ফটাঢোল

ষষ্ঠ ইন্দ্ৰিয় – সোমকান্ত শইকীয়া

নামৰূপত চাকৰি কৰা কালৰ শেষৰ প্ৰায় ১৬ বছৰ আমি থকা চেক্টৰ “ই”টো এখন ক্ষুদ্ৰ ভাৰত আছিল বুলি ক’ব পাৰি —- ভাৰতৰ সকলো ৰাজ্যৰে লোক ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে বসবাস কৰি আছিলোঁ।

তাৰে কিছু সংখ্যক পৰিয়ালৰ লগত বৰ আন্তৰিকতা গঢ় লৈ উঠিছিল– আমাৰ সৈতে।

আমাৰ লগত মিলা প্ৰীতি বেচি হোৱাৰ প্ৰধান কাৰণ — ভালে কেইজন আবাসীৰে ৰসবোধ (sense of humour) অতীব তীব্ৰ আছিল॥ সাধাৰণ ঘৰুৱা কথা বতৰাৰ মাজে মাজে ৰসাল কথা চলি থাকে — কওঁ বুলি কৌতুক কোৱাৰ প্ৰয়োজনেই নহয়। মোৰ মতে এয়াহে প্ৰকৃতাৰ্থত ৰসবোধ। স্বভাৱসিদ্ধ ধেমেলীয়া ৰসালাপ।

বাৰু — এতিয়া আচল কথালৈ আহোঁ॥

আমাৰ আড্ডাত প্ৰায়েই সক্ৰিয় ভূমিকা লোৱা এজন সদস্য আছিল দুৰ্গা প্ৰসাদ ভট্টাচাৰ্য — ঘৰ কলকাতাৰ গৰিয়াহাটত। এতিয়া তেওঁৰ মুখেৰে শুনা কথা খিনিকে সংক্ষেপে ক’ব খুজিছোঁ।

তেওঁ কোৱা মতে — তেওঁলোকৰ লগত কলকাতাত এজন বন্ধু আছে — যি জনে দাবী কৰে যে তেওঁৰ ষষ্ঠ ইন্দ্ৰিয় আছে , যাৰ সহায়ত তেওঁ আনে নেদেখা বা নভবা কথাও গম পাই যায়। ধৰক ,বিয়া এখন খাবলৈ গ’ল সকলো বন্ধু লগ লাগি— সুন্দৰ খোৱা বোৱাৰ ব্যৱস্থা ।ক’তো অকণো হীন-ডেঢ়ি নাই – কিন্তু তাৰ মাজতো এই “ষষ্ঠেন্দ্ৰিয়”ই কিবা এটা খুঁত বিচাৰি পাবই —

“এ– মাংস খিনিহে টেষ্টী নহ’ল”
“পোলাও খিনি পাগত নুঠিল”
“মাছৰ জোল খনত নিমখ কম হ’ল” — ইত্যাদি ,ইত্যাদি ।

এবাৰ এখন বিয়াৰ আয়োজন ইমান নিখুঁত আছিল যে বহুত ভাবি ভাবিও তেওঁ একো ত্ৰুটি উলিয়াব নোৱাৰিলে।

বহু দেৰিৰ মূৰত তেওঁ গুৰু গম্ভীৰ মন্তব্য আগবঢ়ালে —
“বেচি ভাল হোৱাটোও ভাল নহয় আক” ! এনেয়ে শাস্ত্ৰত কৈছেনেকি বোলে –“সৰ্বম্ অত্যন্তম্ গৰ্হিতম্” মানে –“Too much of every thing is bad” . তেওঁৰ ষষ্ঠ ইন্দ্ৰিয়ই সেই “বেয়া” টোকে বিচাৰি পালেগৈ॥

☆★☆★☆

Leave a Reply

Your email address will not be published.