
:আচ্ছা। মানে কাহিনী এইখিনিয়েই ন?
:ওহো। আৰম্ভ এতিয়াহে হ’ব আমাৰ সৎ সাংবাদিকৰ কাহিনী। সৰ্বশেষত সুখম্‌ সুখম্‌ দেখুৱাবলৈ এইখন পুৰণা হিন্দী চিনেমা পাইছেনেকি?


অথন্তৰবোৰ শৰ্মাদাৰ জীৱনত সাংবাদিক হোৱাৰ পৰাহে যেন নতুনকৈ আৰম্ভ হ’ল। উৰণ-বুৰণ-ভ্ৰমণৰ সংগীবোৰৰ আধামান পাতলিল, ৰাস্তাত দেখিলেই এনেকৈ কাষৰফালে চাই যাবলৈ ধৰিলে যেন নলাৰ কাষৰ বিহঢেঁকীয়াও এতিয়া শৰ্মাতকৈ বেছি দৃষ্টিনন্দন। দুদিনে-তিনিদিনে গলাধ:কৰণ কৰা দুহেজাৰটকীয়া বটলৰ দাম এতিয়া দুশ-তিনিশ টকালৈ নামিল; তাকো সপ্তাহত এটা নিজৰ পকেটৰ, এটাহে বেলেগৰ পকেটৰপৰা বেলেগৰ লগত।
:হেৰি, কিবোৰ কৈছেহে…সৎ বনোৱাৰ নামত মানুহটোক জ্বলাই মাৰিব নেকি? আৰে টকা নলয় নাই, কিন্তু এইবোৰ কামত খাদ্য সামগ্ৰীৰপৰা বটলটোলৈ এনেও পায়। তেওঁ নলয় নাই, লগৰবোৰে পালেওটো খাব পাৰে।
:ওহো! নাখায় তেওঁ। নহ’লেনো ধৰ্মৰাজৰ দৰে সুন্দৰ নিকনেম এটা পায়নে? দৰমহাকেইটাৰ বাহিৰে তেওঁ আনৰপৰা অমলেট এটাও নাখায়।
:আচ্ছা বুজিলোঁ অলপ অলপ। বৰ বেলেগ কেৰেক্টাৰ বনালে এইটো। তাৰপিছত?
:তাৰপিছত শৰ্মাদাৰ সততাৰ টুলুঙা নাওখন দূৰ্নীতিৰ সাগৰত টুলুংভুটুং কৰিবলৈ আৰম্ভ কৰিলে। এলাপেচা বীৰ হ’লে এনে সমুদ্ৰত কেতিয়াবাই চাৰেণ্ডাৰ কৰি এচি ঘৰ-গাড়ীৰে গিজগিজাই কোনোবা কোনোবা কোটিপতিৰ ”পাপা কি পৰী” এজনী আনিলে হয়। কিন্তু আমাৰ শৰ্মাদাই আনিলে এল.পি.স্কুলৰ মাষ্টৰৰ জীয়েকক, তাকো ধাৰ কৰি বিয়া পাতি। বিয়াৰ আগৰ এমাহমান বৌৱে হ’বলগাজনৰ অৱস্থাটো জানিলেও পিছত ‘সলাই’ পেলাম জাতীয় ভাৱটো লৈ থাকি বিয়াৰ ছমাহৰ পিছতো যেতিয়া গাৰ নোম এডালো লৰাব নোৱাৰিলে তেতিয়া বুজিলে যে সততাৰ শিপাই পুলি-পোখা মেলি বহুদূৰ শিপালে। কাজেই ঘৰত চলিবলৈ ধৰিলে বিসম্বাদ, এক ফাৰ্লং দূৰত থকা মোৰ ঘৰৰপৰা শুনিবলৈ পোৱা বাচন-বৰ্তনৰ শব্দ, অপদাৰ্থ আদি বিশেষণ আৰু ঢেৰ কিবাকিবি।
:হাঃ হাঃ হাঃ। এইটোতো হ’বলগা আছিলেই। আৰু চাকৰি জীৱনৰ বিড়ম্বনাবোৰ?
:পইণ্ট্ টু বি নোটেড্। এগজেক্ট্ জেগাত প্ৰশ্নটো পৰিল। মাহেকত মোৰ লগত দুপেগ ধৰিলেই শৰ্মাদাৰ সাংবাদিক কীৰ্তন আৰম্ভ হয়- “কণ (অশ্লীল), সাংবাদিকতাৰ বাবে ছটা গুণৰ প্ৰয়োজন হয়। ডু য়ু ন’ দেট? হু! কিবা জান?”
: নাজানো শৰ্মাদা”।
: তই ক’ত জানিবি। শুন। সেইকেইটা হ’ল সৎ, সুন্দৰ, সঠিক, বস্তুনিষ্ঠ, নিৰপেক্ষ আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা। কিবা বুজিলি?
: হুম। বুজিছোঁ (অশ্লীল)
:কিন্তু এইবোৰৰ কিবা মূল্য আছে আজিকালি? ধুই। এটা চেনেল দেখিবি চৰকাৰৰ পক্ষত, এটা দেখিবি বিপক্ষত। ইটোৱে সিটোক সহ্য নকৰে। চালা এগাল এগাল পইছা পায়। এণ্ড্ হোৱাট্ শৰ্মা ইজ্ডুয়িং? সিদিনা মন্ত্ৰী এজনে স্কেম এটাত কোন কোন চ’ৰ্ছৰপৰা কিমান টকা খাইছে চব ডাটা পাই গ’লো এজনৰ পৰা; লৈ গ’লো এডিটৰৰ ওচৰলৈ। লাভ কি? ওলোটাই সেইজন আমাৰ মন্ত্ৰী বুলি কৈ যিমান গালি শুনালে, চাল্লা চুই কিলাবলৈ বাকী থাকিল। তাৰপিছত বিপক্ষৰ চেনেললৈ বেনামত ডাটাবোৰ পঠিয়ালোঁ খঙত। কি হ’ব? হা? কি হ’ব? সিহঁতেও মন্ত্ৰীৰপৰা পইছা খাই গাপ দি থ’লে। হু কেয়াৰ্চ শৰ্মা?”
: শৰ্মাদা নিচা লাগিছে আপোনাৰ। হ’ব দিয়ক আজিলৈ।”
:কি হ’ব? কি হ’ব? আৰে চেনেল চলে ফাণ্ডিংৰ টকা, বিজ্ঞাপনৰ টকাৰে। নহ’লে আমাক দৰমহা দিব ক’ৰ পৰা? কেমেৰামেন, ৰিপ’ৰ্টাৰৰ পৰা আদি কৰি চবেই চাহ খাবলৈ হ’লেও কিবা এটা আনে, শৰ্মাই নলয়। সেইকাৰণে ভাল, সৎ মন্ত্ৰী-বিধায়কে শৰ্মাক ভালপায় যিটো মোৰ লগৰ (অশ্লীল) ‘সংবাদসেৱীৰ’ পচন্দ নহয়। সেইকাৰণে শৰ্মা এতিয়া বাতৰি পৰিৱেশনকাৰী, ৰিপ’ৰ্ট সংগ্ৰহকাৰী নহয়, বাতৰি লিখোতাহে।
এইখিনিয়েই আছিল আমাৰ প্ৰায়ে হৈ থকা কথা-বতৰাৰ কিয়দংশ।

:বৰ বেলেগ ধৰণৰ মানুহহে এইজন। এবাৰ যি শপত ল’লে বাপেকৰ কথা শুনি, অলৰ-অচৰ হৈ থাকিল দেখোন।
:হু! ঠিক। পিছে মানুহজনলৈ মোৰ কেতিয়াবা দুখ লাগে। জীৱনত একো এটা কৰিব নোৱাৰিলে। আৰু কেতিয়াবা যে পাৰিব তাৰো সম্ভাৱনা কম।
:তাকেই। পিছে আপুনি কৈ থকাবোৰ ভালেকেইবছৰ আগৰ কাহিনীহে। এতিয়া শৰ্মাৰ কেনে?
:কেনে মানে? এনে মানুহৰ একো এডাল সলনি নহয়। বৰঞ্চ এইধৰণৰ বৃত্তিবোৰ ইমানেই বদনামী যে মানুহে বিশ্বাসেই নকৰে। বহুতেই ভাবে যে শৰ্মাৰ টকা-পইছা হয়তো ঢেৰ আছে, নেদেখুৱাইহে। সেই যে আগতে আলফাই গাঁতত পুতি থোৱা ধন পাই বহুত ধনী হৈও ৰাইজৰ আগত এচামে ডাল-দৰিদ্ৰৰ ভাও ধৰিছিল, ঠিক তেনেকুৱা ধৰণৰ। যোৱামাহৰ ঘটনাটো কওঁ শুনক। হঠাৎ শৰ্মাদাই ফোন কৰিলে, “কণ, বটল এটা আনি থ’বিচোন। মোৰ পকেট খালি। বহুদিন বহা নাই। তোৰ লগত অলপ কথা আছে।” শৰ্মাদাৰ অনুৰোধ-আদেশ অমান্য কৰাৰ ইচ্ছা মোৰ নাই। কাজেই সন্ধিয়া দুয়ো মোৰ ঘৰত বহিলোঁ। কৌতূহলী আৰু পিপাসু মনটো উৎকৰ্ণ হৈ ৰ’ল গুৰুত্বপূৰ্ণ কথাখিনি শুনাৰ বাবে। তিনিপেগ খোৱাৰ পিছত শৰ্মাদাই আৰম্ভ কৰিলে, “কণ, মোৰ জীৱনত সুখ আৰু নহ’ল বুজিছ।”
: মানে?
: মানে আৰু কি? কৰ্মস্থলীত মোৰ কথা শুনাটো নিত্য-নৈমিত্তিক ঘটনা। ঘৰতো চৰ্বিতচৰ্বণ কথাবোৰ শুনিবলৈ কাৰ মন যায় কচোন?”
: ভালদৰে বুজাই কওকচোন।
: বুজাবলৈ কিটো আছে। মাক-জীয়েকে মিলি মোক ঠেকেছি দিছে। বাতৰি পৰিৱেশনকাৰীৰ অদ্ভুত, উত্তেজক ভংগীমাবোৰ দুয়োজনীয়ে শিকি লৈছে। এতিয়া কিবা এটা হ’লেই ট’ৰ্চটো মাইকৰ ভংগীমাত লৈ মোক জোকাবলৈ আৰম্ভ কৰিছে। সিদিনা বৌৱেৰক দুমাহৰ গালি-গালাজৰ অন্তত এযোৰ পাটৰ কাপোৰ আনি দিলোঁ। কম দামী আৰু ধুনীয়া নহয় হেনো; আৰম্ভ হৈ গ’ল ঠাট্টা-বিদ্ৰূপ। ট’ৰ্চটো হাতত লৈ জোকাবলৈ ধৰিলে, “ফুটাকড়ি এটা নথকা মানুহজনে কমদামী, অদেখনিয়াৰ কাপোৰ এযোৰ আনি দিছে। এই মুহূৰ্তত আপোনাৰ কেনে লাগিছে? টকাকেইটাৰ খৰছে আপোনাৰ জীৱন কেনেদৰে বিপন্ন কৰিছে? এই বিষয়ে আপুনি কি ক’ব?” ছোৱালীজনিক সিদিনা বেগ এখন লাগে বুলি কোৱাত আনি দিলোঁ। বাজে, ফাল্টু আদি শব্দকেইটা ঘৰ পোৱাৰ পিছতে কাণত ঠহৰ্ ঠহৰকৈ বাজিবলৈ ধৰিলে। আজি বোলে অমুকটো বেয়া, কালি বোলে তমুকটো লেঠা। মুঠতে তোক কৈ অন্ত পেলাব নোৱাৰি এনে ধৰণৰ ঘটনা।”
প্ৰায় ছয়পেগ পেটলৈ যোৱাৰ পিছত শৰ্মাদাৰ জিভা দোৰোল খাই আহিল। দাঢ়ি-ক’মা নৰখাকৈ কোৱা কথাবোৰ মোৰো নিচাসক্ত কাণত এণ্টেনা সঠিক ঠাইত নপৰি চেৰচেৰাই থকা টিভিটোৰ দৰে পৰিবলৈ ধৰিলে। শেষৰফালে শৰ্মাদাৰ অসংলগ্ন কথাবোৰ আত্মকথনৰ দৰে শুনা গৈছিল, -“কণ, এই শৰ্মাই দূ..দূৰ্নীতি নকৰে। লাগিলে…যিয়েই নহওঁক্‌…চাম..চাম ময়ো মই কেনেকৈ চলোঁ…দেউতাৰ দৰে স..স..সন্মানীয়…হ’ব লাগে মানুহ…মই অমানুহ নহওঁ…।”

☆★☆★☆

17 Comments

  • ডলী তালুকদাৰ

    বঢ়িয়া! কি সাংঘাতিক লিখিছ মাধু।বহুত ভাল লাগিল পঢ়ি।

    Reply
  • Anonymous

    ধন্যবাদ ডলীবা

    Reply
  • শৰ্মা দা ইজ গ্ৰেট,, বঢ়িয়া লিখিলা।

    Reply
  • Anonymous

    ধন্যবাদ প্ৰণীতা বাইদেউ।

    Reply
    • পূৰ্ণানন্দ শৰ্মা

      কৰবাত কৰবাত নিজকে বিচাৰি পালো ভাই ! লাখে লাখে টকা কোচাব পৰা ‘কাৰ্ড’ এখন থাকিও দাৰিদ্ৰতাই কোঙা কৰা জীৱন এটা চলাই গৈ থাকি কি পাম, কি হ’বগৈ চিন্তা কৰি পাৰ নাপাও ৷ সেই কাৰণে সদায় ৰাতি দুটামান পেগ গুছি যায় !

      Reply
  • Rintumoni Dutta

    হাতখন দিনক দিনে পৈণত হৈ গৈ আছে, বঢ়িয়া লাগিল মাধুৰ্য্য

    Reply
  • Anonymous

    ধন্যবাদ ৰিণ্টুদা।

    Reply
  • গীতিকা শইকীয়া

    বঢ়িয়া লাগিল পঢ়ি। সাংবাদিকৰ “ডেফিনেচন” সাংঘাতিক, যিটো বেছিভাগেই অনুসৰণ নকৰে। লিখাৰ ষ্টাইল সঁচায়ে আকৰ্ষণীয়।

    Reply
  • Anonymous

    ধন্যবাদ গীতিকাবা।

    Reply
  • Bondita Sharma

    পঢ়িলো৷
    ভাল লাগিল৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    শৰ্মাদা এনেকুৱাই। সাংঘাটিক লাগিল মাধু।

    Reply
  • Mridula

    ৱাহ..তামাম দেখোন

    Reply
  • Gitarthi Goswami

    বঢ়িয়া হৈছে

    Reply
  • মেঘাালী গোস্বামী

    ভাল লাগিল

    Reply
  • Anonymous

    বহুত ভাল লাগিল মাধুৰ্য‍্য। সুন্দৰ লিখিছা।

    Reply
  • মাধুৰ্য্য

    আটাইলৈকে ধন্যবাদ দেই

    Reply
  • মানসী বৰা

    এতিয়া শৰ্মাদাক ভালকৈ চিনি পালো…ভাল লাগিল..

    Reply

Leave a Reply

Your email address will not be published.