ফটাঢোল

সপোনঃ এক মিঠা ৰহস্য — উৎপলা শইকীয়া

“সপোন”, কহুঁৱা-কোমল অনুভূতিৰে আৱৰি ৰখা এটা মায়াময় শব্দ৷ আশাৰ অনেক কিৰণেৰে উদ্ভাসিত এটি ছন্দোময় আৱেগ৷ সুকোমল অনুভূতিৰ পৰা দৃঢ়তাভৰা অনুশীলনৰ ৰূপান্তৰলৈকে বিস্তাৰিত হৈ থাকে সপোনৰ এই সুবিশাল পৰিসৰ৷ এটা মিঠা সপোন পৃথিৱীখনক হেপাঁহ পলুৱাই চোৱাৰ৷ শুকুলা ডাৱৰৰ স’তে লুকাভাকু খেলি শৈশৱতে দুচকুত সানি লোৱা এটি মিঠা সপোন আমি সকলোৱে লৈ ফুৰোঁ। বুকুত বান্ধি যেন আজীৱন ধৰি ৰাখিম সোণোৱালী শৈশৱক হেঁপাহৰ আঁচলেৰে মেৰিয়ায়৷ জাৰৰ কুহুমীয়া পুৱাটিত মিঠা ৰ’দ একাঁজলিৰ সপোন, গ্ৰীষ্মৰ ভৰদুপৰীয়া এচাটি মৃদু মলয়াৰ সপোন৷ নীলা আকাশ এখন হেঁপাহ পলুৱাই চুই চোৱাৰ সপোন৷ পাৰাপাৰহীন নীলাভ সাগৰৰ তীৰত আঁচল ভৰাই শামুক বুটলাৰ সপোন৷ কিনকিনিয়া বৰষুণত তিতি কোনোবা দুৰ্গম পাহাৰৰ বনৰীয়া ফুলৰ উপত্যকা এটাত এসুবাস সতেজ সুঘ্ৰাণ লোৱাৰ সপোন৷ গভীৰ অৰণ্যৰ মাজৰ সেউজীয়া ঘাঁহনিডৰাত বহি হীৰুদাৰ “আৱৰণ খুলি হিয়া জুৰোৱা” প্ৰেমৰ কবিতা আওঁৰোৱাৰ সপোন, নহ’লেবা কোনো চঞ্চলা জুৰিৰ পাৰৰ শিলচটাত বহি জাউৰিয়ে জাউৰিয়ে ছটিওৱা পানীৰে সুখৰ ৰামধেনু অঁকাৰ সপোন৷ পূৰ্ণিমাৰ পূৰ্ণ জোনবাইৰ বুকুত জোনাকী ঘৰ এখন সজাৰ এটি মিঠা সপোন নাইবা বিস্তীৰ্ণ সেউজীয়াৰ আঁচলত নিজকে এৰি দি সেমেকা দুৱৰিৰ মিঠা উম লৈ কাৰোবাক ক’ম বুলি জন কীটছৰ কবিতা এফাঁকি কানে কানে গুনগুনাব খোজা এটা প্ৰেমবৰষা সপোন –

“I almost wish we were butterflies and lived but three summer days – three such days with you I could fill with more delight than fifty common years could ever contain.”

ৰ’ব ৰ’ব, ওপৰত উল্লেখ কৰা সপোনৰ দিশবোৰৰ লগতে আন কিছুমান সপোনো আছে, যিবোৰ আমি দিনে-নিশাই দেখোঁ। তাকে শাস্ত্ৰজ্ঞ সকলে দিৱাস্বপ্ন বুলিও কয়। সেই যে চাই থকা চিনেমাখনৰ নায়ক-নায়িকাই চুইজাৰলেণ্ডৰ বৰফাবৃত পৰ্বতত শুকুলা বৰফ ছটিয়াই কৰা আনন্দখিনি দেখিলে প্ৰায় সকলো ছোৱালীয়ে এবাৰ হ’লেও নিজকে সেই পৰিবেশত সেই নায়কজনৰ লগত জপিয়াই জপিয়াই নাচি থকাৰ সপোন নিশ্চয় দেখে। লাজ নকৰিব দেই! কৈ দিয়ক সঁচা কথাটো! সঁচা নহ’লে “চান্দনী”ৰ শ্ৰীদেৱী পৰিহীত চুৰিদাৰ-দোপাট্টাই এটা সময়ত বজাৰবোৰ ভৰি পৰাৰ কোনো কাৰণেই নাছিল। তেনেকৈ যুৱকসকলেও চিনেমাৰ নায়কে পৰিধান কৰা সাজ-পোছাকৰ ডিজাইনবোৰ বিচাৰি চলাথ কৰে। সেয়া চিনেমা এখন চোৱাৰ পৰত অথবা পাছত সেই চলমান দৃশ্য-শ্ৰব্যত নিজকে নিজে নিয়োজিত কৰি মুহূৰ্ততে পাহাৰ-নদী-পৰ্বত বগাই ফুৰাৰ সপোনবোৰ দিনে-পোহৰে, যিকোনো সময়তেই দেখিব পাৰে। চলমান খানৰ “তেৰে নাম”ৰ চুলিৰ ষ্টাইল সকলোৰে মনত আছে নিশ্চয়।

প্ৰকৃতাৰ্থত আমি সকলোৱেই বিচৰণ কৰি ভালপাওঁ এখন সপোনৰ মিঠা মায়াময় পৃথিৱীত৷ যিখন পৃথিৱীয়ে আমাক প্ৰদান কৰে নিৰ্মল সুখৰ সুধা আৰু জীৱনৰ প্ৰতি অপাৰ মমতা৷ দুখ, যাতনা, প্ৰাপ্তি, অপ্ৰাপ্তিৰ মাজেৰেই জীৱনে গতি কৰে৷ জীৱনৰ এই বাৰেবৰণীয়া যাত্ৰাক অনুপম কৰি তোলে আশাৰ উমাল বুকুত ঠন ধৰি উঠা কিছুমান সৰু বৰ সপোনে৷ বয়সৰ লগে লগে আমাৰ সপোনবোৰেও ৰূপ সলায়। ল’ৰালিৰ ফুল, তৰা, পখিলা, পৰী, ৰজা-ৰাণীৰ সপোনটোৱে দুপাখি মেলি উৰি আহে যৌৱনৰ দোমোজালৈ৷ যৌৱনত ই ৰূপ লয় কেঁচা কলিজাত ফাগুনৰ ফাঁকুগুড়িৰ ৰং বোলোৱা সপোনলৈ! ফাগুনৰ বঙিয়াটোৱেদি সপোনটো আগুৱাই যায় জীৱনত প্ৰতিস্থা লাভৰ দিশলৈ! এনেদৰেই যেন নামি আহে সৰগী সপোনৰ পানচৈ, এটাৰ পিছত এটাকৈ৷

“সপোন”- A dream is the sequence of sensations passing through a sleeping person’s mind.

আমি টোপনি গৈ থাকোঁতে দেখা সপোনবোৰ মনৰ হেঁপাহ আৰু হাবিয়াসবোৰৰ আনটো পিঠিৰ দৰেই! এইবোৰৰ হাবিয়াস বা আশাবোৰৰ লগত কেতিয়াবা মিল থাকে আৰু কেতিয়াবা নাথাকে৷ কেতিয়াবা মিঠা সুখৰ সপোন, কেতিয়াবা আকৌ ভয়লগা কিম্বা বিষাদে গৰকা সপোন৷

সপোনবোৰ মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ৷ এটা ৰহস্য, যাৰ অন্ত হয়তো কোনো দিনেই নহ’ব৷ জীৱজগতৰ সকলো প্ৰাণীয়েই জীৱনকালত টোপনিৰ মাধ্যমেৰে বিশ্ৰাম লয় যদিও মানুহৰ বাহিৰে আন কোনো জীৱই টোপনিত সপোন নেদেখে৷ সপোনৰ দৰে মগজুৰ জটিল প্ৰক্ৰিয়াসমূহে যিমানেই মানুহৰ হাতত ধৰা দিছে সিমানেই যেন বিজ্ঞানীসকল এক দুৰ্বোধ্য চক্ৰবেহুৰ মাজলৈ সোমাই গৈ আছে৷

“আমি কিয় সপোন দেখোঁ? সপোনবোৰৰ বাস্তৱ জগতৰ লগত কিবা সম্বন্ধ আছে নেকি?“ -আদিবোৰ প্ৰশ্নই মনোবিজ্ঞানী সকলক অতীজৰে পৰা ব্যস্ত কৰি ৰাখিছে যদিও এই ৰহস্য যেন আজিও দুৰ্বোধ্য৷ প্ৰাচীন কালত সপোনক ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি ধৰি লোৱা হৈছিল৷ এই ধাৰণাই মানৱ সমাজত এনেকৈ খোপনি পুতিলে যে আজিও এটা নিৰাশাজনক সপোনে আমাক কেইবাদিনলৈকে ভীতিগ্ৰস্ত কৰি ৰাখে৷

আগৰাতি-পিচৰাতিৰ সপোনৰ ফলাফলৰ সম্ভাৱনাৰ ওপৰত ভিত্তি কৰিয়েই বহুতো জ্যোতিষী, গণকে নিজৰ পেটৰ ভাত-মুঠি উলিওৱাৰ লগতে ৰত্নৰ বেপাৰীবোৰকো ধনী কৰি আহিছে। এই সপোনৰ বলতেই সপোন বিশ্বাসী বহুতৰে দুয়োহাতৰ দহোটা আঙুলিত, ডিঙি, কানতেই ৰত্নখচিত আভূষণৰ বজাৰখন তিষ্ঠাই ৰাখিব পাৰি আহিছে। সেয়া কি সৰু কথা!

বিখ্যাত মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডে তেওঁৰ “ইণ্টাৰপ্ৰিটেছন অৱ ড্ৰিম্চ” (Interpretation of Dream ) নামৰ কিতাপখনত উল্লেখ কৰা মতে, “সপোনবোৰ হ’ল অৱদমিত বাসনাৰ গোপন প্ৰকাশ” (Secrete outlet of suppressed desires ) । নিদ্ৰামগ্ন অৱস্থাত যেতিয়া সচেতন মন সুপ্ত অৱস্থাত থাকে, তেতিয়া অচেতন মনৰ অৱদমিত বাসনাবোৰে সপোনৰ ৰূপ লয়৷ এইয়া সপোনৰ বিষয়ে নিতান্তই থুলমুল জৈৱিক ধাৰণা৷ সপোনবোৰ মানৱ মনৰ হাবিয়াস, অদম্য আশা, উচ্চাকাংক্ষা আদিৰ নামান্তৰ মাথো৷ জীৱনৰ ছন্দোময় গতিক হাজাৰ-বিজাৰ সপোনে ৰহণ সানি সুন্দৰ কৰে প্ৰতি দিনে, প্ৰতি পলে৷ সৰু বৰ, এই ভগা, এই গঢ়াৰ সপোনবোৰৰ পম খেদিয়েই জীৱনে আগুৱাই ছাঁ-পোহৰ, মেঘ ৰ’দালিৰ সমাহাৰেৰে৷

এনে বহু সপোন দুচকুৱে আঁকে, যি হয়তো কেতিয়াও দিঠক নহয় বা হোৱাৰ কোনো সম্ভাৱনাও নাথাকে, তথাপি দুচকুৱে সপোন দেখে৷ এধানি আশাৰ কিৰণ, এচাটি সুখৰ সমীৰণ গাত সানি সপোনে আজীৱন নিৰন্তৰ বাগৰ সলায় আমাৰ স্বপ্নবিলাসী হিয়াত কিম্বা অৱচেতন মনত৷ সপোন কেতিয়াও শেষ নহয়, বৈ ৰয় এটি বোৱতী ধাৰাৰ দৰে নিৰন্তৰ এটাৰ পিছত এটাকৈ!

উপসংহাৰঃ

ভিক্ষাৰীৰো সপোন থাকে। হয়তো ভঙা পঁজাৰ। ভঙা পঁজাৰ বাসিন্দাৰ সপোন থাকে টিঙৰ চালি, বেৰা দি বনোৱা ঘৰৰ, তেনেকৈ টিঙৰ চালিৰ ঘৰৰ হয়তো কংক্ৰিটৰ ঘৰৰ, কংক্ৰিটৰ ঘৰৰ মানুহৰ সুউচ্চ বিল্ডিঙৰ সপোন- আস! কিমান যে সপোন! সেয়েহে আমি পঢ়িবলৈ পাওঁ কৃপণ বামুনৰ মাটিৰ কলহত পিঠাগুড়ি জমা কৰি ধনী হোৱাৰ সপোন দেখাৰ সাধু, কোনোবা নদাইৰ সৰু এখন দোকানৰ সপোন, কেৰাণী-মহৰী হোৱাৰ সপোন। কিন্তু বৰ্তমান বহুতৰে বাবে এক বিশেষ সপোনে ঠন ধৰি উঠা দেখিবলৈ পোৱা যায়। ৰাজনীতি কৰাৰ, ৰাজনীতিৰ পথাৰত নামাৰ সপোন। বহুতো মানুহক নিজৰ আঙুলিৰ ইচাৰাত নচুওৱাৰ বাবে বৰ্তমান ৰাজনীতিৰ বাহিৰে আৰুনো কোনখন ফিল্ড খালী আছে! অৱশ্যে ৰাজনীতিৰ ফিল্ডখন কেতিয়াও খালীও নহয়। মাথো নিজকে নিজে সোমোৱাব পাৰিব লাগে। বচ! হৈ গ’ল। সেই ঠিক যেন মানুহভৰ্তি চিটিবাছত খুচৰি খুচৰি ভিতৰলৈ সোমাই যোৱাৰ দৰে কথা। যদি থিয় দিব পাৰিছে সেয়াই বহুত। যদিহে বহিবলৈ ছিট এটা পাইছে তেন্তে ৰাজনীতিৰ ফিল্ডখনত আপোনাৰ স্থান নিকপকপীয়া হোৱাটো খাটাং। আপোনাৰ সপোনৰ আধা-আধি সম্পূৰ্ণ হৈ গৈছে। অৱশ্যে নিগাজীকৈ থাকিবলৈ হ’লে কাক, কেনেকৈ লঠিয়াই যাব পাৰি সেইটোও নিজৰ দিৱাসপ্ন ঠিক কৰি ল’ব।

আধুনিক সপোনৰ এনে সফল আগ্ৰাসনে আৰু বহুতো নতুন প্ৰজন্মকে এই সপোন সদায় দেখিবলৈ অনুপ্ৰেৰণা যোগাব পাৰে।

☆★☆★☆

20 Comments

  • গীতিকা শইকীয়া

    খুব সুন্দৰ িখনি। তথ্যৰ লগতে আছে মনত আনন্দৰ খোৰাক যোগাব পৰা কিছুমান কথা। অভিনন্দন তোমালৈ। লিখি থাকিবা।

    Reply
    • ধন্যবাদ গিতিকা বা ৷ আপোনালোক সকলোৰে ওচৰত চিৰকৃতজ্ঞ মই ৷

      Reply
  • Krishna Kanta Das

    সুন্দৰ লেখা। খুব ভাল লাগিল পঢ়ি।

    Reply
    • বহুত ধন্যবাদ কৃষ্ণ দা ৷ আপুনি মোক বহুত উৎসাহিত কৰে ৷

      Reply
    • হয় মুকুট দা ৷ সপোনে আমাক বহুত প্ৰেৰণাও দিয়ে ৷আপুনি মোক বহুত উৎসাহিত কৰে ৷অশেষ ধন্যবাদ আপোনাক

      Reply
      • Nilanjana

        ভাল লাগিল পঢ়ি….. আগলৈ পঢ়িব পোৱা ৰ আশা থাকিলে

        Reply
  • Mukut bhattacharjya

    সপোনে জীৱনটো উপভোগ্য কৰি তোলে।গতিকে দিনে ৰাতিয়ে যেতিয়াই সময় পায় সপোন দেখি থাকিব লাগে।লিখনিটো পঢ়ি ভাল লাগিল।

    Reply
    • গীতিকা শইকীয়া

      উত্পলাই খুব সুন্দৰ, সহজ-সৰলকৈ সপোনৰ ব্যাখ্যা কৰিছে। পঢ়ি সঁচাকৈয়ে ভাল লাগিল

      Reply
  • Dr(Maj) Dipam Kr Barman

    লিখনিটো পঢ়ি ভাল লাগিল ৷

    Reply
  • Anup Kalita

    Simply great !!!!!!!!!!!!!

    Reply
  • Mitali saharia

    ভাল লাগিল বা।

    Reply
  • মৃদুল শইকীয়া

    ভাল লাগিল৷

    Reply
  • সপোনৰ বিষয়ে পঢ়ি ভাল লাগিল।

    Reply
  • Bitupon Gourattra

    সপোনৰ সুন্দৰ বাখ্যা।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল উৎপলা৷

    Reply
  • মন্তব্যৰে উৎসাহিত কৰা বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ
    Dipam Barman, Anup Kalita, Mitali, Tabi, Bitupan Gaurattra, Mridul Saikia.

    Reply
  • অশেষ ধন্যবাদ হেকা দা ৷ আপোনাৰ আৰু আপোনাৰ টিমৰ ওচৰত চিৰকৃতজ্ঞ মই ৷

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল পঢ়ি

    Reply
  • বৰ ভাল লাগিল পঢ়ি সপোনৰ বিষয়ে

    Reply
  • সপোনৰ বিষয়ে সুন্দৰ লিখনি৷ দাৰ্শনিক তত্ত্বৰ দিশৰ পৰা আৰু বিশ্লেষণাত্মকভাবে লিখিলে প্ৰবন্ধটি আৰু ভাল হোৱাৰ থল আছে৷

    Reply

Leave a Reply

Your email address will not be published.