ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – ঈশান জ্যোতি বৰা

চোৰ-পুলিচৰ খেলখন আৰম্ভ হৈছিল যোৱা বছৰৰ শেষৰফালে৷ নিঃকিন চোৰৰ ভাৱত আছিল এই অধম আৰু সুদক্ষ পুলিচৰ ভাৱত আছিল তিতাবৰৰ বিজয় মহন্ত৷ কিহৰ ওপৰত ভিত্তি কৰি বিজয় মহন্তই মোক ‘ফটাঢোল’ কাৰাগাৰৰ এটা অবিচ্ছেদ্য কক্ষ ‘সম্পাদনা’ত সুমুৱাবলৈ ভীষ্মপ্ৰতিজ্ঞা লৈছিল,তাৰ আঁতি-গুৰি মই,এইমুহূৰ্তলৈকে পোৱা নাই৷ কাৰণ মই কাৰোৰে জগৰ লগোৱা নাই৷ অপৰাধ দূৰৰে কথা৷ সেয়ে পলাই ফুৰিছিলোঁ৷ মাজতে এমাহমান পুলিচৰ দেখা-সাক্ষাৎ নাই৷ ময়ো ভালেই পালোঁ৷ মনৰ পৰা ভয়ৰ ভাৱ আঁতৰিল৷ পিছে ‘ৰক্ষা! বাচিলোঁ’ বুলি স্বস্তিৰ নিশ্বাসটো এৰিবলৈ নৌপাওঁতেই,তেৰা আকৌ হাজিৰ হ’লহিয়েই নহয়৷

নগাঁৱৰ হাৰ্ডৱেৰৰ দোকানত সেইদিনা ‘ৰেন্স’ এডাল বিচাৰি আছিলোঁ,তেনেতে মহাশয়ৰ ফোন-“তই এপ্ৰিল মাহটো জে’লত কটাব লাগিব৷” মই আৰ্তনাদ কৰি উঠিলোঁ-“সৰ্বনাশ৷” পাৰেমানে যুঁজিলোঁ,কাকূতি-মিনতি কৰিলোঁ৷ পিছে চূড়ান্ত ব্যৰ্থতাৰ বাহিৰে একোৱেই নাপালোঁ৷ মোৰ পৰা জোৰ-জুলুম কৰি সন্মতিটো লৈ,বিজয় মহন্তই বিজয়সূচক হাঁহি এটা মাৰি ফোন ৰাখিলে৷ আৰু এইফালে মইও বিনা অপৰাধত এমহীয়া কাৰাবাস খাটিবলৈ মন-মগজু সাজু কৰি ল’লোঁ৷

কাৰাগাৰৰ পৰিৱেশ পিছে বিস্ময়কৰভাৱে আনন্দদায়ী৷ কাৰাগাৰৰ অতন্দ্ৰ পহৰাদাৰীসকলে মূলদ্বাৰতে মোক উষ্ণ অভিনন্দন জনালে৷ প্ৰথমে সামান্য অপ্ৰস্তুত হ’লোঁ৷ কেও-কিছু নজনা মানুহ৷ পাৰিমনে এমাহ টিকি থাকিব এই কাৰাগাৰত ! চিন্তাই মূৰত পাকঘূৰণি খালে৷ কিন্তু অগ্ৰজ-অনুজ,সমনীয়াসকলৰ আৰ্শীবাদ আৰু স্নেহাশীষে সেই উদ্বিগ্নতা পাতলালে৷ মনত বল পালোঁ৷ তাকেই সাৰথি কৰোঁ আগবাঢ়ি গ’লোঁ নিজ লক্ষ্য অভিমুখে৷ কাৰণ,ৰৈ থাকিলে পহৰাদাৰীসকলে বেয়া পাব৷

‘সম্পাদনা’ কক্ষত থকা কালছোৱাত ৰিণ্টুমনি দা,বিজয় দা আৰু জ্যোতিৰূপম দাৰ লগত মোৰ সঘন যোগাযোগ হৈছিল৷ তেওঁলোকৰ পৰা কাৰাগাৰত চলন-ফুৰণ সম্পৰ্কীয় শিক্ষা ল’লোঁ৷ সিপিনে হেমন্ত কাকতী দা আৰু প্ৰণীতা বাইদেৱে সময়-সুবিধা বুজি মোৰ ওপৰত ‘টেগাস্ত্ৰ’(টেগ্+অস্ত্ৰ)ৰ পোহৰ পেলাই থাকিল৷ পোহৰ পৰিলেই সেইফালে আগবাঢ়ি যাওঁ, ‘অন্ন’ এমুঠি গোটাই জোলোঙাত ভৰাই থওঁ৷ এবাৰ নে দুবাৰ,সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য দা আৰু বিজয় মহন্ত দায়েও ‘টেগাস্ত্ৰ’ নিক্ষেপ কৰা মনত আছে৷ তেওঁলোকৰ প্ৰতিও কৃতজ্ঞ হৈ ৰ’লোঁ৷ কেইগৰাকীমান ‘অন্নদাতা’ৰ ফোন নম্বৰ বিচাৰি ৰিন্টুমনি দা আৰু বিজয়দাক সময়ে-সময়ে ব্যতিব্যস্ত কৰিলোঁ৷ অত্যুৎসাহী তেওঁলোকেও মোক অন্নৰ যোগান ধৰাত ক্ৰূটি নকৰিলে৷ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ৷ কেইমুঠিমান অন্নত দুই-এটা সৰু-সৰু শিলো পালোঁ অৱশ্যে৷ সামৰ্থনুযায়ী ‘শিল-পৃথকীকৰণ’ কৰিবলৈ চেষ্টা কৰিলোঁ৷ কিমান সফল হ’লোঁ-তাৰ ফলাফল ওলাব কাৰাবাসী জীৱন কটোৱাৰ পাছতহে৷ এমুঠি অন্নৰ পৰা শিল পৃথক কৰি মোক উপকৃত কৰিলে ঋতুপৰ্ণা মহন্তই৷ তেওঁক ধন্যবাদ জনালোঁ৷

‘সম্পাদনা’ কক্ষটোৰ অন্যতম উপ-কক্ষ ‘কাৰিকৰী বিভাগ’ৰ সজাগ আৰু নিষ্ঠাৱান সৈনিকসকলক ধন্যবাদ নজনালে মোৰ বিপদ অনিবাৰ্য৷ মণিষা বা,হেমন্ত দা,দেৱজিৎ দা,জ্যোতিৰূপম দা আৰু ৰিণ্টুমণি দাৰ নিঃস্বাৰ্থ আৰু আন্তৰিক শ্ৰম আন দহজন মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস হওক-অন্তঃকৰণেৰে তাকেই আশা কৰিছোঁ৷ কক্ষৰ ঠায়ে-ঠায়ে ‘ফিচাৰ-ইমেজ’ সংযোজন কৰি কক্ষটিক আটকধুনীয়া কৰি ৰখা দেৱজিৎ ককাইদেউ আৰু ৰিতুপৰ্ণ ককাইদেউলৈ থাকিল আন্তৰিক শুভ-ইচ্ছা আৰু বিশেষ কৃতজ্ঞতা৷ কৃতজ্ঞতাৰে পূৰ্ণ শঁৰাই একোখন আগবঢ়াই দিলোঁ শ্ৰদ্ধাৰ চবিনা বাইদেউ,অভিজিৎ কলিতা দাদাকে প্ৰমুখ্য কৰি ফটাঢোলৰ লগত জড়িত আন সকলো অগ্ৰজ-অনুজ কৰ্মকৰ্তালৈ৷

হাতত ‘শূন্য’ এটা লৈ এমাহৰ আগতে কাৰাগাৰলৈ আহিছিলোঁ৷ এতিয়া ওভতিছোঁ,এসাগৰ ‘কিবা-কিবি’ লৈ৷ সেই ‘কিবা-কিবি’বোৰৰ ভিতৰত মৰম,সঁহাৰি আৰু আন্তৰিকতাৰ পৰিমাণেই সৰহ৷ জীৱনৰ এইয়াই অবিস্মৰণীয় প্ৰাপ্তি,জীৱনৰ আচল সুখ৷ সেই প্ৰাপ্তি আৰু সুখৰ সন্মুখত ধন্যবাদ আৰু কৃতজ্ঞতা-দুটা সৰু শব্দ৷

প্ৰাৰ্থনা কৰিছোঁ-মানুহৰ মুখত এমোকোৰা হাঁহি জিলিকোৱাৰ উদ্দেশ্যেৰে,হৃদয়ৰ সঁচা ৰসেৰে জন্ম হোৱা ‘ফটাঢোল’ নামৰ এই বিস্ময়কৰ কাৰাগাৰখনত বিশ্বৰ অগণন মানুহৰ অন্তৰবোৰ আহি বন্দী হওক৷ সদায় যেন কুশলে থাকে-এই কাৰাগাৰৰ প্ৰহৰীসকল,অন্নদাতাসকল আৰু ‘কাৰাগাৰখন এপাক চাওঁ’ বুলি ভিতৰলৈ সোমাই অহা ভিন্ন ঠাইৰ নানাৰঙী পথিকসকল৷

ধন্যবাদেৰে,
ঈশান জ্যোতি বৰা,
সম্পাদক,ফটাঢোল
মে’,২০১৮

Leave a Reply

Your email address will not be published.