ফটাঢোল

সংগীত চৰ্চা- মানৱেন্দ্ৰ কুমাৰ শৰ্মা

মই মেট্ৰিক দিয়াৰ পিছত দেউতাই ভাবিলে যে কলেজলৈ যোৱা দিনলৈ মই ঘৰত বহি এনেয়ে সময় নষ্ট কৰাতকৈ কিবা এটা কৰা ভাল৷ কি কৰিম সেইটো ভাবি দেউতাই ঠিক কৰিলে, সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত গান শিকাৰ সমান ভাল কাম আৰু একোৱেই হ’ব নোৱাৰে৷
দেউতাৰ কথা মানেই কাম৷

গতিকে পিছ দিনা পুৱা কাউৰীয়ে কা কা নৌকৰতেই মোক বিছনাৰ পৰা উঠাই দি দেউতাই ক’লে, ’ওলা৷ ’

মই ওলালোঁ৷ আমাৰ ঘৰৰ পৰা দুই কিল’মিটাৰ মান দূৰৈৰ এঘৰত সোমালোঁ৷ আমি যাওঁতে তেওঁলোক শুই উঠাই নাছিল৷ আমি যোৱাৰ পিছত এজন এজনকৈ মানুহবোৰ উঠিল৷ সেইখন মোৰ অলপ দূৰ সম্পৰ্কীয় মামাৰ ঘৰ৷

মামাই বি এ পাছ কৰি ঘৰতে থকা দিনকেইটাত সংগীত চৰ্চা কৰিছিল৷ সমনীয়া দুই-চাৰিজনৰে মিলি তেওঁলোকৰ মোটামুটি সংগীতৰ ভাল গ্ৰুপ এটাই আছিল৷ গ্ৰুপটো তেতিয়া আমাৰ অঞ্চলৰ সাংস্কৃতিক সন্ধিয়াবোৰৰ অপৰিহাৰ্য অংগ হৈ উঠিছিল৷

দেউতাই মামাক ক’লে, ’ তোমাক ইয়াক গতালোঁ৷ ’

মামাই আৰু মোক গ্ৰুপটোৰ সংগীত বিশাৰদ জনৰ হাতত গতালেঃ দুই তিনি মাহৰ ভিতৰত সংগীতজ্ঞ কৰা কিবা মামুলী কথা নেকি?
কথা হ’ল সময় কম আৰু মোৰ এই নতুন ছাৰৰ কান্ধত পৰিল গধুৰ দায়িত্ব৷ দেউতাইও পুতেকক সংগীতজ্ঞ কৰাৰ আশাত হাত খুলি দিলে৷ গতিকে পিছ দিনা পুৱাই ছাৰৰ লগত বঙাইগাঁৱলৈ গৈ গধূলি একেবাৰে হাৰমনিয়াম সহিতহে মই ঘৰ সোমালোঁ৷

সা-ৰে-গা-মা ৰে আৰম্ভ হোৱা মোৰ পুৱা আৰু গধূলিৰ ৰেৱাজৰ উৎপাতত ওচৰ-চুবুৰীয়াৰ তৰ্ধনি হেৰাল৷ ময়ো নৱ উৎসাহত পুৱা তিনিমান বজাতে আৰম্ভ কৰা ৰেৱাজ লবেজান নোহোৱালৈ চলাই থাকোঁ; গধূলিৰ ৰেৱাজো তেনেদৰে চেগা-চেৰোকাকৈ মধ্য ৰাত্ৰিলৈ চলাওঁ৷

মোৰ এই আকস্মিক পৰিৱৰ্তনৰ তলা-নলা ওচৰ-চুবুৰীয়াই প্ৰথমতে একো বুজা নাছিল৷ সকলোৱে ভাবিলে- অচিৰেই মই তেজপুৰৰহে আলহী হ’ব লাগিব! আৰু তেওঁলোকৰ তেনে দুশ্চিন্তাৰ মাজতে কোনোবাই এদিন মোৰ সেই নৱ-সন্ত্ৰাসৰ উৎস হাৰমনিয়ামৰ ৰহস্য উদ্ঘাটন কৰিলে৷

আমাৰ অঞ্চলত তেতিয়াৰ দিনত ই প্ৰায় আমেৰিকাই জাপানত পেলোৱা পাৰমানৱিক বোমৰ দৰেই আপুৰুগীয়া আৰু মূল্যবান জিনিছ; ডাঙৰ ডাঙৰ দুই-এটা ক্লাবতহে শোভাবৰ্ধন কৰি আছে৷ আমাৰ দৰে পেন্দুকণা বোৰৰ বাবেতো ই একেবাৰে দূৰ আকাশৰ তৰা৷ হাৰমনিয়ামত হাত দিব জনা কেইজনৰ মান-সন্মানো প্ৰায় ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ দৰেই; ছোৱালী বোৰেও খুব পাত্তা দিয়ে৷ তেনে এপদ মূল্যবান সামগ্ৰীৰ মালিক হ’ব পৰা গৌৰৱময় কথাটোৰ সকলোৱে উমান পাওঁক-তেনে এটা চিন্তাইও কিজানি মোৰ সেই সন্ত্ৰাসত ৰহন চৰাইছিল৷

মোৰ হাবিয়াস আৰু বাঢ়িল৷ দুদিনমান পিছত এতিয়া মাজে মাজে ভিটালী দাসে নিজে তবলা বজাই বজাই টিভিত গান গোৱাৰ দৰে মোৰো তবলা বজাই বজাই গান গোৱাৰ মন হ’ল৷ দেউতাক কোৱাৰ লগে লগে ডাইনা-তবলা সহিত শিকোৱা মানুহো হাজিৰ৷কথা হ’ল সংগীতৰ জা-যোগাৰহে আহিল; কিন্ত ঘৰতে নিজ খুচিমতে মনোপুত গান দুই-এটা শুনিব পাৰিলে গায়ক হোৱাত বোলে সুবিধা হয়৷ গান শুনাৰ নামত তেতিয়া কেৱল ৰেডিঅ’টোহে, দেউতাক কথাটো কোৱাত দুদিনৰ ভিতৰতে গুৱাহাটীৰ পৰা ফিলিপচ কোম্পেনীৰ এটা টেপ ৰেকৰ্ডাৰ আৰু যথাসম্ভৱ ভূপেন হাজৰিকাৰ কেছেটেৰে আমাৰ ঘৰ ভৰিল৷

দুদিনমান ৰেৱাজ কৰাৰ পিছত বুজিলোঁ এইবোৰ পিছে-পৰেও কৰিব পাৰিম, এতিয়া ভূপেন হাজৰিকাৰ দৰে গান গোৱাহে কথা৷ টেপত ভূপেন হাজৰিকাৰ গান ফুল ভলিউমত বজালেও দূৰৈৰ পৰা মানুহে মোৰ মাতহে শুনা হ’ল৷ তেনেদৰে কেছেটৰ লগে লগে গাই মই নিশ্চিত হ’লোঁ যে বেলেগে যিয়েই নকওঁক, অন্ততঃ ভূপেন হাজৰিকাইও মোৰ দৰে গাব নোৱাৰে৷

ভয়চ মডুল্যেচনৰ বাবে স্বনামধন্য অভিনেতা তপন দাসে ব্ৰহ্মপূত্ৰৰ পানীত পুৱতি নিশাই আকণ্ঠ ডুৱাই ৰেৱাজ কৰাৰ কথা শুনি আমাৰ কাষৰ টিহু নৈ বা বাৰীৰ পিছৰ পুখুৰীত তেনেদৰে ৰেৱাজ কৰাৰ মোৰো এটা দুৰ্বাৰ বাসনা হৈছিল যদিও মনঃপূত সংগী আৰু পানীৰ মাজত হাৰমনিয়াম সেই উচ্চতাত ৰখা উপযুক্ত সঁজুলিৰ অভাৱত এই জীৱনত সেই স্বপ্ন পিছে আধৰুৱা হৈয়েই ৰ’ল!
তেনেকৈৱে হায়াৰ চেকেণ্ডাৰীত এডমিচন ল’লোঁ আৰু এদিন কলেজৰ বাৰ্ষিক সভাৰ সংগীত প্ৰতিযোগিতা আহিল৷ অকল মোৰ গায়কীৰেই নহয়, গানো নতুন নতুন গাই সৱকে চমক খুওৱাৰ বাসনা এটাও তীব্ৰ হ’ল৷ প্ৰথম স্থানত যে ময়েই থাকিম সেইয়াটো খাটাঙেই!

মোৰ এই বাসনাৰ কথা গানৰ ছাৰক ক’লোঁ৷ এনে এজন চমঝদাৰ শিষ্য পাই তেখেতেও খুব সুখী হ’ল৷ সেই সময়লৈ তেখেতেও দেখুৱাবলৈ সুযোগ নোপোৱা তেখেতৰ সেই প্ৰতিভাৰ বিকাশ আৰু প্ৰকাশৰ স্বাৰ্থত কাগজ-কলম লৈ তেখেত তেতিয়াই বহিল আৰু ’সন্ধিয়া পৰত মনত পৰে তোমালৈ’ টাইপৰ প্ৰেম আৰু বিৰহৰ ডাঠ প্ৰলেপ সনা সাংঘাতিক আধুনিক গান এটা পলকতে ৰচনা কৰি হাৰমনিয়াম লৈ সুৰৰোপণতো লাগিল৷ মই বোলো, ’অকল এই আধুনিক গীতটো নতুন হলেই নহ’ব নহয়, এই যে ৰাভা সংগীত সেইটোও নতুনকৈ ৰচনা কৰক৷ ’ তেখেতে ক’লে, ’নোৱাৰি নহয় বাবা৷ ’ মই কলোঁ, ’কিয় নোৱাৰি? বলক এজন ৰাভা ভাষা জনা মানুহ বিচাৰি যাওঁ৷ ’ অৱশেষত তেখেতৰ বহু বুজনিৰ পিছতহে মোৰ জ্ঞান-ভাণ্ডাৰত এইটো সোমাল যে সেইবোৰ আচলতে ৰাভা ভাষাত ৰচিত গীত নহয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ অসমীয়া ভাষাত ৰচনা কৰা গীতহে৷

নিৰ্দিষ্ট দিনত গায়ন-বায়ন সহিত মই কলেজত হাজিৰ৷ মোৰ তেনে আদব-কায়দা দেখি সকলো আশ্চৰ্যত হতবাক! সেই কলেজত যে তেনে এজন ডাঙৰ গায়ক লুকাই আছে হয়তো কোনেও কল্পনাই কৰা নাছিল৷ আনকি কলেজত একেৰাহে তিনিবাৰ শ্ৰেষ্ঠ নিৰ্বাচিত হোৱা গায়কজনৰো মোক দেখি পিলাই চমকি উঠিল৷ সকলোৱে গান গাব কলেজৰ পৰা যোগান ধৰা বাজনা আৰু বাদ্যকাৰৰ লগত আৰু একমাত্ৰ মই গাম নিজৰ ’ইন্সট্ৰুমেণ্টচ’ আৰু ’মিউজিচিয়ানৰ’ লগত৷

এই খবৰে তেতিয়ালৈ খালি হৈ থকা কলেজ অডিটৰিয়াম মুহূৰ্ততে ভৰাই তুলিলে৷

দুজনমানৰ পিছতে মোৰ নাম ’এনাউন্স’ কৰিলে৷ ময়ো বীৰদৰ্পে মঞ্চলৈ আগবাঢ়িলোঁ; পিছে পিছে ’ইন্সট্ৰুমেণ্টচ’ লৈ মোৰ ছাৰকেইজন৷ তেখেত সকলে এইবোৰ টুং-টাং, ঠুং-ঠাং কৰি চেটিংচ কৰালৈ মোৰ পিছে ধৈৰ্যই নহ’ল, আৰম্ভ কৰিয়ে দিলোঁ, ’সন্ধিয়া পৰত মনত পৰে তোমালৈ …

তেখেতসকলে ক’লে, ’ৰ’বা ৰ’বা..

খং উঠিলেও মই ৰ’ব লগা হ’ল৷ মুঠতে এই যে তেখেতসকলৰ কেণা লাগিল, ভালকৈয়ে লাগিল; পিছতো মোৰ লগত তাল-মান মিলাব নোৱাৰা হ’ল৷ মই গাওঁ কিবা, তেখেতসকলে বজায় কিবা৷ তথাপিও মই গোৱা কিয় বন্ধ কৰিমহে? মইহে তেখেতসকলক মোৰ লগত বাজনা বজাবলৈ নিছোঁ, মই যেনেকৈ গাম, তেনেকৈয়ে বজাব লাগিব৷

তেনেকৈ গান শিকিয়ে এসময়ত মই জালুকবাৰীত ভৰি দিলোঁ৷ তেতিয়ালৈ মই ভূপেন হাজৰিকাৰ গান গাই চিনিয়ৰৰ ৰেগিংৰ উৎপাতৰ পৰা কিছু সঁকাহ পাব পৰা ধৰণৰ গায়ক হৈ উঠিছিলোঁ৷ কলেজ সপ্তাহত ’বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে’ গানতো গাই মই যেতিয়া একেবাৰে মঞ্চ ফালি দিয়া যেন পালোঁ, মোৰ গায়ক হোৱাৰ বাসনাটোৱে পুনৰ উক্‌ দিলে৷ এইবাৰ মই গীটাৰ এখন কিনি ৰক্‌ ষ্টাৰ হোৱাত লাগিলোঁ৷

পিছে এই পল্লৱগ্ৰাহীতাই মোক কি পৰ্যায়ৰ গায়ক বনালে সেইয়া নিশ্চয় নকলেও হ’ব! !

কথাতে কয় নহয় জোড়ী ওপৰৱালাই বনাইহে আমাক এই পৃথিৱীলৈ পঠায়৷ বিয়াৰ পিচত দেখোঁ মোৰ শ্ৰীমতীয়ে মোৰ গীটাৰৰ বাকচটোতকৈ কিছু সৰু তেনেকুৱা কিবা এটা লৈ ঘৰ সোমাল৷

মই সুধিলোঁ, ’কিহে? ’

তেওঁ ক’লে, ’ভায়’লিন৷ ’

মোৰ খুব ভাল লাগিল৷ অন্ততঃ মোৰ আধৰুৱা স্বপ্ন পূৰ হ’ব, ভবিষ্যৎ প্ৰজন্মই ফ্ৰীতে ভায়’লিন শিকিব পাৰিব!

আনন্দতে মই এপাক নাচিয়েই দিলোঁ৷ (সিদিনাৰ পৰাই মোৰ কঁকালৰ বিষ৷ )

পিচে মোৰ ফুঁটা কপাল৷ এনেয়ে নকয়, জোড়ী ওপৰৱালাই বনাই পঠায়, মোৰ শ্ৰীমতীৰো ভায়’লিন শিকা আধৰুৱা হৈ ৰ’ল৷■■

2 Comments

  • Priti Sarma.

    আগতেও পঢ়িছিলো ।। খুব উপভোগ্য হৈছে লিখনিটো ।

    Reply
  • ৰামানুজ

    হাঃ হাঃ … খুব সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published.