ফটাঢোল

সত্তা ৰূপান্তৰৰ সংকট – সঞ্জীৱ মজুমদাৰ

কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তিম পৰ্যায়ত পিতামহ ভীষ্ম শৰশৰ্য্যাত শায়িত হৈ আছিল। ভীষ্ম আছিল ইচ্ছামৃত্যুৰ বৰ প্ৰাপ্ত। কুৰুক্ষেত্ৰৰ কাষেৰে বৈ যোৱা ওঘাৱতী নদীৰ তীৰত, সূৰ্য্যৰ অৱস্থান উত্তৰায়ন নোহোৱালৈকৈ এই গৰাকী মহীৰূহ শৰবিদ্ধ হৈ পৰি আছিল। এই সময় চোৱাত যুদ্ধৰ বিজেতা যুধিষ্ঠিৰে ভীষ্মৰ পৰা ধৰ্ম্ম, ৰাজ কৰ্ত্তব্য, ৰাজনীতি, দৰ্শন, কূটনীতি আদি বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিছিল। মহাভাৰতত এই সময়চোৱাৰ, ভীষ্ম আৰু যুধিষ্ঠিৰৰ মাজত হোৱা বাৰ্ত্তালাপ সমূহ, শান্তি পৰ্ব্ব আৰু অনুশাসন পৰ্ব্ব নামৰ দুটা পৰ্ব্বত সন্নিৱিষ্ট কৰা হৈছে।

যুধিষ্ঠিৰে ভিন ভিন বিষয়ৰ ওপৰত ভীষ্মক প্ৰশ্ন কৰিছিল আৰু এই প্ৰশ্ন সমূহৰ যথাৰ্থ তথা প্ৰজ্ঞাপূৰ্ণ উত্তৰ দি ভীষ্ম‌ই পাঠদান কৰিছিল। মহাভাৰতৰ অনুশাসন পর্ব্বত উল্লেখ কৰা মতে এবাৰ যুধিষ্ঠিৰে ভীষ্মক প্রশ্ন কৰিছিল,

“পিতামহ, স্ত্রী-পুৰুষৰ মিলনকালত কাৰ স্পর্শসুখ অধিক?
সন্তানৰ প্ৰতি থকা স্নেহ পিতৃ আৰু মাতৃৰ ভিতৰত কাৰ অধিক?”

এই প্রশ্নৰ উত্তৰ হিচাবে পিতামহ ভীষ্ম‌ই যুধিষ্ঠিৰক ক’লে,

“বোপা, এই প্ৰশ্নৰ উত্তৰ জানিবলৈ হ’লে তুমি ৰজা ভঙ্গাস্বনৰ জীৱন কাহিনী জানিব লাগিব। তোমাৰ এই প্ৰশ্নৰ উত্তৰ ৰজা ভঙ্গাস্বনৰ বাহিৰে কোনেও দিব নোৱাৰিব। ভঙ্গাস্বনৰ বহু পত্নী আৰু সন্তান আছিল। ইন্দ্ৰৰ অভিশাপত তেওঁ নাৰীলৈ ৰূপান্তৰ হৈছিল আৰু নাৰী হিচাবেও তেওঁ সন্তানৰ জন্ম দিছিল। গতিকে একেটা জীৱনত পতি-পত্নী আৰু মাতা-পিতাৰ ভূমিকা পালন কৰাৰ অভিজ্ঞতা অকল ৰজা ভঙ্গাস্বনৰ হে আছে।”

এইবুলি ভীষ্ম‌ই যুধিষ্ঠিৰক এটা পৌৰাণিক কাহিনী শুনাইছিল।

বহু বছৰ আগতে ভঙ্গাস্বন নামৰ এগৰাকী বৰ ন্যায়পৰায়ন, ধৰ্ম্মপৰায়ন, তেজোৱন্ত আৰু যশস্বী ৰজা আছিল। নিজ ৰাজ্যৰ প্ৰজাক তেওঁ সন্তানৰ দৰে গণ্য কৰিছিল যদিও ৰজাৰ নিজৰ কোনো সতি-সন্তান আদি নাছিল‌। সন্তান প্ৰাপ্তিৰ হেতু ৰজাই অগ্নিতূষ্ট নামৰ এক যজ্ঞৰ আয়োজন কৰিছিল। অগ্নিদেৱক সন্তুষ্ট কৰিবলৈ আয়োজন কৰা এই অগ্নিতুষ্ট যজ্ঞৰ ফল হিচাবে অপূত্ৰক ৰজাই শতপুত্রৰ পিতৃত্ব লাভ কৰিছিল।
অগ্নিতুষ্ট যজ্ঞত কেৱল অগ্নিদেৱৰহে স্তুতি কৰা হয়।
কিন্তু যজ্ঞত অকল অগ্নিক তুষ্ট কৰা বাবে ইন্দ্র কূপিত হৈ পৰিল। স্বৰ্গাধিপতি ইন্দ্রদেৱে এই কথাটো সহজভাবে ল’ব নোৱাৰিলে আৰু ৰজাই তেওঁক আৰাধনা নকৰা বাবে ঈর্ষাকাতৰ তথা ক্রুদ্ধ হৈ পৰিল। ৰজা ভঙ্গাস্বনক শিক্ষা দিবলৈ সুযোগৰ সন্ধানত থাকিল। ৰজাৰ প্ৰতি বিতুষ্ট ইন্দ্ৰ‌ই ছল চাই এশিকনি দিবলৈ উঠিপৰি লাগিল যদিও ৰাজৰ্ষি ভঙ্গাস্বন আছিল এক সৎ তথা নিৰ্ম্মল ব্যাক্তিত্বৰ অধিকাৰী, সেয়ে ইন্দ্ৰ‌ই তেওঁৰ একো অনিষ্ট কৰিব পৰা নাছিল। তাৰ পিছতো ইন্দ্ৰ‌ই প্ৰতিশোধ লোৱাৰ সুযোগৰ অপেক্ষাত ৰৈ থাকিল।

এদিন ৰজা ভঙ্গাস্বন ঘোঁৰাত উঠি গভীৰ অৰণ্য অভিমুখে মৃগয়া কৰিবলৈ গ’ল। অৰণ্যৰ মাজলৈ গৈ থকাৰ পিছত কিছু সময় পিছত সুযোগসন্ধানী ইন্দ্র‌ই ৰজা ভঙ্গাস্বনক অকলশৰে পাই দৈৱিক শক্তিৰ জৰিয়তে সন্মোহিত কৰিলে। সন্মোহিত হৈ ভঙ্গাস্বন অৰণ্যৰ মাজত দিকভ্ৰান্ত হৈ পৰিল। গভীৰ অৰণ্যত ইন্দ্ৰ‌ই তৰা এক মায়াজালত আচ্ছন্ন হৈ মায়া হৰিণৰ ব্যর্থ পশ্চাদ্ধাৱন কৰি বাট হেৰুৱাই ঘূৰি ঘূৰি পৰিশ্রান্ত হৈ ভোক আৰু পিয়াহত আতুৰ হৈ পৰিল। এটা সময়ত পানী বিচাৰি বিচাৰি ৰহস্যময় সৰোবৰ এটা দেখা পালে। সন্মোহনৰ আবেশত থকা ৰজাই সৰোবৰত প্ৰথমে ক্লান্ত ঘোঁৰাটোক পানী খুৱালে। তাৰপিছত নিজে সৰোবৰত অৱগাহন কৰি পানীৰ তৃষ্ণা নিবাৰণ কৰিলে। পানী পি থকা অৱস্থাত ৰজাই নিজৰ শৰীৰৰত এক ব্যাপক পৰিৱৰ্তন অনুভৱ কৰিলে আৰু শাৰীৰিক পৰিৱৰ্তন হৈ তৎক্ষণাৎ স্ত্রীৰূপলৈ ৰূপান্তৰিত হোৱাটো অনুভৱ কৰিলে। সৰোবৰৰ পানীত নিজৰ প্রতিবিম্ব দেখি অনুধাৱন কৰিলে যে তেখেত এক সুন্দৰী ৰমণীলৈ পৰিৱৰ্তিত হৈ পৰিছে আৰু এইদৰে হঠাৎ নিজৰ মুখাবয়ৱৰ পৰিৱৰ্তিত ৰূপ দেখি ৰজা হতবাক হৈ পৰিল। এই আকস্মিক শাৰীৰিক ৰূপান্তৰৰ ফলত বিস্মিত, লজ্জিত ও চিন্তিত ৰজা ভঙ্গাস্বন কোনোৰকম পানীৰ পৰা উঠি আহিল।

সত্ত্বা ৰূপান্তৰৰ সংকট আৰু দ্বিধাই ৰজাক ভীতিগ্ৰস্ত তথা ব্যাকুল কৰি তুলিলে।

“হে ঈশ্বৰ ম‌ই এতিয়া কিদৰে মোৰ ঘোঁৰা চম্ভালিম? ম‌ই কিদৰে মোৰ ৰাজধানীলৈ উভতিম? অগ্নিতুষ্ট যজ্ঞৰ ফলত জন্মগ্ৰহণ কৰা মোৰ বীৰ্য্যবান পূত্ৰ সকলক ম‌ই কি বুলি ক’ম? মোৰ প্ৰজা, অমাত্য, মোৰ পত্নীসকলক কি বুলি মুখ দেখুৱাম? কৰ্ত্তব্য আৰু ধৰ্ম্মৰ বিষয়ে জ্ঞানী মহাপুৰুষসকলে কৈ গৈছে যে কোমলতা, নম্ৰতা আৰু দ্বিধাগ্ৰস্ততা হৈছে নাৰীৰ আভূষণ আনহাতে শাৰীৰিক শক্তি, দৃঢ়তা আৰু সাহস হৈছে পুৰুষৰ গুণ। মোৰ পুৰুষত্ব ধ্বংস হৈ গৈছে আৰু নাৰীত্ব‌ই মোক শৃঙ্খলিত কৰি পেলাইছে। এনেহেন পৰিস্থিতিত ম‌ই ঘোঁৰাটোক কিদৰে চম্ভালিম বাৰু?”

নাৰীলৈ পৰিবৰ্তন হোৱা ৰজাই আনকি ঘোঁৰাটোৰ লেকাম ধৰি নিয়ন্ত্ৰণ কৰিবলৈও অপাৰগ হৈ পৰিল। বহু চেষ্টাৰ মূৰত নাৰীৰূপী ৰজা ভঙ্গাস্বনে কোনোৰকম ঘোঁৰাৰ পিঠিত আৰোহন কৰি নিজৰ ৰাজধানীলৈ উভতি আহিল। ৰজাক দেখি প্ৰজাসকলৰ কোনেও চিনি নাপালে আনকি বহু কাকূতি মিনতি কৰি ৰাজ অন্তেষপূৰত সোমোৱাৰ পিছতো নিজ সন্তান, পত্নী তথা অন্যান্য সভাসদসকলে চিনি নাপালে। ৰজাই সকলোকে নিজৰ পৰিচয় দি সকলো বৃত্তান্ত জনালে৷ ৰাজ অন্তেষপূৰৰ সকলোকে পতিয়ন নিয়াবলৈ ৰজাই নিজৰ পূত্ৰসকলৰ নামবোৰ এফালৰ পৰা গাই তথা কিছু ব্যক্তিগত ঘটনাৰ উল্লেখ কৰি নিজৰ পৰিচয় সম্পৰ্কে সকলোকে প্ৰত্যয় নিয়াব লগা হৈছিল।

এটা সময়ত সকলোৱে ৰজাৰ এই শাৰীৰিক ৰূপান্তৰৰ বিষয়টো মানি লোৱাৰ পিছত স্ত্ৰীৰূপী ৰজাই এশজন পুত্রক মাতি আনি ক’লে, “চোৱা ম‌ই স্ত্ৰীবেশ ধাৰণ কৰি, এই ৰাজ্যত আৰু বসবাস নকৰোঁ। ম‌ই এই মুহূৰ্তত বনলৈ যাম আৰু উভতি নাহোঁ। তোমালোকে সকলো ভাই-ককাই মিলিজুলি, একত্রিত হৈ সৎভাবে ৰাজ্য শাসন কৰিবা।”

এশজন পুতেকৰ ওপৰত ৰাজ্যভাৰ সমর্পণ কৰি নাৰী ৰূপী ৰজা ভঙ্গাস্বনে নিজ ৰাজ্য ত্যাগ কৰি অৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিলে। নাৰীৰূপী ৰজা ভঙ্গাস্বন অৰণ্যৰ ভিতৰত কিছুদিন ভ্ৰমি ফুৰাৰ পিছত এগৰাকী তপস্বীৰ তপোবন পালেগৈ আৰু সেই তপোবনত স্থায়ী ভাবে বসবাস কৰিবলৈ ল’লে। কালক্রমে সেই তপস্বী গৰাকীৰ ঔৰসত নাৰী ৰূপী ভঙ্গাস্বনৰ গর্ভত এশজন পুত্রৰ জন্ম হ’ল।

কিছুদিন পিছত তেওঁ এই শতপুত্রক লৈ নিজ ৰাজধানীত প্ৰৱেশ কৰিলে আৰু পূৰ্ব্বজাত শতপুত্রক ক’লে,

“তোমালোক মোৰ পুৰুষ অৱস্থাৰ ঔৰসজাত পুত্র, আৰু এই এশজন মোৰ নাৰী অৱস্থাৰ গর্ভজাত পূত্র। এই সূত্ৰে তোমালোক আটাইকেইজন ভাই ককাই। গতিকে এতিয়াৰ পৰা তোমালোকে এই এশজনকো নিজ ভাতৃ হিচাবে গ্ৰহণ কৰা আৰু সকলোৱে সন্মিলিত ভাবে ৰাজ্যভোগ কৰা।”

ভঙ্গাস্বনৰ আদেশ তেওঁৰ দুশ গৰাকী পুত্র‌ই নিৰ্বিবাদে মানি ল’লে আৰু একতাৰ ডোলেৰে বান্ধ খাই মহানন্দে ৰাজ্য ভাৰ চম্ভালি ল’লে।

ৰজা ভঙ্গাস্বনৰ জীৱনলৈ এক মহাবিপৰ্য্যয় অহাৰ পিছতো সুন্দৰভাবে পৰিস্থিতি চম্ভালি ল’লে আৰু ঘটনাৰ এক সুখাৱহ পৰিসমাপ্তি দেখি কপট দেৱৰাজ ইন্দ্রৰ সহ্য নহ’ল। অভিশাপ আশীর্বাদলৈ ৰূপান্তৰিত হোৱা দেখি, ইন্দ্র‌ আৰু বেছি ঈৰ্ষাকাতৰ হৈ পৰিল।

ইন্দ্র‌ই ভাবিলে, ম‌ই ৰজা ভঙ্গাস্বনক গোৰ মাৰি গঙ্গাতহে পেলালোঁ, অপকাৰ কৰিবলৈ গৈ ওলোটাই উপকাৰহে কৰিলোঁ। দুই ভাতৃপক্ষৰ মাজত বিবাদ লগাবলৈ এক পৃথকবুদ্ধি চিন্তা কৰি ইন্দ্ৰ‌ই তৎক্ষণাৎ ব্রা‏হ্মণৰ বেশ ধাৰণ কৰি ৰজা ভঙ্গাস্বনৰ ৰাজধানীত প্ৰৱেশ কৰিলে। ৰজাৰ ঔৰসজাত পুত্রসকলক অকলশৰীয়াকৈ লগ কৰি বিভেদৰ বীজ ৰোপন কৰি ক’লে,

“একেই পিতৃৰ পূত্র হোৱাৰ পিছতো মানুহৰ মাজত ভাতৃত্ববোধ নাথাকে। কাশ্যপ মুনিৰ পূত্র দেৱতা আৰু দানৱ ভাই-ককাই হোৱাৰ পিছতো বিবাদ আজিও চলি আছে। হাজাৰ হ’লেও তোমালোক ৰজা ভঙ্গাস্বনৰ ঔৰসজাত পূত্র আৰু সিহঁত কেইজন হৈছে অৰণ্যচাৰী তপস্বী এগৰাকীৰ ঔৰসজাত পূত্ৰ। এই পৈতৃক সম্পত্তি উপভোগ কৰাৰ অধিকাৰ কেৱল তোমালোকৰ, কাৰণ তোমালোকৰ স্থিতি সিহঁততকৈ সদায় ওপৰত। কিন্তু তাৰ পিছতো তোমালোকৰ পৈতৃক ৰাজ্য সিহঁতে ভোগ কৰিছে কিয়?”

ইন্দ্র‌ই এইদৰে কু-বুদ্ধি দি উচটোৱাৰ পিছত ৰজা ভঙ্গস্বানৰ উভয় পক্ষৰ পুত্রসকলৰ মাজত দূৰত্ব বাঢ়িল। এটা সময়ত যদুকূল ধ্বংস হোৱাৰ দৰে সিহঁতে পৰস্পৰৰ মাজত তুমুল যুদ্ধ কৰি মৃত্যুবৰণ কৰিলে।

দুই শত পুত্ৰৰ মৃত্যুসংবাদ পাই তপস্বিনী বেশিনী ৰজা ভঙ্গাস্বন শোকত অধীৰ হৈ একেবাৰে মুমূৰ্ষ হৈ পৰিল। পুত্ৰশোকত হিয়া দহি আউলী-বাউলী হৈ গগণ ফালি কান্দিবলৈ ধৰিলে। ব্ৰাহ্মণবেশী ইন্দ্ৰ‌ই ৰজাৰ ওচৰলৈ গৈ কপটতাৰে সুধিলে,

“হে সুন্দৰী ৰমণী, তুমি কিহৰ দুখত এইদৰে ৰোদন কৰিছা?”

নাৰী ৰূপী ৰজা ভঙ্গাস্বনে কান্দি কান্দি ক’লে,

“হে ব্ৰাহ্মণ, মোৰ দুশগৰাকী পুত্ৰ সন্তান আছিল, আজি আটাইকেইজনৰ এজনো জীৱিত নাই। ম‌ই এসময়ত ৰজা আছিলোঁ আৰু মোৰ এশ পুত্ৰ আছিল। মোৰ পুত্ৰসকল মোৰ দৰেই সাহসী, সামৰ্থ্যবান আৰু শক্তিশালী আছিল। এবাৰ ম‌ই মৃগয়া কৰিবলৈ গৈ গভীৰ অৰণ্যত বাট হেৰুৱালোঁ। এটা সৰোবৰত নামি গা পা ধুই পানী খোৱাৰ পিছত ম‌ই নাৰীলৈ ৰূপান্তৰ হ’লোঁ। এগৰাকী তপস্বীৰ সতে নাৰী হিচাবে ম‌ই এশ পুত্ৰ মোৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে। পিছলৈ মোৰ গৰ্ভজাত সন্তানবোৰক তপোবনৰ পৰা নি মোৰ ঔৰসজাত সন্তানৰ লগ লগাই দিলোঁ। অথচ ভাগ্যৰ কি পৰিহাস আজি মোৰ সন্তানসকলৰ এটাও জীৱিত নাই।” এইবুলি হিয়া ঢাকুৰি পুনৰ কান্দিবলৈ ধৰিলে।

তেতিয়া ব্ৰাহ্মণৰ ৰূপ এৰি ইন্দ্র‌ই ৰজাৰ ওচৰলৈ গৈ ৰুক্ষভাবে ক’লে,

“হে নাৰীৰূপী ৰাজন, ম‌ই ইন্দ্ৰ। মনত আছে নে, তুমি মোক আহ্বান নকৰি অগ্নিতুষ্ট যজ্ঞ কৰিছিলা আৰু অকল অগ্নিদেৱক উদ্দেশ্যি পূজা আগবঢ়াইছিলা। সেইবাবে তোমাৰ প্ৰতি ৰূষ্ট হৈ তোমাক শাস্তি দিবলৈ ম‌য়েই এইবোৰ কৰিলোঁ।”

ৰজা ভঙ্গাস্বনে বিনীত ভাবে ইন্দ্রৰ ওচৰত ক্ষমা প্রার্থনা কৰিলে। ইন্দ্ৰ‌ই শোকাকূল ৰজাৰ নম্ৰতা আৰু বিনয় দেখি প্রসন্ন হৈ ক’লে,

“ম‌ই তোমাৰ বিনম্ৰতা দেখি সঁচাকৈয়ে তুষ্ট হৈছোঁ, সেইবাবে ম‌ই তোমাৰ পুত্রসকলক পুনর্জীৱিত কৰিম বুলি ভাবিছোঁ। কিন্তু ম‌ই তোমাৰ ঔৰসজাত অথবা গৰ্ভজাত পুত্রসকলৰ মাথো এশজনকহে জীৱনদান দিম। এতিয়া তুমি কোৱা তোমাৰ ঔৰসজাত অথবা গৰ্ভজাত সন্তানৰ কাক জীৱিত কৰিব বিচৰা ?”

তপস্বিনীবেশিনী ভঙ্গাস্বনে দুয়োপক্ষৰ সন্তানক জীৱিত কৰি দিবলৈ কাকূতি মিনতি কৰিলে। কিন্তু ইন্দ্ৰ মান্তি নোহোৱা দেখি উপায়হীন হৈ কৃতাঞ্জলি হৈ ক’লে,

“হে ইন্দ্ৰদেৱ, ম‌ই মোৰ নাৰী অৱস্থাৰ গর্ভজাত সন্তানসকলক পুনর্জীৱিত কৰিব বিচাৰোঁ।”

ইন্দ্র‌ই কিছু বিস্মিত হৈ সুধিলে,

“তোমাৰ গর্ভজাত পুত্রসকল, তোমাৰ ঔৰসজাত পুত্ৰতকৈ অধিক প্রিয় হ’ল কেনেকৈ?”

তপস্বিনী বেশিনী ৰজা ভঙ্গাস্বনে জগতৰ সমগ্ৰ মাতৃত্বক মহীয়ান কৰি ক’লে,

“।।গর্ভধাৰণপোষ্ণাভ্যাম্ জননী পিতুৰপি অধিকা।।

হে দেৱৰাজ, পুৰুষতকৈ স্ত্রীজাতি অধিক মমতাময়ী, সেয়ে পুৰুষতকৈ স্ত্রীৰ স্নেহৰ প্রাৱল্য বহুগুণে বেছি। সেয়ে ম‌ই মোৰ গৰ্ভজাত সন্তানৰ পুনৰ্জীৱন বিচাৰিছোঁ।”

ইন্দ্র‌ই ৰজাৰ উত্তৰ শুনি বিমুগ্ধ হৈ পৰিল আৰু ক’লে,

“তোমাৰ মমতা, সততা আৰু ন্যায় দেখি ম‌ই সঁচাকৈয়ে আভিভূত হৈ পৰিছোঁ। সেয়ে ম‌ই বৰদান কৰিলোঁ, তোমাৰ দুয়োপক্ষৰ সন্তানসকল অৰ্থাৎ দুশ পুত্ৰ পূনৰ্জীৱিত হৈ উঠক।”

ইন্দ্ৰৰ কথা শুনি তপস্বিনীবেশিনী ৰজা ভঙ্গাস্বন আনন্দত অধীৰ হৈ কৰযোৰে প্ৰণাম কৰিলে।

ইন্দ্ৰ‌ই পুনৰ ক’লে,

“আৰু, তুমি যদি ইচ্ছা প্ৰকট কৰা তেনেহ’লে ম‌ই তোমাক পূৰ্বৰ পুৰুষ ৰজা ভঙ্গস্বানলৈ ৰূপান্তৰ কৰিব বিচাৰোঁ। এতিয়া কোৱা তুমি কি বিচৰা, পুৰুষত্ব নে নাৰীত্ব?”

ভঙ্গস্বানে অতি বিনম্ৰতাৰে ক’লে “হে দেৱৰাজ, ম‌ই নাৰীৰূপেই থাকিব বিচাৰোঁ।”

এইবাৰ ভঙ্গাস্বনৰ কথা শুনি ইন্দ্রদেৱ বাৰুকৈয়ে বিস্মিত হৈ পৰিল। ইন্দ্ৰ‌ই এইধৰণৰ এক অকল্পনীয় সিদ্ধান্তৰ কাৰণ ৰজাৰ পৰা জানিবলৈ বিচাৰিলে। ৰজাই তেতিয়া নম্ৰভাবে ক’লে,

“দেৱৰাজ, ম‌ই এটা জীৱনত নাৰী আৰু পুৰুষ হিচাবে জীয়াবলৈ এক বিৰল সুযোগ পালোঁ। নাৰী আৰু পুৰুষৰ মিলনৰ সময়ত, পুৰুষতকৈ নাৰীৰ সুখ অধিক, সেয়ে ম‌ই আজীৱন নাৰী হৈহে থাকিব বিচাৰোঁ। বৰ্তমান ম‌ই নাৰীৰ ৰূপতেই অধিক সন্তুষ্ট গতিকে মোক নাৰী হিচাবে থাকিবলৈ দিয়ক।”

ইন্দ্র‌ই ৰজা ভঙ্গাস্বনৰ ইচ্ছাপূৰণ কৰি তথাস্তু বুলি কৈ তেওঁৰ পৰা মেলানি মাগিলে।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.