ফটাঢোল

সকাহ – মৌচুমী গগৈ

লীনাই ঘড়ীটোলৈ চাই দেখিলে যে আৰু পোন্ধৰ মিনিট আছেই ক্লাছটো শেষ হ’বলৈ। কেতিয়া ক্লাছটো শেষ হ’ব যেন অনুভৱ হৈছে লীনাৰ। কালি ৰাতি মাকে ফোনত খবৰটো কোৱাৰ পিছৰে পৰা লীনাৰ মনটো ভাল লাগি থকা নাই। ঘৰলৈ গৈ মৰমৰ আইতাকক নেদেখালৈকে তাইৰ মনটোৱে শান্তি নাপায়। ককাকক তাই লগ পোৱা নাই কাৰণ তাইৰ জন্মৰ আগতেই তেখেতৰ মৃত্যু হৈছে। কিন্তু জনা হোৱাৰে পৰা তাই আইতাকৰ কোলাতেই ডাঙৰ হৈছে। তাইৰ জন্মৰ এবছৰ পিছতেই ভায়েকৰ জন্ম হোৱাত লীনাই মাকৰ মৰমতকৈ আইতাকৰ আদৰ আৰু চেনেহৰ মাজতেই ডাঙৰ হৈছে। গাঁৱত বহুতেই তাইক আইতাকৰ পেটমোচা সন্তান বুলিয়েই জোকাইছিল। হোষ্টেললৈ অহাৰ আগলৈকে তাই আইতাকৰ বুকুৰ মাজতেই শুইছিল। প্ৰথম কেইদিনমান হোষ্টেলত আহি কমখন কন্দা-কটা কৰিছিল নে তাই!

ক্লাছটো শেষ হোৱাৰ লগে লগে তাই কেন্টিনৰ পৰা কাপোৰৰ বেগটো লৈ দৌৰাদৌৰিকৈ ওলাই আহিল। দুপৰীয়া এক বজাৰ বাছখন ধৰিব পাৰিলে তাই সন্ধিয়া হোৱাৰ আগতেই ঘৰ পাবগৈ পাৰিব। নহ’লে বাছৰ পৰা নামি বাকীডোখৰ যাবলৈ ৰিক্সা এখনো নাপাব। কলেজৰ পৰা ওলায়েই তাই ৰিক্সা এখন লৈ বাছষ্টেণ্ডলৈ আগবাঢ়িল। কপাল ভাল যে, তাই ষ্টেণ্ডত নামিয়েই যোৰহাটলৈ যোৱা বাচ এখন পালে। বাচত মানুহ ভৰ্তি হোৱা নাছিল। কণ্ডাক্টৰজনে সুৰীয়া মাতেৰে পেচেঞ্জাৰ মাতি আছিল। লীনাই প্ৰথম ছীটতো খালি দেখি তাতেই বহি ল’লে। আইতাকলৈ কিবা এটা লৈ ল’ব পৰা হ’লে ভাল আছিল। অলপ আগত ফল-মূলৰ দোকান এখন দেখি তাই আপেল কেইটামানকে লৈ যাবলৈ ঠিৰাং কৰিলে। কাপোৰৰ বেগটো ছীটতে থৈ তাই সৰু মনিবেগটো লৈ বাচৰ পৰা নামি গ’ল। আপেল কেইটামান আৰু আঙুৰ একপোৱা কিনি লীনা বাছৰ ফালে খোজ দিলে। কিন্তু এইয়া কি? বাচখন দেখোন জেগাত নাই! তাইৰ হাঁহিম নে কান্দিম যেন অৱস্থা হ’ল। কি কৰিব, কি নকৰিব একো উৱাদিহ নাপাই তাই অকৰাৰ দৰে ইফালে সিফালে চাবলৈ ধৰিলে। ইফালে গৰমৰ প্ৰকোপত খঙটোও লাহে লাহে ওপৰলৈ উঠি আহিবলৈ ধৰিলে। তদুপৰি ৰাতিপুৱা ৮ বজাতেই হোষ্টেলত খাই অহা ভাত দুগৰা, দাইলৰ পানী আৰু বেঙেণাৰ ভাজিখনো কেতিয়াবাই হজম হৈ ইতিমধ্যে পেটটোৱেও যে আকৌ বিদ্ৰোহ আৰম্ভ কৰিছে, সেইটো লীনাই গম পালে ।

তেনেতে ৰাষ্টাৰ ইপাৰে ৰৈ আলেখ-লেখ চাই থকা মানুহ এজনে বাইকখন লৈ তাইৰ ফালে আগবাঢ়ি আহিল। তাইক নিজৰ চিনাকি দি বাছখনত উঠাই অহাৰ দায়িত্ব ল’লে। তাই মানুহজন ভালকৈ এবাৰ চাই লৈ বাইকত ধুপুচকৈ বহি পৰিল। এইখিনি সময়ত বেলেগ একো চিন্তাই মনলৈ নাহিল যদিও নিজৰ মোবাইলটো হাতত লৈ ল’লে যাতে কিবা বিপদ হ’লে পটককৈ কাৰোবাক ফোন কৰিব পাৰে। ইফালে বাইকৰ মানুহজনৰ গাৰ পৰা যি হে ফুৰফুৰীয়া গোন্ধ ওলাবলৈ ধৰিলে যে লীনাই নাকত ৰুমাল ল’বলৈ বাধ্য হ’ল। কেইদিন চাগে পানী নামৰ দ্ৰব্যবিধ গাত পৰা নাই, সিজনাইহে জানিব। হঠাতে বাইকে ব্ৰেক মৰাত লীনাই আগলৈ চালে। আৰে, তাইৰ বাচখন দেখোন আগত ৰৈ আছে। একে জাপে বাইকৰ পৰা নামি তাই বাচখনত বেগটো আছে নে নাই চাবলৈ দৌৰিলে। উফঃ ৰক্ষা, বেগটো নিজৰ জেগাতেই গহীনত বহি আছে। অলপো ইফাল-সিফাল হোৱা নাই, যেন তাইৰ অনুপস্থিতিৰ কথা বেগটোৱে উপলব্ধি কৰিব পাৰিছে।দ্ৰাইভাৰজনে চাদা মলি মলি তাইলৈ চাই হাঁহি এটা মাৰিলে। সি বেটাই যে পেচেঞ্জাৰ এৰি থৈ আহিছে সেইটোৰ কাৰণে গালি খোৱাৰ ভয়ত আগতেই চাদাৰ কৃপাত ক’লা পৰা বত্ৰিছ দন্ত নিকটাই আছে। লীনাই ইমান দেৰি তাইক বাইকত লৈ অহা ব্যক্তিজনৰ কথা পাহৰিয়েই আছিল। বাচৰ খিৰিকীৰে মূৰটোৰ এফাল উলিয়াই তাই মানুহজনক ধন্যবাদসূচক ভঙ্গীত হাতেৰে টা টা দিলে।এইবাৰ লীনাই নিজৰ ছীটত ভালকৈ গাতো পোনাই বহি ল’লে। তাইৰ লগতে যেন কাষতে বহি যোৱা বেগটোৱেও স্বস্তিৰ নিশ্বাস পেলালে।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.