ফটাঢোল

সকলোবোৰ সঁচা কথা কিয় ক’ব লাগে – বিকাশ শইকীয়া

দিনটো কাম কৰি অফিচৰ পৰা ওলালোঁ৷ আহি বাছখন চলাৰ অপেক্ষাত বহি আছোঁ৷ এনেতে এগৰাকী সুন্দৰী আহি কাষৰ খালী চিটতে বহিল৷ সাধাৰণতে ল’ৰা মানুহৰ এইখিনি সময়তে দিগদাৰ এটা হয়৷ খিৰিকীৰ ফালে অকণমান চাপি নিদিলে ছোৱালীজনীয়ে বেয়া মতলবৰ ল’ৰা বুলি ভাৱিব পাৰে৷ আনহাতে চাপি দিলেও আকৌ সংকীৰ্ণ মানসিকতাৰ ল’ৰা বুলিও ভাৱিব পাৰে৷ সেয়ে “সাপো মৰক লাঠিও নাভাগক” বুলি গাতোকে অলপ লৰাই দিলোঁ৷

সুন্দৰী গাৰ পৰা ভাঁহি অহা পাৰফিউমৰ গোন্ধটো নাকত লগাৰ বাবে “আমোল মোল শেৱালিৰ গোন্ধ৷ যাওঁ বুলি যাবই নোখোজেচোন” গানটো ম’বাইলতে লগাই হেডফোনডাল কাণত গুজি ল’লোঁ৷ এনেতে এটা ফোন আহিল৷ বন্ধু এজনৰ ফোন৷ কণ্টেক্টতাৰ হয় গতিকে ক’লা ধন বহুত৷ হাই হেল্ল’ কৰি আচল কথালৈ আহিলোঁ৷ বন্ধুৱে গাড়ী কিনিব৷ এনেতে সুন্দৰীয়েও এটা অলপ দামী ম’বাইল টিপি থকা দেখিলোঁ৷ বন্ধুৰ লগত কথা আগবাঢ়িল৷ গাড়ীৰ দামৰ ওপৰতে কথা চলিছে৷ ৫ লাখৰ পৰা ১৫ লাখ টকালৈকে কথা চলিছে৷ কলকতাৰ পথত অসমীয় পাতিছোঁ বাবে সুন্দৰীয়ে বেলেগ একো বুজি পোৱা নাই যদিও এমাউণ্ট কেইটা বুজিবলৈ মই ইংৰাজীতে কৈছোঁ৷ যেনে- চিক্স লেক্স, চেভেন লেক্স, নাইন লেক্স, টেন লেক্স ইত্যাদি৷ কোনে কয় হে ভগৱানৰ মহিমা অপাৰ, হেৰৌ টকাৰ মহিমা অপাৰ৷ অকণমান পিছত অনুমান কৰিলোঁ সুন্দৰী মোৰ কাষৰ ফালে আগতকৈ বেছি আহিল৷ এৰা বেলেগ একো নহ’লেও টকাৰ জোৰ মানে মহিমা৷

কিছুসময়ৰ পিছত বাছৰ ভাৰা মই দহ (১০) টকা উলিয়াই দিলোঁ৷ কাষৰ সুন্দৰীয়ে নিজৰ বেগটো খুছৰি খপজপ কৰিছে৷ সহযাত্ৰী হিচাপে ভয়ে ভয়ে সুধিলোঁ,

: কি হ’ল আপোনাৰ?

সুন্দৰী: মোৰ পইচাৰ বেগটো অফিচৰ ডেক্সতে এৰি থৈ আহিলোঁ৷ এতিয়া ভাৰা দিবলৈ হাতত পইচা নাই৷

মই বোলো,
: ভাৰাটো ময়ে দি দিম চিন্তা কৰিব নালাগে৷

সুন্দৰী: কিন্তু ইয়াৰ পিছত আৰু এখন বাছত মই যাব লাগিব৷ তাতো ১০ টকা ভাৰা ল’ব৷

মই বোলো,
: তেনেহ’লে আপোনাক আৰু ১০ টকা দিব লাগিব৷ ঠিক আছে৷

মনে মনে লাখ টকাৰ ফোন কলটোকে গালি পাৰিলোঁ, বোলো ২০ টকা পানী কৰিবলৈ আহিছিলি৷ লাখটকাৰ কথা শুনাই এতিয়া ২০ টকা দিব নোৱাৰিলেতো নহ’ব৷ তেলৰ দাম বঢ়াই বাছৰ ভাৰা বঢ়োৱাৰ বাবে চৰকাৰখনকো এসোপামান গালি দিলোঁ৷

পিচে মনটো অকণমান ভাল লাগি গ’ল৷ কাৰণ মই নমা ষ্টপেজত তায়ো নামিছে৷ আৰু মই য’লৈকে যাম তায়ো যাব৷ এইবাৰ সুন্দৰীয়ে আপুনিৰ সলনি তুমি সম্বোধন কৰিবলৈ ক’লে৷ বহুত বাৰ ধন্যবাদ জনাই মোৰ পৰিচয় ল’লে৷ ফোন নাম্বাৰটো লওঁ নে নলওঁ দোমোজাত মই বেছি গহীন হৈ পৰিলোঁ৷ ছোৱালীয়ে যে প্ৰথমে নাম্বাৰ নিদিয়ে সেইটো খাটাং৷ সুন্দৰীয়ে বোলে আপোনাৰ টকাটো ঘূৰাই দিম ডিজিটেলী মানি ট্ৰেন্সফাৰ কৰিব পৰা ফোন নাম্বাৰটো দিব নেকি৷ এইবাৰ চৰকাৰক এসোপামান ধন্যবাদ দিলোঁ, আফটাৰ অল ডিজিটেল ইণ্ডিয়াতো৷ সুন্দৰীক ক’লোঁ৷ টকা দিয়াৰ আগতে ৱাটছআপ কৰি ল’বা৷

বছ ৱাটছআপত আহিলে যেতিয়া আৰু কোনে পায়৷ নিতৌ মেছেজৰ আদান প্ৰদান চলিল৷ বাটে পথে দেখিলে হাই হেল্ল’ কৰা হ’ল৷ মুঠতে বিছ (২০) টকাত বিছ (২০) শতাংশ কাম সিজিল৷ মনতে এটা বুদ্ধি পাঙিলোঁ৷ বোলো আৰু দুটকামান খৰচ কৰি এদিন ভাত এসাঁজলৈ নিমন্ত্ৰণ কৰি কামফেৰা একেবাৰে এশ (১০০) শতাংশ কৰি নেপেলাওঁ কিয়! ভৱা মতে কাম৷ নিমন্ত্ৰণ গ্ৰহণ কৰিম বুলি সন্মতি দিলে৷ এইবাৰ আকৌ লাখ টকাৰ ফোন কলটোক ধন্যবাদ জনালোঁ৷ সেইকথা কেইটাৰ বাবেইতো সুন্দৰীয়ে সন্মতি দিছে৷

দেওবাৰে দুপৰীয়া আহিব৷ গতিকে শনিবাৰৰ দিনা মোৰ গাত ৰক্ষা নাই৷ ৰুম চাফ কৰাত লাগি গ’লোঁ৷ সন্ধিয়া সময়ত আজৰি হৈ এখন ইলেক্ট্ৰিকেলৰ দোকান পালোঁগৈ৷ সুধিলোঁ বেয়া হৈ পৰি থকা ফ্ৰীজ আৰু এ.চি. আছিল নেকি৷ এদিনৰ বাবে ভাৰাত লাগিছিল৷ দোকানীয়ে বোলে আছে৷ কিন্তু বেয়া দুটা ভাৰাত নি কি কৰিব৷ ভাল দুটা নিয়ক৷ মই বোলো এহ নহয় নাটক এখন আছে৷ তাতে দেখুৱাবলৈ লাগে৷ বেয়া হ’লেও কথা নাই৷ ভাল নিলে পইচা বেছি দিব লাগিব যে বেয়াকে দিয়ক৷ দোকানীয়ে বোলে তেনেহ’লে লৈ যাওক এই দুটা৷ থেলা এখন মাতি ফ্ৰীজ আৰু এ. চি.  আনি ৰুমত সজালোঁ৷ তলৰ ৰুমত থকা বন্ধুজন দেওবাৰে অফিচ নাযায়৷ গতিকে মোৰ নিজৰ বাইক নাই যদিও বন্ধুৰ বাইকৰ হেলমেটটো আনি টেবুলত সঁজাই থৈছোঁ৷

পিছ দিনা দেওবাৰে সুন্দৰী আহিল৷ আহি আকৌ ওলোটাহে দেখিলে৷ মানে ৰুমটো চিজিল দেখা নাই৷ মোৰ খং গৈ মূৰৰ চুলিৰ আগ পাইছে৷ কালি দিনটো চিজিল কৰিলোঁ, মৰতীয়ে তথাপি চিজিল দেখা নাই৷ কিন্তু বেলেগ বৰলা ল’ৰাতকৈ বহুত ভাল আৰু চিজিল বুলি প্ৰশংসা কৰিলে৷ প্ৰশংসা শুনি কিছুমান জাতীয়তাবাদী লোকৰ হঠাৎ দেশপ্ৰেম জাগি হঠাতে নাইকিয়া হোৱাৰ দৰে মোৰো হঠাৎ উঠি অহা খংটো হঠাৎ নাইকিয়া হৈ পৰিল৷

কিন্তু সেয়াও বেছি দেৰিলৈ নহয় ৷ অলপ পিছত মই বিতুষ্ট হ’ব লগা হ’ল৷ কাৰণ চাফচিকুণকলৈ হাজাৰটা প্ৰশ্নৰ উত্তৰ দিব লগা হৈছে৷ তাইৰ মতে ল’ৰাবোৰ সদায় লেতেৰা হৈয়ে থাক৷ যেনে – মই যেতিয়া পানী এগিলাচ নি দিছোঁ৷ আৰু কৈছোঁ ফ্ৰীজটো বেয়া হৈ আছে বুজিছা৷ নৰমেল ঠাণ্ডা পানী খাব পাৰিবাতো৷ কি ক’বা বুজিছা সিদিনা এ.চি. টো বেয়া হৈ থাকিল৷ খুলি থৈছোঁ ইলেক্টিচিয়ান আহিম বুলি অহাই নাই৷

সুন্দৰী: ল’ৰাবোৰ এনেকুৱাই৷ এ.চি., ফ্ৰীজ চাফা কৰিলেহে কেতিয়াবা ভাল হৈ থাকে৷ আপোনাৰ বিচনা চাদৰখন কিমান দিন ধুৱা নাই বাৰু৷ ৰুমটো ঝাৰু দি পাইছেনে কেতিয়াবা৷ পানী ক’ৰ খাই, বিশুদ্ধকৰণ কৰা পানী হয় নে? পানী খোৱা গিলাচটো পৰিষ্কাৰ হয়তো৷ এইবোৰ প্ৰশ্নৰ উত্তৰ দিওঁতে মাথা বেয়া হৈ গৈছে৷ পিচে পুনৰবাৰ ভালও লাগিল৷ কাৰণ ভাত সাঁজৰ ৰান্ধনী সুন্দৰী নিজেই হ’ম বুলি ক’লে৷ বৰলা মানুহক কোনোবাই ৰান্ধি বাঢ়ি খোৱালে ভাল লাগিবই দিয়কচোন৷

সুন্দৰী পাকঘৰত সোমাল আৰু মই কল্পনা ৰাজ্যত সোমালোঁ৷ একদম প্ৰথম সন্তানৰ নাম কি ৰাখিম মনে মনে তাকো ঠিক কৰি পেলালোঁ৷ মুঠতে লাডু ফুটি আছে মনত৷ আজি ৰাতি মেছেজ কৰোঁতে বা ফোন কৰোঁতে কথাটো কৈয়েই পেলাম আৰু৷ শুভ কামত পলম কৰিব নাপায়৷ মহৎ লোকৰ বাণী৷ বেলেগ সময়ত কেতিয়াও মহৎ লোকৰ বাণী মনত নপৰে৷ কিন্তু এই সময়ত যে আখৰে আখৰে মনত পৰে৷ ভাতসাঁজ খোৱা হ’ল৷ কিছুসময় আৰাম কৰি তেওঁ বিদায় লৈছে৷ ময়ো আগবঢ়াই আহোঁ বুলি ওলাই গ’লোঁ৷

গৈ ৰাষ্টাৰ কাষত দেখোঁ ফুচকাৱালা এজনে আবেলি দোকান খুলিছে৷ ফুচকা দেখি সুন্দৰী ৰ’বই নোৱাৰিলে৷ ফুচকা মুখত পাৰেমানে সোমোৱাত লাগিল৷ আমিও ৰ’দ ঘাই মানুহ ফৰকাল কথা৷ গতিকে সঁচা কথা কৈ দিলোঁ৷ বোলো হেৰা তুমি যে মোৰ ৰুমত চাফচিকুণৰ নামত ইমান কথা ক’লা৷ পানী বিশুদ্ধতাৰ ওপৰত ইমান পৰীক্ষা কৰিলা৷ এতিয়া এই পানীখিনিৰ কথা আৰু ফুচকাখিনি বনোৱাৰ কথা মানুহজনক জানো এবাৰ সুধিলা?

ফুচকা খাই সুন্দৰীয়ে বিদায় ল’লে আৰু আমুকাও আহি ৰুম পালোহি৷

কিছুসময়ৰ পিছত মেছেজত ক’ম বুলি ভৱা কথাটো কওঁ বুলি মেছেজ কৰিব লৈ দেখিছোঁ ব্লক কৰি দিলে মোক৷ ডাঙৰকৈ হুমুনিয়াহ এটা পেলাই নিজকে নিজেই কৈছোঁ৷ এৰা হ’ল বুলিয়েই “সকলোবোৰ সঁচা কথা কিয় ক’ব লাগে”৷

☆★☆★☆

11 Comments

Leave a Reply

Your email address will not be published.