ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – মনজিৎ

সংখ্যাৰ আঁৰৰ কথা লিখিবলৈ গৈ যদি আঁৰ কাপোৰখন আঁতৰাই দিওঁ তেতিয়া দেখোঁ আমাৰ সকলোৰে মৰমৰ দিম্পু ভাইটিৰ ফোন এটাৰ বাবেই আজি “সংখ্যাৰ আঁৰৰ কথা” শিতানৰ বাবে কীবোর্ড তুলি ল’ব লগা হ’ল।

নবেম্বৰৰ কোনোবা সন্ধিয়া এটাত ফোন কৰি ক’লে,

: মনা কাই আপোনাক অহা মাহৰ সম্পাদক হিচাপে ভবা হৈছে। পাৰিব নাই? ৰিণ্টু দাই ফোন কৰিব মই জনাই থ’লোঁ।

মোৰতো লাগিল লেঠা। আংবাং মানুহ গহীন গম্ভীৰ কাম বুলি ক’লেই পেটতে হাত ভৰি লুকাই। ভগৱান কা দিয়া হুৱা চবকুচ হে মেৰে পাচ পৰ, ধৈৰ্য্যহে নিদিলে৷ একেবাৰে নোৱাৰোঁ বুলি মিহিকে কৈ চাইছিলোঁঁ৷ পিচে কামত নিদিলে। বিজয় মহন্ত নামৰ সনাহী বন্ধুটোও আহি চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। ইফালে কোনোবাই কিবা এটা ক’লে কথাও পেলাব নোৱাৰোঁ। তাতে ৰিণ্টু দা আৰু মই আকৌ সমন্ধত জোঁৱাই-জেঠেৰি। মিতিৰৰ টান এটাও আহি গ’ল নহয়। সাঁতে সোতৰই মিলি তেৰা সবক ক’লোঁ বোলে আপোনালোকৰ সাহসতেই আগবাঢ়িছো নিজকে চেলেঞ্জ কৰিবলৈ। পৰিলে তুলি ধৰিব। তেখেত লোকে নির্ভয় দি ক’লে,

: চিন্তা নকৰিবা ডেকা ল’ৰা আমি বেকত আছোঁ।

তেনেকৈয়ে এদিন গ্ৰুপত ঘোষণা হ’ল এইমাহৰ চম্পাদকৰ দায়িত্বত মই অভাজন। এক কথাত ক’বলৈ গ’লে মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা হ’ল। ময়ো জোচত আহি গ’লোঁ। সকলোকে লেখাৰে ওপচাই দি মোক পৰীক্ষাত ভাল ফলাফল দেখুৱাত সহায় কৰিব বুলি গ্ৰুপত পোষ্ট দি দিলোঁ। কাতৰ অনুৰোধ কৰিলোঁ। চিনাকি সকলৰ ইনবক্সে ইনবক্সে লেখা লাগিবই বুলি ফটোৱা জাৰিও কৰা হ’ল। ৰাইজেও সঁহাৰি দিলে; প্রতিশ্ৰুতি দিলে লগতে শুভেচ্ছা শুভকামনা ৰে উপচাই পেলালে।

আৰম্ভণি বঢ়িয়া, বলেট’ ফাটা ফাটি। তাৰ পিছতে আহিল টুইষ্টটো৷ আত্মসন্তুষ্টিত ভোগা বেবেৰিবাং চম্পাদকে পৰীক্ষালে ঢেৰ দিন আছে হৈ যাব লাহে লাহে, এই বুলি অলপ ইফাল সিফাল কৰিবলৈ ধৰিলোঁ নিজৰ দুনীয়াত। পুৰণি বদ অভ্যাস, এনেও পৰীক্ষাৰ দুদিন আগতহে পঢ়া হয়, হৈ যাব টেনচন নাই বুলি ভাবি থাকোঁতেই সময়বোৰ ইমান স্পীডত গুছি গ’ল যে সম্পাদনা মণ্ডলীৰ বাকী সদস্যসকল টেনচনত আহি গ’ল। চম্পাদকলৈ ফোন আহিবলৈ ল’লে পঢ়া শুনা কেনে চলিছে কিমান আগবাঢ়িছে।

ইফালে চম্পাদকৰো আকৌ সেইকেইদিনহে অৱস্থা বেয়া। অফিচৰ কাজিৰঙা গেষ্ট হাউচত ডাঙৰ ডাঙৰ চাহাবৰ আগমন এশিঙিয়া গড় চাবলৈ। হাটী বুক কৰা, জীপ বুক কৰা, থকা খোৱাৰ ব্যৱস্থা ইত্যাদি কামত দিনটো ব্যস্ত। এনেকুৱা দিন পৰিল যে অফিচত ফেচবুক নটিফিকেচনে আমনি কৰে বাবেই পুৱা ১০ বজাত uninstall কৰোঁ আৰু ৰাতি ৭ মান বজাত আকৌ install কৰোঁ। ইফালে ৰাতিলে দেখোঁ চাল্লা পুৰণি ডেস্কটপটোৱেও ওফোন্দ পাতি ৰিষ্টার্ট হৈ যাবলৈ ধৰিলে। মুঠতে সুন্দৰ পৰিবেশ।

পৰীক্ষাত ফেইল কৰাটো খাটাং টাইপ ফিলিং এটা আহিবলৈ ল’লে। ক’ত যাওঁ গোপাল ক’ত যাওঁ কৃপাল অৱস্থাত ককবকাই থাকোঁতেই ঘৰৰ জেষ্ঠ্য কেইজন ফিল্ডত নামি দিলে। পৰীক্ষাৰ্থীৰ ওপৰত সামান্য খং এটা উঠিলেও নিজৰেই মানুহ বুলি উদ্ধাৰ অভিযানত নামি গ’ল। তাৰ পিছত হিন্দী চিনেমাৰ দৰে হ’বলৈ ধৰিলে কথাবোৰ। খেলখনৰ গতি সলনিহৈ গ’ল পলকতে। গোটেই পৰিবেশটোৱেই চম্পাদকৰ সপক্ষে ঘূৰি দিলে। যেনি তেনি লেখা আহিবলৈ ধৰিলে। বানান চোৱাই বানান চালে; লেখা বিচৰাই লেখা বিচাৰিলে৷ তাক আনি চম্পাদকৰ মেজত ৰেডিমেইডকৈ সাজু কৰি দিলে। সম্পাদনা মণ্ডলীৰ কর্মদক্ষতাই সঁচাই আবেগিক কৰি তুলিলে। তেওঁলোকৰ কামক সন্মান জনাই ধৈৰ্য্য কম থাকিলেও মনত জোৰ বান্ধি চম্পাদক শেষৰ কেইদিন টেবুলত বহিলে। ষ্টাইলটো সেই কলেজৰ দিনৰে। শেষৰ দুদিন কেৱল মাথো কেৱল পৰীক্ষাৰ নামত। সকলোৰে আন্তৰিক সহযোগত মাজতে থৰক বৰক হৈ পৰিব খোজা নতুন সম্পাদকৰ নতুন বছৰৰ নতুন সংখ্যাই নতুন ৰূপ লৈ উঠিল। এতিয়া হেঁপাহৰ আলোচনীখন আপোনালোকক গতালোঁ। আশা কৰোঁ আদৰি ল’ব। লগতে নিজগুণে মৰিষণ কৰি ভুল ক্ৰুটিবোৰ আঙুলিয়াই দিব।

এতিয়া আহোঁ সংখ্যাৰ আঁৰৰ মানুহখিনিৰ কথালৈ যাৰ নেৰাপেৰা ত্যাগৰ বিনিময়তেই প্ৰতিবাৰেই উজলি উঠে মৰমৰ ‘ফটাঢোল’ আলোচনীখন। ৱাহ মানি গ’লোঁ দেই। বিগ চেলিউত টু অল! অসমীয়াত ক’বলৈ গ’লে “টুপি খুলি দিলোঁ”।

এতিয়া এমহীয়া কাৰ্য্যকালটো যদি এখন থ্ৰিলাৰ চিনেমা বুলি ধৰোঁ তেন্তে চিনেমাৰ নাম আৰু কাষ্টিংখিনি ঠিক এনেকুৱা হ’ব৷

চিনেমাৰ নাম:
“চঞ্চল চম্পাৰ মেটিক পৰীক্ষা”
প্ৰযোজনা/পৰিকল্পনা: ফটাঢোল
পৰীক্ষার্থী: মনাই মকৰধ্বজ খোৱা
**পিতাই: হেকা দা
(গহীন আৰু সুশৃংখল ধৰণৰ ৰসিক প্রকৃতিৰ ইচটাইলিছ মানুহ, ঘৰখনৰ মূল খুঁটা)
**ডাঙৰ দা: অভিজিৎ দা
(চোকা টেলেণ্টেড আৰু ঠাণ্ডমুণ্ডা, লোকেলি বিদেশত আপোন মানুহ)
**সৰু দা: ৰিণ্টু দা
(ডন টাইপ, বিদেশৰ পৰাই আঙুলিৰ টিপত সাম্ৰাজ্য চলাই। বাঘা বাঘা মানুহে তেওঁ কিবা এটা ক’লে না ক’ব নোৱাৰে। আৰু সঁচাসঁচিকৈ বিদেশত আপোন মানুহ)
**ডাঙৰ বাই: বিনা বাই
(ষ্ট্ৰিক্ট ডিচিপ্লিন, পাংচুৱেল ডেডিকেটেড, কিন্তু অন্তৰেৰে তেনেই কোমল লগতে দেখাত অত্যন্ত ৰূপহীও। মৰমৰ শাসন তেওঁৰ মূল শক্তি)
**সৰু: ৰিমঝিম বৰঠাকুৰ
(ৰূপহী কৰ্মঠ আৰু নিয়াৰি, নিজৰ কাম আটোমটোকাৰীকৈ কৰি যায়। বৰ ভাল ছোৱালী)
**সৰুভাই: দিম্পল
(শান্ত অমায়িক বাধ্য আৰু বৈদ্য হেণ্ডচম্। ২৪*৭ এভেইল ভেল)
**ভনী: মনিষা কাকতি
(বগী বুলি জোকাই ভাল লাগে, ৰূপহী কাইন্দ অফ যোগ্য বালিকা তাই, নিজৰ কাম সদায় নিয়াৰিকৈ কৰি যায়, কৈ থাকিব নেলাগে।)
**বৰতাৰ ডাঙৰ ল’ৰা: জ্যোতি দা
(অসমীয়া অনিল কাপুৰ, অগ্নি যুগৰ ফিৰিঙতি তেওঁ। একোতেই বলে নোৱাৰিম আপুনি মই। ফেৰেণ্ড ফিলচফাৰ গাইড)
**বৰতাৰ সৰু ল’ৰা: সঞ্জীৱ দা
(স্মার্ট প্ৰতিভাবান আৰু বিপদৰ বন্ধু)
**জেঠাইৰ ছোৱালী: প্রণিতা গোস্বামী বৰঠাকুৰ
(মৰম ছাঁৰে জীপাল কৰি ৰাখে আটাইকে, মৰমেৰে ভুল বোৰ আঙুলিয়াই দিয়ে শুধৰাই দিয়ে)
**মামাৰ ছোৱালী: ৰিতুপর্ণা
(ফটাঢোলৰ গায়ত্ৰী মহন্ত গোটেইজনী, বিয়ালে নেমাতিলেও মৰমৰ ভনী, ভুল বানানবোৰ চেকেণ্ডত স্কেন কৰি পেলাব পাৰে। বিউটি উইঠ ব্ৰেইন)
**মাহীৰ ছোৱালী: মন্দিৰা বাই
(ৰূপে গুণে চৌচৌৱাই থাকে, যোহাটৰ ফালে ইচকুলত দেশৰ ভবিষ্যত গঢ়ে। সকলোৰে মৰমৰ)
লাষ্ট বাট নট দি লিষ্ট
**লংগোটিয়া য়াৰ: বিজয় মহন্ত
(নাচাৰ চেটেলাইটৰ পৰাও দেখা পোৱা পেটেৰে মৰমৰ বন্ধু মহন্ত। ধদুৱা পেটুৱা কিন্তু কামৰ মানুহ। ফটাঢোলক নিজৰ মানুহজনীতকৈয়ো বেছি ভাল পায়। আৰু মই সময় মতে নপঢ়াৰ বাবে সিয়েই গালি খাই।হাজাৰ পেট চলিলেও হাঁহ খাবলে নেৰে।)

পেহীৰ ছোৱালী : তৃষ্ণা সোণোৱাল প্ৰতিভাৱান ছোৱালী বৰ কামৰ ছোৱালী ভগৱানে তাইক কুশলে ৰাখক৷

প্ৰতিবেশী: পৰীস্মিতা গগৈ নিৰবে সকলোকে সহায় কৰি যায়। সাংসাৰিক জঞ্জালেও সহায় কৰাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে।

বিদেশত আপোন বন্ধু: ৰিতুপৰ্ণ বৰা সখা দোস্তি য়াৰৌ কা য়াৰ। আলোচনীখনক ই ধুনীয়াকৈ সজোৱাৰ দৰে ইয়াৰ জীৱনটোকো ধুনীয়াকৈ সজাবলৈ বাপেকৰ বোৱাৰিয়েক এজনী গোটোৱাৰ বাবে পাৰফেক্ট মানুহ৷

সকলোৰে নেৰানেপেৰা সমজুৱা প্রচেষ্টাত মনাইৰ ডুবিবলৈ ধৰা নাওখনৰ বৈতৰণি পাৰ কৰাই দিলে। ফেল কৰিম বুলি চিন্তা কৰি থকা “মনাই আজি মেটিক পাছ”। ওপৰোক্ত প্রতিজন ব্যক্তিৰ সহায়ৰ অবিহনে এই পৰীক্ষাত পাছ কৰা অসম্ভৱ আছিল। লাচিতে এৰাতিত গড় বান্ধিছিল আমি যেনিবা তিনি চাৰি ৰাতিত বান্ধিলোঁ। (including বিনা বাইৰ উজাগৰি নিশাবোৰ)
যৌথ পৰিয়াল এটাত থাকিলে বিয়া বাৰুত যেনেকৈ ঢেৰ কাম কৰি থাকিলেও ভাগৰ নালাগে। ফটাঢোল সম্পাদনা সমিতিখনো তেনে এটা আটোমটোকাৰি যৌথ পৰিয়াল। এজাক সুশৃংখল অান্তৰিকতাপুর্ণ মৰমিয়াল মানুহৰ সমষ্টি। তেজেৰে নহ’লেও অন্তৰেৰে কটকটীয়াকৈ বান্ধ খাই আছে। এনে এক আদর্শবান পৰিয়াৰ সদস্য হ’বলৈ পাই অভাৱনীয় ভাবে আপ্লুত অভিভূত। লং লিভ ফটাঢোল। জয়তু ফটোঢোল। নমৰালৈকে নেপাহৰোঁ এই সময়। লাভ ইউ অল!

(বি: দ্ৰ: .doc ফাইলবোৰ পঢ়িব লাগে বাবেই সম্পা’দক’ বুলি কয় চাগে আৰু সকলোৰে ঠিকছে ফাটে বাবেই আলোচনীখন ফটা-ফাটি হয়।)

ধন্যবাদেৰে,
মনজিৎ
সম্পাদক
দ্বিতীয় বৰ্ষ, সপ্তম সংখ্যা
ফটাঢোল ই-আলোচনী

24 Comments

  • দিম্পল

    বিজয় দাক ইয়াতো ফালিলে ৰে।
    বাকী ককাই হিট বুলি কলো।

    Reply
  • তোমাৰ লগত কাম কৰা সময়বোৰ চিৰ দিনলৈ মনত থাকিব মনজিৎ৷ সুন্দৰ সময় পাৰ কৰিলোঁ৷

    Reply
  • অভিজিত কলিতা

    অন অ চিৰিয়াচ নোট, ফটাঢোলৰ সম্পাদনা কক্ষৰ দক্ষতা আৰু ডেডিকেচন অনন্য। বৰ ভাল লাগে কাম কৰি

    Reply
    • Anonymous

      একদম… বুকুত সযতনে ৰাখিলো সময় খিনি

      Reply
  • সম্পা’দক’ৰ সাংঘাটিক ডেফিনেচন দিলে দেই !
    বাকী আৰু কি কম ! চুই গল ।

    Reply
  • সম্পা’দক’ৰ সাংঘাটিক ডেফিনেচন দিলে দেই !
    বাকী আৰু কি কম ! চুই গল দাদা ।
    সুন্দৰ আলোচনীখন উপহাৰ দিয়াৰ বাবে সম্পাদকৰ লগতে সম্পাদনা কক্ষৰ আটাইলৈকে ধন্যবাদ ।

    Reply
  • Manisha Kakati

    লেপটপ পাবি না?

    Reply
  • Daisy Dolly gogoi

    এহ মজা মনাই ককাইটি

    Reply
  • ইমান ধুনীয়াকৈ লিখিলে আঁৰৰ কথাখিনি

    Reply
    • Anonymous

      তোমালোকেও ইমান ধুনীয়াক ৈসহায় কৰিলা। বৰ ভাল লাগিল

      Reply
  • হেমন্ত কাকতি

    ওস্তাদৰ খেল শেষ ৰাতি বুলি এনেই নকয় তো৷ বৰ ভালকৈ কৰিলা মনাই৷ বহুত শুভেচ্ছা আৰু অভিনন্দন৷

    Reply
  • Anjan sadhanidar

    টিম হো তো এইছা। অভিনন্দন

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    বহুত বহুত শুভেচ্ছা,অভিনন্দন,ধন্যবাদ সকলো।

    Reply
  • জয়ন্ত দাস

    আৰৰ কথাখিনি পঢ়ি আপ্লুত হলো৷সচাকৈয়ে কেইজনমান মানুহৰ নিষ্ঠা আৰু ত্যাগৰ ফল এই আলোচনী খন৷

    Reply
  • তৃষ্ণা সো.

    আঁৰৰ চিনেমাখন বিৰাট ৰসলগাকৈ লিখিলে, সুন্দৰ আলোচনী এখন আগবঢ়োৱাৰ বাবে অভিনন্দন

    Reply
  • Anonymous

    হয় অচৰিত অান্তৰিকতা আৰু দেদিকেচন।মই অভিভূত

    Reply

Leave a Reply

Your email address will not be published.