ফটাঢোল

সকীয়নি – বাসৱদত্ত দাস

(ব্যঙ্গ মাত্ৰেই হাস্যৰসাত্মক নহ’বও পাৰে।)

মই এটি শিশুৱে কৈছোঁ, শুনিছেনে? আহক, এটা কাহিনী কওঁ —

“কেঁচুৱাটো উপজিবৰ মাত্ৰ কেইটাঘণ্টামানহে পাৰ হৈছে- ল’ৰা সন্তান। মাকৰ কাষৰ কেঁচুৱা ৰখা বিচনাখনতে সি পৰি আছে, কান্দি-কাটি একেবাৰে লেবেজান- বেচেৰাটোৰ ভোক লাগিছে। কোনেও যেন তাৰ এই কান্দোন শুনিও গুৰুত্ব দিয়া নাই। ওচৰতে উদাসমনে শুই থকা মাকৰো তাৰ কান্দোনত হিয়া গলা নাই। বৰঞ্চ বৰ যেন বিৰক্তিহে পাইছে এনে ভাবত এবাৰ তাক দাবী দি সকিয়াইছে, “নো মিন্‌চ্‌ নো, বুজিছ। চুপ্ থাক! জোৰ-জবৰদস্তি এতিয়াৰ পৃথিৱীখনত তহঁতৰ আৰু নচলে, আমাৰ পৰা বিচাৰিব লাগিলে “ৰেস্পেক্ট্‌ফুলী বেগ” কৰিলেহে পাবি নহ’লে এনেকৈ কান্দি-কাটিয়েই মৰি থাকিব লাগিব।” আৰু সঁচাকৈয়ে, এনেকৈ কান্দি-কাটিয়েই কেঁচুৱা ল’ৰাটি উপজিবৰ মাত্ৰ দুদিন নৌহওঁতেই ঢুকাই থাকিল।”

*********

অহ্‌হ্‌হ্‌….. কি চন আছিল এইটো? ২০১৯। ইংৰাজী ২০১৯ চনৰ মে’ মাহ। এই মে’ মহীয়া গৰম আৰু ধুমুহা-বৰষুণৰ প্ৰকোপত ওপৰত উল্লেখ কৰা এটা নোহোৱা-নোপজা, বা নহ’বলগীয়া-নোপজিবলগীয়া ঘটনা এটাৰ বৰ্ণনা পগলা বতৰটোৱে মূৰত ধৰিলেহে বোধকৰোঁ সম্ভৱ। কিন্তু আজিৰ তাৰিখত বলিয়াৰ প্ৰলাপ এই ঘটনাটো যদি সম্ভাৱনাৰ সমান্তৰাল ভৱিষ্যত এটাৰে দুশ বছৰ আগবাঢ়ি গৈ অৱলোকন কৰোঁ? হয়, মই সম্ভাৱনাৰ সমান্তৰাল ভৱিষ্যতৰ পৃথিৱী এখনত সংঘটিতব্য কাৰুণিকভাৱে নিষ্ঠুৰ (অথবা নিষ্ঠুৰভাৱে কাৰুণিক!) ঘটনা এটাৰ অথবা এটা ঘটনাগুচ্ছৰ বৰ্ণনা কৰিবলৈ আগবাঢ়িছোঁ। এই পৃথিৱী এখন নাৰীতান্ত্ৰিক পৃথিৱী। এই পৃথিৱীখন, আৰু এইখন পৃথিৱীয়েই (নাৰীতন্ত্ৰই ক’বৰ দৰে) প্ৰকৃত পৃথিৱী, প্ৰাকৃতিক নিয়মে যি পৃথিৱী চলে!

‘ফেমিনিজ্‌ম্‌’ টাৰ্মটোৱে ‘চিউদ’-ইক্যুৱেলিটী’ৰ আঁৰ লৈ ‘ফেমিনাৎসীজ্‌ম্‌’ৰ চৰিত্ৰ ধাৰণ কৰি নাৰীতন্ত্ৰৰ বীজ ৰোপণ কৰাৰ আজি ভালেকেইটা বছৰ পাৰ হ’ল। চৰম নাৰীবাদৰে আপোচৰ এক কৌশল আছিল ‘ইক্যুৱেলিটী’, তাৰ পিছত পুৰুষানুকূল ‘ইক্যুৱেলিটী’, তাৰ পৰা স্ত্ৰী-অনুকূল ‘ইক্যুৱেলিটী’ অতিক্ৰমি ‘ফেমিনাৎসীজ্‌ম্‌’, আৰু অৱশেষত এতিয়া স্থাপন হ’ল নাৰীতন্ত্ৰ।

নাৰীতন্ত্ৰত পুৰুষৰ স্থান ক’ত, তাৰ এক উদাহৰণিক আভাস কেঁচুৱাটোৰ ঘটনাটোতে আপোনালোকে পাবলৈ সক্ষম হৈছে। সেয়া আছিল উচ্চবৰ্ণৰ, সাধাৰণ শ্ৰেণীৰ পুৰুষসকলৰ শেষ গতি। নিম্নবৰ্ণৰ, সংৰক্ষিত জাতিৰ পুৰুষ এজনৰ অৱস্থাটো অৱশ্যে অলপ কম দুৰ্গতিপূৰ্ণ। এই শ্ৰেণীৰ কেঁচুৱা ল’ৰা এটাই শৈশৱকালটো কিবাকৈ অতিক্ৰম কৰিব পাৰে; তাৰ কাৰণে কৃত্ৰিম, স্বাস্থ্যৰ বাবে ক্ষতিকৰ গাখীৰো পিবলৈ পাব- তেতিয়াহে, (হয়, তাতো এটা চৰ্ত আছে) যেতিয়া সিহঁতে কান্দি-কাটি মুমূৰ্ষু অৱস্থা পাব, সেই ৰং উপভোগ কৰি উঠিহে কোনো নাৰীয়ে তেতিয়া সিহঁতক অকণ তেনেকুৱা গাখীৰ পান কৰিবলৈ দিব। কিন্তু স্তনপান! নৈৱ নৈৱ। পুৰুষক স্তনপান, নো মিন্‌চ্‌ নো!

পৃথিৱীখন বহুত আগবাঢ়িব লাগিছিলে নেকি? বৰ্ণবাদ এতিয়াও! কি উদ্ভট কল্পনা, নহয়নে বাৰু? নহয়। পৃথিৱীখন দুশ বছৰ পুৰণাহে হ’ল। ইতিমধ্যে ই হাজাৰ বছৰীয়া এটা তন্ত্ৰৰ অৱসান আৰু তাৰ ধ্বংসস্তুপত আন এটা নতুন তন্ত্ৰৰ উত্থান দেখিলে। এই যে তন্ত্ৰৰে তন্ত্ৰৰ সংঘাত লাগি দুশবছৰীয়া ত‌ন্ত্ৰদ্বন্দ্বৰ অন্তত বাকী সকলোখিনি একেই থাকিল মাথোঁ ‘প্ৰিভিলেজ’ৰ ‘গ্ৰেভিটী’টোহে এটা মেৰুৰ পৰা চিধাই সৰকি আন এটা মেৰুত গৈ অৱস্থান কৰিলে- কাৰ্যতঃ সেইটোহে বৰং এটা উদ্ভট ফল। এই ফলটোৱে নিজৰ বীজত পোষণ কৰি নকৈ শিপালে এনে একধৰণৰ নতুন বৰ্ণবাদ, যি বৰ্ণবাদ প্ৰযোজ্য কেৱল পুৰুষৰ দুৰাৱস্থাৰ শ্ৰেণীকৰণৰ ক্ষেত্ৰতহে।

*********

আহক, এতিয়া আন এটা কাহিনীৰ ‘সোৱাদ’ লওঁক–

“আজি তাৰ জীৱনৰ অন্তিমটো দিন। অন্তিম ক্ষণটো চমু চাপি অহাৰ লগে লগে মৃত্যুভয়ত তাৰ গাটো বাৰে বাৰে জিকাৰ খাই উঠিছে। দেহটোৰ এটা এটা অংগই প্ৰাণ ভিক্ষাৰ কাতৰ প্ৰাৰ্থনা দুচকুৰে বৈ পৰা চকুলোৰ মাধ্যমত অহৰহ জনাই আছে- কিন্তু তাক শুনে কোনে!”

কোনো এক নাৰীৰ কোনো এক মুহূৰ্তৰ কামনাৰ আহ্বানত সঁহাৰি জনোৱাটোৱে আছিল তাৰ অপৰাধ। বিৰলৰো বিৰলতৰ এনে একোটা মুহূৰ্তত যেতিয়া একমাত্ৰ কামপীড়াক অৱদমন কৰিব নোৱাৰি কোনো এক নাৰীয়ে পুৰুষৰ সংস্পৰ্শ কামনা কৰে, তেতিয়া যিজনে ইয়াক সঁহাৰি দিয়ে তাৰ বাবে এয়া ইচ্ছামৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন একো নহয়। এই মাৰাত্মক ভুলটো কৰিয়ে সি আজি চৰম অনুদগ্ধ। পিছে লাভ নাই; সি আজি মৃত্যুক আঁকোৱালি ল’বই লাগিব, তাৰ গত্যন্তৰ নাই। নাৰীদেহ স্পৰ্শ কৰিছে সি; অকল স্পৰ্শ কৰাই নহয়, ভোগো কৰিছে। গাগিনীয়ে সম্ভোগ কৰাৰ পিছত মতাটোৰ কি হয়? মৃত্যু! ঔদ্বাহিক উৰণৰ শেষত পাখি গজা পৰুৱাৰ মতাটোৰনো অৱস্থা কি হয়গৈ? তাৰ মৰণ মিলে! প্ৰকৃতিৰ নিয়ম….. তাৰো মৃত্যু- প্ৰকৃতিৰে নিয়ম।

*********

পুৰুষবোৰ এতিয়া কৰ্মী-মৌ যেন; অহৰহ কাম, কামৰ পিছত কাম, দিনতো কাম ৰাতিও কাম। কামৰ ব্যতিৰেক নাই; কোনোবাই সামান্য আপত্তি ভাব দেখুৱালেই তাৰ আৰু নিস্তাৰ নাই। আজিকালি আনকি নাৰীয়ে মুখেৰে ‘চেক্স্যুৱেল হাৰাছমেণ্ট’ শব্দযুগল উচ্চাৰণ কৰিলেও ওচৰতে থকা ৰাম-শ্যাম-যদু-মধু কোনোবা এজনৰতো যমৰ ঘৰত পদাৰ্পণ অনিবাৰ্য্য। তেনেস্থলত কামত ফাঁকি! সেই ‘পুৰুষ’ৰ চৈধ্য ‘পুৰুষে’ ভোগ কৰিবলগীয়া অকথ্য যাতনাৰ নামান্তৰ মাত্ৰ।

*********

নাৰীতন্ত্ৰই মানৱ ইতিহাসৰ পুৰ্ণলিখনৰ দ্বাৰা পৰিচয়ৰ এক নতুন সাজ পৰিধান কৰিছে। যি ইতিহাসে নাৰী অবলা বুলি এসময়ত হাঁহিছিল, সেই ইতিহাস পঢ়িয়েই হাঁহোতাসকলে “নাৰী অবলা; নাৰীৰ ওপৰত বল প্ৰয়োগ কৰাৰ ক্ষমতা কাৰো নাই” বুলি এতিয়া হাড়লৈকে কঁপে। নাৰীতন্ত্ৰই ইতিহাসক পুৰুষৰ প্ৰতি সন্ত্ৰাস-ভাব জগোৱাৰ এক হাথিয়াৰৰ ৰূপত গঢ়ি তুলিছে। সীতা তেনে এক সন্ত্ৰাস, যাৰ বাবে স্বৰ্ণলঙ্কা পতিত হ’ল; দ্ৰৌপদীও অনুৰূপ এক সন্ত্ৰাস- মহাভাৰতৰ মহাৰণ ঘটাই যিয়ে এটা যুগৰেই অৱসান ঘটাই দিলে। আনকি, ইতিহাস বিকৃত কৰি আধুনিক বিশ্বৰ বৃহত্তম দুৰ্ঘটনা ‘দ্বিতীয় বিশ্বযুদ্ধ’ সংঘটিত হোৱাৰ আঁৰতো হিটলাৰৰ ব্যৰ্থ প্ৰেমকেই ঘাই কাৰণ হিচাপে দৰ্শোৱা হ’ল। নাৰীসৃষ্ট এই ইতিহাসত পুৰুষবোৰ আনহাতে সদায়ে খলনায়ক; নাৰী নিগ্ৰহকাৰী পশু- যাৰ পতন নাৰীৰ হাতত অনিবাৰ্য্য। নাৰীতন্ত্ৰত এইদৰে পুৰুষসকলক ‘চিৰন্তন নাৰী-ভয়ত ত্ৰস্তমান এক দুৰ্বল, অসহায় উপ-প্ৰজাতি’ হিচাপে নিজকে জ্ঞান কৰি জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছে।

*********

পুৰুষৰ বাবে এনে এক বিপৰ্যয়পূৰ্ণ যুগটোত আটাইতকৈ সহজ লক্ষ্য হিচাপে বাছি লোৱা হয় মোৰ দৰে শিশুসকলক। জন্মৰ পিছৰে পৰাই আমাৰ প্ৰতি লিংগবৈষম্যসূচক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়া হয়। প্ৰথমে নাৰী-পুৰুষৰ ৰূপত আমাৰ মাজত বিভাজন কৰি তাৰ পিছত বৰ্ণৰ ভিত্তিত বিষমতা প্ৰদৰ্শন কৰিবলৈ লোৱা হয়। কন্যা শিশুসকলৰ শৈশৱৰে পৰা মগজ-ধুলাই কৰি সিহঁতক চৰম পুৰুষ-বিদ্বেষীৰ ৰূপত অকাৰণতে গঢ়ি তোলাৰ কুচকাৱাজ চলে। এনেদৰে নাৰীসকল হৈ পৰে পুৰুষ-দ্বেষত অন্ধ, আৰু পুৰুষবোৰ নাৰীসন্ত্ৰাসত ত্ৰস্ত।

কিন্তু, নাৰী আৰু পুৰুষলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্বে আমি শিশুবোৰে কাৰো প্ৰতি মনত বিদ্বেষ বা ত্ৰাস লৈ জন্ম নলওঁ; জন্মৰ পিছৰে পৰা মগজ-ধুলাই হোৱাৰ (অথবা অকাল মৃত্যু ঘটাৰ!) আগমুহূৰ্ত পৰ্যন্ত আমাৰ বিবেক আৰু হৃদয় মানৱীয়তাৰে ভৰি থাকে, য’ত সমানতা এটা প্ৰকৃতিপ্ৰদত্ত উপহাৰ- ই কোনো অধিকাৰ নহয় যাক ভোগ কৰিবলৈ বল আৰু দাবী প্ৰয়োগ কৰিব লাগে। আমাক এই অনুভূতিটো অনুধাৱন কৰিবলৈ কোনো ইতিহাসৰো প্ৰয়োজন নহয় বা ইয়াৰ ভৱিষ্যতক লৈ শংকিত হ’বৰো (যেনেদৰে লেখাটোৱে আপোনালোকক কৰিছে) কোনো আৱশ্যক নাই। অৰ্থাৎ, এই যুগটোত একমাত্ৰ শিশুবোৰেই সজ্ঞানে আছে, বাকী সকলোৱে হয়তো উন্মাদ-জল্লাদ নতুবা ত্ৰস্ত-বিপৰ্যস্ত। সেয়েহে, আমাৰ এই শিশুবোৰৰে মাজৰ পৰা কেইটামান বিস্ময়কৰ প্ৰতিভাসম্পন্ন শিশুৱে (প্ৰ’দিজী) একত্ৰিত হৈ এদিন এটা দল গঠন কৰি আগবাঢ়িলোঁ এটা বিশেষ লক্ষ্য সাধনৰ উদ্দেশ্যত। তাৰ বাবে আমি দিন-ৰাতি একাকাৰ কৰি নিৰলস প্ৰচেষ্টাৰে অৱশেষত সাজি উলিয়ালোঁ এটা সময়-যন্ত্ৰ, আৰু এই যন্ত্ৰতেই উঠি মই পাৰি দিলোঁহি অতীতৰ অনিৰ্দিষ্ট বুকুলৈ; আৰম্ভ হ’ল অনিৰ্দিষ্টকালীন এক যাত্ৰা।

মোৰ এই যাত্ৰাৰ মুখ্য উদ্দেশ্য হ’ল, অতীতলৈ যিমানেই পাৰোঁ উজাই গৈ থাকি মানৱতাক এক সুস্থিৰতা প্ৰদান কৰা, যি সুস্থিৰতাৰ অৱৰ্তমানতেই মানৱ প্ৰজাতিয়ে বিৱৰ্তনৰ প্ৰতিটো ঢাপতে নাৰী-পুৰুষৰ ৰূপত পাৰস্পৰিক দ্বন্দ্ব এলানিত লিপ্ত হৈ থাকিবলগা হৈ আহিছে। আমি অতীতলৈ উজাই গৈ পুৰুষৰ মনস্তত্ত্বৰ এক পৰিৱৰ্তন, আৰু নাৰীৰ মনত শুভবুদ্ধিৰ জাগৰণ আনিবলৈ প্ৰয়াস কৰি আছোঁ। সেয়েহে প্ৰযুক্তি-বিস্ফোৰণৰ এইটো যুগতো এখন্তেক ৰৈ আমি আমাৰ ভৱিষ্যতৰ এক ঝলক দেখুৱাই পুৰুষসকলক সকীয়াই দিব খুজিছোঁ, যে তোমালোকে নিজৰ মনস্তত্ত্বৰ পৰিৱৰ্তন‌ কৰা; নাৰী ভোগ্য-সামগ্ৰী কাহানিও‌ নাছিল আৰু এতিয়াও নহয়। নাৰীক পণ্য-সামগ্ৰীৰ ৰূপত জ্ঞান কৰিবলৈ এৰা, নহ’লে অহা দুশ বছৰত তোমালোকক অদৰকাৰী সামগ্ৰী জ্ঞান কৰিবলৈ লওঁতে নাৰীসকলৰ বিবেক কিন্তু দংশিত নহ’ব জানিবা। আৰু নাৰীসকল, সমানতা কেতিয়াও অধিকাৰ নাছিল- বিশেষাধিকাৰতো নাছিলেই কাহানিও; গতিকে ইয়াক উপভোগ কৰিবলৈ শিকা, ইয়াক লৈ কোনোধৰণৰ বাদ-অনুবাদ সৃষ্টি কৰিবলৈ নহয়। নাৰীবাদে সম-অধিকাৰ কেতিয়াও নানে, ই পুৰুষত্বক আঘাত কৰি পুৰুষ নামৰ উপ-প্ৰজাতিটোক অতি আগ্ৰাসীহে কৰি তুলিব। কিন্তু পুৰুষবোৰ হৈছে চগাৰ দৰে, নিজৰ আক্ৰোশত নিজেই জাহ যাব। কিন্তু এনেদৰে কি হাচিল কৰিবা তোমালোকে! নাৰীতন্ত্ৰ? নাৰীতন্ত্ৰত মানৱজাতিৰ এটা প্ৰজন্মই আন এটা প্ৰজন্মক দমন-শোষণ কৰাৰ সেই চিৰন্তন কাহিনীটোৰ আন এক ফালহে উন্মোচিত হ’ব হয়তো; তাৰ পিছত ইতিহাসৰ আকৌ পুনৰাবৃত্তি, আকৌ এবাৰ পুৰুষতন্ত্ৰ প্ৰতিষ্ঠিত হোৱাৰ বাট মেল খাব, এইবাৰ নাৰীৰ ভুলৰ কাৰণে। গতিকে, আমাৰ কাতৰ আহ্বান, বাদ-অনুবাদবোৰ এৰাই মনত শুভবুদ্ধিৰ উদয় ঘটোৱা। নিজৰ সন্তানবোৰক প্ৰথমে মানৱৰূপত গঢ়ি তোলা, নাৰী বা পুৰুষৰ ৰূপত নহয়; নাৰী বা পুৰুষ হোৱাত কোনো গৰ্ব নাই।

*********

সময় যাত্ৰা মোৰ ইয়াতেই স্থগিত নহয়; মই আকৌ উজাই যাম, গৈ গৈ মধ্যযুগ, তাম্ৰযুগ, লৌহযুগ অতিক্ৰমি প্ৰাগৈতিহাসিক যুগো পাৰ হ’ম। এই যাত্ৰাৰ প্ৰতিটো আস্থানতে ৰৈ মই আমাৰ বাণীবোৰ বিলাই যাম, তেতিয়ালৈকে- যেতিয়ালৈ মোৰ যুগৰ ব্যাধিৰ উপশম নহয়। আৰু এই ব্যাধি উপশমৰ পথ্য প্ৰতিটো যুগতে বিদ্যমান; মাথোঁ প্ৰয়োজন অলপ আত্মবিশ্লেষণৰ….।

☆★☆★☆

4 Comments

  • Rintumoni Dutta

    অগতানুগতিক লিখনশৈলী, এটা বেলেগ ধৰণৰ সোৱাদ পালো পঢ়ি।

    বাসৱ, চৰ্চা নেৰিবা দেই। বহুত আগলৈ যাবা তুমি

    Reply
  • অতি সুন্দৰ লিখনি তোমাৰ। “নাৰীবাদ”ৰ অন্য এটি ৰূপ বৰ ধুনীয়াকৈ ফুটি উঠিছে।

    Reply
  • parishmita

    ব্যতিক্ৰম। মজ্জা লাগিল।

    Reply
  • কাবেৰী মহন্ত

    ভালদৰে সোমাব নোৱাৰিলো যদিও বেলেগ ধৰণৰ সোৱাদ পালো ৷

    Reply

Leave a Reply

Your email address will not be published.